Saturday 17 June 2017

আঙুঠিৰে আবৃত এটি যুৱ তৰা: ফোমালহ'ট


পৃথিৱীৰ পৰা ২৫ আলোকবৰ্ষ দূৰত Piscis Austrinus নামৰ তাৰকামণ্ডলীৰ এটি তৰা ফোমালহ'ট। ৰাতিৰ আকাশৰ এই তৰাটোৰ উপস্থিতিৰ বিষয়ে সৰ্বপ্ৰথম ২০০৮ চনত ঘোষণা কৰা হৈছিল যদিও ২০১২ চনতহে এই তৰাটোৰ প্ৰথমখন ছবি সংগ্ৰহ কৰাটো সম্ভৱ হৈছিল। ২০১২ চনত হাব'ল স্পেচ টেলিস্কোপৰ Advanced Camera for Surveys বা ACSৰ সহায়ত তোলা ছবিখনৰ বিশ্লেষণ কৰি বিজ্ঞানী সকল নিশ্চিত হয় যে ফোমালহ'ট নামৰ তৰাটোৰ চৌদিশে এক বিশাল পৰিধিৰ কক্ষপথেৰে তৰাটোৰ একমাত্ৰ গ্ৰহটোৱে তৰাটোক প্ৰদক্ষিণ কৰি আছে। বিজ্ঞানী সকলে এই গ্ৰহটো আপেক্ষিক ভাবে কম বয়সীয়া বুলি তথ্য আগবঢ়োৱাৰ লগতে গ্ৰহটোৰ নাম ৰাখে ফোমালহ'ট-বি। পিছলৈ অৱশ্যে এই গ্ৰহটো "ড্ৰেগন" নামেৰে জনপ্ৰিয় হয়। ২০১২ চনৰ এই ছবিখনত দেখা পোৱা বিশালাকাৰ আঙুঠিটো বহুদিনলৈ অৱশ্যে ৰহস্যৰ আৱৰ্ততেই আছিল। শেহতীয়াকৈ জোতিৰ্বিদ সকলে Atacama Large Millimeter Array বা ALMA নামৰ অতি শক্তিশালী দূৰবীণ যন্ৰৰ সহায়ত লোৱা ফোমালহ'টৰ ছবিৰ পুংখানুপুংখ অধ্যয়ণৰ পিছত এই আঙুঠিৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয়। তেওঁলোকৰ মতে তৰাটোৰ চৌদিশে গেছ, ধূলিকণা আৰু বৰফেৰে তৈয়াৰী এই বিশাল আঙুঠিটো কোনো মহাকাশীয় পদাৰ্থ অথবা ধুমকেতুৰ সংঘৰ্ষৰ ফলত সৃষ্টি হৈছে। আচৰিত যেন লাগিলেও পিছে ফোমালহ'ট নামৰ তৰাটোৰ গ্ৰহ "ড্ৰেগন বা ফোমালহ'ট-বি"ৰ কক্ষপথটো তৰাটোৰ চৌদিশৰ গেছ আৰু বৰফৰ আঙুঠিটোৰ মাজত অৱস্থিত। 

ইচ্ছুক সকলে তলৰ লিংকটো চাব পাৰে:
https://youtu.be/PuY0GfGLFMU

No comments:

Post a Comment