Friday 21 July 2017

এসময়ত এজন ডাক্তৰ আছিল


এজন পৃথিৱী বিখ্যাত হাৰ্ট চাৰ্জন, জৈৱ অভিযন্তা, জিন বিশেষজ্ঞ, অংগ সংৰোপক তথা গৱেষক বিজ্ঞানী। গৱেষণাৰ নামত নিজৰ জীৱন উচৰ্গা কৰি সাধাৰণ মানুহৰ জীৱনৰ পৰা ৰোগ-ব্যাধিৰ যন্ত্ৰণা উপসম ঘটোৱাৰ পথ বিচৰাই যেন তেওঁৰ জীৱনৰ লক্ষ্য।

১৯৫০ চনত নগাও জিলাৰ জাগিয়াল গাওঁত আনন্দিৰাম বৰুৱাৰ ঘৰত জন্ম লোৱা ধনীৰাম সৰুৰে পৰাই অত্যন্ত বিচক্ষণ বুদ্ধিৰ লৰা আছিল। যোগ্যতা অনুসৰি তেওঁ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লৈ ডা° ধনীৰাম বৰুৱা নামেৰে পৰিচয় লাভ কৰে। জ্ঞানপিপাষু ডা° ধনীৰাম বৰুৱাই পুনৰ ১৯৭৮ চনত (Glasgow) গ্ল'চগোৰ "ৰয়েল কলেজ অৱ চাৰ্জন"ৰ পৰা সন্মানীয় FRCS ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ নিজকে Xeno-Transplant Surgeon হিচাবে গঢ় দিয়াৰ বাবে মনোনিবেশ কৰে। Xeno-Transplant মানে এটা প্ৰজাতিৰ জীৱৰ কোনো বিশেষ অংগ আন এটা ভিন্ন প্ৰজাতি (বিশেষকৈ মানুহৰ) দেহত সংস্থাপন কৰা। ১৯৮০ৰ দশকত সৰ্বপ্ৰথমে কৃত্ৰিম হৃদযন্ত্ৰ জাৰ্ভিক-৭ ৰোগীৰ দেহত সফলতাৰে প্ৰতিস্থাপন কৰিব পৰা পদ্ধতি আৱিষ্কাৰ কৰি ডা° ধনীৰাম বৰুৱাই বিজ্ঞানী সমাজক স্তম্ভিত কৰি তুলিছিল | সমান্তৰালকৈ তেখেতে জৈৱ অভিযন্ত্ৰণ আৰু মানুহৰ জিনম সম্বন্ধে গৱেষণাও অব্যাহত ৰাখিছিল।

ডা° ধনীৰাম বৰুৱা তেতিয়া এজন পৃথিৱী বিখ্যাত হৃদৰোগ বিশেষজ্ঞ তথা চাৰ্জন। ১৯৮৫ চনৰ কথা। অক্টোবৰ মাহৰ শেষৰ পিনে সুদুৰ আবু ধাবিৰ পৰা ডা° বৰুৱাক আমন্ত্ৰণ জনোৱা হ'ল। হৃদযন্ত্ৰৰ জটিল ৰোগত আক্ৰান্ত এজন লোকৰ "অপেন হাৰ্ট চাৰ্জাৰি" কৰাৰ বাবে আবু ধাবিত কোনো বিশেষজ্ঞ চাৰ্জন নাই। আমন্ত্ৰণ ৰক্ষা কৰি ডা° বৰুৱাই নৱেম্বৰ মাহৰ ১১ তাৰিখে আবু ধাবিৰ সেই বিশেষ ৰোগীজনৰ হৃদযন্ত্ৰৰ সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰে। উল্ল্যেখযোগ্য যে সেই অস্ত্ৰোপচাৰটোৱেই আবু ধাবিৰ প্ৰথমটো "অপেন হাৰ্ট চাৰ্জাৰি"।

