Monday, 30 December 2019

বিদায়ী ২০১৯ চন আৰু ইছৰো


১৯৬২ চনত ভাৰতৰ প্রথম জাতীয় মহাকাশ গৱেষণা সমিটি বা "ইনকোচপাৰ" গঠন কৰা হৈছিল। এই ইনকোচপাৰৰ তত্বাৱধানতাতেই ভাৰতে মহাকাশ গৱেষণাৰ দুৱাৰখন মুকলি কৰে। পৰবর্তী সময়ত, অৰ্থাৎ ১৯৬৯ চনত ভাৰতৰ জাতীয় মহাকাশ গৱেষণা সমিটি বা "ইনকোচপাৰ"ৰ নামটো সলনি কৰি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অর্গেনাইজেচন বা ইছৰো প্রতিষ্ঠা কৰা হয়। ইয়াতেই ছাৰ ড° বিক্রম ছাৰাভাইৰ নেতৃত্বত পৃথিবীৰ মহাকাশ গবেষণাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হয়।

১৯৬৯ চনৰ পৰাই ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ঈৰ্ষণীয় সাফল্য লাভ কৰি আহিছে। বিগত ৪০ বছৰত ইছৰোৰ বিজ্ঞানীসকলে লাভ সাফল্যৰ বাবেই সমগ্ৰ বিশ্বই ভাৰতক মহাকাশ বিজ্ঞানৰ নতুন চমক বুলি আখ্যা দিছে। ২০১৯ চনত ইছৰোৰ বিজ্ঞানীসকলে মহাকাশলৈ পঠিওৱা উপগ্রহবোৰৰ বিষয়ে থোৰতে আলোচনা কৰিব খুজিছোঁ।

১) মাইক্রোছাট-আৰ: 

পি.এচ.এল.ভি -চি৪৪ উৎক্ষেপন যানৰ সহায়ত ২০১৯ চনৰ জানুৱাৰী মাহৰ ২৪ তাৰিখে মাইক্রোছাট-আৰ ইমেজিং উপগ্ৰহটো পৃথিৱীৰ পৰা ২৭৪ কিলোমিটাৰ ওপৰৰ কক্ষপথত সফল ভাৱে স্থাপন কৰি ইছৰোৰ বিজ্ঞানীসকলে ইংৰাজী  নৱবৰ্ষ ২০১৯ক আদৰণি জনায়।

২) জিছাট-৩১:

ভাৰতৰ টেলিযোগাযোগ ব্যৱস্থাৰ উন্নিতকৰণৰ হেতু ভাৰত চৰকাৰৰ অনুমোদন মৰ্মে ২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত জিছাট-৩১ নামৰ উপগ্ৰহটো সফল বাবে মহাকাশলৈ উৎক্ষেপণ কৰা হয়। ফ্ৰান্স গুয়েনাৰ কুৰুউ উৎক্ষেপণ থলীৰ পৰা অৰায়ন-৫ ভি.এ-২৪৭ মহাকাশযানৰ সহায়ত ২৫৩৬ কেজি ভৰৰ এই উপগ্রহটি মহাকাশলৈ সফল ভাৱে প্ৰেৰণ কৰে ইছৰোৰ বিজ্ঞানীসকলে।

৩) ইমিছাট:

২০১৯ চনৰ ১এপ্রিলৰ দিনা পি.এছ.এল.ভি-চি৪৫ উৎক্ষেপন যানৰ সহায়ত ইছৰোৰ বিজ্ঞানীসকলে এই উপগ্ৰগটো মহাকাশলৈ প্ৰেৰণ কৰে। এই উপগ্ৰহটোৰ ওজন ৪৩৬ কেজি। পৃথিৱীৰ পৰা ৭৪৮ কিলোমিটাৰ উচ্চতাৰ সুৰক্ষিত ছোলাৰ চিংক্ৰোনাছ পোলাৰ কক্ষপথত এই উপগ্ৰহটোক সফলভাৱে স্থাপন কৰি সম্প্ৰতি ইছৰোৰ বিজ্ঞানী সকলে বৈদ্যুতিক চৌম্বকীয় বর্ণালীৰ ওপৰত অধ্যয়ন কৰি আছে।

৪) ৰিছাট-২বি:

ৰিছাট-২বি হ'ল মূলত এটি ৰাডাৰ ইমেজিং ভূ পর্যবেক্ষণকাৰী উপগ্রহ। পৃথিবীৰ ওপৰত নজৰ ৰখাৰ উদ্দেশ্যে ২০১৯ চনৰ মে মাহৰ ২২ তাৰিখে ৰিছাট-২বি উপগ্রহটি মহাকাশলৈ প্ৰেৰণ কৰা হয়। উৎক্ষেপকযান হ'ল ইছৰোৰ পি.এছ.এল.ভি-চি ৪৬

৫) চন্দ্রযান-২:

ইছৰোৰ অন্যান্য অভিযানবোৰৰ তুলনাত চন্দ্রযান-২ মিছন এটি অত্যন্ত জটিল মিছন। পূর্ববর্তী মিছন বোৰৰ তুলনাত় এই উৎক্ষেপনত ইছৰোৰ বিজ্ঞানীসকলে ভালেমান গুৰুত্বপূর্ণ প্রযুক্তিগত উন্নতি ঘটায়। মিছনটোত এটি অৰবিটাৰ, এখন লেণ্ডাৰ আৰু এখন ৰোভাৰৰ সহায়ত জোনবাইৰ অনাবিষ্কৃত দক্ষিণ মেৰুলৈ ২০১৯ চনৰ ২২ জুলাইত জোনবাইৰ দেশলৈ সফলভাৱে উৎক্ষেপিত হয় চন্দ্ৰযান-২। কিন্তু অন্তিম মূহুৰ্তত লেণ্ডাৰখনৰ লগত ইছৰোৰ যোগাযোগ ব্যাহত হোৱাত লেণ্ডাৰ বিক্ৰমৰ "হাৰ্ড লেণ্ডিং" হোৱাত লেণ্ডাৰখন বিধস্ত হয়। অৱশ্যে অৰ্বিটাৰটোৱে এতিয়াও সুকলমে কাম কৰি আছে।

৬) কার্টোছাট-৩:

২০১৯ চনৰ ১১ ডিচেম্বৰত মহাকাশলৈ প্ৰেৰণ কৰা কার্টোছাট-৩ হ'ল তৃতীয় প্রজন্মৰ অতি উন্নত প্রযুক্তিৰ এটি উপগ্রহ। কার্টোছাট-৩য়ে পৃথিবীৰ চৌদিশে কক্ষপথত পৰিভ্রমণৰ সময়ত ভাৰতৰ প্ৰায় সকলো চহৰ নগৰৰ অতি পৰিষ্কাৰ ছৱি সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰে। এই ছৱিবোৰৰ সহায়ত ভাৰত চৰকাৰে নগৰ পৰিকল্পনা, গ্রামীণ সম্পদ আৰু পৰিকাঠামোগত উন্নয়ন, উপকূলীয় স্থলজ সম্পদ ব্যবহাৰ আদি একাধিক বিষয়ত বিজ্ঞানী সকলক তথ্য প্ৰদান কৰি সহায় কৰি আহিছে।

৭) ৰিছাট-২ বিআৰ-১:

ৰিছাট-২ বিআৰ-১ এটি ৰাডাৰ ইমেজিং ভূ পর্যবেক্ষণকাৰী উপগ্রহ। ২০১৯ চনৰ ১১ ডিচেম্বৰত উৎক্ষেপিত হোৱা এই উপগ্রহটিয়ে কৃষি, বনজ সম্পদ তথা দুর্যোগ ব্যবস্থাপনাৰ ক্ষেত্রত বিভিন্ন তথ্যৰ যোগান ধৰি আহিছে।

Thursday, 28 November 2019

The Cosmic Kiss


The evening sky is spectacular nowadays. The two brightest planets of our solar system Venus and Jupiter have been close together in the south-west sky just after the sunset. Their conjunction was in the sky since November 24, 2019. But, today the crescent moon has added more beauty to this conjugation. Though the moon will be moving away from this conjugation from tomorrow, It’s not too late to see the two planets at their closest position. To maximize your enjoyment of these dazzling worlds be sure to find an unobstructed South-west horizon just after the sunset.

This is a Cell Phone click taken taken by me at Tangla this evening at 5:30 pm.

Wednesday, 6 November 2019

হাতীপটিৰ পলাতক নক্ষত্ৰবোৰ


সূৰ্যকে ধৰি প্ৰায় 100 কৌটি নক্ষত্ৰ, সমসংখ্যক গ্ৰহ-উপগ্ৰহ, ধুমকেতু, উল্কাপিণ্ড আদিৰ বাসস্থান হ'ল আমাৰ এই হাতীপটি তাৰকাৰাজ্য। এইবোৰৰ প্ৰতিটোৱেই হাতীপটিৰ প্ৰচণ্ড মহাকৰ্ষণ বলৰ প্ৰভাৱত হাতীপটিৰ কেন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। ক'তো হেৰফেৰ নাই। সকলোৱেই মানি চলিছে মহাবিশ্বৰ নিয়মবোৰ। তাৰ মাজতেই হাতীপটিৰ বুকুত নিতৌ জন্ম হৈছে নতুন নতুন তৰা আৰু তেনেকৈয়ে প্ৰতিনিয়তভাৱে মৃত্যুমুখত পৰি আহিছে  হাতীপটিৰ স্তিমিত বৃদ্ধ তৰাবোৰ।

কিন্তু শেহতীয়াকৈ বিজ্ঞানী সকলে আৱিষ্কাৰ কৰিছে যে সকলো নীতি নিয়মক জলাঞ্জলি দি হতীপটিৰ একো একোটা তজবজীয়া তেজাল নক্ষত্ৰই তীব্ৰবেগে ঢাপলি মেলিছে কোনো অজানতিমুলুকলৈ। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে কেতবোৰ পলাতক নক্ষত্ৰ, যিবোৰে হাতীপটিৰ প্ৰচণ্ড মহাকৰ্ষণ বলকো নেওচি ক্ৰমে আঁতৰি যাবলৈ ধৰিছে হাতীপটিৰ পৰা কোনো এক অজান দেশলৈ !

