Saturday 17 June 2017

সমান্তৰাল বিশ্বব্ৰহ্মাণ্ড আৰু অযুত সাঁথৰ


এটা জটিল প্ৰশ্ন - সঁচাকৈয়ে বাৰু আছে নেকি আপোনাৰ বা মোৰ হবহু প্ৰতিৰূপ আন একোজন ব্যক্তি, চকুৰে নেদেখা কোনো এক অজানতিমুলুকত ? অথবা কথাটো এনেদৰেও সুধিব পৰা যায় : একেজন ব্যক্তিয়ে একে সময়তে দুখন ভিন্ন জগতত বাস কৰিব পাৰে নেকি বাৰু ? সাধাৰণ দৃষ্টিত তেনেই অবান্তৰ যেন লগা এই প্ৰশ্নবোৰ লৈ বিশ্বৰ একাংশ বিজ্ঞানী ব্যস্ত হৈ আছে। বিজ্ঞানৰ জগতখনত সম্প্ৰতি এনে এক ধাৰণাই গা কৰি উঠিছে যে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ প্ৰতিটো অনু পৰমাণু, প্ৰতিটো পদাৰ্থ আনকি প্ৰতিটো জীৱৰ হবহু একোটি প্ৰতিৰূপ আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ পৰা বহু আঁতৰৰ আন কোনোবা এক অজান বিশ্বব্ৰহ্মাণ্ডত বিৰাজমান।

এইখিনিতেই আন এটা প্ৰশ্নই আহি আমনি কৰিবহি - আমি যিখন বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে অৱগত সেইখনেই বাৰু একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নেকি ? বিংশ শতাব্দীৰ শেষৰ পিনে বিজ্ঞানৰ জগতখনত এই প্ৰশ্নটোৱে বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহকো জোকাৰি গৈছিল। সাধাৰণ দৃষ্টিত প্ৰশ্নটো বিস্ময়কৰ আৰু অবান্তৰ যেন লাগিলেও বিজ্ঞানী সকলে বিষয়টো গুৰুত্ব সহকাৰে লৈ গৱেষণা অব্যাহত ৰাখিছে আৰু এতিয়ালৈকে আহৰণ কৰা তথ্য অনুসৰি “বহুবিশ্ব” বা সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডৰ সম্ভাৱনাটো প্ৰকট হৈ পৰিছে।

শেহতীয়াকৈ বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি সম্বন্ধে জনপ্ৰিয় হৈ উঠা “স্ট্ৰিং থিয়ৰি” অনুসৰি আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখন একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নহয়। এই বিশ্বব্ৰহ্মাণ্ডখনৰ উপৰিও আছে অনন্ত কৌটি বিশ্বব্ৰহ্মাণ্ড। স্ট্ৰিং থিয়ৰিৰ এজন প্ৰবক্তা হ’ল জাপানীজ বংশোদ্ভুত আমেৰিকান পদার্থ বিজ্ঞানী মিচিঅ কাকু। তেখেতৰ দ্বাৰা ৰচিত “Parallel Universe’ নামৰ গ্ৰন্থখনত এনে ধাৰণাৰ সবিশেষ তথ্য পোৱা যায়। বিজ্ঞানীসকলৰ ধাৰণা অনুসৰি আজিৰ পৰা 1370 কোটি বছৰ আগতে এটা ক্ষুদ্ৰ আদিম বিন্দুৰ পৰাই বিগ বেং নামৰ প্রচণ্ড এক বিস্ফোৰণৰ মাধ্যমত জন্ম হৈছিল আমাৰ এই দৃশ্যমান মহাবিশ্ব।

পিছে বিগ বেঙৰ আগত কি আছিল – এই প্ৰশ্নৰ উত্তৰ বিগ বেং তত্বই দিব নোৱাৰে। বিগ বেঙৰ এই দুৰ্বলতাৰ বাবেই এচাম বিজ্ঞানীয়ে বিগ বেং এটা স্বয়ং সম্পূৰ্ণ তত্ব নহয় বুলি ক’ব খোজে। এই দুৰ্বলতাৰ আলম লৈয়ে স্ট্ৰিং থিয়ৰিয়ে গা কৰি উঠে। বস্তু এটা যেতিয়া কোনো ব্ল্যাক হোলৰ মাজৰ সিঙ্গুলাৰিটি নামৰ সেই বিশেষ স্থানৰ ভিতৰত গৈ পৰে তেতিয়া বস্তুটো অতি সংকুচিত হৈ এটা বিন্দুত হেৰাই যায়। কিন্তু বস্তুটো হেৰাই যায় ক’ত ?

