Sunday, 26 January 2020

ব্যোমমিত্ৰা : ইছৰোৰ মানস কন্যা


এগৰাকী অৰ্ধ মানৱী। থিক মানুহৰ দৰেই সলসলীয়াকৈ অনৰ্গল ইংৰাজী আৰু হিন্দী ভাষাত কথা বতৰা ক'ব পাৰে। পূৰ্বে লগ পোৱা সকলো মানুহকেই চিনি পোৱাৰ লগতে তেওঁলোকক সঠিক ভাবে সম্বোধনো কৰিব পাৰে। তদুপৰি আপুনি সোধা প্ৰশ্নবোৰৰ উত্তৰো দিব পাৰে তেওঁ। আচাৰ ব্যৱহাৰতো নাই তেনে কোনো বৈসাদৃশ্য।

যোৱা ২২ জানুৱাৰী ২০২০, বুধবাৰে বাংগালোৰত এই গৰাকী অৰ্ধ মানৱীক এখন সংবাদমেলত চিনাকী কৰি দিয়ে ইছৰোৰ বিজ্ঞানীসকলে। তেওঁৰ নাম "ব্যোমমিত্ৰা"। ব্যোমমিত্ৰা হ'ল ইছৰোৱে সম্পূৰ্ণ নিজা প্ৰযুক্তিৰে তৈয়াৰী এক যন্ত্ৰমানৱী। মূল সংস্কৃত শব্দ "ব্যোম" মানে আকাশ। অৰ্থাৎ "ব্যোমমিত্ৰা" হ'ল মহাকাশৰ বন্ধু।

২০২০ চনৰ পহিলা জানুৱাৰীৰ দিনটোতেই ইছৰোৰ সঞ্চালক ড° কে. শিৱানে ঘোষণা কৰা ভাৰতৰ প্ৰথম মানৱ পৰিবাহী মহাকাশযান "গগনযান" অভিযানৰ আগে আগে অৰ্থাৎ ২০২০ চনৰ ডিচেম্বৰ মাহত সম্পন্ন হ'ব লগীয়া পৰীক্ষামূলক মহাকাশ অভিযানত ব্যোমমিত্ৰাই অগণন ভাৰতীয়ৰ সপোনবোৰ বুকুত বান্ধি মহাকাশলৈ উৰা মাৰিব। ব্যোমমিত্ৰাৰ মাধ্যমেৰে ইছৰোৰ বিজ্ঞানীসকলে খটিয়ান ল'ব গগণযান অভিযানৰ সময়ত ভাৰতীয় মহাকাশচাৰী সকলে মুখামুখি হ'ব পৰা সাম্ভাব্য সমস্যাবোৰৰ।

যোৱা বুধবাৰে সাংবাদিক সম্মিলনত সাংবাদিক সকলৰ লগত ব্যোমমিত্রাই মত বিনিময়ো কৰে : 

সাংবাদিক : হাই…!
ব্যোমমিত্রা : হাই ! মই ব্যোমমিত্রা, এটি অর্ধ যন্ত্র মানৱীৰ প্রথম প্রোটোটাইপ। ধন্যবাদ।

সাংবাদিক : গগণযান মহাকাশ অভিযানত আপুনি কেনেধৰণে ভূমিকা গ্ৰহণ কৰিব?

ব্যোমমিত্রা : মূলতঃ গগণযান অভিযানৰ মহাকাশচাৰী সকলৰ ক্রিয়াকলাপ সমূহৰ পৰীক্ষামূলক 'নকল' কৰি ইছৰোৰ বৈজ্ঞানিক সকলক তথ্য যোগান ধৰাৰ বাবে মোক দায়ীত্ব দিয়া হৈছে।……

ইছৰোৰ বিজ্ঞানী ড° শ্যাম দয়ালৰ মতে মানুহৰ দৰেই কথা বতৰা ক'ব পৰা ব্যোমমিত্রাক অর্ধ-যন্ত্রমানৱী বোলাৰ কাৰণ হৈছে যে ব্যোমমিত্রাৰ দেহত ভৰি দুখন নাই। ব্যোমমিত্ৰাই কেৱল আগলৈ পিছলৈ তথা সোঁ আৰু বাওঁফাললৈ হালিব পাৰে। অৱশ্যে ব্যোমমিত্ৰাই হাতৰ সঞ্চালন সুন্দৰকৈ কৰিব পাৰে।

এতিয়ালৈ ভাৰতৰ এজন মহাকাশচাৰীয়েহে মহাকাশলৈ উৰা মাৰিছে। তেওঁ হ'ল ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ ৰাকেশ শর্মা। তেওঁ মহাকাশলৈ গৈছিল ৰাছিয়াৰ মহাকাশযানৰ জৰিয়তে। এইবাৰ ভাৰতে নিজস্ব মহাকাশযানত মহাকাশলৈ মানুহ পঠিওৱাৰ পৰিকল্পনা কৰি ইতিমধ্যে তাৰ প্ৰস্তুতি আৰম্ভ কৰিছে। ভাৰতৰ মানৱ পৰিবাহী মূল প্ৰকল্প গগণযানৰ আগে আগে পৰীক্ষামূলক ভাৱে ব্যোমমিত্রাই  দুবাৰ মহাকাশলৈ যাব আৰু গগণযান মহাকাশচাৰী সককৰ বাবে মহাকাশৰ পথ প্ৰশস্ত কৰি তুলিব। ইছৰোৰ বিজ্ঞানী সকললৈ এই চেগতে শুভকামনা যাচিলোঁ।
জয় হিন্দ !