বিজ্ঞানী সকলৰ দৃষ্টিত বৰ্তমানলৈ 20 এনে পলাতক নক্ষত্ৰ ধৰা পৰিছে। তাৰ ভিতৰত তেওঁলোকে সাতটা এনে পলাতক নক্ষত্ৰৰ বিষয়ে অধ্যয়ন কৰিছে। তাৰ ভিতৰত তিনিটা বিশেষ ভাৱে উল্ল্যখযোগ্য পলাতক নক্ষত্ৰ হ'ল: 2005 চনত আৱিষ্কৃত নক্ষত্ৰ HE- 0437-5439, 2008 চনত আৱিষ্কৃত নক্ষত্ৰ HD-271791 আৰু 2014 চনত আৱিষ্কৃত LAMOST-HVS1

1988 চনত এনে পলাতক নক্ষত্ৰবোৰৰ বিষয়ে পোন প্ৰথমে Jack G. Hills নামৰ এজন বিজ্ঞানীয়ে তথ্য দিছিল। এই পলাতক নক্ষত্ৰবোৰৰ প্ৰতিটোৱেই আমাৰ সূৰ্যতকৈ 10 ৰ পৰা 18 গুণে ডাঙৰ, উত্তপ্ত আৰু উজ্জ্বল। পিছে এয়া সম্ভৱ হ'ল কেনেকৈ যাৰ বাবে এনে বিশালকায় নক্ষত্ৰবোৰ আমাৰ হাতীপটিৰ পৰা ক্ৰমে তীব্ৰবেগে আঁতৰি যাবলৈ ধৰিছে ? বিজ্ঞানী সকলৰ মতে এইটো এটা স্বাভাৱিক ঘটনা আৰু প্ৰতি 50,000ৰ পৰা 100,000 বছৰৰ মূৰত গড়ে এটা বা দুটা এনে পলাতক নক্ষত্ৰই হাতীপটিৰ পৰা বিদায় লয়।

হাতীপটিৰ কেন্দ্রভাগত এটা অতিবৃহৎ "ব্লেক-হোল" থকা বুলি বিজ্ঞানী সকলে ঘোষণা কৰিছে। এই ব্লেক-হোলটোৰ প্ৰচণ্ড মহাকৰ্ষণ বলৰ প্ৰভাৱত হাতীপটিৰ কেন্দ্রভাগত প্ৰায় 400 কৌটি সূৰ্যৰ সমান ভৰ কেন্দ্ৰীভূত হৈ আছে। আনহাতে হাতীপটিৰ চাৰিওফালে অদৃশ্য পদাৰ্থৰ এটা পটী বা বলয়ো আছে। হাতীপটিৰ কেন্দ্রভাগত থকা ব্লেক-হোলৰ প্ৰচণ্ড মহাকৰ্ষণৰ প্ৰভাৱত হাতীপটিৰ তৰাবোৰ ত্বৰিত হয় ফলত এই তৰাবোৰৰ কক্ষীয় বেগ ক্ৰমে বৃদ্ধি হ'বলৈ ধৰে। এনেদৰে কক্ষবেগ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ ফলত নিৰ্দিষ্ট তৰাটো প্ৰচণ্ড বেগেৰে হাতীপটিৰ পৰা ক্ৰমে দূৰলৈ যাবলৈ আৰম্ভ কৰে।

কক্ষবেগ বৃদ্ধি হোৱা এনে একোটা তৰাৰ বেগ প্ৰতি ঘণ্টাত 1.15 মিলিয়ন কি.মি.ৰ পৰা 1.8 মিলিয়ন কি.মি পৰ্যন্ত হ'ব পাৰে ! এই অসাধাৰণ বেগত হাতীপটিৰ পৰা পলায়ন কৰা HE 0437-5439 নামৰ নক্ষত্ৰটো ইতিমধ্যে হাতীপটিৰ কেন্দ্ৰৰ পৰা 2,00,000 আলোকবৰ্ষ দূৰলৈ আঁতৰি গৈছে। উল্লেখযোগ্য যে হাতীপটিৰ ব্যাস 1,00,000 আলোকবৰ্ষ। অৰ্থাৎ HE 0437-5439 নামৰ এই নক্ষত্ৰটোৱে ইতিমধ্যে হাতীপটিৰ মহাকৰ্ষণ অতিক্ৰম কৰি অকল্পনীয় দূৰৰ এক অজান জগতত পৰিভ্ৰমণ কৰি আছে।


বিজ্ঞানীসকলে যে হাতীপটি এৰি আঁতৰি যোৱা নক্ষত্ৰহে ধৰা পেলাইছে, এনে নহয়। তেওঁলোকে শেহতীয়াকৈ আন সাতটা তৰা ধৰা পেলাইছে যি কেইটা অন্য তাৰকাৰাজ্যৰ পৰা ছিটিকি ওলাই আহি অনাই বনাই ঘূৰি ফুৰোতে হাতীপটিৰ মহাকৰ্ষণ ক্ষেত্ৰত প্ৰৱেশ কৰিছে আৰু প্ৰচণ্ড বেগেৰে আমাৰ হাতীপটি তাৰকাৰাজ্যলৈ অগ্ৰসৰ হৈছে আৰু আজিৰ পৰা ২০০০ বা ৩০০০ বছৰ পিছত এই তৰাবোৰ আমাৰ হাতীপটিৰ বাসিন্দা হ'ব। বিজ্ঞানীসকলে অনুমান কৰিছে এই তৰা কেইটাও নিজৰ তাৰকাৰাজ্যৰ কোনো ব্লেক-হোলৰ অত্যাচাৰত পৰি নিজৰ কক্ষীয় গতিবেগ বৃদ্ধি কৰিব লগা হৈছিল আৰু তাৰেই ফলশ্ৰুতিত দিকভ্ৰান্ত হৈ মহাবিশ্বৰ বুকুত ছিটিকি পৰিছিল।

Friday, 1 November 2019

পলাচীৰ যুদ্ধৰ "লাইভ টেলিকাষ্ট"


যদি কোনোবাই আপোনাক আহি কয়হি যে ২৬২ বছৰ আগৰ ১৭৫৭ চনতেই সংঘটিত হোৱা পলাচীৰ যুদ্ধখন তেওঁ নিজ চকুৰে দেখা পাইছে, আপুনি কি বিশ্বাস কৰিব? প্রকৃত পক্ষে সেয়া বৰ্তমান জীৱিত কোনো মানুহৰ বাবেই সম্ভব নহলেও "স্পেচিয়েল থিওৰি অফ ৰিলেটিভিটি''ৰ মতে এয়া সম্ভব। 

কোনো বস্তু অথবা ঘটনা এটা দেখা পোৱাৰ প্রথম চর্ত হ'ল দেখা পোৱাৰ ক্ষমতা অথবা দৃষ্টিশক্তি, আৰু দ্বিতীয়টো হ'ল সেই বস্তু অথবা ঘটনাটোৰ পৰা অহা প্রতিফলিত পোহৰ আপোনাৰ বা মোৰ চকুত ধৰা পৰা। কিন্তু সকলোতকৈ আমোদজনক বৈজ্ঞানিক সত্যটো হ'ল আপুনি দেখা পোৱা বস্তুটো বা ঘটনাটো কেতিয়াৰ বা কিমান পুৰণি, সেইটো নিৰ্ভৰ কৰিব বস্তুটো বা ঘটনাটো সংঘটিত ঠাইখনৰ দূৰত্ব আৰু পোহৰৰ গতিবেগৰ ওপৰত।

আজিৰ তাৰিখত ২৬২ বছৰ আগৰ পলাচীৰ যুদ্ধ বা অতীতৰ কোনো এটা বিশেষ ঘটনা চাবলৈ হ'লে আমি পোহৰতকৈ বেগী কোনো যানেৰে এনে এখন ঠাইলৈ যাব লাগিব, য'ত আমাৰ কাংক্ষিত অতীতৰ সেই ঘটনাটো এতিয়াও গৈ পোৱা নাই। এতিয়া সেই স্থানৰ পৰা পৃথিৱীলৈ দূৰবীণেৰে জুমি চালে আপুনিও দেখা পাব পলাাচীৰ যুদ্ধৰ বিলম্বিত "লাইভ টেলিকাষ্ট" ! কথাবোৰ বৰ আউল লগা যেন নহয়নে বাৰু? আন এক আমোদজনক সম্ভাৱনাৰ কথা চিন্তা কৰো আহক। 

