Saturday 17 June 2017

নাছাৰ দ্বাৰা সন্মানীত আব্দুল কালাম চাৰ


মিচাইল মানব বুলি খ্যাত বিশ্বপ্ৰসিদ্ধ বিজ্ঞানী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এপিজে আব্দুল কালাম চাৰলৈ আমেৰিকাৰ মহাকাশ বিজ্ঞান সংস্থা "নাছা"ই যাচিলে যথাযোগ্য সন্মান। কিছুদিন পূৰ্বে নাছাৰ বিজ্ঞানীসকলে মহাকাশত আৱিষ্কাৰ কৰা এবিধ নতুন প্ৰজাতিৰ অনুজীৱ (বেক্টেৰীয়া)ৰ নাম ৰাখিলে মহান ভাৰতীয় বিজ্ঞানী ড° এপিজে আব্দুল কালাম চাৰৰ নামেৰে। নাছাৰ জেট প্ৰপালচন লেৱৰ'টৰীৰ বিজ্ঞানীসকলে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত আৱিষ্কাৰ কৰা এই বেক্টেৰীয়া প্ৰজাতিটোৰ নাম ৰাখিছে "চলিবেচিলাচ কালামী" (Solibacillus kalamii) বুলি। উল্লেখযোগ্য যে এই বেক্টেৰীয়াৰ প্ৰজাতিটো কেবল মহাকাশতহে জন্ম হয়। পৃথিবীত এই বেক্টেৰীয়াটোৰ কোনো অস্তিত্বই নাই। এই বেক্টেৰীয়াৰ প্ৰজাতিটো লৈ বৰ্তমান নাছাৰ বিজ্ঞানীসকল চূড়ান্ত ভাবে ব্যস্ত। নহ'বই বা কিয় ? মহাকাশত জন্ম লোৱা এই বেক্টেৰীয়াৰ প্ৰজাতিটোৱে পৃথিৱীৰ বাহিৰে মহাকাশৰ অন্য স্থানতো জীৱনৰ সম্ভাৱনাক পুনৰ উজ্বীৱিত কৰি তুলিছে।

ইচ্ছুক সকলে তলৰ লিংকটো খুলি চাব পাৰে :

No comments:

Post a Comment