Thursday 29 June 2017

বিশ্বব্ৰহ্মাণ্ডৰ এটি জুলীয়া গ্ৰহ GJ-1214b


পৃথিৱীৰ পৰা প্ৰায় ৪০ আলোকবৰ্ষ আঁতৰৰ Ophiuchus নক্ষত্ৰমণ্ডলৰ Gliese নামৰ এটি ৰঙা বামণ তৰাৰ চাৰিওপিনে প্ৰদক্ষিণ কৰি আছে এটি অসাধাৰণ গ্ৰহই ! এই গ্ৰহটোৰ নামেই হ'ল GJ-1214b, যাৰ ওপৰত বৰ্তমান দৃষ্টি নিৱদ্ধ বিশ্বৰ বিজ্ঞানী সমাজৰ। বিগত ২০০৯ চনৰ ডিচেম্বৰ মাহতেই নাছাৰ বিজ্ঞানীসকলে হাবল মহাকাশ দূৰবীণৰ সহায়ত এই গ্ৰহটোৰ উপস্থিতিৰ তথ্য সদৰি কৰিছিল যদিও শেহতীয়াকৈ এই গ্ৰহটো সম্বন্ধে আৱিষ্কাৰ হোৱা নিত্য নতুন তথ্যই বিজ্ঞানী সমাজৰ লগতে আমাৰ দৰে সাধাৰণ লোককো আচৰিত কৰি তুলিছে।

বৰ্তমানলৈ বিজ্ঞানীসকলে সৌৰজগতৰ বাহিৰৰ প্ৰায় ৭০০ টা মান গ্ৰহ আৱিষ্কাৰ কৰিছে। তাৰে কেইটামানত জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় উপাদান সমূহ থকা বুলিও তেওঁলোকে কৈছে। পিছে GJ-1214b নামৰ এই বহিঃ গ্ৰহটোৰ কথা তেনেই সুকীয়া। এই গ্ৰহটোৰ ব্যাস আমাৰ পৃথিৱীৰ ব্যাসতকৈ প্ৰায় ২.৭ গুণ ডাঙৰ আৰু ই আকাৰত পৃথিৱীতকৈ প্ৰায় ৭ গুণ ডাখৰ। এই গ্ৰহটোৱে Gliese নামৰ নক্ষত্ৰটোৰ চৌদিশে প্ৰায় ১.২ মিলিয়ন কিমি দূৰত্বেৰে পৰিভ্ৰমণ কৰি থকা বাবে গ্ৰহটোৰ পৃষ্ঠভাগৰ উত্তাপ প্ৰায় ৪৪০ ডিগ্ৰী ছেণ্টিগ্ৰেড। সেয়েহে গ্ৰহটোত জীৱনৰ সম্ভাৱনা তেনেই ক্ষীণ। তথাপিও বিজ্ঞানীসকলৰ বাবে গ্ৰহটো হৈ পৰিছে গৱেষণাৰ বিষয়।

২০১০ চনত বিজ্ঞানীসকলে ঘোষণা কৰে যে GJ-1214b নামৰ গ্ৰহটোৰ চৌপাশে এক বায়ুমণ্ডল আছে আৰু মূলতঃ এই বায়ুমণ্ডল জলীয় বাষ্পৰে পৰিপূৰ্ণ। পিছে উপযুক্ত তথ্য আৰু প্ৰমাণৰ অভাৱত এই তথ্যই সমাদৰ লাভ কৰিব নোৱাৰিলে। পিছলৈ আমেৰিকাৰ Smithsonian Center for Astrophysicsৰ বিশিষ্ট বিজ্ঞানী Zachory Berta আৰু তেওঁৰ সহযোগী সকলে GJ-1214b নামৰ গ্ৰহটো Glieseৰ পৃষ্ঠৰ ওপৰেৰে পাৰ হৈ যাওতে (বিজ্ঞানৰ ভাষাত বামন গতি) Hubble's Wide Field Cameraৰ সহায়ত গ্ৰহটোৰ চিত্ৰ ধৰি ৰাখিবলৈ সক্ষম হোৱাৰ উপৰিও ইনফ্ৰাৰেড কেমেৰাৰে গ্ৰহটোৰ বুকুৰ সূৰ্যাস্তৰ ছবিও সংগ্ৰহ কৰিবলৈ সক্ষম হয়। এই ছবিবোৰৰ তন্ন তন্ন বৰ্ণালী বিশ্লেষণৰ অন্তত তেওঁলোকে গ্ৰহটোৰ বায়ুমণ্ডল জলীয় বাষ্পৰে গঠিত হোৱা বুলি দাঙি ধৰা তথ্যটো সঁচা বুলি প্ৰমাণ কৰে।

ইতিমধ্যে বিজ্ঞানীসকলে GJ-1214bৰ ভৰ আৰু আয়তন সম্বন্ধে তথ্য আহৰণ কৰিবলৈ সক্ষম হয়। এই দুই ৰাশিৰ সহায়ত যেতিয়াই তেওঁলোকে গ্ৰহটোৰ ঘণত্ব নিৰ্ণয় কৰে, তেতিয়াই বিজ্ঞানীসকল স্তম্ভিত হৈ পৰে কিয়নো তেওঁলোকে নিৰ্ধাৰণ কৰা মতে গ্ৰহটোৰ ঘণত্ব মাত্ৰ ১.৭ গ্ৰাম প্ৰতি ঘন ছেমি। তেতিয়ালৈ আৱিষ্কাৰ হোৱা প্ৰায় ৭০০ টা বহিঃগ্ৰহ আৰু আনকি আমাৰ সৌৰজগতৰ গ্ৰহবোৰৰ গড় ঘনত্ব প্ৰায় ৪.৮ গ্ৰাম প্ৰতি ঘন ছেমি। উদাহৰণ স্বৰূপে পৃথিৱীৰ ঘনত্ব ৫.৫ গ্ৰাম প্ৰতি ঘন ছেমি। অৱশ্যে শনি গ্ৰহৰ ঘনত্বও তেনেই কম। যিহেতু GJ-1214bৰ ঘনত্ব প্ৰায় পানীৰ ঘনত্বৰ সমপৰ্যায়ৰ, বিজ্ঞানী সকলে যুক্তি দাঙি ধৰিলে যে GJ-1214b নামৰ গ্ৰহটো কোনো জুলীয়া পদাৰ্থৰ দ্বাৰা তৈয়াৰী। গ্ৰহটোৰ কেন্দ্ৰভাগত থকা জুলীয়া পদাৰ্থবোৰ সম্ভৱতঃ গ্ৰহটোৰ আভ্যন্তৰীণ তাপ আৰু চাপৰ ফলত superfluid বা অতিতৰললৈ ৰূপান্তৰিত হৈছে।

জুলীয়া গ্ৰহ GJ-1214b সম্বন্ধে অধিক তথ্য আহৰণ কৰাৰ উদ্দেশ্যে ২০১৮ চনত নাছাই James Webb Space Telescope নামৰ এটা বিশেষ দূৰবীণ মহাকাশলৈ উৎক্ষেপণ কৰাৰ প্ৰস্তুতি চলাই আছে।

No comments:

Post a Comment