ধৰা হওঁক পৃথিৱীৰ পৰা ০.৫ আলোকবৰ্ষ দূৰত্বত এখন প্ৰকাণ্ড দাপোন স্থাপন কৰা হ'ল। দাপোনখনে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা সূৰ্যৰ ৰশ্মি পুনৰাই পৃথিৱীলৈ প্ৰতিফলিত কৰে। ফলস্বৰূপে পৃথিৱীৰ বুকুত বহিয়েই আমি টেলিস্কোপৰ মাধ্যমেৰে সেইখন দাপোনত এক বছৰ আগৰ অতীত দেখিবলৈ পাম ! আপুনি কিমান দুৰ অতীতলৈ উভটি যাব খোজে সেইমতে পৃথিৱীৰ পৰা দাপোনখনৰ দূৰত্ব হিচাব কৰি ল'লেই হ'ল। 

তথ্যখিনি আমোদজনক অথচ থিয়ৰিটিকেলি সত্য। বাস্তৱক্ষেত্ৰত কিন্তু এই কথাবোৰ সঁচাকৈ পাবলৈ হ'লে আমি কেইবাটাও সমস্যাৰ সমাধান সূত্ৰ পাব লাগিব। যেনে :--

১) পৃথিৱীৰ বায়ুমণ্ডলে পোহৰ বিচ্ছুৰিত কৰে। সেয়েহে দাপোনখনে প্ৰতিফলিত কৰা ৰশ্মিয়ে অতীতৰ মূহুৰ্তৰ প্ৰতিচ্ছবি আঁকিব পৰাৰ সম্ভাৱনা ক্ষীণ।

২) সূৰ্যৰ তীব্ৰ পোহৰৰ তুলনাত দাপোনখনে প্ৰতিফলিত কৰা পোহৰ ধূসৰ হোৱা বাবে কঠিনতা আহি পৰিব।

৩) অৰ্ধ আলোকবৰ্ষ দূৰৰ পৰা দাপোনে পৃথিৱীলৈ পোহৰ পঠিয়াব লাগিলে, দাপোনৰ আকাৰো পৃথিৱীৰ আকাৰতকৈ ডাঙৰ হ'ব লাগিব।

৪) দূৰবীন যন্ত্ৰটো সূক্ষ্মতম পোহৰৰ অৱস্থিতি ধৰা পেলোৱাৰ বাবে কাৰিকৰী দিশৰ পৰা অতি সংবেদনশীল হ'ব লাগিব।

৫) পোহৰৰ গতিতকৈ অধিক বেগত গতি কৰাটো অসম্ভৱ।

- এই অসুবিধা সমূহ আঁতৰ কৰিব পাৰিলে অৱশ্যেই আমি ২৬২ বছৰ আগৰ পলাচীৰ যুদ্ধৰ বিলম্বিত "লাইভ টেলিকাষ্ট" পুনৰ দেখা পাম।

ক্ৰায়'নিক্স : ভৱিষ্যতৰ বিজ্ঞান


        ধৰা হ'ল এজন মানুহৰ মৃত্যু হৈছে। এইমাত্ৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছে। বিজ্ঞানৰ ভাষাত এই মৃত্যু "ক্লিনিকেল ডেথ"। এই মৃত্যুৰ কিছু সময় পিছতহে লোকজনৰ "জৈৱিক মৃত্যু" হয়। অৰ্থাৎ আমি এক দ্বি-স্তৰীয় প্ৰক্ৰিয়াৰে মৃত্যুক আকোঁৱালি ল'ব লগীয়া হয়। আজিৰ দিনত ক্লিনিকেল মৃত্যুৰ পিছত জৈৱিক মৃত্যু এক নিশ্চিত সত্য, কিন্তু হয়তো আৰু কেইবছৰমান পিছত ক্লিনিকেল মৃত্যু হোৱা এজন ব্যক্তিক পুনৰ জীৱিত কৰি তুলিব পৰা যাব।

             ক্ৰায়'নিক্স বা ক্ৰায়'জেনিক্স হ'ল এনে এবিধ প্ৰযুক্তি যাৰ সহায়ত ক্লিনিকেল ডেথ হোৱা এজন ব্যক্তিৰ মৃতদেহ এক বিশেষ ব্যৱস্থাৰ দ্বাৰা শীতলীকৃত পৰিবেশত ৰাখি মৃতদেহৰ লগতে দেহৰ অংগ-প্ৰতংগসমূহৰ সংৰক্ষণ কৰি ৰখা হয়। জীৱ বিজ্ঞানী সকলৰ মতে এনে পৰিবেশত ক্লিনিকেল ডেথ হোৱা ব্যক্তিৰ মৃতদেহ বহুদিনলৈ জৈৱিক মৃত্যু নোহোৱাকৈ সংৰক্ষিত কৰিব পাৰি। এই ব্যক্তিজনৰ যি ৰোগত মৃত্যু হৈছিল বা যি পৰিস্থিতিত মৃত্যু হৈছিল, সেই ৰোগ বা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো চিকিৎসকৰ হাতত সময় বৰ কম আছিল অথবা তেনে ৰোগ বা পৰিস্থিতি চম্ভালিব পৰাকৈ চিকিৎসা বিজ্ঞান উন্নত নাছিল। গতিকে সংৰক্ষিত এই মৃতদেহক ভৱিষ্যতৰ উন্নত চিকিৎসাৰ বাবে ৰাখি থব পৰা হ'ব। এই প্ৰযুক্তিৰ দ্বাৰা অকালমৃত্যুক সাৱটি লোৱা ব্যক্তি বা প্ৰতিভা সম্পন্ন ব্যক্তিৰ পুনৰ জীৱন সম্ভৱ হৈ উঠিব।

        কিন্তু কি এই ক্ৰায়'নিক্স? এই বিষয়ে জনাৰ বাবে আমি শীতনিদ্ৰাৰ বিষয়ে কিছু জানিব লাগিব। শীতনিদ্ৰা কিছুমান বিশেষ প্ৰাণীৰ এক আপাতকালীন নিস্ক্ৰিয় দশা। চিকাৰী জন্তুৰ আক্ৰমণৰ পৰা অথবা প্ৰতিকুল পৰিবেশৰ পৰা ৰক্ষা পাবলৈ তথা খাদ্যৰ নাটনিত শৰীৰৰ অৱক্ষয় নহ'বৰ বাবে কেতবোৰ প্ৰাণীয়ে শীতকালৰ দীঘলীয়া সময়চোৱা নিদ্ৰামগ্ন হৈ পাৰ কৰে। এই নিদ্ৰামগ্ন অৱস্থাত প্ৰাণীটোৰ দেহত বিপাক প্ৰক্ৰিয়া অতি দ্ৰুতভাৱে মন্থৰ হৈ পৰে। ফলস্বৰূপে প্ৰাণীটোৰ দেহৰ উত্তাপ অতিমাত্ৰা কমি যোৱাৰ লগতে হৃদস্পন্দনো লেহেমীয়া হয়। ৰুক্ষ জলবায়ু বিশিষ্ট অঞ্চল সমূহৰ বিভিন্ন প্ৰাণীবোৰৰ লগতে সাপ, মাছ, ভেকুলী, ভালুক আদি প্ৰাণীবোৰে প্ৰতিকূল পৰিবেশত বাচি থাকিবৰ বাবে তথা দৈহিক শক্তি সংৰক্ষণৰ বাবে শীতনিদ্ৰাত পৰে। অৱশ্যে এটা কথা কৈ থোৱা ভাল যে শীতনিদ্ৰা কেৱল যে শীতকালতহে সম্ভৱ, তেনে নহয়। প্ৰয়োজন সাপেক্ষে প্ৰাণীসমূহে বছৰৰ যিকোনো সময়তেই শীতনিদ্ৰাত ঢলি পৰিব পাৰে। যেতিয়াই পৰিবেশৰ প্ৰতিকুলতা আঁতৰি যায়, প্ৰাণীসমূহ শীতনিদ্ৰাৰ পৰা সাৰ পাই সক্ৰিয় হৈ পৰে। শীতনিদ্ৰা প্ৰাণীসমূহৰ অভিযোজনৰ এক অন্যতম উদাহৰণ।

          পিছে, মানুহৰ বাবে শীতনিদ্ৰা সম্ভৱ নে? শুনা যায়, আজিৰ পৰা প্ৰায় ডেৰশ বছৰ আগত ছোভিয়েট ৰাছিয়াত এবাৰ দুৰ্ভিক্ষই প্ৰবল ৰূপ লৈছিল। ৰাছিয়াৰ কৃষক সকলে সেই দুৰ্ভিক্ষৰ দিনবোৰত খাদ্যৰ নাটনিৰ সন্মুখীন নহ'বৰ বাবে প্ৰায় ছয়মাহ কাল অতি কম পৰিমানে ৰুটি আৰু "এল" নামৰ এবিধ বিশেষ খাদ্য খাই দিনটোৰ অধিকাংশ সময় নিদ্ৰামগ্ন হৈ পাৰ কৰিছিল। এনেদৰে ৰাছিয়ান কৃষকসকলে দেহৰ বিপাক ক্ৰিয়াৰ হাৰ মন্থৰ কৰি ৰাছিয়াৰ প্ৰচণ্ড শীত আৰু দুৰ্ভিক্ষৰ কঠিনতম সময় পাৰ কৰিছিল। ৰাছিয়ান কৃষকসকলৰ এই বিশেষ পৰম্পৰাক তেওঁলোকৰ থলুৱা ভাষাত "লোটসা" বুলি জনা যায়। যদিও "লোটসা"ক শীতনিদ্ৰা বুলি ক'ব পৰা নেযায়, ই শীতনিদ্ৰাৰ পৰিপুৰক এক বিশেষ ব্যৱস্থা যাৰ সহায়ত ৰাছিয়ৰ কৃষক সকলে দুৰ্যোগৰ দিনবোৰ সুকলমে পাৰ কৰিছিল।

        আধুনিক জীৱবিজ্ঞানৰ মতে মানুহৰ পক্ষে স্বাভাৱিক শীতনিদ্ৰা সম্ভৱ নহয়। কিন্তু ৰাছিয়াৰ কৃষক সকলৰ এই বহু চৰ্চিত "লোটসা" নামৰ প্ৰথাটোৱে বিজ্ঞানীসকলক নতুনকৈ ভাবিবলৈ অৱকাশ দিলে - মানুহক বাৰু কৃত্ৰিম ভাবে শীতনিদ্ৰাত ৰাখিব পৰা যাবনে? 

