সূৰ্যৰ কেন্দ্ৰত জন্ম হোৱা এটা নিউট্ৰিনো কণাবোৰ মাত্ৰ আঠ মিনিটৰ ভিতৰত পৃথিৱীত আহি উপস্থিত হয়হি। এই কণাবোৰে পৃথিৱীখন ভেদ কৰি আনটো ফালেৰে ওলাই যায়। ই পৰ্বত-পাহাৰ সাগৰ-মহাসাগৰ, ঘৰ-দুৱাৰ, মানুহ আদি সকলো বস্তুৰ মাজেৰে অনায়াসে পাৰ হৈ যায়। এইবোৰ যেন উৰণীয়া মৌ, জিৰাবৰ নাই অধিকাৰ !নিউট্ৰিনোবোৰ মহাবিশ্বৰ নিৰৱ যাত্ৰী। কোটি কোটি বছৰ ধৰি এই কণিকাবোৰে মহাকাশত বিচৰণ কৰি ফুৰিছে আৰু কঢ়িয়াই লৈ ফুৰিছে মহাবিশ্বৰ গোপন ইতিহাস।
এই আশ্চৰ্যজনক কণাবোৰক বিজ্ঞানীসকলে “নিউট্ৰিনো” বুলি কয়। ইয়াৰ অদ্ভুত আচৰণৰ বাবে নিউট্ৰিনোক “Ghost Particle” বা “ভূত কণিকা” বুলিও জনা যায়। নিউট্ৰিনো হৈছে মহাবিশ্বৰ অন্যতম ৰহস্যময় মৌলিক কণা। এইবোৰ ইমানেই সৰু আৰু পদাৰ্থৰ সৈতে ইমানেই দুৰ্বলভাৱে ক্ৰিয়া কৰে যে ইয়াক চিনাক্ত কৰা বিজ্ঞানৰ আটাইতকৈ কঠিন কামসমূহৰ ভিতৰত অন্যতম।
কিন্তু কি এই নিউট্ৰিনো কণাবোৰ? নিউট্ৰিনো হৈছে এক মৌলিক উপ-পাৰমাণৱিক কণা। ইয়াৰ কোনো বৈদ্যুতিক আধান নাই আৰু ইয়াৰ ভৰ অতি সামান্য। ইয়াক খালী চকুৰে দেখা নাযায়, আনকি বৈজ্ঞানিক যন্ত্ৰৰেও ধৰা পেলাব নোৱাৰি। ১৯৩০ চনত বিখ্যাত বিজ্ঞানী Wolfgang Pauli-এ নিউট্ৰিনোৰ অস্তিত্বৰ ধাৰণা দিছিল। পিছলৈ অৰ্থাৎ ১৯৫৬ চনত Enrico Fermi-এ ইয়াক পৰীক্ষামূলকভাৱে আৱিষ্কাৰ কৰিছিল।
সূৰ্যৰ পৰা অহা নিউট্ৰিনোসমূহে পৃথিৱী, সাগৰ, পৰ্বত, ঘৰ, গছ-গছনি, আনকি আমাৰ শৰীৰো ভেদ কৰি আগবাঢ়ি যায়। ইহঁতৰ অধিকাংশই কোনো বাধা নাপায়। এই অদ্ভুত ক্ষমতাৰ বাবেই ইয়াক “ভূত কণা” বুলি কোৱা হয়। এই নিউট্ৰিনো সমূহ মহাবিশ্বৰ বিভিন্ন উৎসৰ পৰা উৎপন্ন হয়।
সূৰ্যৰ কেন্দ্ৰত সংঘটিত হোৱা পাৰমাণৱিক সংযোজন (nuclear fusion) প্ৰক্ৰিয়াৰ ফলত বিপুল পৰিমাণৰ নিউট্ৰিনো উৎপন্ন হয়। প্ৰতিদিনে সূৰ্যৰ পৰা অহা অগণন নিউট্ৰিনো কণা পৃথিৱীলৈ আহে। তদুপৰি যেতিয়া বিশাল নক্ষত্ৰৰ জীৱনৰ অন্ত পৰি ছুপাৰনোভা বিস্ফোৰণ ঘটে, তেতিয়াও অতি বৃহৎ পৰিমাণৰ নিউট্ৰিনো নিৰ্গত হয়। একেদৰে মহাজাগতিক ৰশ্মিয়ে (Cosmic Rays) পৃথিৱীৰ বায়ুমণ্ডলত আঘাত কৰিলেও নিউট্ৰিনো সৃষ্টি হয়। বিজ্ঞানীসকলৰ মতে পাৰমাণৱিক ৰিঅেক্টৰ আৰু কিছুমান তেজস্ক্ৰিয় পদাৰ্থৰ বিক্ৰিয়াতো নিউট্ৰিনো উৎপন্ন হয়।
