Sunday 9 July 2017

পিয়াহৰ পানীটোপা যেতিয়া ফ্ল'ৰাইডযুক্ত হয়


অতি সম্প্ৰতি টংলাৰ ৩ নং ৱাৰ্ডৰ পানীত ফ্ল'ৰাইডৰ উপস্থিতি ধৰা পৰা বুলি বাতৰিত প্ৰকাশ হৈছে। এয়া সঁচাকৈয়ে চিন্তনীয় বিষয়। ফ্ল’ৰিন এবিধ অতিশয় বিক্ৰিয়াশীল গেছীয় পদাৰ্থ। সেয়ে ফ্ল’ৰিনক বায়ুমণ্ডলত মুক্ত গেছৰূপে পোৱা নাযায়। ফ্ল’ৰিনে বিভিন্ন ধাতু যেনে ছডিয়াম, পটাছিয়াম আদিৰ লগত বিক্ৰিয়া কৰি প্ৰকৃতিত ফ্ল'ৰাইড লৱন হিচাবে থাকে। বেছিভাগ ফ্ল’ৰাইডৰ লৱণেই পানীত সহজে দ্ৰৱীভূত হয় আৰু সেয়েহে ভূগৰ্ভৰ পানীত সহজেই ফ্ল'ৰাইড লৱন মিহলি হ'ব পাৰে। ছ’ডিয়াম ফ্ল’ৰাইড লৱণ পানীত দ্ৰৱীভূত হৈ থাকিলে তেনে পানীত ফ্ল’ৰাইড থকা বুলি কোৱা হয়। এই লৱনবোৰ শিলৰ ভিতৰতো সোমাই থাকে। ফ্ল’ৰাইড থকা কিছুমান শিলৰ পৰা ফ্ল’ৰাইড নি:সৰণ হৈ ভূগৰ্ভৰ পানীত প্ৰৱেশ কৰে। কেতিয়াবা ইয়াৰ পৰিমাণ ইমানেই বেছি হয় যে এই পানী সেৱন কৰিলে আমি ফ্ল’ৰ’চিচ ৰোগত আক্ৰান্ত হওঁ। তেনে পানীক আমি ফ্ল’ৰাইড যুক্ত পানী বুলি কওঁ। পৃথিৱীৰে প্ৰায় প্ৰতিখন মহাদেশৰ বিস্তৃত অঞ্চলৰ পানীয়েই সম্প্ৰতি ফ্ল’ৰাইড যুক্ত। 

অসমৰ কাৰ্বি আংলং আৰু নগাঁও জিলাত শিশুৰ পৰা বৃদ্ধলৈকে বহুলোক দাঁত আৰু হাড়ৰ ফ্ল’ৰ’চিচ ৰোগত আক্ৰান্ত। উল্লেখিত অঞ্চলকেইটাৰ বাহিৰেও মৰিগাঁও জিলাৰ দক্ষিণাঞ্চল, গোলাঘাট জিলাৰ কাৰ্বি পাহাৰৰ দাঁতি-কাষৰীয়া অঞ্চল আৰু কৰিমগঞ্জ জিলাৰ কিছু অঞ্চলৰ পানীতো ফ্ল’ৰাইডৰ উপস্থিতি ধৰা পৰিছে। আৰু শেহতীয়াকৈ এই তালিকাত সংযোজিত হৈছে টংলাৰ তিনি নম্বৰ ৱাৰ্ডৰ নাম। পানীৰ পৰা দ্ৰৱনীয় ফ্ল'ৰাইড সাধাৰণ পদ্ধতিৰে ঘৰুৱা ভাবে আঁতৰ কৰা সম্ভব নহয়। 

তেন্তে বৰ্তমান আমাৰ কৰণীয় কি ? চৰকাৰক দোষ দি অথবা চৰকাৰে কিবা এটা কৰালৈ বাট চাই থকাটো কিমান দূৰ সমীচিন ? আমাৰ মানুহবোৰে তেতিয়ালৈ পানী ব্যৱহাৰ নকৰিব নেকি ? আছে নেকি কিবা সহজ ঘৰুৱা উপায় যাৰ দ্বাৰা আমাৰ মানুহবোৰ কিছু হলেও উপকৃত হ'ব ? আহকচোন তেনে এটি উপায় বিচাৰো…