বিদেশৰ শিক্ষা সমাপ্ত কৰি ডা° ধনীৰাম বৰুৱাই গৱেষণাৰ লগতে চিকিৎসা সেৱা চলাই যাবলৈ অসমলৈ ঘূৰি আহি  জনসাধাৰণৰ উন্নতিৰ বাবে প্ৰচলিত ধাৰাৰ পৰা অলপ বেলেগকৈ চিন্তা-চৰ্চা কৰাৰ মানসিকতাৰে গুৱাহাটীৰ পৰা কিছুদূৰৰ সোনাপুৰত "Dr. Dhani Ram Baruah Heart Institute & Research Centre" নামৰ এখন প্ৰতিষ্ঠান আৰম্ভ কৰে। এই প্ৰতিষ্ঠানতেই তেখেতে ১৯৯১ চনত মানুহৰ হৃদযন্ত্ৰৰ বাবে কৃত্ৰিম Valve বা কপাট আৱিষ্কাৰ কৰে। এই কপাট বা Valveক আজি সকলোৱে Baruah Stentless Bileaflet Biological Heart Valve বা চমুকৈ BSBB Heart Valve বুলি জানো। এই কৃত্ৰিম Valve বা কপাটে আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০০০তকৈও অধিক লোকৰ হৃদপিণ্ডৰ স্পন্দন নিয়ন্ত্ৰণ কৰি আছে।

১৯৯৪ চনত জাৰ্মানীত অনুস্থিত হোৱা এখন আন্তৰ্জাতিক সন্মিলনলৈ ডা° ধনীৰাম বৰুৱাক নিমন্ৰণ জনোৱা হ'ল। সন্মিলনৰ বিষয়বস্তু আছিল - “Artificial Heart”। সেই সন্মিলনত ডা° ধনীৰাম বৰুৱাই তেখেতৰ গৱেষণাপত্ৰ পাঠ কৰাৰ উপৰিও তেখেতে তথ্য সহকাৰে উপস্থাপন কৰে যে Xeno-transplantationৰ বাবে গাহৰি আৰু মানুহ ওচৰ সম্বন্ধীয়। লগতে তেখেতে ইয়াকো জনায় যে গাহৰি আৰু মানুহৰ দেহত হোৱা বেক্টেৰীয়া আৰু ভাইৰাছ আদিৰ সংক্ৰমণ অথবা ৰোগবোৰ একেই। তদুপৰি এই দুয়োটা প্ৰজাতিৰ অংগসংস্থান আৰু শৰীৰক্ৰিয়াও প্ৰায় একে আৰু সেয়েহে গাহৰিৰ হৃদপিণ্ড মানুহৰ দেহত সংৰোপণ কৰা সম্ভৱ। সেই একে বৰ্ষতেই অৰ্থাৎ ১৯৯৪ চনত তেওঁ ৯০ বছৰ পৰ্যন্ত সক্ষম হৈ থাকিব পৰা কৃত্ৰিম জৈবিক Heart Valve তৈয়াৰ কৰি উলিয়ায়। এই ভাল্ভবোৰক "Baruah Heart Valve" বুলি কোৱা হয়। 

অসমত শতকৰা ৯৯ জন ডাক্তৰেই সাধাৰনতে ৰোগীৰ চিকিৎসা কৰিয়েই সময় অতিবাহিত কৰিছে। কিন্তু ডা° ধনীৰাম বৰুৱা এক ব্যতিক্ৰম। ডা° ধনীৰাম বৰুৱাই কিবা এটা নতুন আৱিস্কাৰ কৰিবলৈ ৰোগীৰ চিকিৎসাৰ সমান্তৰালকৈ তেখেতৰ গৱেষণাও আগবঢ়াই নিছিল। ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত তেখেতে কোনোদিনেই কৃপনালি কৰা নাছিল। কৰোনাৰী হাৰ্ট ডিজিচ,  ডায়েবেটিচ, উচ্চ ৰক্তচাপ, হেপাটাইটিচ, SLE জাতীয় স্বয়ংপ্ৰতিৰোধী ৰোগৰ বাবে ডা° বৰুৱা আছিল এজন নিৰ্ভৰযোগ্য বিশেষজ্ঞ চিকিৎসক।

