Monday 11 September 2017

শিক্ষক দিৱসৰ প্ৰাকক্ষণত সকলো শিক্ষাগুৰুলৈ শ্ৰদ্ধাৰে


"শিক্ষাগুৰু সকল জ্বলি থকা মমৰ দৰে
যিয়ে উত্তৰ পুৰুষৰ বাট পোহৰাই তুলিবলৈ
নিজকে বিলীন কৰি দিয়ে।"

ড° ৰাধাকৃষ্ণণ তেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি। ৫ ছেপ্তেম্বৰৰ দিনাখন তেওঁৰ জন্মদিন পালনৰ বাবে এগৰাকী ছাত্ৰই ড° ৰাধাকৃষ্ণণৰ অনুমতি বিচাৰি তেওঁৰ ওচৰলৈ আহিল। তেতিয়া সিদ্ধ পুৰুষ, মহান গুণৰ অধিকাৰী গৰাকীয়ে কৈছিল যে : মোৰ জন্মদিন পালন কৰিব বিচৰাটো মোৰ বাবে গৌৰৱৰ বিষয়। কিন্তু এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে মই আৰু অধিক আনন্দিত হম। তেওঁৰ ইচ্ছা অনুসৰিয়েই ১৯৬২ চনৰ পৰা প্ৰতি বছৰে ৫ ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ দেশতে শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। ড° ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে মানৱ সভ্যতাৰ বিকাশৰ বাবে শিক্ষাতকৈ শ্ৰেষ্ঠ আৰু একো নাই। সেয়ে শিক্ষাক তেখেতে মানৱ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি অভিহিত কৰিছিল।
শিক্ষকতাৰ বৃত্তিক আমি এক মহান বৃত্তি বুলি অভিহিত কৰো। এই কথাষাৰৰ সফল ছৱি এখন ড° ৰাধাকৃষ্ণণৰ জীৱন-দৰ্শনত দেখিবলৈ পোৱা যায়। আমি ৫ ছেপ্টেম্বৰ তাৰিখে তেখেতৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ মূল তাৎপৰ্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত যি পৱিত্ৰ সম্পৰ্ক তাক ফুটাই তোলাৰ লগতে শিক্ষকসকলৰ মহান ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰা। শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সু-সম্পৰ্ক এটা গঢ়ি নুঠিলে তেনে পাঠ দান বা পাঠ গ্ৰহণৰ পৰা সফলতা আশা কৰিব পৰা নাযায়। সমাজ গঢ়োতা বা ভবিষ্যত স্ৰষ্টা হিচাবে গুৰুসকলে তাহানিৰ পৰাই অৱদান আগবঢ়াই আহিছে। সেয়েহে গুৰুসকল যুগে যুগে বন্দিত আৰু সমাদৃত।
এই চেগতে মই মোৰ ছাত্ৰজীৱনত পোৱা প্ৰতি গৰাকী শিক্ষাগুৰুলৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। তেতিয়াৰ দিনতেই সেই শিক্ষাগুৰু সকলে শিক্ষাদানৰ লগতে আমাক কষ্টৰে গঢ় দিবলৈ চেষ্টা কৰিছিল, আমাৰ উশৃংখল মানসিকতাক সুশৃংখল কৰি তুলিবলৈ অহৰহ প্ৰচেষ্টা হাতত লৈছিল। তেখেতসকলৰ দৰে দয়াবান, মহান ব্যক্তি সতকাই পোৱা সম্ভব নহয়।
