Sunday 20 November 2016

আলুখেতিৰ মাজত অৱতৰণ কৰা মহাকাশচাৰীজন


আন্না টাখটাৰোভা আৰু তেওঁৰ নাতিনী ৰীতা তেতিয়া আলু খেতিডৰাৰ মাজত আলুৰ মাজে মাজে গজি উঠা জংঘল চফা কৰাত ব্যস্ত। 1961 চনৰ 12 এপ্ৰিলৰ এটি সেমেকা পুৱা। শীতৰ প্ৰকোপকো নেওচি দুয়োজনেই কামত ব্যস্ত। হঠাতেই তেওঁলোক দুয়ো চকিত হৈ পৰিল। আকাশৰ পৰা পাক ঘূৰণী খাই কিবা এটা আচহুৱা বস্তু তীব্ৰ বেগে মাটিলৈ ধাৱমান হৈছে। কি কৰিব, কি নকৰিব ভাবি থাকোতেই হঠাৎ পেৰাচুট এটা খোল খালে আৰু সুমথিৰা বৰণৰ আচহুৱা পোচাক আৰু বগা হেলমেট পিন্ধা এজন মানুহ মাটিত নামি হাত দুখন ওপৰলৈ দাঙি চিঞৰি চিঞৰি তেওঁলোকৰ দিশে আগবাঢ়ি আহিল।
: মই আপোনালোকৰ বন্ধু। অনুগ্ৰহ কৰি ভয় নকৰিব।

টাখটাৰোভাই কিছু পৰিমাণে সকাহ পালে। নাতিনীয়েক ৰীতা কিন্তু ভয়ত কম্পমান। অনতিদূৰৰ খেতি পথাৰৰ মাজত প্ৰকাণ্ড লোৰ গোলাকাৰ এটি পিণ্ড পৰি আছে। সামান্য সাহস গোটাই টাখটাৰোভাই অজান অতিথিক উদ্দেশ্যি সুধিলে- 
: আপুনি বাৰু সেই তেৱেই নেকি যিজনে আকাশলৈ গৈছিল?
: হয়, হয় ! মই ছোভিয়েটৰ য়ুৰি। য়ুৰি গেগাৰিণ.....

