Saturday 17 June 2017

সালোক সংশ্লেষণকাৰী প্ৰাণী Elysia chlorotica


উদ্ভিদসমূহ স্বপোষী। অৰ্থাৎ উদ্ভিদবোৰে ক্ল'ৰোফিল বা পত্ৰহৰিৎ নামৰ এবিধ সেউজীয়া বৰণৰ ৰসায়নিক পদাৰ্থৰ সহায়ত সূৰ্যৰ পোহৰ আহৰণ কৰি পানী আৰু কাৰ্বন ডাইঅক্সাইড পৰা নিজৰ আহাৰ প্ৰস্তুত কৰে। কিন্তু উদ্ভিদৰ দৰেই প্ৰাণীয়েও সালোক সংশ্লেষণ পদ্ধতিৰে নিজৰ আহাৰ প্ৰস্তুত কৰে বুলিলে চকু কপালত উঠাৰেই কথা। আচৰিত হ'লেও পিছে কথাটো সঁচা।
উদ্ভিদৰ দেহত পোৱা পত্ৰহৰিৎ, উদ্ভিদ কোষৰ জিনৰ সংকেত অনুসৰি সৃষ্টি হয়। এই জিন প্ৰাণীৰ দেহত নেথাকে বাবে প্ৰাণী কোষত পত্ৰহৰিৎ পোৱা নাযায়। ফলত প্ৰাণী সমূহে উদ্ভিদৰ দৰে খাদ্যও প্ৰস্তুত কৰিব নোৱাৰে। শেহতীয়াকৈ ফ্লৰিডা আৰু মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ তিনিজনীয়া বিজ্ঞানীৰ দল এটাই সাগৰৰ পানীত সাতুৰি নাদুৰি ঘূৰি ফুৰা এবিধ সামুদ্ৰিক শামুকৰ ওপৰত চলোৱা এলানি গৱেষণামূলক পৰীক্ষাত ধৰা পেলায় যে সাইলাখ উদ্ভিদৰ দৰেই এই সামুদ্ৰিক শামুকবোৰে সালোক সংশ্লেষণ পদ্ধতিৰ সহায়ত নিজৰ খাদ্য তৈয়াৰ কৰি ল'ব পাৰে। তেওঁলোকে Elysia chlorotica (বৈজ্ঞানিক নাম) বা sea slug নামৰ সামুদ্ৰিক শামুকবিধৰ ওপৰত কৰা পৰীক্ষা সমূহৰ ওপৰত ভিত্তি কৰি "The Biological Bulletin" নামৰ গৱেষণা গ্ৰন্থখনত প্ৰকাশ কৰা "Horizontally Transferred Algal Nuclear Gene on a Elysia chlorotica Chromosome" শীৰ্ষক গৱেষণা পত্ৰখনত এই তথ্য প্ৰকাশ কৰিছে। (ইচ্ছুক সকলে লেখাটোৰ তলত দিয়া লিংকটো খুলি গৱেষণা পত্ৰখন পঢ়িব পাৰে)।
থোৰতে গৱেষণা পত্ৰত উল্লেখ কৰা কথাখিনি আলোচনা কৰিব বিচাৰিছোঁ। Elysia chlorotica নামৰ এই বিশেষ সামুদ্ৰিক শামুক বিধৰ প্ৰধান খাদ্য হ'ল সাগৰীয় শেলাই। বিভিন্ন প্ৰজাতিৰ শেলাইবোৰৰ ভিতৰত Vaucheria litorea নামৰ সেউজীয়া শেলাই বিধ ইহতৰ প্ৰিয় খাদ্য। তাৎপৰ্যপূৰ্ণ ভাবে এই সামুদ্ৰিক শামুকবোৰৰ পাচনতন্ত্ৰ অৰ্ধবিকশিত আৰু সেয়ে খাদ্যসমূহ পাচনতন্ত্ৰত সম্পূৰ্ণ ভাঙি নেযায়। এই বিসংগতিৰ বাবেই সামুদ্ৰিক শামুকবিধৰ দেহত আন এটা উল্লেখনীয় ঘটনা সংঘটিত হৈছে। সাগৰীয় শেলাই Vaucheria litoreaৰ কোষৰ ভিতৰত থকা পত্ৰহৰিৎ সৃষ্টিকাৰী জিনৰ জটিল প্ৰটিন শৃংখলবোৰ শামুকবোৰৰ পাচনতন্ত্ৰত ভাঙি নগৈ ধীৰে ধীৰে সামুদ্ৰিক শেলাইবোৰৰ দেহৰ কোষত থিতাপি লয়। Vaucheria litoreaৰ এই জিনবোৰে সামুদ্ৰিক শামুকৰ দেহকোষত থাকি পত্ৰহৰিৎ সৃষ্টি কৰে। এই পত্ৰহৰিতৰ বাবেই Elysia chlorotica নামৰ সামুদ্ৰিক শামুকবোৰ সেউজীয়া হয় আৰু ইহতে উদ্ভিদৰ দৰে সালোক সংশ্লেষণ পদ্ধতিৰে নিজৰ খাদ্যও প্ৰস্তুত কৰি ল'ব পাৰে।
গৱেষণা পত্ৰৰ লিংকটো : 
http://www.journals.uchicago.edu/…/abs/10.1086/BBLv227n3p300

No comments:

Post a Comment