Saturday 2 September 2017

আগন্তুক মহাজাগতিক অতিথিৰ অপেক্ষাত


সিদিনা ১৯ জুন, ২০০৪ চন। আনদিনাৰ দৰেই সিদিনাও আমেৰিকাৰ এৰিযোনা অঞ্চলৰ কুইনলেন পৰ্বতৰ ওপৰত অৱস্থিত KPNO মহাকাশ নিৰীক্ষণ কেন্দ্ৰৰ তিনিজন জ্যোতিৰ্বিজ্ঞানী Roy A.Tucker, David J. Tholen আৰু Fabrizio Bernardiয়ে মহাকাশৰ বুকুত অনুসন্ধানী দৃষ্টিৰে পিটপিটাই ফুৰিছে। হঠাতেই Tuckerৰ দূৰবীক্ষণ যন্ৰৰ মনিটৰত এটি অস্পষ্ট অথচ অস্থিৰ পোহৰৰ বিন্দুৱে এভূমুকি মাৰি গ'লহি। উৎসাহিত হৈ Tuckerএ সহকৰ্মী Tholen আৰু Bernardiক এই বিষয়ে অৱগত কৰি পুনৰ দূৰবীক্ষণ যন্ৰৰ লেন্সত চকু দুটা থাপি ল'লে। তিনিও কিছুসময় টেলিস্কোপ লেন্সৰ ফোকাচ সালসলনি কৰি পুনৰ পোহৰৰ অনুজ্বল বিন্দুটো ধৰা পেলালে। আগে পিছে নেদেখা পোহৰৰ এই আচহুৱা বিন্দুটো তেওঁলোকৰ বাবে সাঁথৰ হৈয়ে ৰ'ল। ইয়াৰ পিছতো পৰবৰ্তী দুদিন তেওঁলোকে একেৰাহে সেই বিশেষ পোহৰৰ বিন্দুটো পৰ্যবেক্ষণ কৰি অৱশেষত ঘোষণা কৰে যে এই বিশেষ পোহৰৰ উৎসটো সৌৰজগতৰেই এক ক্ষূদ্ৰ বাসিন্দা বা অতি বামন গ্ৰহ, যিয়ে নিৰ্দিষ্ট এক পথেৰে সূৰ্যৰ চৌপাশে পৰিভ্ৰমন কৰি আছে। ২০০৪ চনৰ জুন মাহত আৱিষ্কাৰ হোৱা এই মহাজাগতিক পিণ্ডটোৰ নাম ৰখা হয় asteroid 2004 MN4 ! পিছলৈ ইয়াক 99942 Apophis নামেৰে নামাকৰণ কৰা হয়।

ইতিমধ্যে asteroid 2004 MN4ৰ বাতৰি বিশ্বৰ চৌদিশে বিয়পি পৰিল। বিজ্ঞানীসকল ব্যস্ত হৈ পৰিল 2004 MN4ৰ বিষয়ে অধিক তথ্য আহৰণ কৰাত। কিন্তু বিশেষ কিবা তথ্য আহৰণ কৰাৰ আগেয়েই 2004 MN4 বিজ্ঞানীসকলৰ দৃষ্টিৰ পৰা আঁতৰি গ'ল। পিছে বিজ্ঞানীসকল বেছি দিন অপেক্ষা কৰিবলগীয়া নহ'ল। সেই একে বছৰৰেই ডিচেম্বৰ মাহৰ ২৭ তাৰিখে 2004 MN4ক পুনৰ অস্ট্ৰেলিয়াৰ আকাশত ধৰা পেলোৱা হয়। এইবাৰ ততাতৈয়াকৈ বিজ্ঞানীসকল ব্যস্ত হৈ পৰে 2004 MN4ৰ বিষয়ে অধিক তথ্য আহৰণ কৰাত।

২০০৪ চনৰ ডিচেম্বৰ মাহৰ পৰাই বিশ্বৰ বিভিন্ন প্ৰান্তৰ জ্যোতিৰ্বিজ্ঞানীসকলে আহৰণ কৰা তথ্য সমূহৰ ভিত্তিত এইটো প্ৰতীয়মান হয় যে 2004 MN4 নামৰ asteroidটো দৰাচলতে মহাকাশত ওপঙি ফুৰা এক বিশাল শিলাখণ্ড যাৰ দৈৰ্ঘ ৩৭০ মিটাৰ আৰু প্ৰস্থ ১৮৫ মিটাৰ। অৰ্থাৎ আকাৰত ই প্ৰায় দুখনমান ফুটবল খেলপথাৰৰ সমান ! এই মহাজাগতিক শিলাখণ্ড 2004 MN4ৰ ওজন ৬১০০,০০,০০,০০০ কেজি (৬১০০ কৌটি কেজি)। প্ৰতি ২৭ ঘণ্টা ৩৮ মিনিটত এই শিলাখণ্ডটোৱে নিজ অক্ষৰ চাৰিওফালে এপাক ঘূৰে আৰু ইয়াৰ পৃষ্ঠতো দিন-ৰাতি হয়। এক উপবৃত্তাকাৰ কক্ষপথেৰে 2004 MN4এ প্ৰতি ঘণ্টাত ৩১ কি:মি: বেগত সূৰ্যৰ চৌদিশে প্ৰদক্ষিণ কৰি আছে।

