Friday 29 September 2017

পিঞ্জৰাৱদ্ধ পোহৰৰ কেইটিমান লহমা


পোহৰ কি ? বিদ্যুৎ চুম্বকীয় বৰ্ণালীৰ এক ক্ষুদ্ৰ অংশ, যিয়ে ব্ৰহ্মাণ্ডৰ প্ৰায় প্ৰতিটো বস্তুকেই স্ব-মহিমাৰে আলোকিত কৰি সেইবোৰ আমাৰ বাবে দৃশ্যমান কৰি তোলে অথচ নিজেই অদৃশ্য এক বিকীর্ণ শক্তি হৈ আমাৰ দৃষ্টিৰ পৰা লুকাই থাকে, সেই আজব অনুভূতিটোৱেই জানো পোহৰ নহয় ? বিজ্ঞানৰ জগতত পোহৰক এবিধ শক্তি কিম্বা বিদ্যুৎ চুম্বকীয় বৰ্ণালীৰ এক ক্ষুদ্ৰ অংশ বা এক প্ৰকাৰৰ তৰংগ অথবা পদাৰ্থ আৰু শক্তিৰ মাজৰ এক উমৈহতীয়া দশা বুলি বৰ্ণনা কৰা হৈছে। আচলতে পোহৰ এক বিষ্ময়।

পোহৰৰ বিভিন্ন ধৰ্মসমূহৰ ভিতৰত এটা উল্ল্যেখযোগ্য ধৰ্ম হ'ল ইয়াৰ গতিশীলতা। বাধাৰ সন্মুখীন নোহোৱালৈকে পোহৰে গতি কৰি থাকে অনাদি অনন্ত কাললৈ। গতিশীলতাই পোহৰৰ ধৰ্ম। কোনো বাধাৰ সন্মুখীন হ'লে পোহৰ অৱশ্যে শোষিত, প্ৰতিফলিত বা প্ৰতিসৰিত হয়। কিন্তু পোহৰ জানো বন্দী হয় ? পাৰি জানো বিশ্বব্ৰহ্মাণ্ডৰ সবাতোকৈ বেগী পোহৰক এটি পিঞ্জৰা সদৃশ কোনো তন্ত্ৰৰ মাজত আৱদ্ধ কৰি ৰাখিবলৈ ?

পদাৰ্থৰ পঞ্চম ৰূপ Bose-Einstein condensate ব্যৱহাৰ কৰি পোহৰৰ গতিবেগ কমাব পাৰি বুলি ইতিমধ্যে বিজ্ঞানী সকলে জানিছিল আৰু Bose-Einstein condensate ব্যৱহাৰ কৰি পোহৰৰ গতিবেগ প্ৰতি ছেকেণ্ডত ৯০ মিটাৰলৈ মন্থৰিত কৰি বিজ্ঞানীসকলে এটি প্ৰায় অসম্ভৱ কাম সম্ভৱ কৰি পেলাইছিল। প্ৰতি ছেকেণ্ডত ৩ লাখ কি:মি: দূৰত্ব অতিক্ৰম কৰিব পৰা পোহৰৰ গতিবেগ ১৯৯৯ চনত ডেনমাৰ্কৰ বিজ্ঞানী Lene Vestergaard Hau আৰু তেওঁৰ সহকৰ্মী সকলে প্ৰতি ছেকেণ্ডত মাত্ৰ ১৭ মিটাৰলৈ হ্ৰাস কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত ২০০৪ চনত বিশেষ ধৰণৰ অৰ্ধপৰিবাহী ব্যৱহাৰ কৰি পোহৰৰ ৰশ্মিৰ গতিবেগ ৯.৭ মিটাৰ/ছেকেণ্ডলৈ কমাই আনিবলৈ সক্ষম হয়।

পোহৰৰ গতিবেগক এনেদৰে নিজৰ ইচ্ছা অনুসৰি নিয়ন্ত্ৰণ কৰিব পৰা হোৱাতো বিজ্ঞানীসকলৰ বাবে এক অভিজ্ঞতাৰ লগতে আগন্তুক সময়চোৱাৰ বাবে কোৱাণ্টাম জগতখনলৈ এক প্ৰতিশ্ৰুতি হিচাবে পৰিগণিত হৈ পৰিল। পোহৰৰ গতিবেগ নিয়ন্ত্ৰণ কৰি কোৱাণ্টাম নেটৱৰ্কিং ব্যৱস্থাৰ প্ৰভুত উন্নতি সাধন কৰাৰ সম্ভাৱনাই বিজ্ঞানীসকলৰ নিদ্ৰা হৰণ কৰি পেলালে। কোৱাণ্টাম নেটৱৰ্কিঙৰ জৰিয়তে যোগাযোগ ব্যৱস্থাৰ নাটকীয় পৰিবৰ্তন আনিব পৰা যাব। ইয়াৰ ফলত সাধাৰণ যোগাযোগ ব্যৱস্থাৰ উপৰিও বিশ্বব্ৰহ্মাণ্ডৰ কোনো অজানতিমুলুকৰ পৰা তথ্য সংগ্ৰহৰ পৰা আৰম্ভ কৰি কেইবা শ আলোকবৰ্ষ দূৰৰ কোনো গ্ৰহ-গ্ৰহান্তৰ লৈ কম সময়ৰ ভিতৰত তথ্যৰ আদান-প্ৰদান সম্ভৱ হৈ উঠিব।