১৯৯৭ চনৰ নৱেম্বৰ মাহৰ কথা। পূৰ্ণ শইকীয়া নামৰ ৩৭ বছৰীয়া এজন  যুৱক "ক্ৰনিক হাৰ্ট ডিজিচ"ত আক্ৰান্ত। তেওঁৰ পৰিয়াল বৰ্গই বিভিন্ন ডাক্তৰৰ দুৱাৰে দুৱাৰে ঘূৰি শেষত ডা° ধনীৰাম বৰুৱাৰ ওচৰ পালেহি। ৰোগীৰ দেহৰ যাৱতীয় পৰীক্ষাসমূহ সম্পন্ন কৰি ডা° ধনীৰাম বৰুৱা নিশ্চিত হয় যে ৰোগীৰ জীৱনৰ এয়া শেষ অৱস্থা। ক্ৰনিক হাৰ্ট ডিজিচত আক্ৰান্ত পূৰ্ণ শইকীয়াৰ দেহত হৃদযন্ত্ৰৰ উপৰিও হাওফাও আৰু বৃক্কও ক্ৰমে অসাৰ হৈ পৰিছে। তেখেতে ভালদৰেই বুজিছিল যে পূৰ্ণ শইকীয়াৰ জীৱন বন্তিগচি আৰু মাত্ৰ কেইটামান মূহুৰ্তৰ বাবেহে জ্বলি ৰ'ব ! তেনেতে ডা° বৰুৱাৰ মনত খেলালে Xeno-transplantationৰ কথাটো। পৰিয়ালবৰ্গকো কথাবোৰ ভাঙি পাতি বুজাই দিয়া হ'ল। ডা° বৰুৱাই ইতিমধ্যে পৰিকল্পনা যুগুতাই ল'লে। ১৯৯৭ চনৰ ডিচেম্বৰ মাহত তেখেতে পূৰ্ণ শইকীয়াৰ দেহত ১৫ ঘণ্টাৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি এটি গাহৰিৰ হৃদপিণ্ড সংৰোপণ কৰিলে। অস্ত্ৰোপচাৰটোৰ পিছত  ডা° বৰুৱা আৰু তেওঁৰ সহযোগী দুজন যথেষ্ঠ উৎফুল্লিত হ'ল কিয়নো ইতিমধ্যে তেওঁলোকে এটি সাংঘাটিক কাম সুকলমে সম্পন্ন কৰি পেলালে। তেওঁলোকে নিয়মিত ভাবে পূৰ্ণ শইকীয়াৰ দেহত স্থাপন কৰা গাহৰিৰ হৃদপিণ্ডটোৰ কাৰ্যকুশলতা পৰ্যবেক্ষণ কৰি থাকিল। সকলো থিকেই আছে। ডা° বৰুৱা আৰু তেওঁৰ সহযোগী দুজনৰ উচাহৰ যেন সীমা নাই। 