      বিজ্ঞানীসকলৰ মতে শীতনিদ্ৰা প্ৰাণীসমূহৰ এক অভিযোজন আৰু তেওঁলোকে প্ৰাণীৰ দেহত আজিলৈ এনে কোনো জিন চিনাক্ত কৰিব পৰা নাই যাৰ দ্বাৰা শীতনিদ্ৰা নিয়ন্ত্ৰিত হয়। সেয়ে জিনীয় অভিযন্ত্ৰণ পদ্ধতি ব্যৱহাৰ কৰিও মানুহৰ দেহত শীতনিদ্ৰা আনিব নোৱাৰি। কিন্তু বিজ্ঞানী সকলো নাচোৰবান্দা। তেওঁলোকে লক্ষ্য কৰিলে যে "থেৰাপিউটিক হাইপোথাৰমিয়া" নামৰ এক কৃত্ৰিম পদ্ধতিৰে মানুহৰ দেহৰ তাপমাত্ৰা ৩২ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত কমাই আনিলে মানুহৰ হৃদপিণ্ড, স্নায়ুতন্ত্ৰ আৰু মস্তিষ্কৰ কাৰ্যক্ষমতা যথেষ্ঠ হাৰত কমি যায় আৰু ইয়াৰ ফলত মানুহজনৰ দেহত বিপাক ক্ৰিয়াও স্তিমিত হৈ পৰে। এক কথাত ই প্ৰায় শীতনিদ্ৰাৰ সমপৰ্যায়ৰ এক পৰিঘটনা। বিজ্ঞানীসকলে লগে লগে মানুহৰ কৃত্ৰিম শীতনিদ্ৰাৰ ওপৰত তেওঁলোকৰ গৱেষণা আৰম্ভ কৰি দিলে। এই গৱেষণাৰ ফলস্বৰূপে গঢ় লৈ উঠিছে এক নতুন ধাৰণা, যাৰ নাম - ক্ৰায়'নিক্স বা ক্ৰায়'জেনিক্স।

            মানুহৰ দেহটো যদি কৃত্ৰিম উপায়েৰে অতিমাত্ৰা শীতল কৰি পেলোৱা হয়, তেন্তে তেওঁৰ দেহৰ কোষত থকা পানীবোৰ ঘণীভূত হৈ বৰফৰ স্ফটিক সৃষ্টি কৰে আৰু এই বৰফৰ স্ফটিকবোৰে কোষবোৰৰ ক্ষতিসাধন কৰে। কিন্তু ক্ৰায়'জেনিক্সৰ নীতি অনুসৰি মানুহৰ দেহৰ তৰল পদাৰ্থসমূহ যদি কোনো "এণ্টিফ্ৰিজিং এজেন্ট"ৰ দ্বাৰা প্ৰতিস্থাপিত কৰা হয়, তেন্তে অতি শীতল পৰিবেশতো মানুহজনৰ কোষত বৰফৰ স্ফটিক গঠন নহয় আৰু সেয়ে কোনো ক্ষতি নোহোৱাকৈয়ে কোষবোৰ অক্ষত আৰু জীৱিত হিচাবে ৰৈ যায়। ইতিমধ্যে এই পদ্ধতি ব্যৱহাৰ কৰি বিজ্ঞানীসকলে পৰীক্ষাগাৰত মানুহৰ কোষ সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানীসকলে আশা কৰিছে যে অদূৰ ভৱিষ্যতে তেওঁলোকে সম্পূৰ্ণ মানুহজনকেই "জীৱিত" অৱস্থাত সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব। 

   ক্ৰায়'জেনিক্স প্ৰক্ৰিয়াৰে পৰীক্ষাগাৰত সংৰক্ষিত কৰি ৰখা মানুহৰ জীৱিত কোষবোৰৰ ওপৰত বিশদ অধ্যয়ন কৰি বিজ্ঞানীসকলে চিকিৎসা বিজ্ঞানত ক্ৰায়'জেনিক্সৰ সাম্ভাব্য প্ৰয়োগ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে। বিভিন্ন সময়ত ৰোগীৰ দেহত অংগ সংস্থাপন কৰিব লগীয়া হয়। যকৃত, বৃক্ক, চকু,  হৃদপিণ্ড আদি সংস্থাপনৰ ক্ষেত্ৰত সততে দেখা দিয়া সমস্যাটো হ'ল অংগ দান কৰা লোকৰ অভাৱ। সন্তোষৰ কথা এই যে ক্ৰায়'জেনিক্সে এনে সমস্যাৰ ওৰ পেলাব পাৰিব কিয়নো যাৱতীয় প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰাৰ পিছত "ক্লিনিকেল ডেথ" হোৱা লোকৰ এই অংগ সমূহ অতি সুৰক্ষিত ভাৱে ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব পৰা যাব। 

         মানুহৰ দেহত বিভিন্ন বেক্টেৰীয়া বা আন অনুজীৱবোৰে সংক্ৰমণ সৃষ্টি কৰি মানুহক ৰুগীয়া কৰে। অধিক পৰিমাণৰ সংক্ৰমণ অথবা দীৰ্ঘদিনীয়া সংক্ৰমণে ৰোগৰ জটিলতা বৃদ্ধি কৰাৰ লগতে অন্যান্য ৰোগ যেনে কেঞ্চাৰ, ডায়েবেটিচ, হতাশা, ডিমেনচিয়া, আথ্ৰাইটিছ আদি ৰোগৰ কাৰক হিচাবে থিয় দিয়ে। বৰ্তমান চিকিৎসা বিজ্ঞানত এনে সংক্ৰমণৰ পৰা বাচিবলৈ এণ্টিবায়টিক ব্যৱহাৰ কৰা হয় যদিও মানুহৰ দেহত এই এণ্টিবায়টিকবোৰৰ যথেষ্ঠ পাৰ্শ্বক্ৰিয়া আছে। তদুপৰি এণ্টিবায়টিক ব্যৱহাৰৰ আন এক সমস্যা হ'ল "ৰেজিস্টেন্স"। একেৰাহে এণ্টিবায়টিক ব্যৱহাৰ কৰি থাকিলে বেক্টেৰীয়াবোৰে এণ্টিবায়টিকৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হয়। এনে ক্ষেত্ৰত ক্ৰায়োজেনিক্সে সুদুৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। সংক্ৰমণ হোৱা অংগ বা কলাক ক্ৰায়নিক্স প্ৰয়োগ কৰি -১৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডলৈ পৰ্যায়ক্ৰমে ধীৰ গতিৰে শীতলীকৰণ কৰি আনিলে সেই কলা বা অংগ সংক্ৰমণ মুক্ত হৈ পৰে। অদুৰ ভৱিষ্যতত ৰোগীয়া মানুহৰ বাবে এয়া এক আশীৰ্বাদ।

    ক্ৰায়নিক্সে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মহাকাশ জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত ইতিমধ্যে এই বিষয়ে ব্যাপক চিন্তা চৰ্চা আৰম্ভ হৈছে। কৃত্ৰিম শীতনিদ্ৰাৰ কোলাত ৰাখি ভৱিষ্যতে মহাকাশচাৰী সকলক দূৰ দূৰণিৰ গ্ৰহ গ্ৰহান্তৰলৈ পঠিওৱা সম্ভৱ হৈ পৰিব। ক্ৰায়'নিক্সে সহজ কৰি তুলিব মানুহৰ বাবে বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ। ক্ৰায়'নিক্সে সম্ভৱ কৰি তোলা শীতনিদ্ৰাৰ কোলাত ঢলি পৰিয়েই হয়তো ভৱিষ্যতৰ মহাকাশচাৰী সকলে ঢাপলি মেলিব আমাৰ সৌৰজগত খনৰ পৰা আন এখন সৌৰজগতলৈ।

Sunday, 13 October 2019

Dancing With The Turbulence



Flying is not an optional experience for me. But it has been a very common means of long distance travel as our daughter Hiya is pursuing her education in Bangaluru and frequently we visit her there. Every time we go to meet her or back home from there, we get on an aeroplane because flying for 3 hours is a lot better than travelling for 3 days in a train. 

It was just yesterday, we took the Air India Flight from Bangaluru to Guwahati to cover an aerial distance of about 2500 km. Moments after the take off, our flight reached a height of about 7,000 feet from the ground. I was looking out through the window. There were only clouds below us. The ground was not visible anymore because some fluffy white clouds were appearing just like a blanket below the aircraft. They looked so good and comfortable. I was enjoying it to the fullest. 

