Saturday 2 September 2017

এচপিৰিন টেবলেট আৰু আমাৰ সপোনবোৰ



মোবাইলৰ সিটো মুৰৰ পৰা ভাঁহি অহা হিয়াৰ মাতটোত সতেজতাৰ উমান পাই মনটো আনন্দত নাচি উঠিল। বুকুৰ মাজত সাৱটি লৈ ডাঙৰ কৰা ছোৱালীজনীক এদিন নেদেখিলেও থাকিব নোৱাৰা মোৰ দৰে মানুহজনৰ নিজকে সান্তনা দিবলৈ এনে মূহুৰ্তবোৰ এক স্বকীয় আমেজেৰে ভৰা আশীৰ্বাদ স্বৰূপ।

উৎসাহিত হৈ হিয়াই ক'লে : দেউতা আজি লেব'ৰটৰীত আমি এচপিৰিন টেবলেট বনাইছো।
: কি ক'লা ? আকৌ এবাৰ কোৱাচোন। 
: ও, আজি আমি প্ৰেক্টিকেল ক্লাছত এচপিৰিন টেবলেট বনাইছো। মই নিজে কেইটামান এচপিৰিন টেবলেট বনালো। কালিলৈ এই টেবলেটবোৰ চাৰে টেষ্ট কৰিব।

মাকে শুনাকৈ অলপ ডাঙৰকৈ চিঞৰি ক'লো : কালিলৈকে হাতত ধৰি খোজকাঢ়িবলৈ শিকোৱা আমাৰ ছোৱালীজনীয়ে হেনো লেব'ৰটৰীত এচপিৰিন টেবলেট বনাইছে। মাকৰ মুখমণ্ডলখনিৰ উজ্বলতাও দুগুন বাঢ়ি যোৱা দেখিলোঁ। 

: দেউতা, First Year Doctor of Pharmacologyৰ লগত জড়িত Pharmaceuticalৰ প্ৰেক্টিকেল ক্লাছত তিনি ঘণ্টাযোৰা পদ্ধতিৰে আজি Salicylic acid আৰু Acetic Anhydrideৰ পৰা আহৰণ কৰা Acetylsalicylic Acidৰ লগত শ্বেতসাৰৰ সংমিশ্ৰণ ঘটাই এচপিৰিন টেবলেট বনাইছো।

আমাৰ বাবে এইবোৰ নুবুজা সাঁথৰ। মনতো আনন্দেৰে ভৰি উঠিল। মোবাইলটো কানত হেঁচি ধৰি থাকোতেই অজানিতে দুচকু সেমেকি উঠিছিল। পিতৃৰ ২৬ আগষ্টৰ ৪৯ বছৰীয়া জন্মদিনৰ দিনা সন্তানৰ পৰা পোৱা এই উপহাৰ সঁচাকৈয়ে অনন্য, স্বৰ্গীয়। 

হিয়া, তোমাৰ সপোনবোৰ বাস্তব হওঁক আৰু তোমাৰ বাস্তববোৰ সাধাৰন মানুহৰ বাবে সদায় কল্যাণকামী হওঁক। মোৰ এবুকু আশীৰ্বাদ সদায়েই তোমালৈ……


No comments:

Post a Comment