Saturday, 4 January 2020

দ্য আর্ট অফ টিচিং ছায়েন্স



এটা জাতিক বা দেশ এখনক প্ৰগতিৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্রযুক্তি বিদ্যাৰ ভূমিকা অপৰিসীম। পৃথিবীখনক বসবাসৰ উপযুক্ত কৰি গঢ়ি তোলাৰ তাড়নাত বা জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ তাগিদাত আমাৰ চৌপাশৰ সমস্যাৰাজিৰ পৰিত্ৰাণকাৰী হিচাবে জন্ম হৈছে প্রযুক্তি বিদ্যাৰ। যদিওবা ইতিহাসৰ পাত লুটিয়ালে আমি পাওঁ যে এতিয়ালৈ আৱিষ্কৃত সকলোবোৰ প্রযুক্তিয়েই মানৱ সভ্যতাৰ বাবে ইতিবাচক বা কল্যানকামী নহয়, তথাপিও প্ৰযুক্তিক বাদ দি আমি আজি জীয়াই থাকিব নোৱাৰো। আজিৰ দিনত এটা জাতিক বৈজ্ঞানিকভাবে সাক্ষৰ কৰি তুলি ভৱিষ্যতৰ প্রতিযোগিতামূলক বিশ্বত টিকি থকাৰ বাবেই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা এক অপৰিহাৰ্য বিষয়।

যিখন দেশে বিজ্ঞান শিক্ষাক গুৰুত্বসহকাৰে  বিবেচনা কৰে অথবা বিজ্ঞানৰ হকে নিজৰ মানুহকবোৰক উদ্বুদ্ধ কৰে সেইখন দেশে ভবিষ্যতৰ দিগদৰ্শনৰ ক্ষেত্ৰত অগ্রণী ভূমিকা ৰাখে। বিজ্ঞানে দেশ এখনৰ সামগ্ৰিক উন্নয়নৰ পৰিকাঠামো তৈয়াৰ কৰে। তেনেক্ষেত্ৰত দেশ এখনৰ ভৱিষ্যত প্ৰজন্মক সুপৰিকল্পিত ভাৱে বিজ্ঞান শিক্ষাৰে শিক্ষিত কৰি তোলাতো অতি গুৰুত্বপূৰ্ণ বিষয়। 

কিন্তু বিজ্ঞানৰ শিক্ষাদান সহজ কাম নহয়। তাৰ বাবে প্ৰয়োজন একোজন সার্থক বিজ্ঞান শিক্ষকৰ। সাৰ্থক বিজ্ঞান শিক্ষকৰ শিক্ষাদান কৌশলত দুটা বিশেষ গুণ থাকে। ইয়াৰ প্ৰথমটো হ'ল ছাত্ৰ-ছাত্ৰীক বিজ্ঞান শিক্ষাৰ বাবে অনুপ্ৰেৰিত কৰি বিষয়টোৰ বাবে আগ্ৰহী কৰি তোলা আৰু দ্বিতীয়তে বিজ্ঞানৰ জটিল বিষয়বোৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত অতি সহজভাবে উপস্থাপন কৰা। এই দুয়োটা বিষয় এটা আনটোৰ লগত ওতঃপ্ৰোত ভাবে জড়িত। শিক্ষকজনে বিজ্ঞানৰ জটিল বিষয়বোৰ সহজভাবে উপস্থাপন কৰাত ব্যৰ্থ হ'লে শিক্ষার্থীসকলে বিজ্ঞান শিক্ষণৰ বাবে অনুপ্রেৰিত নহয়। আনহাতে শিক্ষাৰ্থীসকল বিজ্ঞান শিক্ষণৰ বাবে অনুপ্রেৰিত নহ'লে বিজ্ঞান শিক্ষা ফলপ্ৰসু হ'ব নোৱাৰে। এনে সমস্যাৰাজিৰ পৰা হাত সৰাৰ একমাত্ৰ সমাধান হ'ল বিজ্ঞান শিক্ষণৰ কৌশল অথবা "দ্য আর্ট অফ টিচিং ছায়েন্স"। 

এজন ছাত্ৰই দেখি, শুনি, অনুভৱ কৰি আৰু কল্পনা কৰিয়েই শিকে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণৰ বেলিকা "ছেঞ্চ অর্গেন" বা ইন্দ্ৰিয়সমূহ ব্যবহাৰ কৰে। কোনটো ছেঞ্চ অৰ্গেন কাৰ ক্ষেত্ৰত বেছি কার্যকৰী সেইটো নির্ভৰ কৰে ব্যক্তি বিশেষৰ ওপৰত। যদি এনে হয় যে শিক্ষাগ্ৰহনৰ বিষয়টোত থকা কোনো এটা বস্তু ইমানেই ক্ষুদ্র যে ইয়াক চকুৰে দেখা নেযায় (যেনে: ইলেক্ট্ৰণ বা প্ৰটন) বা বিষয়বস্তুৰ অন্তৰ্গত শব্দটো ইমানেই সৰু যে এই শব্দ কানেৰে শুনা নেযায় (যেনে: অৱশব্দ বা অতিশব্দ) অথবা বিষয়বস্তু ইমান দূৰত্বৰ যে আমি তাক কল্পনাও কৰিব নোৱাৰো; তেনেক্ষেত্রত ছাত্ৰজনে বা শিক্ষকজনে কি কৰা উচিত ? বিজ্ঞ সকলৰ মতে এইক্ষেত্রত শিক্ষকজনৰ প্ৰধান কৰ্তব্য হ'ল ছাত্ৰজনৰ কল্পনাশক্তিক জাগ্রত কৰা। যিজন শিক্ষকে এই কামটো সুচাৰুৰূপে কৰিব পাৰে তেওঁ প্ৰকৃততে এজন আদৰ্শ বিজ্ঞান শিক্ষক।

এজন শিক্ষকে যেতিয়া এটি জটিল বিষয় ছাত্ৰ ছাত্ৰীৰ সম্মুখত উপস্থাপন কৰে, তেতিয়া ছাত্ৰ ছাত্ৰীসকলে বিষয়টো সম্বন্ধে নিজস্ব কল্পনাৰে বিষয়টোৰ এটি মডেল তৈয়াৰ কৰি লয়। এই মডেলটো ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কিমান সার্থকভাবে তৈয়াৰ কৰিব পাৰিছে সেইটো নিৰ্ভৰ কৰিব শিক্ষকজনৰ শিক্ষণ পদ্ধতি তথা ছাত্ৰজনৰ কল্পনাশক্তিৰ ওপৰত। 