সকলো থিকেই আছিল। কিন্তু অস্ত্ৰোপচাৰৰ পিচত দুদিনমান সকলো থিকে থাকে অতিক্ৰম কৰে যদিও ডা° বৰুৱাই লক্ষ্য কৰিলে যে পূৰ্ণ শইকীয়াৰ দেহৰ নতুন নতুন স্থানৰ লগতে অস্ত্ৰোপচাৰৰ ঘাঁ বোৰতো আকৌ সংক্ৰমন আৰম্ভ হৈছে। ক্ৰমান্বয়ে এই সংক্ৰমনৰ মাত্ৰা এনেদৰে বাঢ়ি আহিব ধৰিলে যে জীৱনদায়িনী ঔষধবোৰে কোনো কামেই নকৰা হ'ল। আৰু ডা° বৰুৱাৰ সকলো প্ৰয়াসক ব্যৰ্থ কৰি পূৰ্ণ শইকীয়াৰ মৃত্যু হয়।  ইয়াকে লৈ চৌদিশে হৈ চৈ লাগিল আৰু মূহুৰ্তৰ ভিতৰতেই ডা° বৰুৱা এজন খলনায়ক হিচাবে পৰিগণিত হৈ পৰিল। মিডিয়াৰ সাংবাদিকসকল উবুৰি খাই পৰিল। তিলটোও তাল হ'ল। ৰাজনৈতিক ক্ষেত্ৰখনতো যেন এক প্ৰচণ্ড জোকাৰণি। ডা° ধনীৰাম বৰুৱা আৰু তেওঁৰ সহযোগী সকলক গ্ৰেপ্তাৰ কৰা হ'ল। বিষয়টো সন্দৰ্ভত মূল অভিযোগটো আছিল এই যে ডা° বৰুৱা আৰু তেওঁৰ সহযোগীসকলে চিকিৎসা বিজ্ঞানৰ প্ৰাৰম্ভিক Ethical কথাখিনি নমানকৈ ৰোগীৰ দেহত পৰীক্ষা নিৰীক্ষা সম্পন্ন কৰিছে। প্ৰচলিত নিয়ম অনুসৰি মানৱ দেহত যিকোনো গৱেষণামূলক পৰীক্ষা কৰাৰ আগেয়ে ভাৰতত ICMR (Indian Council of Medical Research)ৰ পৰা অনুমতি ল'ব লাগে। আনকি প্ৰচলিত ঔষধ এবিধ আন এটি ৰোগত পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰিলেও সংশ্লিষ্ট কৰ্তৃপক্ষ যেনে বিশ্ববিদ্যালয়ৰ Ethics Committee-ৰ অনুমতি আৱশ্যকীয়। যিকোনো বৈজ্ঞানিক পৰীক্ষাৰে কিছুমান মানিবলগীয়া নিয়ম আছেই, সেইখিনি কৰি লোৱাটো বাধ্যতামূলক। এনে নিয়মসমূহ নামানিলে কেতিয়াবা হিতে বিপৰীত হ’ব পাৰে। সেয়ে ডা° ধনীৰাম বৰুৱাই আগেয়ে সেই কামখিনি কৰি লোৱাটো আৱশ্যকীয় আছিল। 

সেয়া নমনাকৈ তেওঁ সম্পন্ন কৰা এনে গৱেষণামূলক পৰীক্ষাত পূৰ্ণ শইকীয়াক গিনিপিগ সজাই হত্যা কৰা হ'ল বুলি হৈ চৈ লগাত প্ৰশাসনে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। অৱশ্যে ৪০ দিন জেলত থকাৰ পিচত ডা° বৰুৱা আৰু তেওঁৰ সহযোগীসকল পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহে।

ডা° ধনীৰাম বৰুৱা এজন অতিশয় প্ৰতিভাশালী চোকা চিকিৎসক আছিল ৷ দূৰ্ভাগ্যবশতঃ  তেখেতৰ জীৱনলৈ এক অদ্ভূত পৰিৱৰ্তন আহি পৰিল ৷ তেখেত এজন বিতৰ্কিত ব্যক্তি হৈ পৰিল। আজিও তেখেতৰ চিকিৎসাৰ যহতেই যমৰ দুৱাৰদলি গচকি ঘূৰি অাহি আজি সুখেৰে জীৱন অতিবাহিত কৰা আৰু তেখেতক প্ৰাণেপণে ভালপোৱা মানুহ বহুত আছে। একেদৰে তেখেতক সমালোচনাৰে থকাসৰকা ব্যক্তিৰো অভাব নাই। তেখেতক মানসিকভাবে বিকাৰযুক্ত ডাক্তৰ বুলিও কোৱা হৈছিল। শেহতীয়াকৈ জেনেটিক ইঞ্জীনিয়াৰিং তথা আৰ. এন. এ. আই. (RNA interference) আদি পদ্ধতিৰ দ্বাৰা তেখেতে কেঞ্চাৰ ৰোগৰ চিকিৎসা পদ্ধতিৰ ওপৰত গৱেষণা কৰি আছে। অসমৰ্থিত সূত্ৰত প্ৰকাশ পোৱা মতে তেখেতে হেনো সফলতাৰ মূখো দেখিছে। যদি সেয়া সঁচা হয়, নিসন্দেহে ই হ'ব মানৱজাতিৰ বাবে অন্য এক আশীৰ্বাদ। 
(বি: দ্ৰ:   লিখনিটো বিভিন্ন সূত্ৰৰ পৰা আহৰণ কৰা তথ্যৰ ভিত্তিত যুগুতোৱা হৈছে। - প্ৰণৱজ্যোতি)

No comments:

Post a Comment