Wednesday 19 July 2017

গাহৰিৰ দেহত মানুহৰ জৈৱিক অংগ সৃষ্টি

বৃক্ক, হৃদপিণ্ড বা যকৃত বিকল হোৱা ৰোগী বা তেওঁলোকৰ আত্মীয়সকলে জানে এই ৰোগ কিমান ভয়ংকৰ। এই অংগসমূহ ৰোগীৰ দেহত ব্যয়বহুল চিকিৎসা পদ্ধতিৰ সহায়ত প্ৰতিস্থাপন কৰি সাম্প্ৰতিক সময়ত ৰোগীক মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভটাই আনিব পৰা যায় যদিও ইয়াৰ এটা প্ৰধান সমস্যা হ'ল এই যে ৰোগীক অংগসমূহ দান কৰিব কোনে ?

এনেবোৰ সমস্যাৰ প্ৰতিয়েই দৃষ্টি ৰাখি অসমৰ এজন আন্তৰ্জাতিক খ্যাতিসম্পণ্ণ ব্
যক্তি ডা° ধনীৰাম বৰুৱাই ১৯৯৭ চনতেই ৩৭ বছৰীয়া এজন ৰোগীৰ দেহত গাহৰিৰ হৃদপিণ্ড প্ৰতিস্থাপন কৰিছিল। পিছে ১৫ ঘণ্টা পিছতেই ৰোগীজনৰ মৃত্যু ঘটা বাবে চৌদিশে ইয়াকে লৈ হৈ চৈ লাগিল আৰু মূহুৰ্তৰ ভিতৰতেই ডা° বৰুৱা এজন খলনায়ক হিচাবে পৰিগণিত হৈছিল। এয়া এক অন্য বিষয়, কেতিয়াবা পিছত আলোচনা কৰিম।

১৯৯৭ চনৰ পিছত সাম্প্ৰতিক সময়ত অৰ্থাৎ ৩৪ বছৰ পিছত পুনৰ তেনে এক বৈজ্ঞানিক পৰীক্ষা সম্পন্ন হোৱাৰ দিশত। এইবাৰ কেলিফৰ্ণিয়াৰ Salk Institute for Biological Studiesত জাপান আৰু আমেৰিকাৰ বিজ্ঞানীৰ এটি দলে Juan Carlosৰ তত্বাৱধানত গাহৰিৰ দেহত মানুহৰ অংগ সৃষ্টি কৰাৰ এক অভিনৱ কৌশল আৱিষ্কাৰ কৰিছে। ২০১৫ চনৰ পৰা নিৰৱচিন্ন ভাবে লাগি থকা বিজ্ঞানীৰ দলটোৱে এই কাম কৰাৰ সময়ত বিভিন্ন সংগঠন, সংস্থা আদিৰ পৰা পোৱা বাধা অতিক্ৰম কৰি আহিবলগীয়া হৈছে। বিজ্ঞানৰ দোহাই দি অনৈতিক বা নীতিবিৰুদ্ধ পৰীক্ষা নিৰীক্ষা নকৰিবলৈ বিজ্ঞানীৰ দলটোক সোঁৱৰাই দিয়া হৈছিল। আনকি আমেৰিকাৰ চৰকাৰেও বিষয়টোত হস্তক্ষেপ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত গৱেষণাৰ বাবে প্ৰয়োজনীয় ধন মোকলাই নিদিয়াৰ সিদ্ধান্ত লৈছিল। তথাপিও বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাবোৰ স্থবিৰ নহ'ল। বিগত ২০১৭ চনৰ জানুৱাৰী মাহত বিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণা পত্ৰখন প্ৰকাশ কৰি উলিয়ায়। (গৱেষণা পত্ৰখনৰ লিংকটো পোষ্টটোৰ তলত দিয়া হৈছে।)

গোটেই পৰীক্ষাটো সহজ ভাষাত বুজিবলৈ চেষ্টা কৰো আহক। প্ৰথমে প্ৰাপ্তবয়ষ্ক ৰোগীজনৰ দেহৰ পৰা ষ্টেম-কোষ বা Stem cell প্ৰস্তুত কৰি লোৱা হয়। ষ্টেম-কোষ হ'ল কলাতন্ৰৰ পৰা আহৰণ কৰা এক প্ৰকাৰ বিশেষ কোষ, যিবোৰে উপযুক্ত পৰিবেশত মাইটোচিচ প্ৰক্ৰিয়াৰে বিভাজিত হৈ বিভিন্ন নতুন কোষৰ লগতে ভ্ৰূণৰ বিকাশৰ সময়ত অন্ত:ত্বক, মধ্যত্বক আৰু বহি:ত্বক গঠন কৰিব পাৰে। এই ষ্টেম-কোষবোৰৰ পৰা পুনৰ iPS কোষ বা Induced Pluripotent Stem Cells গঠন কৰি লোৱা হয়। iPS কোষবোৰ একোটা নিয়ন্ত্ৰিত কোষ, যিবোৰ প্ৰাপ্তবয়স্ক কোষ হোৱা স্বত্তেও ভ্ৰূণত সংস্থাপিত কৰিলে স্বাভাৱিক ভাবেই নিজৰ কাম কাজ চলাই যাব পাৰে। এতিয়া মাইকী গাহৰিৰ নিষিক্ত ডিম্বাণু সংগ্ৰহ কৰি সেই ডিম্বাণুত মানুহৰ দেহৰ পৰা তৈয়াৰ কৰা iPS কোষবোৰ সুমুৱাই দি দুদিনমান পৰীক্ষাগাৰত সংৰক্ষণ কৰি ৰখা হয়। যেতিয়া মানুহৰ দেহৰ পৰা তৈয়াৰ কৰা iPS কোষবোৰে গাহৰিৰ নিষিক্ত ডিম্বাণুৰ ভিতৰত স্বাভাবিক কাম কাজ আৰম্ভ কৰে, তেতিয়াই নিষিক্ত ডিম্বাণুটো পুনৰ গাহৰিৰ জৰায়ুত স্থাপন কৰি দিয়া হয়।

যিহেতু মানুহৰ দেহৰ পৰা তৈয়াৰ কৰা iPS কোষবোৰে মানুহৰ বিশেষ একোটা অংগৰ ডি.এন.এ. গাহৰিৰ এই ডিম্বানুটোলৈ কঢ়িয়াই আনে, সেয়ে এই ডিম্বানুটোৱে সৃষ্টি কৰা গাহৰিৰ ভ্ৰূণটোত মানুহৰ একোটা বিশেষ অংগই বিকাশ লাভ কৰে। এই অংগটো ৰোগীয়া মানুহৰ দেহত সংস্থাপন কৰি তেওঁক মৃত্যুৰ দুৱাৰদলিৰ পৰা ওভটাই আনিব পৰা যাব।

গৱেষণা পত্ৰখনৰ লিংকটো :
http://www.cell.com/cell/fulltext/S0092-8674(16)31752-4 

No comments:

Post a Comment