বিজ্ঞান শিক্ষাদান এটা মেজিকৰ দৰে কৌশলযুক্ত। মেজিকটো (বিষয়বস্তু) ভালদৰে উপস্থাপন কৰিব পাৰিলে ছাত্ৰ-ছাত্ৰী সকল বিজ্ঞানৰ প্ৰতি আকৰ্ষণ হয় আৰু বিষয়বস্তু সম্বন্ধে ধাৰণা সৃষ্টি কৰাৰ আনন্দেৰে তেওঁলোক ৰোমাঞ্চিত হয় আৰু তেতিয়াই শিক্ষার্থীজনৰ মনত বিভিন্ন প্রশ্নৰ অৱতাৰণা হয় যেনে: কিয়, কি বা কেনেকৈ? ছাত্ৰ ছাত্ৰীৰ মনত এনে কৌতুহল সৃষ্টি কৰাব পৰাটোৱেই একজন সাৰ্থক শিক্ষকৰ লক্ষণ। কোনো এটা বিশেষ ঘটনা সম্পর্কে কৌতুহলী কৰি তোলা অথবা এটা অজানা বিষয় সম্বন্ধে মনত সৃষ্টি হোৱা প্রশ্নৰ উত্তৰ বিচৰাৰ সঠিক পদ্ধতি অনুসন্ধান কৰিবলৈ যি শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীক শিকাব পাৰিছে, তেখেতই প্ৰকৃততে সফল শিক্ষক।

এজন শিক্ষকৰ আৰু এটা গুৰু দায়িত্ব হ'ল তেওঁৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক বিজ্ঞান মানসিকতাৰে গঢ় দিয়া। বিজ্ঞান মানসিকতাৰে গঢ় লোৱা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে তেওঁৰ চৌপাশৰ প্রকৃতি আৰু পৰিবেশৰ পৰা জ্ঞান আহৰণ কৰিবলৈ আগ্ৰহী হয়। তেওঁলোকে বিজ্ঞান সম্পর্কীয় বিভিন্ন বিষয়ৰ আলোচনাত অংশগ্ৰহন কৰিবলৈ সক্ষম বা আগ্ৰহী হয়। তেওঁলোকে কোনো এটা সমস্যা চিনাক্ত কৰি অনুসন্ধান আৰু প্রমাণৰ ভিত্তিত সিদ্ধান্ত ল'ব পৰাকৈ পাৰ্গত হৈ উঠে।

বিজ্ঞানৰ বিষয়বস্তু উপস্থাপনৰ ক্ষেত্ৰত শিক্ষক এজনে বাস্তৱতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাতো বাঞ্চনীয়। ইয়াৰ ফলত শিক্ষার্থীজনে দুটা সুবিধা পাব :- প্ৰথমতে, পাঠ্যপুথিৰ লগত বাস্তৱ জীৱনৰ সম্পৃক্ততা আৰু দ্বিতীয়তে বিজ্ঞান মানসিকতাৰে গঢ় লোৱা হেতুকে কোনো পৰিঘটনা এটি বিশ্লেষণ কৰাৰ যোগ্যতা।

ভৱিষ্যত প্ৰজন্মক সঠিক পথেৰে পৰিচালিত কৰি তেওঁলোকৰ মনত বিজ্ঞান মানসিকতা সৃষ্টি কৰা তথা দেশৰ আৰু জাতিৰ স্বাৰ্থত একোজন ভৱিষ্যতৰ বৈজ্ঞানিক সৃষ্টি কৰাৰ গুৰু দায়িত্ব লৈ শ্ৰেণীকোঠাত মনোনিবেশ কৰাটো প্ৰতিজন বিজ্ঞান শিক্ষকৰেই নৈতিক দায়িত্ব। এই চেগতে দেশ তথা জাতিৰ ভৱিষ্যত প্ৰজন্মক দিকদৰ্শন দি অহা সকলো শিক্ষকলৈ প্ৰণাম যাচিছোঁ।

Wednesday, 1 January 2020

গগনযান আৰু ভাৰতীয় মহাকাশচাৰী


আকাশে হাত বাউলি মাতে। মানুহে কাহানিও আকাশৰ নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰা নাই। এই ক্ষেত্ৰত ভাৰতৰ বিজ্ঞানীসকলো আগৰণুৱা। আমাৰ মহাকাশ যাত্ৰা নতুন নহয়। ১৯৭৫ চনৰ প্ৰথম ভাৰতীয় কৃত্ৰিম উপগ্ৰহ "আৰ্যভট্ট"ৰ পৰা আৰম্ভ কৰি আজিৰ "চন্দ্ৰযান-২" লৈকে এক দীঘলীয়া পথ অতিক্ৰম কৰিছে ইছৰোয়ে। আৰু এতিয়া…

বিক্রম লেণ্ডাৰৰ ব্যর্থতা পাহৰি, গগনযান মিছনৰ কথা ইতিপূৰ্বেই ঘোষণা কৰি থৈছিল ভাৰতীয় মহাকাশ গবেষণা সংস্থা বা ইছৰোৱে। এই মিছনৰ জৰিয়তে এইবাৰ ভাৰতে মহাকাশলৈ মানুহ পঠিয়াব। ইয়াৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ লগতে চাৰিজন ভাৰতীয়ক গগনযানৰ মহাকাশচাৰী হিচাবে নিৰ্বাচিত কৰি পেলোৱা হৈছে। তেওঁলোক আটাইকেইজন "ইণ্ডিয়ান এয়াৰফোৰ্চ" বা ভাৰতীয় বায়ুসেনাৰ পাইলট। অহা ২০২০ চনৰ ৪ জানুৱাৰীৰ পৰা ৰাছিয়াত তেওঁলোকৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। গগনযানৰ লগতে ইছৰোৰ বিজ্ঞানীসকলে চন্দ্রযান-৩ৰ বাবেও একেলগে কাম কৰি আছে। অতি ভাল খৱৰ যে ভাৰত চৰকাৰেও এই দুয়োটা মিছনলৈ সেউজ সংকেত প্ৰেৰণ কৰাৰ লগতে বাজেটৰ ধনো মোকলাই দিছে।