Many people complain about the motion sickness in an aeroplane. I never have experienced any such problems during my flights. Motion sickness is often caused by the abrupt jostling of the aircraft due to turbulence. The repeated motion and continued stimulation of the inner ear disturb the sense of balance and equilibrium of many flyers. Once I saw a person experiencing air sickness and he even vomited during the flight. 

Our Air India flight was almost smooth till then. Suddenly I saw that the weather changed at that altitude and our flight was passing through some dense and dark clouds. Our plane started shaking moderately. The plane continued to shake up and down, side to side for about 2 or 3 minutes and suddenly an abrupt jostling dropped our plane into the air in such a way that the plane probably dropped by not less than 5 to 6 metre in just a fraction of a second !! We all experienced the zero "g" feelings in the flight. All the passengers in the flight were uttering in fear. It was felt like our aircraft would crash. During the turbulence it was felt like the plane was losing control and it was going to fall apart. 

I too felt totally helpless as if we were going to crash soon. The voice of the pilot came over : "We are having turbulence due to bad weather. Please fasten your seatbelt and stay calm. Thank you !" But who cares this message from the pilot ! Everyone in the plane were nervous, scared and uttering. I was digging my nails into the armrest and clawing at it firmly. Perhaps, my eyes were closed. My experience definitely had me clutching the armrests of my seat. It was really crumby and I never had experienced such a violent turbulence in my life before. 

The pilots were skillful and quickly they lifted the aircraft upward. But the plane continued to jolt again and again. Finally the turbulence reduced but the flight was pretty bumpy for the next half an hour or so. All these terrible up and down jolting of the aircraft  finally became stable and we landed safely at Lokapriya Gopinath Bordoloi International Airport, Guwahati.

After the safe landing at Guwahati, I started thinking that for human, flying is not a natural thing. We are not birds. If we have to fly like birds, we will have to face the reality of a flight. We must learn to fly with a turbulence. However, I must thank all the skillful pilots who always fly in air. Much respect for you.

Saturday, 28 September 2019

এয়েইতো জীৱন



ক'ৰবাত পঢ়িবলৈ পাইছিলোঁ - "জীৱনত এনে কিছু প্রশ্ন থাকে যাৰ উত্তৰ কেতিয়াও নেথাকে, এনে কিছু ভুল থাকে যাৰ শুধৰণি কেতিয়াও নহয় আৰু এনে কিছু যন্ত্ৰণা থাকে যিবোৰ কাকোৱেই কোৱা নহয়।" জীৱনৰ কোনো দুখেই হেনো চিৰস্থায়ী নহয়। ১০ বছৰ আগতে মৃত্যু হোৱা কোনো আত্মীয়ৰ অবৰ্তমানত যিসকল লোকে হিয়া ধুকুৰি কান্দিছিল, সেই ব্যক্তিজনক আজি হয়তো পৰিয়ালৰ কোনেও মনত ৰখা নাই। যিমানেই ধুমুহা নাহক কিয়, যিমানেই বুকুভঙা বেদনা নাথাকক কিয় - এই বেদনা ক্ষণস্থায়ী, মেঘ আঁতৰি গ'লে পুনৰ ঘূৰি আহিব ৰৌদ্ৰস্নাতা দিনৰ উজ্বলতা। দুঃসময়ে আৱৰি ধৰা অন্ধকাৰবোৰেও কেতিয়াবা আমাৰ জীৱনৰ উজ্বলতম মুহূর্তৰ দুৱাৰখন খুলি দিয়েহি।
                    
এৰা, জীৱন বৰ ৰহস্যময়। বিদ্যালয়ত পঢ়ি থকা সময়ত আমাৰ ক্লাচৰ দুয়োটা শাখাত প্ৰায় ১০০ জন ছাত্র-ছাত্রী আছিল। তেওঁলোকৰ বেছিভাগেই আছিল অসম্ভব আত্মবিশ্বাসী আৰু মেধাবী ছাত্ৰ-ছাত্ৰী। কিন্তু আজি ৩০ বছৰ পিছত সেই ছবিখন সম্পূর্ণ সলনি হৈ গৈছে। জীৱন পৰিক্ৰমাত সকলোৱে একলগে আগবাঢ়িব পৰা নাই। আমাৰ কোনোজন বন্ধু হয়তো কোম্পানীৰ CEO, আনহাতে আনজন বন্ধু হয়তো সেই কোম্পানীতেই এজন সাধাৰণ কর্মচাৰী। CEO জনৰ মান-সন্মান, ধন-সম্পত্তি বেছি, কিন্তু সাধাৰণ কৰ্মচাৰীজনৰ সুখ আৰু আনন্দ বেছি। সুখ অথবা দুখৰ কোনো ধৰা-বন্ধা সংজ্ঞা নাই। 
                   
বেছিভাগ মানুহৰ জীৱনৰ ভিতৰলৈ সোমাই গ'লে দেখা পোৱা যায় যন্ত্ৰণাৰ কূটিল আঁকবাকবোৰ। অথচ সেই যন্ত্ৰণাৰ ৰঙবোৰেৰেই তেওঁ আঁকি পেলাইছে জীৱনৰ এখন সুন্দৰ ছৱি। প্রতিজন ব্যক্তিৰ জীবনৰ একোটা গল্প আছে। হয়তো অকথিত এটা গল্প। গল্পটো হয় আনন্দৰ অথবা বিষাদৰ। অতীতলৈ উভটি গৈ এতিয়া আৰু গল্পটোৰ আৰম্ভণিটো সলনি কৰা সম্ভব নহয়। কিন্ত কিছুুমান মানুহে কঠোৰ পৰিশ্রম আৰু একাগ্ৰতাৰে বিষাদৰ চকুলোৱে সেমেকাই থোৱা গল্পটোৰ অন্তিম অংশটো সজাই তোলে সম্ভাৱনাৰ ৰং আৰু তুলিকাৰে। জীৱনৰ যন্ত্ৰণা আৰু জীৱনৰ সম্ভাৱনা - দুয়ো জীৱনৰ আজন্ম বান্ধৱ।

জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অক্লান্ত পৰিশ্রম কৰিও ব্যর্থতাৰ তিক্ততা পোৱা বন্ধুও আছে মোৰ। মই তেওঁৰ সংগ্ৰাম দেখিছোঁ। তেওঁৰ জীৱন সঁচাকৈয়ে অনুকৰণীয়। তেওঁৰ জীৱনত আজি দুখৰ স্থান নাই। বন্ধুজনৰ দৃঢ়তা আৰু আত্মবিশ্বাসে মোক শিকাইছে কেনেদৰে লক্ষ্য প্ৰাপ্তিৰ অসফল সংগ্ৰামখনৰ কঠোৰ পৰিশ্রমে তেওঁক নতুনকৈ গঢ় দিছে। জীৱনে তেওঁক শক্তিশালী, অভিজ্ঞ আৰু জীৱন যুদ্ধৰ দক্ষ যুঁজাৰু কৰি তুলিছে।

জীৱনটোক নতুনকৈ আবিষ্কাৰ কৰাৰ বাবে কেতিয়াবা পৰাজিত হোৱাৰ প্ৰয়োজনো আহে। সহজতে বিজয়ী হোৱা যুদ্ধৰ আনন্দও ক্ষন্তেকীয়া।  বাধা যিমানেই বিশাল হয়, বিজয়ৰ আনন্দও সিমানেই স্থায়ী হয়। জীৱন মানেই নিৰন্তৰ এক গতিময়তা……। পদে পদে বাধা বিঘিনি, প্রতিকূলতা আদি সকলো অতিক্ৰম কৰি, শৰীৰত সৃষ্টি হোৱা ৰক্তাক্ত ক্ষতবিক্ষত ঘাঁবোৰৰ পৰা ওলোৱা তেজৰ চেকুৰাবোৰ মছি আঁতৰাই প্রবল আত্মবিশ্বাসেৰে পুনৰ সংগ্ৰামত জপিয়াই পৰাৰ যি বাসনা - এয়েইতো জীৱন !

শেষত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ এটি কবিতা :

“নদীর এপার কহে ছাড়িয়া নিশ্বাস,
ওপারেতে সর্বসুখ আমার বিশ্বাস।
নদীর ওপার বসি দীর্ঘশ্বাস ছাড়ে;
কহে, যাহা কিছু সুখ সকলি ওপারে।”

Thursday, 22 August 2019

কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ




কাশ্মীৰক কেন্দ্র কৰি ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো যুদ্ধ হৈছে। পাৰমাণবিক যুদ্ধৰ বাবে শক্তিশালী এই দুই দেশৰ মাজৰ সংঘাতে দুয়োখন দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশবোৰ অস্থিৰ কৰাৰ লগতে সমগ্ৰ দক্ষিণ পূৱ এচিয়াকো প্ৰভাৱিত কৰিছে। কিন্তু কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত চলি অহা এই সংঘাতৰ মূল কাৰণ কি?