প্ৰতি ছেকেণ্ডে প্ৰায় ১০০ ট্ৰিলিয়নৰো অধিক নিউট্ৰিনো কণা আমাৰ শৰীৰৰ মাজেৰে পাৰ হৈ যায়। কিন্তু ইমানবোৰ কণা পাৰ হৈ যোৱাৰ পিছতো আমি একোৱেই অনুভূৱ নকৰো। কাৰণ নিউট্ৰিনো কণাবোৰে আমাৰ শৰীৰৰ পৰমাণুবোৰৰ সৈতে খুব কম ক্ৰিয়া কৰে। থিক যেন লাখ লাখ মানুহেৰে ভৰা এখন চহৰৰ মাজেৰে ব্যস্ত ৰাজপথেৰে সংগোপনে এজন অদৃশ্য যাত্ৰী পাৰ হৈ গৈছে, কিন্ত কোনেও একো উৱাদিহেই নেপালে!
নিউট্ৰিনো কণাবোৰৰ উপস্থিতি ধৰা পেলোৱাটো অত্যন্ত কঠিন। এই কামৰ বাবে বিজ্ঞানীসকলে পৃথিৱীৰ গভীৰ ভূগৰ্ভত বিশাল ডিটেক্টৰ নিৰ্মাণ কৰে। জাপানৰ আৰু এণ্টাৰ্কটিকাৰ বুকুত বিশ্বৰ বিখ্যাত নিউট্ৰিনো পৰ্যবেক্ষণ কেন্দ্ৰ আছে। এই ভূগৰ্ভস্থ ডিটেক্টৰসমূহত বিশাল পৰিমাণৰ বিশুদ্ধ পানী বা বৰফ ব্যৱহাৰ কৰা হয়। কেতিয়াবা কোনো নিউট্ৰিনোৱে এই বৰফ অথবা বিশুদ্ধ পানীৰ সৈতে ক্ৰিয়া কৰিলে ক্ষীণ পোহৰ উৎপন্ন হয়, আৰু বিজ্ঞানীসকলে সেই পোহৰৰ আলমলৈ নিউট্ৰিনো কণাৰ উপস্থিতি চিনাক্ত কৰে।
নিউট্ৰিনো কণাৰ অধ্যয়নে বিজ্ঞানীসকলক বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিব পাৰে। যেনে, মহাবিশ্বৰ সৃষ্টি কেনেকৈ হৈছিল? নক্ষত্ৰসমূহ কেনেকৈ শক্তি উৎপন্ন কৰে?ডাৰ্ক মেটাৰ কি? মহাবিশ্বত প্ৰতিপদাৰ্থতকৈ পদাৰ্থৰ পৰিমান কিয় বেছি?
নিউট্ৰিনোবোৰ হৈছে বিজ্ঞানৰ আটাইতকৈ আকৰ্ষণীয় আৰু ৰহস্যময় কণাসমূহৰ অন্যতম। আমি ইয়াক দেখা নাপাওঁ, অনুভৱ কৰিব নোৱাৰোঁ, কিন্তু ই আমাৰ চাৰিওফালে সদায় বিদ্যমান। সেয়েহে এই কণাবোৰক “ভূত কণা” বুলিও কোৱা হয়। নিউট্ৰিনো কণিকাবোৰ কোনো কাল্পনিক কণিকা নহয়; বৰং এইবিৰ কিছুমান বাস্তৱ কণা আৰু এইবোৰেই আমাৰ মহাবিশ্বখন বুজিবলৈ এক অমূল্য চাবিকাঠি।
✍️ প্ৰণৱজ্যোতি দাস

No comments:
Post a Comment