আজি ২০২০ চনৰ পহিলা জানুৱাৰীৰ দিনটোতেই ইছৰোৰ পৰা লাভ কৰা এই খৱৰে দেশৰ প্ৰতিজন নাগৰিকৰ লহতে আমাকো উৎসাহিত কৰিছে। ইছৰোৰ সঞ্চালক ড° কে. শিৱানে আজি ঘোষণা কৰে যে ২০২০ চনটো ইছৰোৰ বিজ্ঞানীসকলে মূলতঃ উচৰ্গা কৰিছে ভাৰতৰ প্ৰথম মানৱ পৰিবাহী মহাকাশযান "গগনযান" আৰু আগন্তুক চন্দ্ৰযান-৩ প্ৰকল্পৰ নামত। ইছৰোৰ গগনযান প্রকল্পৰ উদ্দেশ্য হ'ল মহাকাশলৈ তিনি সদস্যৰ এটি দল মহাকাশচাৰী হিচাবে প্ৰেৰণ কৰা। তেওঁলোকে সাত দিন মহাকাশত কটাই বিভিন্ন গৱেষণা সম্পন্ন কৰিব। বিগত ২০১৯ চনৰ সময়চোৱাত ভাৰতীয় মহাকাশ গবেষণা সংস্থা বা ইছৰোৰ বিজ্ঞানীসকল এই বিষয়ত অনেক দূৰ আগুৱাই গৈছে।

মহাকাশলৈ মানুহ প্ৰেৰণ কৰাৰ প্রকল্প ইছৰোৰ অন্যান্য সফল প্রকল্পবোৰতকৈ অনেক কঠিন। জোনবাই বা মংগললৈ মহাকাশযান পঠোৱাতকৈ এই প্রকল্প অনেক গুণে কঠিন। মহাকাশলৈ মানুহ পঠিয়াবলৈ এনে এক পদ্ধতি অবলম্বন কৰিব লাগিব, যাতে পৃথিবীৰ কক্ষপথ এৰি মহাকাশযানখন মহাশূণ্যলৈ গতি কৰাৰ পিছত সেই যানখন পুনৰ পৃথিৱীলৈ ঘূৰাই আনিব পৰা যায়। তদুপৰি মহাকাশযানখন এনেদৰে সাজিব লাগিব যাতে মহকাশচাৰী সকলে মহাশূণ্যৰ মাজতো পৃথিবীৰ দৰেই এটা পৰিবেশত থাকিব পাৰে। বিগত ২০১৪ চনৰ পৰাই ইছৰোৰ বিজ্ঞানীসকলে এনে কিছুমান জটিল কামত ব্যস্ত হৈ আছে।

এই মিছনৰ আন এক গুৰুত্বপূর্ণ কাম হ'ল এনে এখন মহাকাশযান তৈয়াৰ কৰা, যিয়ে মহাশূণ্যত যথেষ্ঠ ওজন বহন কৰিব পৰাকৈ সক্ষম। মানব বহনকাৰী মহাকাশযান এখনে অতি কমেও ৬ টন ওজন বহন কৰিব পৰা হ'ব লাগে। ইছৰোৰ প্রধান উৎক্ষেপণযান পি.এছ.এল.ভি, যিখন ইতিপূৰ্বে চন্দ্রযান আৰু মংগলযান মিছনত ব্যবহৃত হৈছিল, সেইখনৰ বহন ক্ষমতা মাত্ৰ ২ টন। সেয়াও পৃথিবীৰ পৰা ৬০০ কিলোমিটাৰ দূৰত্বৰ নিৰ্দিষ্ট কক্ষপথ এটালৈহে। সেইবাবে ইছৰোত সম্প্ৰতি প্রস্তুতি চলিছে GSLV MK-IIIৰ দৰে অধিক শক্তিশালী মহাকাশযান তৈয়াৰ কৰাৰ। এই GSLV MK-III উৎক্ষেপণযান মহাকাশৰ অতি গভীৰ অংশলৈ অধিক ওজন কঢ়িওৱাৰ বাবে সক্ষম।ক্রায়োজেনিক প্রযুক্তি ব্যৱহাৰ কৰি GSLV MK-III মহাকাশযান তৈয়াৰ কৰা কামত ইতিমধ্যে ইছৰোৰ বিজ্ঞানীসকল সফল হৈছে।

কিছু বছৰ আগলৈকে ভাৰতবৰ্ষৰ যুৱচামক মহাকাশ বিজ্ঞান অথবা ISROৰ বিভিন্ন পৰিকল্পনা সমূহৰ বিষয়ে বিশেষ আগ্ৰহী যেন দেখা নগৈছিল।  কিন্তু "মংগলযান-১"ৰ সফলতাৰ পিছত মহাকাশ তথা ইছৰোৰ প্ৰতি যুৱচাম আকৰ্ষিত হৈছে আৰু প্ৰতিটো মহাকাশ অভিযানৰ খা-খবৰ ল'বলৈ আৰম্ভ কৰিছে। "চন্দ্ৰযান-২" অভিযানত শিশুৰ পৰা আৰম্ভ কৰি জেষ্ঠজনলৈ সকলো স্তৰৰ লোকে যেনেদৰে দিন-ৰাতি একাকাৰ কৰি প্ৰতিটো মূহূৰ্তৰ খবৰ পাবলৈ ব্যাকুল হৈ আছিল, এই উৎসাহ সঁচাকৈয়ে সন্তোষজনক আৰু ভাৰতৰ মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনলৈ নিসন্দেহে এক সুখৱৰ। নতুন বছৰৰ প্ৰথম দিনটোতেই ইছৰোৰ পৰিকল্পনা সদৰি কৰাত আমি গৌৰৱান্নিত। ইছৰোৰ প্ৰতিজন বিজ্ঞানীলৈ আমাৰ শুভকামনা যাচিছোঁ।