দৰাচলতে ১৯৪৭ চনৰ আগষ্ট মাহত ভাৰত আৰু পাকিস্তানে স্বাধীনতা পোৱাৰ আগৰে পৰাই কাশ্মীৰক লৈ বিতর্কৰ সূচনা হৈছিল। বৃটিছ সকলে ''ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট'' নামৰ এখন আইনৰ আধাৰত ভাৰতক দ্বিখণ্ডিত কৰাৰ পৰিকল্পনা তৈয়াৰ কৰি কাশ্মীৰী সকলক তেওঁলোকৰ ইচ্ছানুযায়ী ভাৰত অথবা পাকিস্তান যিকোনো এখন ৰাষ্ট্রত যোগ দিবলৈ আহ্বান জনাইছিল। কাশ্মীৰৰ সেইসময়ৰ হিন্দু মহাৰজা হৰি সিঙে সম্পূৰ্ণ স্বাধীনতা বিচাৰিছিল অন্যথা ভাৰতৰ অংগৰাজ্য হিচাবে থকাৰ পোষকতা কৰিছিল।। অানহাতে পশ্চিম জম্মু আৰু গিলগিটৰ মুছলমান সকলে পাকিস্তানত যোগ দিয়াৰ ইচ্ছা কৰিছিল।

অৱশেষত মহাৰজা হৰি সিঙে সিদ্ধান্ত লৈছিল যে তেওঁ স্বাধীন ভাৱে থাকিব আৰু এই সিদ্ধান্ত মৰ্মে তেওঁ ভাৰত আৰু পাকিস্তানৰ লগত কাশ্মীৰ সম্পৰ্কে এক স্থিতাৱস্থাৰ চুক্তিত স্বাক্ষৰ কৰিছিল। পাকিস্তানেও সেই চুক্তিত স্বাক্ষৰ কৰিছিল। কিন্তু বিশ্বাসঘাটক পাকিস্থানে ১৯৪৭ চনৰ অক্টোবৰ মাহত পাখতুন জনজাতীয় লোক আৰু সাধাৰণ পোচাক পৰিহিত পাক সেনা লৈ মহাৰাজ কাশ্মীৰ আক্ৰমন কৰে। যুদ্ধৰ বাবে প্ৰস্তুত নথকা মহাৰাজ হৰি সিঙে উপায়হীন হৈ ভাৰতৰ অংগৰাজ্য হৈ থকাৰ প্ৰস্তাৱেৰে বিশেষ চুক্তিত স্বাক্ষৰ কৰি ভাৰতৰ সামৰিক সাহায্য বিচাৰে। ১৯৪৭ চনৰ ২৬ অক্টোবৰ তাৰিখে হৰি সিঙে ভাৰতত অন্তৰ্ভুক্তিৰ বাবে ভাৰতৰ লগত চুক্তি স্বাক্ষৰ কৰে। পিছদিনা অৰ্থাৎ ২৭ অক্টোবৰ তাৰিখে গভর্নৰ জেনেৰেল লর্ড মাউণ্টবেটেনে সেই চুক্তি অনুমোদন কৰে। তাৰ ফলত কাশ্মীৰ ভাৰতৰ বৈধ অংগৰাজ্য হৈ পৰে। ইয়াৰ লগে লগে পাকিস্থানৰ পৰা কাশ্মীৰ উদ্ধাৰ কৰিবলৈ ভাৰতীয় সেনাই পাক অনুপ্ৰৱেশকাৰী সকলৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে আৰু ১৯৪৭ চনত আৰম্ভ হয় ১৪ মাহ ধৰি ভাৰত আৰু পাকিস্তানৰ মাজৰ প্ৰথমখন যুদ্ধ। নীতিগত ভাবেই এই যুদ্ধৰ বাবে পাকিস্থানেই জগৰীয়া। এই যুদ্ধত ভাৰতীয় সৈন্যৰ আক্ৰমণত তিষ্টিব নোৱাৰি পাকিস্থানৰ অনুপ্ৰৱেশকাৰীবোৰ ফৰিং ছিটিকা দিয়ে।

১৯৪৮ চনত জম্মু-কাশ্মীৰ সম্পর্কে ভাৰত চৰকাৰে শ্বেতপত্রত ঘোষণা কৰে যে ভাৰতৰ লগত কাশ্মীৰৰ অন্তৰ্ভূক্তি বৈধ আৰু কাশ্মীৰ ভাৰতৰ অংগৰাজ্য। একেদৰে জাতিসংঘৰ নিৰাপত্তা পৰিষদতো ১৯৪৮ চনত ভাৰতে দেশ বিভাজনৰ সময়তেই বৃটিছসকলে বনাই যোৱা "ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট''ৰ আধাৰত কাশ্মীৰৰ প্রসংগটো উত্থাপন কৰে। জাতিসংঘৰ পৰিষদত সেই অনুসৰি শান্তি চুক্তি তৈয়াৰ কৰি দুয়োখনক দেশক স্বাক্ষৰ কৰোৱাই ৪৭ নম্বৰ প্রস্তাৱৰ জৰিয়তে কাশ্মীৰত গণভোট, কাশ্মীৰৰ পৰা পাকিস্তানী সেনা প্রত্যাহাৰ আৰু ভাৰতৰ সামৰিক উপস্থিতি ন্যূনতম পর্যায়লৈ কমাই অনাৰ আহ্বান জনোৱা হয়। নিৰাপত্তা পৰিষদে ১৯৪৮ চনৰ সেই সভাতেই পাকিস্থানক কাশ্মীৰৰ এক তৃতীয়াংশ (গিলগিট, বাল্টিস্থান আৰু আজাদ কাশ্মীৰ) আৰু বাকী অংশৰ (সমগ্ৰ কাশ্মীৰ উপত্যকা, জন্মু আৰু লাডাখ) অধিকাৰ ভাৰতক প্ৰদান কৰি দুয়োদেশৰ মাজত কাশ্মীৰ সমস্যাৰ সমাধান হ'ব পৰাকৈ এক সীমা নিৰ্ধাৰণ কৰি দিয়ে। এই সীমাৰেখা ডালক UN Ceasefire Line, 1949 বোলা হয়। পিছলৈ ১৯৭২ চনৰ ছিমলা চুক্তিৰ (Simla Agreement) পিছৰ পৰা এই সীমা ৰেখাডালক Line of Control  বা LOC বুলি জনা যায়। ভাৰতে সদায়ে এই চুক্তি আৰু নিয়ন্ত্ৰণ ৰেখাক সন্মান জনাই আহিছে।

১৯৪৮ চনত জাতিসংঘৰ নিৰাপত্তা পৰিষদৰ চুক্তি অনুসৰি কাশ্মীৰত যুদ্ধবিৰতি বলবৎ হয় আৰু ভাৰতে এই চুক্তি অনুসৰি কাশ্মীৰত সামৰিক শক্তি কমাই আনে। কিন্তু পাকিস্তানে চুক্তি উলংঘা কৰি সেনা প্রত্যাহাৰ কৰিবলৈ অস্বীকাৰ কৰে।

আনহাতে ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰি কাশ্মীৰৰ এটা অংশৰ নিয়ন্ত্রণ নিজৰ হাতলৈ নিয়ে।তাৰ পিছৰ বছৰ অৰ্থাৎ ১৯৬৩ চনত পাকিস্তানে কাশ্মীৰৰ ট্রান্স-কাৰাকোৰাম অঞ্চলটি চীনক বন্ধুত্বৰ চিন স্বৰূপে এৰি দিয়ে। তেতিয়াৰ পৰাই কাশ্মীৰৰ নিয়ন্ত্রণ পাকিস্তান, ভাৰত আৰু চীন, এই তিনিওখন দেশৰ মাজত ভাগ হৈ গৈছে। পৰবৰ্তী সময়ত ভাৰত পাকিস্তানৰ মাজত ১৯৬৫ চনত আৰু ১৯৭১ চনত আন দুখন যুদ্ধ হয়। প্ৰতিখন যুদ্ধতেই মুখ থেকেচা খোৱাৰ পিছতো অতি নিৰ্লজ্জ ভাবে পাকিস্থানে জাতিসংঘৰ নিৰাপত্তা পৰিষদৰ চুক্তিক অৱমাননা কৰি নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ ভাৰতৰ ওপৰত আক্ৰমণ কৰি আহিছে। বাবে বাৰে পাকিস্থানে চুক্তি উলংঘা কৰি ভাৰতৰ বিভিন্ন স্থানত উগ্ৰপন্থীৰ দ্বাৰা অশান্তি বিয়পোৱাৰ চেষ্টা কৰি আহিছে। সীমান্তত অপ্ৰৰোচিতভাৱে গুলীবৰ্ষণ কৰিছে।

ইয়াৰ পিছত ১৯৮৪ চনত পাকিস্থানে পুনৰ ভাৰতক চিয়াচেন হিমবাহ এলেকাৰ দিশত আক্ৰমণ কৰে। ভাৰতীয় সৈন্যই এই আক্ৰমণ প্ৰতিহত কৰে। ইয়াৰ পিছত আকৌ ১৯৯৯ চনত পাকিস্তানে সন্ত্ৰাসবাদীৰ সহায়ত কাৰ্গিলত অনুপ্ৰৱেশ কৰি ভাৰতক অস্থিৰ কৰাৰ চেষ্টা কৰে। ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্থানে পুনৰ ছত্ৰভংগ দিয়ে।

