১৯৫০ দশকৰ আৰম্ভণিতে বিজ্ঞান জগত এটা ডাঙৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আছিল — জীৱনৰ গোপন তথ্য কিহে বহন কৰে -- প্ৰটিনে, নে ডি.এন.এ.-এ? ১৯৪০ - ১৯৫০ৰ দশকত কোষৰ ভিতৰৰ অসংখ্য জটিল ৰসায়নিক সংমিশ্ৰণৰ কোনটো ৰসায়নিক পদাৰ্থই কি কাম কৰে, সেয়া বুজি পোৱাটো সম্ভৱ নাছিল। তেনে সময়তেই বিজ্ঞানী আলফ্ৰেড হাৰ্ছিয়ে বেক্টেৰীয়াৰ কোষৰ জটিল ৰসায়নিক সংৰচনাৰ ওপৰত অধ্যয়ন কৰি আছিল।
সেই সময়ত মাৰ্থা চেজ নামৰ এগৰাকী ২৩ বছৰীয়া অত্যন্ত মেধাৱী যুৱতী ক’ল্ড স্প্ৰিং হাৰ্বাৰ লেবৰেটৰীত আলফ্ৰেড হাৰ্ছিৰ সৈতে কাম কৰিবলৈ আহিছিল। তেওঁ নীৰৱ, পৰিশ্ৰমী আৰু গৱেষণাৰ প্ৰতি গভীৰভাৱে উৎসৰ্গিত আছিল। ১৯৫০ চনৰ পৰা তেওঁলোক দুয়োজনে মিলি গৱেষণাত ব্ৰতী হয় আৰু অৱশেষত ১৯৫২ চনত তেওঁলোক দুয়োজনে এনে এটা পৰীক্ষা সম্পন্ন কৰে যি পিছলৈ জীৱবিজ্ঞানৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা হিচাপে পৰিগণিত হয়, যাক “হাৰ্ছি এণ্ড চেজ এক্সপেৰিমেণ্ট” বুলি যায়।
ক্ষুদ্ৰ ভাইৰাছ, ফছফৰাছ আৰু ছালফাৰৰ তেজস্ক্ৰিয় উপাদান, ই.কলাই বেক্টেৰীয়া আৰু এটা সাধাৰণ কিচেন ব্লেণ্ডাৰ ব্যৱহাৰ কৰি তেওঁলোকে প্ৰমাণ কৰিছিল যে প্ৰটিন নহয়, কোষৰ ভিতৰত থকা ডি.এন.এ.-য়েই বংশগত তথ্য বহন কৰে। সেই সৰল কিন্তু শক্তিশালী পৰীক্ষাই বিজ্ঞানৰ জগতখনেই সলনি কৰি পেলায়। আধুনিক জেনেটিক্স, ম’লিকিউলাৰ বায়’লজি, বায়’টেকন’লজি, চিকিৎসা বিজ্ঞান, জেনেটিক ইঞ্জিনিয়াৰিং আৰু মানৱ জিনোম প্ৰকল্প আদিৰ মূল ভেটি গঢ়ি তোলাত এই পৰীক্ষাই গুৰুত্পূৰ্ণ ভূমিকা গ্ৰহন কৰে।
কিন্তু ধীৰে ধীৰে বিশ্বই মাৰ্থা ২৩ বছৰীয়া যুৱতী মাৰ্থা চেজক পাহৰি গ’ল। বছৰবোৰ পাৰ হ’বলৈ ধৰাৰ লগে লগে আৱিষ্কাৰৰ কৃতিত্ব অধিকাংশই আলফ্ৰেড হাৰ্ছিৰ নামলৈ গ’ল। আনকি ১৯৬৯ চনত হাৰ্ছিয়ে জেনেটিক্স আৰু ভাইৰাছ সম্পৰ্কীয় এই গৱেষণাৰ বাবে ন’বেল বঁটা লাভ কৰোতেও সেই ঐতিহাসিক পৰীক্ষাৰ মূল অংশ হোৱা মাৰ্থা চেজক সেই স্বীকৃতি দিয়া নহ’ল।