কপটতাহীন চকুলো আৰু প্ৰতিশ্ৰুতি



মহাকাশ পৰিক্ৰমাৰ দিশত ভাৰতবৰ্ষৰ নাম পৃথিৱীৰ মানচিত্ৰত সোণোৱালী আখৰেৰে লিখাৰ ঐকান্তিক প্ৰচেষ্টা কৰা ইছৰোৰ সঞ্চালক ড° কে. শিৱান চাৰৰ চকুলোৱে আজিও মোৰ অন্তৰখন জোকাৰি যায়। তেখেতৰ চকুলোত আছে সফল হোৱাৰ দুৰ্বাৰ আকাংক্ষা আৰু প্ৰতিশ্ৰুতি। ড° কে. শিৱান চাৰলৈ সশ্ৰদ্ধ প্ৰণাম 🙏


(বিগত ২০১৯ চনৰ এখন আপুৰুগীয়া ছবি)

The Tears of Sincerity... 

The tears that ISRO Chief Dr. K. Sivan shed after the genuine effort he rendered to put India's name on top of the world map in space missions were silent but they made my heart heavy till today. These drops of tears have a promise of success in near future. Much respect for K. Sivan sir 🙏

(An unforgettable photo of year 2019)

Monday, 30 December 2019

বিদায়ী ২০১৯ চন আৰু ইছৰো


১৯৬২ চনত ভাৰতৰ প্রথম জাতীয় মহাকাশ গৱেষণা সমিটি বা "ইনকোচপাৰ" গঠন কৰা হৈছিল। এই ইনকোচপাৰৰ তত্বাৱধানতাতেই ভাৰতে মহাকাশ গৱেষণাৰ দুৱাৰখন মুকলি কৰে। পৰবর্তী সময়ত, অৰ্থাৎ ১৯৬৯ চনত ভাৰতৰ জাতীয় মহাকাশ গৱেষণা সমিটি বা "ইনকোচপাৰ"ৰ নামটো সলনি কৰি ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অর্গেনাইজেচন বা ইছৰো প্রতিষ্ঠা কৰা হয়। ইয়াতেই ছাৰ ড° বিক্রম ছাৰাভাইৰ নেতৃত্বত পৃথিবীৰ মহাকাশ গবেষণাৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হয়।

১৯৬৯ চনৰ পৰাই ভাৰতীয় মহাকাশ গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীসকলে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত ঈৰ্ষণীয় সাফল্য লাভ কৰি আহিছে। বিগত ৪০ বছৰত ইছৰোৰ বিজ্ঞানীসকলে লাভ সাফল্যৰ বাবেই সমগ্ৰ বিশ্বই ভাৰতক মহাকাশ বিজ্ঞানৰ নতুন চমক বুলি আখ্যা দিছে। ২০১৯ চনত ইছৰোৰ বিজ্ঞানীসকলে মহাকাশলৈ পঠিওৱা উপগ্রহবোৰৰ বিষয়ে থোৰতে আলোচনা কৰিব খুজিছোঁ।

১) মাইক্রোছাট-আৰ: 

পি.এচ.এল.ভি -চি৪৪ উৎক্ষেপন যানৰ সহায়ত ২০১৯ চনৰ জানুৱাৰী মাহৰ ২৪ তাৰিখে মাইক্রোছাট-আৰ ইমেজিং উপগ্ৰহটো পৃথিৱীৰ পৰা ২৭৪ কিলোমিটাৰ ওপৰৰ কক্ষপথত সফল ভাৱে স্থাপন কৰি ইছৰোৰ বিজ্ঞানীসকলে ইংৰাজী  নৱবৰ্ষ ২০১৯ক আদৰণি জনায়।

২) জিছাট-৩১:

ভাৰতৰ টেলিযোগাযোগ ব্যৱস্থাৰ উন্নিতকৰণৰ হেতু ভাৰত চৰকাৰৰ অনুমোদন মৰ্মে ২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত জিছাট-৩১ নামৰ উপগ্ৰহটো সফল বাবে মহাকাশলৈ উৎক্ষেপণ কৰা হয়। ফ্ৰান্স গুয়েনাৰ কুৰুউ উৎক্ষেপণ থলীৰ পৰা অৰায়ন-৫ ভি.এ-২৪৭ মহাকাশযানৰ সহায়ত ২৫৩৬ কেজি ভৰৰ এই উপগ্রহটি মহাকাশলৈ সফল ভাৱে প্ৰেৰণ কৰে ইছৰোৰ বিজ্ঞানীসকলে।

৩) ইমিছাট:

২০১৯ চনৰ ১এপ্রিলৰ দিনা পি.এছ.এল.ভি-চি৪৫ উৎক্ষেপন যানৰ সহায়ত ইছৰোৰ বিজ্ঞানীসকলে এই উপগ্ৰগটো মহাকাশলৈ প্ৰেৰণ কৰে। এই উপগ্ৰহটোৰ ওজন ৪৩৬ কেজি। পৃথিৱীৰ পৰা ৭৪৮ কিলোমিটাৰ উচ্চতাৰ সুৰক্ষিত ছোলাৰ চিংক্ৰোনাছ পোলাৰ কক্ষপথত এই উপগ্ৰহটোক সফলভাৱে স্থাপন কৰি সম্প্ৰতি ইছৰোৰ বিজ্ঞানী সকলে বৈদ্যুতিক চৌম্বকীয় বর্ণালীৰ ওপৰত অধ্যয়ন কৰি আছে।

৪) ৰিছাট-২বি:

ৰিছাট-২বি হ'ল মূলত এটি ৰাডাৰ ইমেজিং ভূ পর্যবেক্ষণকাৰী উপগ্রহ। পৃথিবীৰ ওপৰত নজৰ ৰখাৰ উদ্দেশ্যে ২০১৯ চনৰ মে মাহৰ ২২ তাৰিখে ৰিছাট-২বি উপগ্রহটি মহাকাশলৈ প্ৰেৰণ কৰা হয়। উৎক্ষেপকযান হ'ল ইছৰোৰ পি.এছ.এল.ভি-চি ৪৬