পাকিস্থানে কাশ্মীৰত অশান্তিৰ বীজ সিঁচিবলৈ বা  ধৰ্মীয় অনুকম্পাৰে কাশ্মীৰৰ জনসাধাৰণক পৰিচালিত কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰি আহিছে। পাকিস্থানৰ এনে ধৰণৰ কাৰ্যকলাপে যে তেওঁলোকক বিশ্ববাসীৰ সন্মুখত লজ্জানত কৰিছে তালৈ তেওঁলোকৰ ভ্ৰূক্ষেপ নাই। বৰং তেওঁলোকে সন্ত্ৰাসবাদী পুহি এনে অনৈতিক কাৰ্যবোৰ কৰি আহিছে অহৰহ। আজি বিশ্বত পাকিস্থানৰ চিনাকী সন্ত্ৰাসবাদৰ কাৰখানা বুলি। একে সময়তে বৃটিছৰ পৰা স্বাধীনতা লাভ কৰা দুখন দেশ ভাৰত আৰু পাকিস্থানৰ মাজত বিকাশৰ আকাশ পাতাল পাৰ্থক্য। ভাৰতৰ বিৰুদ্ধে যুঁজ বাগৰ কৰি, সন্ত্ৰাসবাদক ভৰণ পোষণ দি অৰ্থনৈতিক কাঠামো বিধস্ত হৈ পৰা পাকিস্থান আজি আন্তঃৰাষ্ট্ৰীয় ঋণৰ বোজা লৈ ভাৰাক্ৰান্ত। তথাপি ৰাজনৈতিক মুনাফা লুটিবলৈ পাকিস্থান চৰকাৰে অবৈধ আৰু অনৈতিক বুলি জানিও কাশ্মীৰৰ প্ৰংসগটোত সাৰ পানী যোগাই আছে।

পাকিস্থানৰ ভাৰত বিৰোধী চক্ৰটোৱে বুজা উচিত যে কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু সদায়েই হৈ থাকিব। ভাৰতৰ অংগৰাজ্য কাশ্মীৰৰ ভিতৰত কেৱল ভাৰতৰ আধিপত্য চলিব। ভাৰতৰ আভ্যন্তৰীন বিষয়বোৰত চকু দিয়াতকৈ বা  পাৰমানৱিক আক্ৰমণৰ ধমকি দিয়াতকৈ পাকিস্থানে নিজৰ আভ্যন্তৰীন বিষয়বোৰত চকু দিয়ক। পাকিস্থানে বুজা উচিত যে ভাৰতবৰ্ষৰ বেলিষ্টিক মিছাইলৰ সন্মূখত পাকিস্থান অতি নগন্য। মাত্ৰ কেইটামান মূহুৰ্তৰ ভিতৰত বিশ্বৰ মানচিত্ৰৰ পৰা পাকিস্থান নিঃচিহ্ন হৈ যাব। ভাৰতৰ এণ্টি নিউক্লিয়াৰ মিছাইলে পাকিস্থানৰ পাৰমানৱিক বোমাক পাকিস্থানৰ আকাশতে বিধস্ত কৰি পাকিস্থানৰ মাটিতেই তেজস্ক্ৰিয় বিকিৰণ ঘটাই মহা বিনাশ আনিব পাৰে। ভাৰতৰ শক্তিশালী ৰাডাৰে পাকিস্থানৰ মিছাইল পাকিস্থানৰ লঞ্চ পেডতেই চিনাক্ত কৰি তাক ধ্বংস কৰাৰ বাবে বেলিষ্টিক মিছাইল পঠিয়াব পাৰে। ভাৰতবৰ্ষৰ লগত শত্ৰুতা ত্যাগ কৰি পাকিস্থানে ভাৰতৰ ভাল প্ৰতিবেশী হিচাবে থকাৰ বাবে প্ৰস্তুত হোৱাই পাকিস্থানৰ একমাত্ৰ পথ।

🇮🇳  🇮🇳  জয় হিন্দ !  🇮🇳  🇮🇳

Tuesday, 20 August 2019

জোনবাইৰ আকাশত আমাৰ পৃথিৱীখন


পৃথিবীৰ মানুহে হয়তো এদিন জোনবাইৰ বুকুতো ঘৰ সাজি বসবাস কৰিব। জোনবাইৰ বুকুত থিয় হৈ তেওঁলোকে আকাশলৈ চাব। জোনবাইৰ আকাশত তেতিয়া জিলিকি থাকিব নীলা মাৰ্বল যেন বিশালাকাৰ পৃথিৱীখন, য'ত হয়তো তেওঁলোকৰ কোনো আত্মীয়ই বসবাস কৰে। সৰু শিশুবোৰক মাকে কোলাত লৈ পৃথিৱীখন দেখুৱাই ক'ব : সৌখন পৃথিৱীতেই তোমাৰ মামাহঁতৰ ঘৰ। আমি আমাৰ শৈশৱৰ মধুৰতম দিনবোৰ পাৰ কৰিছোঁ সেই সেউজীয়া পৃথিৱীখনতেই…!

অবাস্তৱ আৰু এবচাৰ্ড যেন এনে কথাবোৰ হয়তো  সোনকালেই বাস্তৱ হ'ব। মানুহ জোনবাইৰ বুকুত থিয় হৈ আকৃষ্ট হ'ব পৃথিৱীৰ প্ৰেমত। জোনবাইৰ আকাশে মানুহক সন্মোহিত কৰিব। মানুহৰ মন মগজুত বিভিন্ন ভাৱনাই ভৰ কৰিব। মনত অজস্ৰ প্ৰশ্নৰ উদয় হ'ব - পৃথিবীৰ পৰা যদি জোনবাইক মুৰৰ ওপৰৰ আকাশত দেখা যায়, তেন্তে জোনবাইৰ আকাশতো পৃথিৱী কেনেকৈ মুৰৰ ওপৰৰ আকাশত দৃশ্যমান ?? 

মহাবিশ্বত প্ৰকৃততে পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ বা উৰ্ধ, অধঃ বুলি কোনো দিশ নাই। মহাবিশ্ব সকলো স্থানতেই সমান আৰু দিশহীন। আমি সদায়ে ব্যৱহাৰ কৰা পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ বা উৰ্ধ, অধঃ আদি দিশবোৰ কেৱল পৃথিৱীৰ ক্ষেত্ৰতহে প্ৰযোজ্য। সেয়ে মহাকাশ আমাৰ বাবে সদায়েই ৰহস্যময়। তেনেদৰে জোনবায়ো ৰহস্যৰে ভৰা।জোনবাইৰ আকাশলৈ মুৰ তুলি চালে আমি বাৰু কি দেখিম ? 

আগতে উল্ল্যেখ কৰাৰ দৰেই জোনবাইৰ আকাশত আমাৰ মুৰৰ ওপৰত পৃথিৱীখন দেখা পাই নিজকে প্ৰশ্ন কৰিম - কোনটো সঁচা; পৃথিৱীৰ পৰা দেখা মুৰৰ ওপৰৰ জোনবাইটো নে জোনবাইৰ পৰা দেখা মুৰৰ ওপৰৰ পৃথিৱীখন ??

জোনবাইৰ আকাশত যেতিয়া পূৰ্ণিমা অৰ্থাৎ সম্পূৰ্ণ পৃথিৱীখন দেখা যায়, তেতিয়া পৃথিৱীৰ পৰা দেখা জোনবাইতকৈ প্ৰায় ৬ গুণ ডাঙৰকৈ আৰু ১৪ গুণ উজ্বল দেখা যায়। সেয়ে জোনবাইৰ বুকুত হোৱা পূৰ্ণিমা ৰাতিবোৰ আমাৰ পৃথিৱীতকৈ ১৪ গুণ উজ্বল। 

আমি পৃথিৱীৰ পৰা দেখা আকাশখন কি যে মনোৰম ! নীলাভ ৰঙৰ আকাশত মেঘৰ ছিটিকনিৰে অঁকা বিভিন্ন দৃশ্যপটবোৰৰ উপৰিওঁ নিশাৰ তৰালিয়ে জানো আকাশত বুটা নেবাচে? পিছে, জোনবাইৰ আকাশত মাথো সীমাহীন এন্ধাৰৰ মেলা। সুনীল আকাশৰ সলনি এখন ক'লা আকাশৰ আচ্ছাদনেৰে আবৃত আমাৰ মৰমৰ জোনবাই য'ত নাই সূৰ্যোদয়ৰ ৰঙীন পূৱাৰ মাদকতা অথবা সন্ধিয়াৰ হেঙুলী বৰণ। জোনবাইৰ নিজস্ব বায়ুমণ্ডল নথকাৰ বাবে জোনবাইৰ আকাশত পৃথিৱীৰ মাদকতা বিচাৰি পোৱা নেযাব।

পৃথিবীৰ দৰে বায়ুমণ্ডল নাই বাবে জোনবাইৰ আকাশত নিশা কোনো তৰাই তিৰবিৰ নকৰে। তৰাবোৰৰ পৰা অহা পোহৰ বায়ুমণ্ডলত বিচ্ছুৰিত হয় বাবেই তৰাবোৰে পৃথিৱীৰ বুকুত বাস কৰা মানুহৰ চকুত তিৰবিৰাই থকা যেন লাগে। জোনবাইত যিহেতু বায়ুমণ্ডল নাই সেয়েহে জোনবাইৰ আকাশত তৰাবোৰে তিৰবিৰাই নেথাকি স্থিৰ ভাবে থাকে।

