Thursday 29 June 2017

ইকুৱেডৰৰ আইনাৰ দৰে স্বচ্ছ ভেকুলীবোৰ


পৰিস্কাৰ আইনা এখনৰ মাজেৰে পোহৰ অতি সহজেই পাৰ হৈ যায় বাবেই আমি আইনাৰ মাজেৰে ইপাৰ সিপাৰ দেখো। পিছে স্বচ্ছ আইনাৰ দৰেই যদিহে আমাৰ শৰীৰৰ মাজেৰে পোহৰ পাৰ হৈ গ'লহেতেন, তেন্তে আমাৰ শৰীৰৰ মাজেৰেও ইপাৰ সিপাৰ দেখা গ'লহেতেন ! বাস্তৱত এয়া আমাৰ দেহত সম্ভৱ নহয় যদিও সম্প্ৰতি ইকুৱেডৰত এবিধ ভেকুলী আৱিষ্কাৰ হৈছে যাৰ দেহটো আইনাৰ দৰেই স্বচ্ছ আৰু সেয়েহে ভেকুলীটোৰ শৰীৰৰ আভ্যন্তৰীণ অংগবোৰ যেনে বৃক্ক, হৃদপিণ্ড আৰু মূত্ৰাশয় বাহিৰৰ পৰাই পৰিস্কাৰকৈ দেখা পোৱা যায়। এই ভেকুলীটোৰ বৈজ্ঞানিক নাম Hyalinobatrachium yaku যদিও ইয়াক Glass frog বুলিয়েই জনা যায়।

Hyalinobatrachium yaku নামৰ এই ভেকুলীবোৰ সাধাৰণতে কম গভীৰতাৰ পানীত বাস কৰে। কিন্তু আন উভচৰ প্ৰাণীৰ দৰে ইহঁতে পানীত কণী নেপাৰি পানীৰ যুৱলীত থকা গছৰ পাতৰ তলফালেহে কণী পাৰে। মাইকী ভেকুলীবোৰে কণী পৰাৰ পিছত কণীবোৰৰ ওপৰত কোনো গুৰুত্ব নিদিয়ে। মতা ভেকুলীবোৰেহে কণী থকা গছজোপাৰ তলত বহি থাকি পহৰা দিয়ে। কণীৰ পৰা লালুকী জন্ম হোৱাৰ লগে লগে লালুকীবোৰ পাতৰ তলৰ পৰা পানীত সৰি পৰে আৰু খাদ্য সংগ্ৰহত ব্যস্ত হৈ পৰে।

বিগত ২০১৭ চনৰ মে মাহত প্ৰকাশিত "ZooKeys" নামৰ বিজ্ঞান জাৰ্ণালখনত প্ৰকাশিত "A marvelous new glass-frog from Amazonian Ecuador" শীৰ্ষক গৱেষণা পত্ৰখনত এই বিষয়ে বিতং তথ্য পোৱা যায়। ইচ্ছুক পাঠকৰ সুবিধাৰ্থে গৱেষণা পত্ৰখনৰ লিংকটো তলত দিয়া হ'ল :

https://zookeys.pensoft.net/articles.php?id=12108

No comments:

Post a Comment