John Keatsৰ সাহিত্যিক চিন্তাধাৰাৰ মাজত “Negative Capability (নিগেটিভ কেপেবিলিটি)” এক গভীৰ আৰু অৰ্থবহ ধাৰণা। এই ধাৰণাৰ মূল অৰ্থ হৈছে—এজন মানুহে অনিশ্চয়তা, সন্দেহ আৰু জটিলতাৰ মাজতো অস্থিৰ নোহোৱাকৈ, ধৈৰ্য্যৰে আৰু মানসিক শান্তিৰে থকাত সক্ষম হ'ব পাৰে। সকলো কথাৰ স্পষ্ট উত্তৰ বিচাৰি ব্যস্ত নহৈ, পৰিস্থিতিক স্বাভাৱিকভাৱে গ্ৰহণ কৰাৰ ক্ষমতাই হৈছে Negative Capability।
জন কিটছে কৈছিল যে, এজন মহান ব্যক্তি সেইজনেই, যিয়ে জীৱনৰ অস্পষ্টতা আৰু ৰহস্যবোৰক সহ্য কৰিব পাৰে, আৰু তাৰ মাজতেই জীৱনৰ সৌন্দৰ্য বিচাৰি ল’ব পাৰে। তেওঁ বিশ্বাস কৰিছিল যে, সকলো কথাক যুক্তি আৰু বিশ্লেষণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰাতকৈ কেতিয়াবা সেইবোৰ অনুভৱ কৰাটো অধিক গুৰুত্বপূৰ্ণ।
এই ধাৰণাটো ছাত্ৰ-ছাত্ৰীৰ বাবে অতি গুৰুত্বপূৰ্ণ। শিক্ষাৰ জীৱনত বহু সময়ত এনে অৱস্থা আহে, য'ত কোনো এটা বিশেষ বিষয় বুজা নাযায়, ফলাফল আশা অনুসৰি নহয়, অথবা আগবাঢ়ি যোৱাৰ পথ অস্পষ্ট হৈ পৰে। এনে সময়ত যদি ছাত্ৰ-ছাত্ৰীয়ে হতাশ হৈ পৰে, তেন্তে তেওঁলোক আগবাঢ়ি যাব নোৱাৰে। কিন্তু যদি তেওঁলোকে Negative Capabilityৰ শিক্ষা গ্ৰহণ কৰে, তেন্তে তেওঁলোকে বুজিব যে এই অনিশ্চয়তা আৰু সমস্যাবোৰতো জীৱনৰেই অংশ।
এই ধাৰণাই ছাত্ৰ-ছাত্ৰীক শিকায় যে, ধৈৰ্য্যই হৈছে সাফল্যৰ মূল চাবিকাঠি। তৎক্ষণাত সফলতা নেপালেও, চেষ্টা অব্যাহত ৰাখিব লাগে। প্ৰতিটো ভুল আৰু ব্যৰ্থতাই আমাক নতুন কিবা শিকায়। গতিকে, ভয় বা হতাশাৰ সলনি, এইবোৰক অভিজ্ঞতা হিচাপে গ্ৰহণ কৰিব লাগে।
ইয়াৰ উপৰিও, Negative Capabilityয়ে সৃষ্টিশীলতা আৰু কল্পনাশক্তি বৃদ্ধি কৰে। যেতিয়া আমি সকলো কথা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা নকৰোঁ, তেতিয়া আমাৰ চিন্তাধাৰা অধিক মুক্ত হয়। এই মুক্ত চিন্তাই ছাত্ৰ-ছাত্ৰীক নতুন দিশত চিন্তা কৰিবলৈ আৰু নিজৰ সৃষ্টিশীল শক্তি বিকাশ কৰিবলৈ সহায় কৰে।
জন কিটছৰ Negative Capability কেৱল সাহিত্যৰ এটা ধাৰণা নহয়, ই জীৱনৰ পথপ্ৰদৰ্শক। ই আমাক শিকায় যে জীৱনত অনিশ্চয়তা থাকিব, সমস্যাও আহিব, কিন্তু সেইবোৰৰ মাজতো স্থিৰ, ধৈৰ্য্যশীল আৰু আত্মবিশ্বাসী হৈ থাকিব লাগিব। যদি ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষাক নিজৰ জীৱনত প্ৰয়োগ কৰে, তেন্তে তেওঁলোকে কেৱল শিক্ষাতেই নহয়, জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব। কাৰণ, সকলো জীৱনৰ প্ৰশ্নৰ উত্তৰ তৎক্ষণাত নাপালেও চলিব; অনিশ্চয়তাৰ মাজতেই সত্য আৰু সৌন্দৰ্য্য লুকাই থাকে। গোপনে, অতি গোপনে।

No comments:
Post a Comment