পৃথিৱীৰ আকাশত জোনবাই উদিত হয় আৰু অস্তও যায়। কিন্তু জোনবাইৰ আকাশত পৃথিবী উদয় নহয় বা অস্তমিতও নহয়। বৰং জোনবাইৰ আকাশত পৃথিৱী সদায় একে স্থানতেই থাকে। ইয়াৰ কাৰণ কক্ষপথত জোনবাইৰ বিশেষ ধৰণৰ গতি যাৰ বাবে Tidal Locking হয়। (The Moon is tidally locked to the Earth because it rotates in exactly the same time as it takes to orbit the Earth) অৰ্থাৎ জোনবায়ে নিজ মেৰুদণ্ড সাপেক্ষে বৰ ধীৰ গতিত ঘূৰে যাৰ বাবে জোনবাইক পৃথিৱীৰ চৌপাশে এপাক ঘূৰিবলৈ যিমান সময় লাগে, নিজ মেৰুদণ্ড সাপেক্ষে এপাক ঘূৰিবলৈও সিমানেই সময় লাগে। সেয়েহে পৃথিৱীৰ পৰা জোনবাইৰ এটা ফালহে দেখা যায়। এই বিশেষ পৰিঘটনাটো যাক Tidal Locking বুলি কোৱা হয়, তাৰ বাবেই জোনবাইৰ বুকুত পৃথিৱী উদিত নহয় অথবা অস্তও নহয়। 

Sunday, 18 August 2019

আমাৰ পৰা আঁতৰি গৈ থকা জোনবাইটো


জ্যোতির্বিজ্ঞানী সকলে গণনা কৰি পাইছে যে আজিৰ পৰা প্ৰায় ৪৫০ বিলিয়ন বছৰৰ আগত পৃথিবী সৃষ্টি হৈছিল। আনহাতে পৃথিৱীৰ উপগ্রহ জোনবাইৰ সৃষ্টি হৈছিল তাৰ ৫০ বিলিয়ন বছৰ পিছত। আচৰিত কথাটো হ'ল এই যে আজিৰ পৰা ৪০০ বিলিয়ন বছৰ আগত আমাৰ পৃথিৱী আৰু শিশু জোনবাইৰ মাজৰ দূৰত্ব আছিল মাত্ৰ ২৫ হাজাৰ কিলোমিটাৰ ! 

তাৰপিছত ক্ৰমান্বয়ে জোনবাইটো পৃথিৱীৰ পৰা আঁতৰি গৈ থাকিল আৰু এই প্ৰক্ৰিয়াটো আজিও চলিয়েই আছে। কিন্তু কিয় বাৰু পৃথিৱীৰ পৰা ধীৰে ধীৰে আঁতৰি গৈ আছে আমাৰ মৰমৰ জোনবাইটো ?

জোনবাই পৃথিবীৰ একমাত্র প্রাকৃতিক উপগ্রহ। আকাৰ অনুসৰি জোনবাই সৌৰজগতৰ পঞ্চম বৃহৎ উপগ্রহ। পৃথিবীৰ কেন্দ্রৰ পৰা জোনবাইৰ কেন্দ্ৰলৈ গড় দূৰত্ব ৩৮৪,৩৯৯ কিলোমিটাৰ। জোনবাইৰ ব্যাস প্ৰায় ৩,৪৭৪ কিলোমিটাৰ আৰু ই পৃথিবীৰ ব্যাসৰ এক-চতুর্থাংশ। ব্যাসৰ এই অনুপাতিক পৰিমাপৰ সহায়ত সহজেই নিৰ্ধাৰণ কৰিব পাৰি যে জোনবাইৰ আয়তন পৃথিবীৰ আয়তনৰ ৫০ ভাগৰ ১ ভাগ মাত্ৰ। জোনবাইৰ আয়তন আৰু ভৰ দুয়োটাই পৃথিৱীৰ তুলনাত যথেষ্ঠ কম হোৱা বাবে ইয়াৰ মাধ্যাকর্ষণ বল পৃথিবীৰ মাধ্যাকৰ্ষণ বলতকৈ ছয় গুণ কম। জোনবায়ে প্রতি ২৭.৩২১ দিনত পৃথিবীৰ চৌদিশে এটা আবর্তন সম্পূৰ্ণ কৰে যদিও প্রতি ২৯.৫ দিনৰ মূৰতহে এটা চন্দ্র কলা সম্পূৰ্ণ হয়। সৌৰজগতত পৃথিবী, জোনবাই আৰু সূর্যৰ পাৰস্পৰিক জ্যামিতিক অৱস্থানৰ পর্যায়ক্রমিক পৰিবর্তনৰ কাৰণেই চন্দ্র কলাৰ এই পর্যানুক্রমিক আৱর্তন ঘটি থাকে। 

বেৰিকেন্দ্র নামৰ এক সাধাৰণ অক্ষ সাপেক্ষে পৃথিবী আৰু জোনবাইৰ ঘূর্ণনৰ ফলত যি মহাকৰ্ষণীয় আকর্ষণ বলৰ তথা অপকেন্দ্রীক বল সৃষ্টি হয় তাৰ পৰিনাম স্বৰূপে পৃথিবীত জোৱাৰ-ভাটা সৃষ্টি হয়। যেতিয়া দুটা মহাজাগতিক পদাৰ্থৰ এটাই আনটোক পৰিক্ৰমা কৰে, যেনে জোনবাই  যেতিয়া পৃথিৱীৰ চৌদিশে ঘূৰে তেতিয়া কেবল যে জোনবায়েহে পৃথিৱীৰ চৌদিশে ঘূৰে, তেনে নহয়। বৰং পৃথিৱী আৰু জোনবাই - দুয়ো এটাই আনটোৰ চৌদিশে এক নিৰ্দিষ্ট বিন্দুক কেন্দ্ৰ কৰি ঘূৰে। এই বিশেষ বিন্দুটোকেই মহাজাগতিক পদাৰ্থ দুটা যেনে পৃথিৱী আৰু জোনবাইৰ বেৰিকেন্দ্ৰ বা উমৈহতীয়া কেন্দ্ৰ বোলে। এই বেৰিকেন্দ্ৰ সাপেক্ষে পৃথিৱী আৰু জোনবাই দুয়ো পৰস্পৰে পৰস্পৰৰ চৌদিশে ঘূৰা বাবে পৃথিৱীৰ মহাসাগৰীয় জলৰাশিৰ ওপৰত জোনবাইৰ আকৰ্ষণ বল আৰু পৃথিৱীৰ অপকেন্দ্ৰিক বলে উমৈহতীয়া ভাবে কাম কৰে আৰু সমূদ্ৰত জোৱাৰ ভাটাৰ সৃষ্টি হয়। এই জোৱাৰ ভাটাই মহাকৰ্ষণীয় বলৰ কিছু শক্তি শোষণ কৰে আৰু তাৰ ফলশ্ৰুতিত পৃথিৱীৰ ঘূৰ্ণন গতিও কিছু পৰিমানে ধীৰ হৈ পৰে। আচৰিত হ'লেও সত্য যে ইয়াৰ ফলত পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ লাহে লাহে ২৪ ঘণ্টাতকৈ বেছি হৈ আহিছে। বৈজ্ঞানিক সকলে হিচাব কৰি উলিয়াইছে যে বিগত এশ বছৰত পৃথিৱীৰ এটা সম্পূৰ্ণ দিনৰ দৈৰ্ঘ ১.৪ মিলি ছেকেণ্ড বাঢ়ি গৈছে। বিজ্ঞানী সকলৰ মতে ৬৪০ মিলিয়ন বছৰ আগতে পৃথিৱীত এটা সম্পূৰ্ণ দিনৰ পৰিমাপ আছিল মাত্ৰ ২২ ঘন্টা। কিন্তু জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষ উমৈহতীয়া ঘূৰ্ণনৰ বাবে অহা ৩০০ মিলিয়ন বছৰৰ পিছত পৃথিৱীৰ একোটা সম্পূৰ্ণ দিন ২৬ ঘন্টীয়া হ'ব।

সমূদ্ৰত সৃষ্টি হোৱা জোৱাৰ ভাটা আৰু বেৰিকেন্দ্ৰ সাপেক্ষে হোৱা পৃথিৱী আৰু জোনবাইৰ ঘূৰ্ণনে শোষিত কৰা শক্তিৰ পৰিনাম স্বৰূপে পৃথিবী আৰু জোনবাইৰ কক্ষপথৰ মাজত বিভব শক্তি হ্ৰাস পোৱাৰ উপৰিও ই পৃথিৱী আৰু জোনবাইৰ মাজৰ মহাকৰ্ষণ বলকো প্ৰভাৱিত কৰিছে। তদুপৰি ক্ৰমে স্তিমিত হৈ অহা পৃথিৱীৰ ঘূৰ্ণনৰ ফলত জোনবায়ে নিজৰ কক্ষপথত তুলনামূলক ভাবে বেছি দূৰ আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত প্ৰতি বছৰে জোনবাই আমাৰ পৃথিৱীৰ পৰা প্ৰায় চাৰি ছেণ্টিমিটাৰ কৈ আঁতৰি যাব ধৰিছে। যেতিয়ালৈ পৃথিবীত জোৱাৰ-ভাটা থাকিব, তেতিয়ালৈ এই প্ৰক্ৰিয়া অব্যাহত হৈ থাকিব। আৰু এদিন আমাৰ জোনবায়টো পৃথিৱীৰ মহাকৰ্ষণ বলৰ পৰা সম্পূৰ্ণ মুক্ত হৈ এক নতুন কক্ষপথেৰে পৃথিৱীৰ সলনি সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ আৰম্ভ কৰিব।