৫) চন্দ্রযান-২:

ইছৰোৰ অন্যান্য অভিযানবোৰৰ তুলনাত চন্দ্রযান-২ মিছন এটি অত্যন্ত জটিল মিছন। পূর্ববর্তী মিছন বোৰৰ তুলনাত় এই উৎক্ষেপনত ইছৰোৰ বিজ্ঞানীসকলে ভালেমান গুৰুত্বপূর্ণ প্রযুক্তিগত উন্নতি ঘটায়। মিছনটোত এটি অৰবিটাৰ, এখন লেণ্ডাৰ আৰু এখন ৰোভাৰৰ সহায়ত জোনবাইৰ অনাবিষ্কৃত দক্ষিণ মেৰুলৈ ২০১৯ চনৰ ২২ জুলাইত জোনবাইৰ দেশলৈ সফলভাৱে উৎক্ষেপিত হয় চন্দ্ৰযান-২। কিন্তু অন্তিম মূহুৰ্তত লেণ্ডাৰখনৰ লগত ইছৰোৰ যোগাযোগ ব্যাহত হোৱাত লেণ্ডাৰ বিক্ৰমৰ "হাৰ্ড লেণ্ডিং" হোৱাত লেণ্ডাৰখন বিধস্ত হয়। অৱশ্যে অৰ্বিটাৰটোৱে এতিয়াও সুকলমে কাম কৰি আছে।

৬) কার্টোছাট-৩:

২০১৯ চনৰ ১১ ডিচেম্বৰত মহাকাশলৈ প্ৰেৰণ কৰা কার্টোছাট-৩ হ'ল তৃতীয় প্রজন্মৰ অতি উন্নত প্রযুক্তিৰ এটি উপগ্রহ। কার্টোছাট-৩য়ে পৃথিবীৰ চৌদিশে কক্ষপথত পৰিভ্রমণৰ সময়ত ভাৰতৰ প্ৰায় সকলো চহৰ নগৰৰ অতি পৰিষ্কাৰ ছৱি সংগ্ৰহ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰে। এই ছৱিবোৰৰ সহায়ত ভাৰত চৰকাৰে নগৰ পৰিকল্পনা, গ্রামীণ সম্পদ আৰু পৰিকাঠামোগত উন্নয়ন, উপকূলীয় স্থলজ সম্পদ ব্যবহাৰ আদি একাধিক বিষয়ত বিজ্ঞানী সকলক তথ্য প্ৰদান কৰি সহায় কৰি আহিছে।

৭) ৰিছাট-২ বিআৰ-১:

ৰিছাট-২ বিআৰ-১ এটি ৰাডাৰ ইমেজিং ভূ পর্যবেক্ষণকাৰী উপগ্রহ। ২০১৯ চনৰ ১১ ডিচেম্বৰত উৎক্ষেপিত হোৱা এই উপগ্রহটিয়ে কৃষি, বনজ সম্পদ তথা দুর্যোগ ব্যবস্থাপনাৰ ক্ষেত্রত বিভিন্ন তথ্যৰ যোগান ধৰি আহিছে।

Thursday, 28 November 2019

The Cosmic Kiss


The evening sky is spectacular nowadays. The two brightest planets of our solar system Venus and Jupiter have been close together in the south-west sky just after the sunset. Their conjunction was in the sky since November 24, 2019. But, today the crescent moon has added more beauty to this conjugation. Though the moon will be moving away from this conjugation from tomorrow, It’s not too late to see the two planets at their closest position. To maximize your enjoyment of these dazzling worlds be sure to find an unobstructed South-west horizon just after the sunset.

This is a Cell Phone click taken taken by me at Tangla this evening at 5:30 pm.

Wednesday, 6 November 2019

হাতীপটিৰ পলাতক নক্ষত্ৰবোৰ


সূৰ্যকে ধৰি প্ৰায় 100 কৌটি নক্ষত্ৰ, সমসংখ্যক গ্ৰহ-উপগ্ৰহ, ধুমকেতু, উল্কাপিণ্ড আদিৰ বাসস্থান হ'ল আমাৰ এই হাতীপটি তাৰকাৰাজ্য। এইবোৰৰ প্ৰতিটোৱেই হাতীপটিৰ প্ৰচণ্ড মহাকৰ্ষণ বলৰ প্ৰভাৱত হাতীপটিৰ কেন্দ্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। ক'তো হেৰফেৰ নাই। সকলোৱেই মানি চলিছে মহাবিশ্বৰ নিয়মবোৰ। তাৰ মাজতেই হাতীপটিৰ বুকুত নিতৌ জন্ম হৈছে নতুন নতুন তৰা আৰু তেনেকৈয়ে প্ৰতিনিয়তভাৱে মৃত্যুমুখত পৰি আহিছে  হাতীপটিৰ স্তিমিত বৃদ্ধ তৰাবোৰ।

কিন্তু শেহতীয়াকৈ বিজ্ঞানী সকলে আৱিষ্কাৰ কৰিছে যে সকলো নীতি নিয়মক জলাঞ্জলি দি হতীপটিৰ একো একোটা তজবজীয়া তেজাল নক্ষত্ৰই তীব্ৰবেগে ঢাপলি মেলিছে কোনো অজানতিমুলুকলৈ। বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে কেতবোৰ পলাতক নক্ষত্ৰ, যিবোৰে হাতীপটিৰ প্ৰচণ্ড মহাকৰ্ষণ বলকো নেওচি ক্ৰমে আঁতৰি যাবলৈ ধৰিছে হাতীপটিৰ পৰা কোনো এক অজান দেশলৈ !