২০০৬ চনত বিজ্ঞানীসকলে 2004 MN4ৰ কক্ষপথৰ প্ৰাৰম্ভিক গণনা সম্পূৰ্ণ কৰে। কিন্তু এই গণনাৰ ফলাফলে বিজ্ঞানীসকলৰ লগতে সমগ্ৰ বিশ্বৰ মানৱজাতিৰ মাজত এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে। কাৰণ গণনাৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অহা ২০২৯ চনৰ ১৩ এপ্ৰিলৰ দিনা 2004 MN4ৰ কক্ষপথৰ লগত পৃথিৱীৰ কক্ষপথৰ ছেদন হ'ব। অৰ্থাৎ সিদিনাই পৃথিৱী নামৰ আমাৰ এই সুন্দৰ গ্ৰহটো মহাজাগতিক শিলাখণ্ড 2004 MN4ৰ লগত মুখামুখি সংৰ্ঘষত পতিত হ'ব। এক প্ৰচণ্ড বিষ্ফোৰণেৰে এই বিশাল শিলাখণ্ডটো পৃথিৱীৰ বুকুত বিলীণ হৈ যাব। এই বিষ্ফোৰণৰ ফলত পৃথিৱীৰ বুকুত সৃষ্টি হ'ব প্ৰায় ১.৫ কি:মি: ব্যাসাৰ্ধৰ আৰু ৭০০ মিটাৰ গভীৰতাৰ এটি খাদ। শিলাখণ্ডটোৰ আঘাটে বিদীৰ্ণ কৰা পৃথিৱীৰ আকাশত ভৰি পৰা ধূলিকণাই পৃথিৱীলৈ অহা সূৰ্যৰ পোহৰক বাধা দি প্ৰায় তিনিমাহ অন্ধকাৰময় কৰি ৰাখিব আমাৰ এই ধৰাখন। পৃথিৱীৰ পৰা বিলুপ্ত হ'ব বহু প্ৰজাতিৰ জীৱকূল। হয়তো মানৱজাতিও নিচিহ্ন হৈ যাব মূহুৰ্ত এটিৰ ভিতৰতেই… !

বিশ্ববাসীৰ মাজত আগন্তুক মহাজাগতিক অতিথিৰ আগমনৰ আতংকময় পৰিবেশ। এই সাম্ভাব্য সংঘৰ্ষৰ পৰা পৃথিৱীক বচোৱাৰ কৌশল উদ্ভাৱনৰ বাবে কোনো উন্নত প্ৰযুক্তিৰ আৱিষ্কাৰ কৰিবলৈ গৱেষণা আৰম্ভ হ'ল। ৰাচিয়া, জাৰ্মানী আৰু আমেৰিকাৰ বিজ্ঞানীসকল গৱেষণাত উবুৰি খাই পৰিল।

বিগত ২০১৩ চনত বিজ্ঞানীসকলে এই মহাজাগতিক শিলাখণ্ডটো ৰাডাৰ টেলিস্কোপৰ সহায়ত পুনৰ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। এইবাৰ তেওঁলোকে শিলাখণ্ডটোৰ কক্ষপথৰ বেছি নিখুত গণনা কৰিবলৈ সক্ষম হয়। এই গণনাৰ পৰা আহৰণ কৰা তথ্যই মানৱজাতিলৈ কঢ়িয়াই আনে এক সুখময় বাৰ্তা। বিজ্ঞানীসকলে জানিবলৈ দিয়া মতে ২০২৯ চনৰ ১৩ এপ্ৰিলৰ দিনা মহাজাগতিক শিলাখণ্ড 2004 MN4এ পৃথিৱীক খুন্দা মৰাৰ সলনি পৃথিৱীৰ একেবাৰে কাষেৰে পাৰ হৈ যাব। পৃথিৱী আৰু জোনবাইৰ থিক মাজেৰে অৰ্থাৎ পৃথিৱীৰ চৌপাশৰ ভূস্থিৰ কৃত্ৰিম উপগ্ৰহৰ কক্ষপথৰ প্ৰায় কাষেৰেই প্ৰতি ঘণ্টাত ৩১ কি:মি: কৈ পথ অতিক্ৰম কৰি তীব্ৰবেগত পাৰ হৈ যাব 2004 MN4 নামৰ মহাজাগতিক শিলাখণ্ডটো। নিশাৰ আকাশত এক উজ্বল আলোকপিণ্ড হিচাবে খালী চকুৰেই দৃশ্যমান হ'ব এই পৰিঘটনা। এচিয়া, আফ্ৰিকা আৰু ইউৰোপ মহাদেশৰ সকলো মানুহেই উপভোগ কৰিব পাৰিব এই দৃষ্টিনন্দন মহাজাগতিক পৰিঘটনা। বিশ্ববাসী আজি অধীৰ আগ্ৰহেৰে অপেক্ষাৰত ২০২৯ চনৰ ১৩ এপ্ৰিলৰ দিনটোলৈ।

No comments:

Post a Comment