দেউতাৰ মুখত বেদনাৰ ছাঁ দেখা পালে বুকুখন কঁপি উঠে। কিমান যে শক্তিশালী, কিমান যে সহনশীল মানুহ তেওঁ! ঘৰৰ সকলো দুখ-কষ্ট নিজৰ হাঁহিৰ আঁৰত লুকুৱাই ৰাখি আমাক ডাঙৰ-দীঘল কৰা সেই মানুহজনৰ চকুত যেতিয়া বেদনা, ক্লান্তি আৰু বিষাদৰ ছাঁ দেখা পাও, তেতিয়া পুত্ৰ হিচাপে আমাৰ মনত বহুতো স্মৃতিয়ে দোলা দি যায়। শৈশৱৰ সেই সৰু সৰু মুহূৰ্তবোৰ, দেউতাৰ কোলাত বহি শুনা সাধুকথাবোৰ, পঢ়া-শুনাৰ বাবে দিয়া উৎসাহবোৰ, কঠিন পৰিস্থিতিত দিয়া সাহসবোৰ— এইবোৰ স্মৃতিয়েইতো এতিয়া বুকুৰ মাজত ধুমুহাৰ দৰে ঘূৰি ফুৰিছে !
আইচিইউৰ দুৱাৰত থিয় হৈ দেউতালৈ চালে অন্তৰত দুটা ভিন্ন আবেগ জাগি উঠে — এটা ভয় আৰু আনটো আশা। ভয় এইবাবে যে সময় কাৰো বাবে ৰৈ নাথাকে আৰু আশা এইবাবেই যে দেউতাই পুনৰ আগৰ দৰেই কোমল হাঁহি এটাৰে আমাৰ জীৱন সাৰ্থক কৰিব। এই সময়খিনিত মোৰ প্ৰতিটো উশাহত, প্ৰতিটো নিশাহত কেৱল দেউতাৰ সুস্থতা বিচাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা; পিতা-পুত্ৰৰ মাজৰ মৰম আৰু স্নেহৰ আঁচলত আবদ্ধ হৈ থকা ঐশ্বৰিক প্ৰেমেৰে ভগৱানৰ প্ৰতি আবদাৰ -- "প্ৰভু, দেউতাক সোনকালেই সুস্থ কৰি দিবা। দেউতাৰ সেই হাঁহিটো মোক পুনৰ ঘূৰাই দিয়া।" 🙏

No comments:
Post a Comment