ছোভিয়েট ৰাচিয়াৰ ক্লাচিনো নামৰ এখন অখ্যাত গাৱঁৰ এজন কাঠমিস্ত্ৰীৰ ঘৰত 1934 চনত জন্ম হৈছিল ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখোৱা প্ৰথম মহাকাশচাৰী য়ুৰি গেগাৰিণ। 16 বছৰ বয়সতে ধাতুৰ কাৰষাণাত কাম কৰাৰ উদ্দেশ্যে মস্কোলৈ গুচি যোৱা গেগাৰিণে এই কামত কোনোমতেই মন বহুৱাব নোৱাৰাত চাৰাটোভ নামৰ আন এখন ঠাইলৈ গৈ উৰণ প্ৰশিক্ষণ কেন্দ্ৰত পাইলট হোৱাৰ আশাৰে নাম ভৰ্ত্তি কৰিলে। 1957 চনত এই প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ তেওঁ ছোভিয়েট ৰাচিয়াৰ যুজাৰু বিমানৰ বৈমানিক হিচাবে যোগদান কৰে। পাইলট হিচাবে য়ুৰি গেগাৰিণে যি দক্ষতা প্ৰদৰ্শন কৰিছিল তাৰ সুবাদতেই 1960 চনত আন 19 জন বৈমানিকৰ লগত তেওঁকো ছোভিয়েট ৰাচিয়াৰ মহাকাশ কাৰ্যক্ৰমৰ বাবে নিৰ্বাচন কৰা হয়। মহাকাশচাৰীৰ কঠিন প্ৰশিক্ষণৰ অন্তত ছোভিয়েট বিজ্ঞানীসকলে য়ুৰি গেগাৰিণকেই আটাইতকৈ উপযুক্ত বুলি বিবেচনা কৰে আৰু তেওঁলোকৰ কাৰ্যসূচী ৰূপায়ন কৰাৰ বাবে হাতে কামে আগবাঢ়ে।
সেয়া 1961 চনৰ 12 এপ্ৰিল। ছোভিয়েট ৰাচিয়াৰ বৈকানুৰৰ কচমোড্ৰ'মত ভষ্টক-১ নামৰ মহাকাশ যানখন ইতিমধ্যে শেষ বাৰৰ বাবে পৰীক্ষা কৰা হৈ গৈছে। মহাকাশলৈ যাবলগীয়া প্ৰথমজন ব্যক্তি য়ুৰি গেগাৰিণ ধীৰ খোজেৰে মহাকাশ যানখনৰ দিশে আগুৱাই আহি সকলোৰে অভিবাদন গ্ৰহণ কৰিলে আৰু জখলা বগাই লাহে লাহে মহাকাশ যানখনৰ একেবাৰে ওপৰত অৱস্থিত কেপচুলটোৰ দিশে আগবাঢ়িল। কেপচুলৰ ভিতৰত প্ৰবেশ কৰাৰ আগ মূহুৰ্তত তেওঁ এবাৰ তললৈ চালে আৰু হাত জোকাৰি তলত থিয় হৈ থকা লোকসকলক সম্বোধন কৰি ৰাচিয়ান ভাষাত ক'লে-
: "Poyekhali" অৰ্থাৎ Let's Go ! 
তলৰ পৰা সকলোৱে হাত জোকাৰি সহাৰি জনালে।
: Don't worry, I'll be back.
সময় তেতিয়া পুৱা 9:07. এটি ফৰকাল ৰাতিপুৱা। ইতিমধ্যে কাউণ্ট ডাউন আৰম্ভ হৈ গৈছে।
5... 4... 3.... 2.... 1.... 0....
মূহুৰ্ততে সুমথিৰা ৰঙৰ ধোঁৱাৰ অকোৱা পকোৱা ৰেখা টানি আকাশ অভিমুখে উৰা মাৰিলে ভষ্টক-১ নামৰ মহাকাশ যানখন। উৰণৰ মাত্ৰ 11 মিনিট পিছতেই অৰ্থাৎ ৰাতিপুৱা 9:18 বজাত ভষ্টক-১ক সফলতাৰে পৃথিৱীৰ চৌদিশৰ নিৰ্দ্দিষ্ট কক্ষপথত স্থাপন কৰি ছোভিয়েট ৰাচিয়াৰ বিজ্ঞানীসকলে এটা অসম্ভৱ যেন লগা সপোন বাস্তৱত ৰূপায়িত কৰি তোলে। য়ুৰি গেগাৰিণক যদিও সফলতাৰে মহাকাশলৈ পঠিওৱা হৈছিল, তেখেতৰ অৱতৰণ কিন্তু মসৃণ নাছিল। R-7 নামৰ প্ৰক্ষেপক যানখনৰ পৰা ভষ্টক-১ আঁতৰি আহোতে চাৰ্ভিচ মডিউলটো যান্ত্ৰিক বিজুতিৰ বাবে পৃথক হ'ব পৰা নাছিল। ফলত পৃথিৱীৰ বায়ুমণ্ডলত প্ৰবেশ কৰাৰ সময়ত ভষ্টক-১এ তীব্ৰ জোকাৰণি সহ্য কৰিবলগীয়া হৈছিল। সেই সময়ত এটা সাম্ভাব্য দূৰ্ঘটনাৰ অজান আশংকাত বিজ্ঞানীসকলৰ হিয়া দুৰু দুৰুকৈ কঁপিছিল। পিছে এই বিপৰ্যয়ৰ সময়তো বিচলিত নহৈ চাৰ্ভিচ মডিউলটোৱে মাটিত আঘাট কৰাৰ আগমূহুৰ্তত য়ুৰি গেগাৰিণে পেৰাচুটৰ সহায়ত মডিউলৰ পৰা ওলাই আহি ভল্গা নদীৰ পাৰৰ আলুখেতি এডৰাৰ মাজত সফলতাৰে অৱতৰণ কৰি প্ৰথম মহাকাশচাৰী হিচাবে ইতিহাসৰ পাতত নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰি গ'ল।
তলৰ লিংকটোত গেগাৰিণৰ মহাকাশ যাত্ৰা আৰু অৱতৰণৰ ভিডিঅ পাব :

No comments:

Post a Comment