Saturday 15 October 2016

আকাশৰ তৰাবোৰৰ জন্ম বৃত্তান্ত


হাতীপটী তাৰকাৰাজ্যৰ লগতে অন্যান্য তাৰকাৰাজ্য বোৰত যথেষ্ট পৰিমাণৰ গেছীয় পদাৰ্থ আৰু মহাজাগতিক ধূলিকণা থাকে। প্ৰাথমিক অৱস্থাত এইবোৰক নীহাৰিকা বা নেবুলা বুলি কোৱা হয়। তাৰকাৰাজ্য বোৰত এনে নীহাৰিকাবোৰ বহু আলোকবৰ্ষ দূৰত্বলৈ বিস্তৃত হৈ থাকে। এই নীহাৰিকাবোৰত ইমানেই বেছি পৰিমাণৰ গেছীয় পদাৰ্থ আৰু ধূলিকণা থাকে যে আমাৰ সূৰ্যৰ দৰে কেইবা হাজাৰটা নক্ষত্ৰ বা তৰাৰ বাবে প্ৰয়োজনীয় গেছীয় উপাদানৰ বাবে যথেষ্ট। নীহাৰিকা বোৰৰ গেছীয় পদাৰ্থ সমূহ মূলতঃ অতি পাতল হাইড্ৰজেন আছে হিলিয়াম গেছ। নীহাৰিকাবোৰৰ এই গেছ আৰু ধূলিকণাবোৰৰ কিছু অংশ ঘনীভূত হৈ যেতিয়া তাৰকাৰাজ্যৰ কোনো এক বিশেষ অঞ্চলত কেন্দ্ৰীভূত হয়, তেতিয়া এইবোৰৰ মাজত প্ৰবল অভিকৰ্ষণ বল সৃষ্টি হয়। ফলস্বৰূপে এই গেছীয় পদাৰ্থবোৰ ক্ৰমে সংকুচিত হৈ থাকে। এই সংকোচনৰ ফলত গেছ আৰু ধূলিকণাবোৰৰ মাজত প্ৰবল শক্তিশালী চৌম্বকক্ষেত্র সৃষ্টি হয় আৰু এই চৌম্বকক্ষেত্ৰ আৰু অভিকৰ্ষণ বলৰ সন্মিলিত প্ৰভাৱত গেছ আৰু ধূলিকণাবোৰ ইমানেই সংকুচিত হয় যে গেছীয় পদাৰ্থবোৰৰ মাজত নিজস্ব মাধ্যাকৰ্ষণ বল সৃষ্টি হোৱাৰ লগতে নীহাৰিকাৰ এই গেছ আৰু ধূলিকণাবোৰৰ উত্তাপ বাঢ়িবলৈ আৰম্ভ কৰে। এই গেছীয় পিণ্ডটোৰ অন্তৰ্ভাগত সংকোচনৰ মাত্ৰা বেছি হয় বাবে অন্তৰ্ভাগত উষ্ণতাৰ মানো বৃদ্ধি পায়। আপেক্ষিক ভাবে বহিৰ্ভাগৰ তাপমান কম আৰু বহিৰাংশৰ গেছীয় পদাৰ্থবোৰ গেছীয় পিণ্ডটোৰ কেন্দ্ৰৰ চৌদিশে ঘূৰ্ণীয়মান অৱস্থাত থাকি সামগ্ৰিক ভাবে গেছীয় পিণ্ডটোৰ কৌণিক ভৰবেগ নিয়ন্ত্ৰণ কৰি ৰাখে। এটা সময়ত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগৰ তাপমান যেতিয়া 2000 কেলভিনলৈ বৃদ্ধি হয়, তেতিয়া গেছীয় পিণ্ডটোৰ কেন্দ্ৰত থকা হাইড্ৰজেন গেছ হাইড্ৰজেনৰ পৰমাণুলৈ ভাঙি যায়। ইয়াৰ পিছতো ক্ৰমান্বয়ে তাপমান বৃদ্ধি হৈ এটা সময়ত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগৰ তাপমান 10,000 কেলভিন হয় আৰু এনে অৱস্থাত কেন্দ্ৰভাগত থকা হাইড্ৰজেন পৰমাণুবোৰ নিউক্লিয় সংযোজন প্ৰক্ৰিয়াৰ সহায়ত হিলিয়ামলৈ ৰূপান্তৰিত হয়। ফলত গেছীয় পিণ্ডটোৰ কেন্দ্ৰভাগত প্ৰচুৰ পৰিমাণে শক্তি উৎপন্ন হয় আৰু পিণ্ডটোৰ কেন্দ্রৰ পৰা তাপৰ লগতে ফোটন কণিকা নিৰ্গত হ'বলৈ ধৰে। এই অৱস্থাত গেছীয় পিণ্ডটো এটি "ভ্ৰূণ তৰা" বা Proto Star লৈ ৰূপান্তৰিত হয়। ভ্ৰূণ তৰাৰ কেন্দ্ৰত সংঘটিত হোৱা নিউক্লিয় সংযোজন বিক্ৰিয়াৰ বাবে ইয়াৰ কেন্দ্ৰভাগত এক বহিৰ্মূখী চাপ সৃষ্টি হয় আৰু এই বহিৰ্মুখী চাপে তৰাটোৰ অভিকৰ্ষণ চাপৰ বিপৰীতে ক্ৰিয়া কৰে। এই দুই বিপৰীতমুখী চাপৰ টনা-আজোৰা প্ৰতিটো তৰাৰ কেন্দ্রভাগত সংঘটিত হোৱা এক নৈমিত্তিক ঘটনা। এই বহিৰ্মূখী চাপে ভ্ৰূণ তৰাবোৰ এইবাৰ সংকোচনৰ বিপৰীতে সম্প্ৰসাৰিত কৰে আৰু তৰাটোৰ আয়তন বৃদ্ধি হয়। এনেদৰে এটি ভ্ৰণ তৰা ক্ৰমে পূৰ্ণ বিকশিত তৰালৈ ৰূপান্তৰিত হয়। এনে তৰাবোৰে নিউক্লিয় সংযোজন বিক্ৰিয়াৰ পৰা আহৰণ কৰা শক্তি ইয়াৰ কেন্দ্ৰৰ পৰা তাপ, পোহৰ আৰু বিভিন্ন ৰশ্মি হিচাবে বিকিৰণ কৰি থাকে। বহু কৌটি বছৰ এনেদৰে শক্তি বিকিৰণ কৰি অহা তৰাবোৰৰ কেন্দ্ৰত যেতিয়া নিউক্লিয় সংযোজন বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ অভাৱ ঘটে, তেতিয়াই তৰাবোৰৰ জীৱনৰ অন্তিম কাল আহি পৰে। এটা সময়ত এক জটিল পৰিক্ৰমাৰ মাজেদি তৰাবোৰ মৃত্যু মুখত পৰে। তৰাৰ মৃত্যুৰ কাহানিও বৰ ৰহস্যময়। পিছলৈ তৰাৰ জীৱনৰ অন্তিম কালৰ বিষয়ে আলোচনা কৰিম।

No comments:

Post a Comment