Saturday, 28 February 2026

দেউতা


আইচিইউৰ নীৰৱতাৰ মাজত মেডিকেলৰ সাৰঞ্জামবোৰৰ শব্দৰ লগতে অক্সিজেনৰ চিলিণ্ডাৰৰ পৰা অবিৰত ভাৱে সৃষ্টি হোৱা সোঁ সোঁ শব্দই ৰোগীৰ আত্মীয়বোৰৰ মনবোৰ অধিক ভাৰাক্ৰান্ত কৰি তোলে। ৯৫ বছৰৰ জীৱন যাত্ৰাত মোৰ দেউতা এতিয়া আইচিইউৰ বিছনাত। শ্বাসজনিত ৰোগত দেউতা বিগত সাতদিন ধৰি হস্পিতালত। যিগৰাকী দেউতাই মোক হাতত ধৰি আগবঢ়াই নিছিল, জীৱনৰ প্ৰতিটো পদক্ষেপতেই এজন পথপ্ৰদৰ্শক হিচাবে সাহস দিছিল, আজি তেখেতেই নীৰৱে হস্পিতালৰ বিচনাত শুই আছে। দুচকুত তেওঁৰ কৰুণ চাৱনি। সেই দৃশ্যই এজন মোৰ অন্তৰত বহুত কষ্ট দিয়ে। যিজন দেউতাই মোক আঙুলিত ধৰি খোজ কঢ়াব শিকালে, জীৱনৰ জটিল পথত সাহসৰ বন্তি জ্বলাই আগুৱাই লৈ গ’ল, আজি সেই মানুহজনেই নীৰৱে শুই আছে। তেখেতৰ দুচকুত এক কৰুণ, ক্লান্ত চাৱনি, অথচ সেই চাৱনিত এতিয়াও তিৰবিৰাই উঠে মমতাৰ দীপ্তি, যিটো মই শৈশৱৰ পৰাই অনুভৱ কৰি আহিছো। 

দেউতাৰ মুখত বেদনাৰ ছাঁ দেখা পালে বুকুখন কঁপি উঠে। কিমান যে শক্তিশালী, কিমান যে সহনশীল মানুহ তেওঁ! ঘৰৰ সকলো দুখ-কষ্ট নিজৰ হাঁহিৰ আঁৰত লুকুৱাই ৰাখি আমাক ডাঙৰ-দীঘল কৰা সেই মানুহজনৰ চকুত যেতিয়া বেদনা, ক্লান্তি আৰু বিষাদৰ ছাঁ দেখা পাও, তেতিয়া পুত্ৰ হিচাপে আমাৰ মনত বহুতো স্মৃতিয়ে দোলা দি যায়। শৈশৱৰ সেই সৰু সৰু মুহূৰ্তবোৰ, দেউতাৰ কোলাত বহি শুনা সাধুকথাবোৰ, পঢ়া-শুনাৰ বাবে দিয়া উৎসাহবোৰ, কঠিন পৰিস্থিতিত দিয়া সাহসবোৰ— এইবোৰ স্মৃতিয়েইতো এতিয়া বুকুৰ মাজত ধুমুহাৰ দৰে ঘূৰি ফুৰিছে !

আইচিইউৰ দুৱাৰত থিয় হৈ দেউতালৈ চালে অন্তৰত দুটা ভিন্ন আবেগ জাগি উঠে — এটা ভয় আৰু আনটো আশা। ভয় এইবাবে যে সময় কাৰো বাবে ৰৈ নাথাকে আৰু আশা এইবাবেই যে দেউতাই পুনৰ আগৰ দৰেই কোমল হাঁহি এটাৰে আমাৰ জীৱন সাৰ্থক কৰিব। এই সময়খিনিত মোৰ প্ৰতিটো উশাহত, প্ৰতিটো নিশাহত কেৱল দেউতাৰ সুস্থতা বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা; পিতা-পুত্ৰৰ মাজৰ মৰম আৰু স্নেহৰ আঁচলত আবদ্ধ হৈ থকা ঐশ্বৰিক প্ৰেমেৰে ভগৱানৰ প্ৰতি আবদাৰ -- "প্ৰভু, দেউতাক সোনকালেই সুস্থ কৰি দিবা। দেউতাৰ সেই হাঁহিটো মোক পুনৰ ঘূৰাই দিয়া।" 🙏

No comments:

Post a Comment