তাৰপিছতো মাৰ্থা চেজে কিছুদিন বিজ্ঞানৰ ক্ষেত্ৰখনত কাম কৰি থাকিল। পিছলৈ তেওঁ মাইক্ৰ’বায়’লজীত এম.এছ.চি কৰাৰ লগতে সন্মানীয় পি.এইচ.ডি. ডিগ্ৰীও লাভ কৰিলে। ইতিমধ্যে তেওঁ বিজ্ঞানী ৰিচাৰ্ড এপষ্টেইনৰ লগত বিবাহ পাশতো আৱদ্ধ হয়। কিন্তু পৰিতাপৰ কথা যে সেই বিবাহো দীৰ্ঘদিন টিকি নাথাকিল। ব্যক্তিগত জীৱনৰ দৰে তেওঁৰ পেছাগত জীৱনো অনিশ্চিত হৈ পৰিল। অতি পৰিতাপৰ কথা যে অত্যন্ত মেধাবী হিৱা স্বত্বেও তেওঁলৈ বিজ্ঞানৰ জগতখনত কাম কৰি যাবলৈ সুযোগবোৰো কমি আহিবলৈ ধৰে। যিগৰাকী মহিলাই প্ৰাণী আৰু উদ্ভিদৰ জীৱনৰ গুৰুত্বপূৰ্ণ তথ্য উন্মোচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল, তেওঁ ধীৰে ধীৰে বিজ্ঞান জগতৰ কেন্দ্ৰবিন্দুৰ পৰা আঁতৰি গ’ল।
তাৰ পিছত আহিল তেওঁৰ জীৱনৰ আটাইতকৈ বেদনাদায়ক অধ্যায়। মাৰ্থা চেজ ডিমেনচিয়া নামৰ এক নিষ্ঠুৰ ৰোগত আক্ৰান্ত হ’ল। এই ৰোগে ধীৰে ধীৰে তেওঁৰ স্মৃতি, পৰিচয় আৰু জগতৰ সৈতে থকা সংযোগ কাঢ়ি লৈ যায়। যিগৰাকী মহিলাই মানুহক ডি.এন.এ.-ৰ গোপন কথা বুজিবলৈ সহায় কৰিছিল, জীৱনৰ শেষৰফালে তেওঁ নিজেই নিজৰ স্মৃতিবোৰ ধৰি ৰাখিব নোৱাৰা হৈ পৰিল।যিগৰাকী বিজ্ঞানীয়ে জীৱৰ বংশগত তথ্যৰ ৰহস্য উদঘাটন কৰিছিল, শেষত তেওঁ নিজেই এনে এটা ৰোগৰ কবলত পৰিল যিয়ে তেওঁৰ নিজৰ স্মৃতিবোৰেই ধীৰে ধীৰে মচি পেলালে।
বিশ্বৰ লাখ লাখ শিক্ষাৰ্থীয়ে বিজ্ঞানৰ পাঠ্যপুথিত “হাৰ্ছি এণ্ড চেজ এক্সপেৰিমেণ্ট” পঢ়ি থাকিল, কিন্তু মাৰ্থা চেজে নিজে এক নীৰৱ আৰু প্ৰায় যন্ত্ৰণাময় জীৱন লৈ বিচনাত পৰি থাকিল। বহু শিক্ষাৰ্থীয়ে তেওঁৰ আৱিষ্কাৰ অধ্যয়ন কৰিছিল, কিন্তু সেই আৱিষ্কাৰৰ আঁৰৰ বেদনাময় জীৱনৰ কথাবোৰ সকলোৰে অগোচৰে ৰৈ গ'ল!
জীৱনৰ শেষৰ বছৰবোৰ তেওঁ ওহাইঅ’ত পৰিয়ালৰ সদস্যসকলৰ যত্নত নীৰৱভাৱে কটাইছিল। ২০০৩ চনত, ৭৫ বছৰ বয়সত নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু বৰণ কৰে। আজি বহু বিজ্ঞানী আৰু ইতিহাসবিদে মাৰ্থা চেজৰ জীৱনক লৈ বেদনা অনুভৱ কৰে। এই বেদনা তেওঁৰ অসাধাৰণ অৱদানৰ পিছতো জীৱনকালত যথোচিত স্বীকৃতি নোপোৱাৰ বাবে।
মাৰ্থা চেজৰ কাহিনী কেৱল বিজ্ঞানৰ কাহিনী নহয়। ই হ'ল অৱহেলিত প্ৰতিভাৰ এক কৰুণ কাহিনী। প্ৰতিবাৰৰ দৰেই আজি শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰী সকলক "হাৰ্ছি এণ্ড চেজ এক্সপেৰিমেণ্ট" পঢ়ুৱাৰ সময়ত অজানিতে মোৰ চকু দুটা সেমেকি গৈছিল।

No comments:
Post a Comment