Wednesday 5 July 2017

বৰষুণ আনিব পৰা বেক্টেৰীয়া


মোগল সম্রাট মহামতি আকবৰৰ সভাত থকা নবৰত্নৰ অন্যতম প্ৰসিদ্ধ সংগীতজ্ঞ তথা ধ্রুপদী সঙ্গীতৰ প্রবক্তা তানসেনৰ উচ্চাংগ সংগীতে অন্ধকাৰ কোঠালিৰ এন্ধাৰ নাশিবলৈ আপোনা আপুনি জ্বলাই তুলিছিল দীপক, শুকান ধৰাৰ বুকুলৈ নমাই আনিব পাৰিছিল মুষলধাৰ বৰষুণ। তানসেনৰ এই অসামান্য প্ৰতিভাৰ বাবেই তেওঁক বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতজ্ঞৰ তালিকাৰ শীৰ্ষত ৰখা হয়। পিছে, আজিৰ যুগত এনে সংগীত সাধক দেখা পোৱাতো প্ৰায় অসম্ভৱ।

পিছে নিৰাশ নহ'ব। সংগীতেৰে নোৱাৰিলেও জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াৰে এবিধ বেক্টেৰীয়াই ধৰাৰ বুকুলৈ বৰষুণ নমাই অনাৰ কথা সম্প্ৰতি বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে। এই বিশেষ বেক্টেৰীয়াবিধৰ নাম হৈছে Pseudomonas syringae বা চিদোম'নাচ চিৰিঞ্জি। এই বেক্টেৰীয়াবোৰ দণ্ডাকৃতিৰ আৰু কোষটোৰ চৌদিশে ফ্লেজেলাৰে আবৃত। Gram-negative শ্ৰেণীৰ এই বেক্টেৰীয়াবোৰে সাধাৰণতে উদ্ভিদৰ দেহত কিছুমান ৰোগ সৃষ্টি কৰে। ৰোগ সৃষ্টিকাৰী হোৱা বাবে এই বেক্টেৰীয়াবোৰৰ ওপৰত গৱেষণা চলিয়েই থাকে। কিন্তু শেহতীয়াকৈ বিজ্ঞানীসকলে ৰোগ সৃষ্টিকাৰী গুণৰ লগতে বৰষুণ দিব পৰা অদ্ভুত ক্ষমতাটো আৱিষ্কাৰ কৰে। ফ্লৰিডা বিশ্ববিদ্যালয়ৰ গৱেষক বিজ্ঞানী Brent Christnerৰ মতে বায়ুমণ্ডলত মুক্ত ভাবে জীয়াই থাকিব পৰা এই বেক্টেৰীয়াবোৰে কোষদেহৰ জটিল জৈৱ-ৰসায়নিক প্ৰক্ৰিয়াৰ সহায়ত বায়ুমণ্ডলত থকা জলীয় বাষ্পক পানী বা বৰফৰ টুকুৰালৈ ৰূপান্তৰিত কৰি ধৰাৰ বুকুলৈ নমাই আনিব পাৰে অবতৰীয়া বৰষুণ এজাক।

সম্প্ৰতি Brent Christner আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে চিদোম'নাচ চিৰিঞ্জি নামৰ বেক্টেৰীয়াবিধ বাস কৰা বায়ুমণ্ডলৰ সেই স্থানলৈ বায়ুমণ্ডলীয় বেলুনৰ সহায়ত কিছুমান অত্যাধুনিক বৈজ্ঞানিক সা-সৰঞ্জাম প্ৰেৰণ কৰি বেক্টেৰীয়াবোৰৰ সন্দৰ্ভত অধিক তথ্য সংগ্ৰহ কৰি আছে। এই গৱেষণাৰ সফল পৰিসমাপ্তিয়ে নিশ্চয়কৈ খৰাং পিৰিত অঞ্চলৰ বাসিন্দা সকললৈ সুদিন কঢ়িয়াই আনিব। হয়তো অনাগত দিনবোৰত কপালৰ ঘাম মাটিত পেলাই পথাৰত সোণালী শইচৰ খেতি কৰা আমাৰ অন্নদাতা কৃষকসকলে খেতিৰ বাবে প্ৰয়োজনীয় এটুপি বৰষুণৰ পানীৰ আশাত আকুল চিত্তে অপেক্ষা কৰিব নেলাগিব।

No comments:

Post a Comment