ফ্ল’ৰাইড সমস্যাৰ সমাধানৰ বাবে বিকল্প জান-জুৰি, পুখুৰী বা নদীৰ পানী পৰিশোধন কৰি ব্যৱহাৰ কৰাটোৱে সবাতোকৈ উত্তম ব্যৱস্থা কিয়নো এনে পানীত ফ্ল’ৰাইড নাথাকে। গভীৰ ভূগৰ্ভৰ পানীতহে ফ্ল’ৰাইড পোৱা যায়। সেয়েহে গভীৰ নলীযুক্ত দমকল বা কুঁৱাৰ পানী ব্যৱহাৰ নকৰাই বুদ্ধিমানৰ কাম হ'ব। ফ্লৰাইডৰ সমস্যাৰ পৰা মুক্তি পাবলৈ আমি এটি সহজ বৈকল্পিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰো। 

আমি ঘৰতেই এটি বিশেষ ফিল্টাৰ ব্যৱস্থা তৈয়াৰ কৰি ল'ব পাৰো। তাৰ বাবে আমাক প্ৰয়োজন হ'ব "বায়বীয়-ছাই" বা fly ash নামৰ এবিধ পদাৰ্থ। দৰাচলতে fly ash হ'ল কয়লা বা কোকৰ দহনৰ সময়ত উৎপন্ন হোৱা তপত ছাই। এই ছাইবোৰত সূক্ষ্মতম কাৰ্বন কণা থাকে। কয়লাৰ দহনত সৃষ্টি হোৱা তপত ধোঁৱাৰ পৰা "কণিকা অধঃক্ষেপক" যন্ৰৰ সহায়ত এই বায়বীয়-ছাই সংগ্ৰহ কৰা হয়। বজাৰত সহজতে এই বায়বীয়-ছাই কিনিব পাৰি। বায়বীয়-ছাইত যথেষ্ঠ পৰিমানে ছিলিকন ডাইঅক্সাইড আৰু কেলচিয়াম অক্সাইড থাকে। বায়বীয়-ছাইৰ অৱশোষণ গুণ যথেষ্ঠ বেছি। সেয়েহে ই পানীৰ পৰা দ্ৰৱনীয় ফ্ল'ৰাইড শোষণ কৰিব পাৰে। গতিকে বায়বীয়-ছাই ব্যৱহাৰ কৰি আমি সহজে এটি ফ্ল'ৰাইড আঁতৰ কৰিব পৰা ফিল্টাৰ ঘৰুৱা ভাবে সাজি ল'ব পাৰো।

প্ৰথমে বায়বীয়-ছাইখিনি পাতিত পানী (distilled water)ৰে ধুই লোৱা উচিত। প্ৰায় ১০০ গ্ৰাম পৰিমানৰ বায়বীয়-ছাই আনুমানিক ১ লিটাৰ পানীত ধুই সাধাৰণ ফিল্টাৰ পেপাৰেৰে চেকি বায়বীয় ছাইখিনি সংগ্ৰহ কৰি ৰ'দত শুকুৱাই লওক। এতিয়া শুকান বায়বীয় ছাইখিনি গুড়ি কৰি ৫ লিটাৰ পৰিমানৰ ফ্ল'ৰাইড যুক্ত পানীত মিহলাই ভালদৰে লৰাই দিব লাগে। ১০ মিনিট সময়ৰ পিছত পানীখিনি উতলাই চেঁচা হ'বলৈ দিয়ক আৰু তাৰপিছত পানীখিনি লৰচৰ নোহোৱাকৈ ৩০ মিনিটমান সময় ৰাখি থওঁক। পানীৰ তলত আপুনি কিছুমান গেদ দেখা পাব। এই গেদখিনিতেই পানীত দ্ৰৱনীয় হৈ থকা ফ্ল'ৰাইডৰ অধঃক্ষেপবোৰ আছে। এতিয়া সাবধানে ওপৰৰ পানীখিনি সংগ্ৰহ কৰক। পানীখিনি এতিয়া সাধাৰণ ঘৰুৱা ফিল্টাৰত পুনৰ চেকি লৈ ব্যৱহাৰ কৰক। আপোনাৰ এই পানীখিনি ফ্ল'ৰাইডৰ পৰা মুক্ত।

টংলাৰ ৩ নম্বৰ ৱাৰ্ডৰ পানীত ফ্ল'ৰাইড পোৱাৰ বাতৰিটো…


No comments:

Post a Comment