শিক্ষকসকলৰ অৱদান আৰু সমাজ গঠনত তেওঁলোকৰ যি গুৰুত্বপূৰ্ণ ভূমিকা, তাক বিশ্বৰ সকলো প্ৰান্তৰ লোকেই বুজি পায়। সমাজত শিক্ষকৰ গুৰুত্ব যথার্থভাবে মূল্যায়ন কৰি আন্তৰ্জাতিক জাতিসংঘৰ শাখা সংগঠন ইউনেস্কোৱে ১৯৯৩ চনৰ পৰা ৫ অক্টোবৰৰ দিনতো শিক্ষক দিৱস হিচাবে প্ৰতি বছৰেই উদ্‌যাপন কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। তাৰপিছত ১৯৯৪ চনৰ ৫ অক্টোবৰৰ পৰা জাতিসংঘৰ সদস্য পদ থকা প্রতিখন দেশত ৫ অক্টোবৰৰ দিনা শিক্ষক দিৱস পালন কৰি অহা হৈছে। সেই দেশবোৰ হৈছে যথাক্ৰমে কানাডা, জার্মানী, লিথোনিয়া, মেকডোনিয়া, মালদ্বীপ, নেদাৰলেণ্ড, বুলগেৰিয়া, ৰাচিয়া, ৰোমানিয়া, চার্বিয়া, ইংলেণ্ড, মৰিচাছ, মালদোভা, পাকিস্থান, ফিলিপাইন, কুৱেইত আৰু কাটাৰ।
আনহাতে বিশ্বৰ অন্য ১১খন দেশে ২৮ ফেব্রুৱাৰীৰ দিনটোত শিক্ষক দিৱস পাতে। সেই দেশবোৰ হ'ল : আলজেৰিয়া, মৰক্কো, টিউনিচিয়া, লিবিয়া, মিচৰ, জর্ডান, চৌদি-আৰব, য়েমেন, বাহৰেইন, সংযুক্ত আৰব-আমিৰাত আৰু ওমান। এইখিনিতেই উল্ল্যেখ কৰা ভাল যে যীশুখৃষ্টৰ জন্মৰ ৫৫১ বছৰ পূর্বে ২৮ ছেপ্টেম্বৰত চীন দেশত জন্মগ্রহণ কৰিছিল প্রখ্যাত দার্শনিক তথা শিক্ষক কনফুচিয়াছে। সেয়েহে চীন দেশত ২৮ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাবে পালন কৰা হয়।
আমি সকলোৱেই সমাজ গঠনত শিক্ষকসকলৰ ভূমিকা কি বুজি পাও। প্রাথমিক বিদ্যালয়ৰ পৰাই আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে সকলো স্তৰৰ শিক্ষালয়তেই মানবসম্পদ গঢ় দিয়া হয় য'ত শিক্ষকসকলেই খনিকৰ। শিক্ষকসকল হৈছে শিক্ষা প্রক্রিয়াটোক সৰলীকৰণ কৰি তথা শিক্ষাৰ্থীসকলক উৎসাহিত কৰি উত্তৰপুৰুষক আগুৱাই নিয়া একোজন বিশেষ অনুপ্রেৰণা প্ৰদানকাৰী ব্যক্তি যিয়ে জ্ঞান আহৰণ আৰু বিতৰণ প্রক্রিয়াৰে মানুহক জ্ঞানৰ আলোকেৰে উদ্ভাসিত হোৱাত সহায় কৰে।
এইক্ষেত্ৰত শিক্ষকসকলৰো যথেষ্ঠ কৰণীয় আছে। শিক্ষকতাৰ দৰে মহান বৃত্তিৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়েই অবশ্যেই সৎ, সহজ-সৰল, নির্মল চৰিত্ৰযুক্ত, সত্যবাদী, সপ্রতিভ, ব্যক্তিত্ববান, সমাজ হিতৈষী, পৰোপকাৰী, বিচক্ষণ আৰু জ্ঞানী হোৱা উচিত।
মানৱ সম্পদ গঢ়োতা সুনিপুণ খনিকৰৰূপী সকলো শিক্ষাগুৰুলৈ শিক্ষক দিৱসৰ প্ৰাকক্ষণত আন্তৰিক শ্ৰদ্ধাৰে…
"The mediocre teacher tells,
The good teacher explains,
The superior teacher demonstrates,
The great teacher inspires."

-- William Arthur Ward


- প্ৰণৱজ্যোতি দাস, টংলা, ৫ ছেপ্টেম্বৰ, ২০১৭

No comments:

Post a Comment