বিজ্ঞানী সকলৰ দৃষ্টিত বৰ্তমানলৈ 20 এনে পলাতক নক্ষত্ৰ ধৰা পৰিছে। তাৰ ভিতৰত তেওঁলোকে সাতটা এনে পলাতক নক্ষত্ৰৰ বিষয়ে অধ্যয়ন কৰিছে। তাৰ ভিতৰত তিনিটা বিশেষ ভাৱে উল্ল্যখযোগ্য পলাতক নক্ষত্ৰ হ'ল: 2005 চনত আৱিষ্কৃত নক্ষত্ৰ HE- 0437-5439, 2008 চনত আৱিষ্কৃত নক্ষত্ৰ HD-271791 আৰু 2014 চনত আৱিষ্কৃত LAMOST-HVS1

1988 চনত এনে পলাতক নক্ষত্ৰবোৰৰ বিষয়ে পোন প্ৰথমে Jack G. Hills নামৰ এজন বিজ্ঞানীয়ে তথ্য দিছিল। এই পলাতক নক্ষত্ৰবোৰৰ প্ৰতিটোৱেই আমাৰ সূৰ্যতকৈ 10 ৰ পৰা 18 গুণে ডাঙৰ, উত্তপ্ত আৰু উজ্জ্বল। পিছে এয়া সম্ভৱ হ'ল কেনেকৈ যাৰ বাবে এনে বিশালকায় নক্ষত্ৰবোৰ আমাৰ হাতীপটিৰ পৰা ক্ৰমে তীব্ৰবেগে আঁতৰি যাবলৈ ধৰিছে ? বিজ্ঞানী সকলৰ মতে এইটো এটা স্বাভাৱিক ঘটনা আৰু প্ৰতি 50,000ৰ পৰা 100,000 বছৰৰ মূৰত গড়ে এটা বা দুটা এনে পলাতক নক্ষত্ৰই হাতীপটিৰ পৰা বিদায় লয়।

হাতীপটিৰ কেন্দ্রভাগত এটা অতিবৃহৎ "ব্লেক-হোল" থকা বুলি বিজ্ঞানী সকলে ঘোষণা কৰিছে। এই ব্লেক-হোলটোৰ প্ৰচণ্ড মহাকৰ্ষণ বলৰ প্ৰভাৱত হাতীপটিৰ কেন্দ্রভাগত প্ৰায় 400 কৌটি সূৰ্যৰ সমান ভৰ কেন্দ্ৰীভূত হৈ আছে। আনহাতে হাতীপটিৰ চাৰিওফালে অদৃশ্য পদাৰ্থৰ এটা পটী বা বলয়ো আছে। হাতীপটিৰ কেন্দ্রভাগত থকা ব্লেক-হোলৰ প্ৰচণ্ড মহাকৰ্ষণৰ প্ৰভাৱত হাতীপটিৰ তৰাবোৰ ত্বৰিত হয় ফলত এই তৰাবোৰৰ কক্ষীয় বেগ ক্ৰমে বৃদ্ধি হ'বলৈ ধৰে। এনেদৰে কক্ষবেগ ক্ৰমান্বয়ে বৃদ্ধি হোৱাৰ ফলত নিৰ্দিষ্ট তৰাটো প্ৰচণ্ড বেগেৰে হাতীপটিৰ পৰা ক্ৰমে দূৰলৈ যাবলৈ আৰম্ভ কৰে।

কক্ষবেগ বৃদ্ধি হোৱা এনে একোটা তৰাৰ বেগ প্ৰতি ঘণ্টাত 1.15 মিলিয়ন কি.মি.ৰ পৰা 1.8 মিলিয়ন কি.মি পৰ্যন্ত হ'ব পাৰে ! এই অসাধাৰণ বেগত হাতীপটিৰ পৰা পলায়ন কৰা HE 0437-5439 নামৰ নক্ষত্ৰটো ইতিমধ্যে হাতীপটিৰ কেন্দ্ৰৰ পৰা 2,00,000 আলোকবৰ্ষ দূৰলৈ আঁতৰি গৈছে। উল্লেখযোগ্য যে হাতীপটিৰ ব্যাস 1,00,000 আলোকবৰ্ষ। অৰ্থাৎ HE 0437-5439 নামৰ এই নক্ষত্ৰটোৱে ইতিমধ্যে হাতীপটিৰ মহাকৰ্ষণ অতিক্ৰম কৰি অকল্পনীয় দূৰৰ এক অজান জগতত পৰিভ্ৰমণ কৰি আছে।


বিজ্ঞানীসকলে যে হাতীপটি এৰি আঁতৰি যোৱা নক্ষত্ৰহে ধৰা পেলাইছে, এনে নহয়। তেওঁলোকে শেহতীয়াকৈ আন সাতটা তৰা ধৰা পেলাইছে যি কেইটা অন্য তাৰকাৰাজ্যৰ পৰা ছিটিকি ওলাই আহি অনাই বনাই ঘূৰি ফুৰোতে হাতীপটিৰ মহাকৰ্ষণ ক্ষেত্ৰত প্ৰৱেশ কৰিছে আৰু প্ৰচণ্ড বেগেৰে আমাৰ হাতীপটি তাৰকাৰাজ্যলৈ অগ্ৰসৰ হৈছে আৰু আজিৰ পৰা ২০০০ বা ৩০০০ বছৰ পিছত এই তৰাবোৰ আমাৰ হাতীপটিৰ বাসিন্দা হ'ব। বিজ্ঞানীসকলে অনুমান কৰিছে এই তৰা কেইটাও নিজৰ তাৰকাৰাজ্যৰ কোনো ব্লেক-হোলৰ অত্যাচাৰত পৰি নিজৰ কক্ষীয় গতিবেগ বৃদ্ধি কৰিব লগা হৈছিল আৰু তাৰেই ফলশ্ৰুতিত দিকভ্ৰান্ত হৈ মহাবিশ্বৰ বুকুত ছিটিকি পৰিছিল।

Friday, 1 November 2019

পলাচীৰ যুদ্ধৰ "লাইভ টেলিকাষ্ট"


যদি কোনোবাই আপোনাক আহি কয়হি যে ২৬২ বছৰ আগৰ ১৭৫৭ চনতেই সংঘটিত হোৱা পলাচীৰ যুদ্ধখন তেওঁ নিজ চকুৰে দেখা পাইছে, আপুনি কি বিশ্বাস কৰিব? প্রকৃত পক্ষে সেয়া বৰ্তমান জীৱিত কোনো মানুহৰ বাবেই সম্ভব নহলেও "স্পেচিয়েল থিওৰি অফ ৰিলেটিভিটি''ৰ মতে এয়া সম্ভব। 

