Saturday 17 June 2017

মহ আৰু মাখিৰ পৰা জৈৱিক পৰিত্ৰাণৰ উপায়


বৰ্তমান বজাৰত মহ বা মাখিৰ পৰা পৰিত্ৰাণ পাবলৈ বিভিন্ন ধৰণৰ ৰসায়নিক দ্ৰব্য সহজে উপলব্ধ। পিছে এই ৰসায়নিক দ্ৰব্য সমূহ মানুহৰ স্বাস্থ্যৰ বাবে হানিকাৰক হোৱাৰ উপৰিও পৰিবেশৰ বাবেও বিপদজনক। মহ হৈছে "কিউলিচিডি" পৰিয়ালৰ অন্তৰ্গত কিছুমান সৰু সৰু পতংগ। মাইকী মহবোৰ পৰজীৱী আৰু কণী পাৰিবৰ বাবে মাইকী মহক প্ৰয়োজন হোৱা প্ৰটিনৰ নাটনি পুৰ কৰিবলৈ মাইকী মহবোৰে বিভিন্ন স্তন্যপায়ী জীৱৰ দেহৰ তেজ শোষণ কৰে। মতা মহবোৰে কিন্তু উদ্ভিদৰ ৰসহে খায়। এই মহবোৰৰ আক্ৰমণে আমাক যে কেবল আমনিয়েই দিয়ে এনে নহয়, মহৰ কামোৰ খাই আমি মেলেৰিয়া, ডেংগী আদি ৰোগতো ভোগো। সেয়ে মহৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে যুগ যুগ ধৰি বিভিন্ন ধৰণে প্ৰচেষ্টা কৰি আহিছে। একেদৰে মাখিয়েও বহুতো বেমাৰৰ বীজাণু বিয়পায়। 

মহ-মাখিৰ পৰা পৰিত্ৰাণ পাবলৈ এটি সহজ আৰু পৰিবেশ-বান্ধৱ পদ্ধতিৰ বিষয়ে লিখিব বিচাৰিছোঁ। পৰম্পৰাগত ভাবে বহুতো লোকে মহ বা মাখিৰ উপদ্ৰপৰ পৰা ৰক্ষা পাবলৈ লং আৰু লঙৰ তেল ব্যৱহাৰ কৰি আহিছে। কোনো কোনোৱে আকৌ নেমু টেঙা আৰু লং একেলগে ব্যৱহাৰ কৰে। ব্যৱহাৰকাৰী সকলৰ মতে মহ আৰু মাখিৰ পৰা ৰক্ষা পাবলৈ ই এটা ফলপ্ৰসু পদ্ধতি।

থোৰতে পদ্ধতিটো : এটা নেমু দুফালকৈ কাটি লৈ নেমুটোত চিত্ৰত দেখুওৱাৰ দৰে কেইটামান লং গুজি দি প্লেট এখনৰ ওপৰত থৈ দিয়ক। এতিয়া প্লেটখন কোঠালিৰ ভিতৰত ৰাখি কিছুপৰ দুৱাৰ-খিৰিকিবোৰ বন্ধ কৰি ৰাখক। দেখা যাব যে মহৰ গুণগুণণি ক্ৰমে নোহোৱা হৈ গৈছে।


No comments:

Post a Comment