বিজ্ঞানীসকলৰ মতে ব্লেক হোলৰ বিপৰীত প্রান্তত “White Hole” বা শ্বেত গহ্বৰ নামৰ এটা পৰিঘটনা আছে। এই শ্বেত গহ্বৰত ঘটে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ বিপৰীত ঘটনা। সেই স্থানত ব্লেক-হোলৰ হেৰাই যোৱা অতি সংকুচিত বস্তুটো পুনৰ প্রবল বেগে প্রসাৰিত হ’বলৈ আৰম্ভ কৰে। কিন্তু সেই ঘটনাটো ঘটে অন্য এক ডাইমেনশ্যন বা বিপৰীত ধৰণে। অৰ্থাৎ শ্বেত গহ্বৰত হয়তো ঘড়ীৰ কাটা ঘুৰে বিপৰীত দিশত ! যদিহে ব্লেক-হোলৰ বিপৰীত দিশৰ শ্বেত গহ্বৰত অতি সংকুচিত বস্তু এটা পুনৰ প্ৰচণ্ড বেগত প্ৰসাৰিত হয়, তেন্তে তাত্বিক দিশত এটা ব্লেক-হোলৰ সুৰঙ্গ পথৰ ঠিক বিপৰীত প্রান্তত আছে আমি সদায় আলোচনা কৰি অহা বিগ বেং নামৰ মহাবিস্ফোৰণটো ! ফলত আমি দেখিবলৈ পাইছো কেনেদৰে এটা বিন্দুৰ পৰা আৰম্ভ হোৱা প্রবল বিস্ফোৰণত জন্ম হৈছে আমাৰ এই মহাবিশ্ব। আৰু যদি সেয়াই হয়, তেনেহলে বিগ বেঙৰ আগতে কি আছিল সেই প্রশ্নৰ উত্তৰটোও সহজ হৈ পৰে। তেনে ক্ষেত্ৰত আমি স্বীকাৰ কৰিবই লাগিব যে বিগ বেঙৰ আগতেও আছিল আন এখন মহাবিশ্ব। বিগ বেঙৰ পিছৰ পৰা কেনেকৈ এটা ক্ষুদ্ৰ বিন্দুৰ প্ৰসাৰণ ঘটি এই বিশাল মহাবিশ্বৰ আকাৰ পালে ইয়াক লৈ ভিন্ন মতবাদ চলি আছে যদিও সর্বজন গ্রাহ্য তত্বটো হ’ল মহাক্রম প্রসাৰণ মহাবিশ্ব তত্ব। এই তত্বটো প্রথম আগবঢ়াইছিল পদার্থ বিজ্ঞানী এলেন গুথােই । এই তত্ব মতে মহাবিশ্ব সৃষ্টিৰ প্রথম এক ছেকেণ্ডৰ এশ কোটি ভাগ সময়ৰ ব্যৱধানতেই এক ৰহস্যময় অ্যান্টিগ্র্যাভিটি বলৰ ক্রিয়া আৰম্ভ হৈছিল আৰু এই বলৰ ক্রিয়াৰ ফলত আমি অনুমান কৰাতকৈও অধিক বেগত প্রসাৰিত হৈছিল নৱজাত বিশ্বব্ৰহ্মাণ্ড ! বিজ্ঞানী সকলৰ মতে আমাৰ পৰা বহু আঁতৰত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণৰ এই বেগ পোহৰৰ বেগতকৈও বেছি। আমাৰ দৃষ্টিত ধৰা দিয়া বিশ্বব্ৰহ্মাণ্ডখন আচলতে বিশাল বিশ্বব্ৰহ্মাণ্ডখনৰ এটি ক্ষুদ্ৰ অংশ মাথোন। বিশালকায় ব্ৰহ্মাণ্ডৰ প্ৰতিটো ব্লেক-হোলৰ বিপৰীত প্ৰান্তত থকা White Hole বা শ্বেত গহ্বৰৰ মাজত সৃষ্টি হ’ব ধৰিছে একোখন নতুন বিশ্বব্ৰহ্মাণ্ড। অৰ্থাৎ ব্লেক-হোলৰ সিঙ্গুলাৰিটিত মৃত্যু হোৱা এখন বিশ্বব্ৰহ্মাণ্ডই ব্লেক-হোলৰ বিপৰীত প্ৰান্তৰ শ্বেত গহ্বৰত পুনৰ নতুন এখন বিশ্বব্ৰহ্মাণ্ড হিচাবে জন্ম হৈছে। বিজ্ঞানী সকলৰ ধাৰণা যদি সত্য হয়, তেন্তে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডখনেই একমাত্ৰ বিশ্বব্ৰহ্মাণ্ড নহয়। আমাৰ চৌপাশে আছে অনন্ত কৌটি ব্ৰহ্মাণ্ড !! আৰু তেনে অসংখ্য বিশ্বব্ৰহ্মাণ্ডৰ কোনোবা এখনত অপেক্ষা কৰি আছে আপোনাৰ বা মোৰ হুবহু প্ৰতিৰূপবোৰে !!!

No comments:

Post a Comment