কোৱাণ্টাম নেটৱৰ্কিঙৰ সাম্ভাব্য এই ক্ষেত্ৰখনত কাম কৰাৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সকল আগবাঢ়ি আহিল। তেওঁলোকৰ গৱেষণাৰ মূল বিষয়টোৱেই হ'ল কৃত্ৰিম ভাবে সৃষ্টি কৰা পোহৰৰ স্থবিৰতা। অৰ্থাৎ পোহৰক স্থবিৰ কৰি তোলা !!! পিছে, এয়া যে এক অসম্ভৱ, অবাস্তৱ ধাৰণা। বিশ্বব্ৰহ্মাণ্ডৰ সবাতোকৈ বেগী পোহৰক এটি পিঞ্জৰা সদৃশ কোনো তন্ত্ৰৰ মাজত আৱদ্ধ কৰি ৰখাটো জানো সম্ভৱ !!!

শেহতীয়াকৈ জাৰ্মানীৰ Darmstadt Universityৰ গৱেষক বিজ্ঞানী George Heinze আৰু তেওঁৰ সহকৰ্মীবৃন্দই এই অসম্ভৱ যেন লগা কামটো সম্পন্ন কৰি সমগ্ৰ বিশ্বৰ বিজ্ঞান সমাজত তুমুল আলোড়ন সৃষ্টি কৰিছে। ইয়াৰ বাবে তেওঁলোকে Praseodymium (Pr) নামৰ এবিধ ঈষৎ ধূসৰ বৰণৰ ধাতবীয় মৌলৰ (পাৰমাণৱিক সংখ্যা ৫৯) স্ফটিক ব্যৱহাৰ কৰিছে। ক্ৰায়োজেনিক শীতলীকৰণ প্ৰক্ৰিয়াৰে তৈয়াৰ কৰা এই স্ফটিকবোৰত ধাতুটোৰ আয়ন অতি কম ঘণত্বত উপস্থিত থাকে। পৰীক্ষাটো সম্পন্ন কৰিবলৈ তেওঁলোকে দুটা লেজাৰ ৰশ্মি পোহৰৰ উৎস হিচাবে ব্যৱহাৰ কৰিছে। প্ৰথম লেজাৰ ৰশ্মিটো Praseodymiumৰ ঈষৎ ধূসৰ স্ফটিকটোৰ মাজেৰে পাৰ হৈ যাব দিলে ই স্ফটিকটোৰ আলোকীয় ধৰ্ম বা optical property তাৎক্ষণিক ভাবে পৰিবৰ্তন কৰি ইয়াক স্বচ্ছ কৰি তোলে। এতিয়া স্বচ্ছ হৈ পৰা স্ফটিকটোৰ মাজেৰে দ্বিতীয়টো লেজাৰ ৰশ্মি পাৰ হৈ যাবলৈ দিলে স্ফটিকটোৰ মাজত থকা ধাতুটোৰ আয়নবোৰে লেজাৰ ৰশ্মিটোক Praseodymiumৰ স্ফটিকটোৰ মাজত আৱদ্ধ কৰি ৰাখে। ফলত কেইটামান মূহুৰ্তলৈ পোহৰৰ স্থবিৰ হৈ পৰে। George Heinze আৰু তেওঁৰ সহকৰ্মীবৃন্দই Praseodymiumৰ স্ফটিকটোৰ মাজত পোহৰক সম্পূৰ্ণ এক মিনিট স্থবিৰ কৰি ৰাখিবলৈ সক্ষম হৈছে। সেই সময়চোৱাত পোহৰে স্ফটিকটোৰ ভিতৰত পিঞ্জৰাবদ্ধ হৈ থাকি সম্পূৰ্ণ ৬০ ছেকেণ্ডৰ এক "আলোক-স্মৃতি" বা "কোৱাণ্টাম-স্মৃতি" সৃষ্টি কৰে। পোহৰক পিঞ্জৰাবদ্ধ কৰি সমগ্ৰ বিশ্বক আচৰিত কৰি তোলা এই পৰীক্ষাটোৰ ফলাফলে আগন্তুক সময়চোৱাত মানবজাতিৰ বাবে কঢ়িয়াই আনিব পৰা সাম্ভাব্য সুখবৰৰ অপেক্ষাত আমিবোৰ বাট চাই ৰ'ম। বিজ্ঞানে মানৱতাৰ জয়গান গোৱাটোৱেই আমাৰ কাম্য।

No comments:

Post a Comment