কোনো বস্তু অথবা ঘটনা এটা দেখা পোৱাৰ প্রথম চর্ত হ'ল দেখা পোৱাৰ ক্ষমতা অথবা দৃষ্টিশক্তি, আৰু দ্বিতীয়টো হ'ল সেই বস্তু অথবা ঘটনাটোৰ পৰা অহা প্রতিফলিত পোহৰ আপোনাৰ বা মোৰ চকুত ধৰা পৰা। কিন্তু সকলোতকৈ আমোদজনক বৈজ্ঞানিক সত্যটো হ'ল আপুনি দেখা পোৱা বস্তুটো বা ঘটনাটো কেতিয়াৰ বা কিমান পুৰণি, সেইটো নিৰ্ভৰ কৰিব বস্তুটো বা ঘটনাটো সংঘটিত ঠাইখনৰ দূৰত্ব আৰু পোহৰৰ গতিবেগৰ ওপৰত।

আজিৰ তাৰিখত ২৬২ বছৰ আগৰ পলাচীৰ যুদ্ধ বা অতীতৰ কোনো এটা বিশেষ ঘটনা চাবলৈ হ'লে আমি পোহৰতকৈ বেগী কোনো যানেৰে এনে এখন ঠাইলৈ যাব লাগিব, য'ত আমাৰ কাংক্ষিত অতীতৰ সেই ঘটনাটো এতিয়াও গৈ পোৱা নাই। এতিয়া সেই স্থানৰ পৰা পৃথিৱীলৈ দূৰবীণেৰে জুমি চালে আপুনিও দেখা পাব পলাাচীৰ যুদ্ধৰ বিলম্বিত "লাইভ টেলিকাষ্ট" ! কথাবোৰ বৰ আউল লগা যেন নহয়নে বাৰু? আন এক আমোদজনক সম্ভাৱনাৰ কথা চিন্তা কৰো আহক। 

ধৰা হওঁক পৃথিৱীৰ পৰা ০.৫ আলোকবৰ্ষ দূৰত্বত এখন প্ৰকাণ্ড দাপোন স্থাপন কৰা হ'ল। দাপোনখনে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা সূৰ্যৰ ৰশ্মি পুনৰাই পৃথিৱীলৈ প্ৰতিফলিত কৰে। ফলস্বৰূপে পৃথিৱীৰ বুকুত বহিয়েই আমি টেলিস্কোপৰ মাধ্যমেৰে সেইখন দাপোনত এক বছৰ আগৰ অতীত দেখিবলৈ পাম ! আপুনি কিমান দুৰ অতীতলৈ উভটি যাব খোজে সেইমতে পৃথিৱীৰ পৰা দাপোনখনৰ দূৰত্ব হিচাব কৰি ল'লেই হ'ল। 

তথ্যখিনি আমোদজনক অথচ থিয়ৰিটিকেলি সত্য। বাস্তৱক্ষেত্ৰত কিন্তু এই কথাবোৰ সঁচাকৈ পাবলৈ হ'লে আমি কেইবাটাও সমস্যাৰ সমাধান সূত্ৰ পাব লাগিব। যেনে :--

১) পৃথিৱীৰ বায়ুমণ্ডলে পোহৰ বিচ্ছুৰিত কৰে। সেয়েহে দাপোনখনে প্ৰতিফলিত কৰা ৰশ্মিয়ে অতীতৰ মূহুৰ্তৰ প্ৰতিচ্ছবি আঁকিব পৰাৰ সম্ভাৱনা ক্ষীণ।

২) সূৰ্যৰ তীব্ৰ পোহৰৰ তুলনাত দাপোনখনে প্ৰতিফলিত কৰা পোহৰ ধূসৰ হোৱা বাবে কঠিনতা আহি পৰিব।

৩) অৰ্ধ আলোকবৰ্ষ দূৰৰ পৰা দাপোনে পৃথিৱীলৈ পোহৰ পঠিয়াব লাগিলে, দাপোনৰ আকাৰো পৃথিৱীৰ আকাৰতকৈ ডাঙৰ হ'ব লাগিব।

৪) দূৰবীন যন্ত্ৰটো সূক্ষ্মতম পোহৰৰ অৱস্থিতি ধৰা পেলোৱাৰ বাবে কাৰিকৰী দিশৰ পৰা অতি সংবেদনশীল হ'ব লাগিব।

৫) পোহৰৰ গতিতকৈ অধিক বেগত গতি কৰাটো অসম্ভৱ।

- এই অসুবিধা সমূহ আঁতৰ কৰিব পাৰিলে অৱশ্যেই আমি ২৬২ বছৰ আগৰ পলাচীৰ যুদ্ধৰ বিলম্বিত "লাইভ টেলিকাষ্ট" পুনৰ দেখা পাম।

ক্ৰায়'নিক্স : ভৱিষ্যতৰ বিজ্ঞান


        ধৰা হ'ল এজন মানুহৰ মৃত্যু হৈছে। এইমাত্ৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছে। বিজ্ঞানৰ ভাষাত এই মৃত্যু "ক্লিনিকেল ডেথ"। এই মৃত্যুৰ কিছু সময় পিছতহে লোকজনৰ "জৈৱিক মৃত্যু" হয়। অৰ্থাৎ আমি এক দ্বি-স্তৰীয় প্ৰক্ৰিয়াৰে মৃত্যুক আকোঁৱালি ল'ব লগীয়া হয়। আজিৰ দিনত ক্লিনিকেল মৃত্যুৰ পিছত জৈৱিক মৃত্যু এক নিশ্চিত সত্য, কিন্তু হয়তো আৰু কেইবছৰমান পিছত ক্লিনিকেল মৃত্যু হোৱা এজন ব্যক্তিক পুনৰ জীৱিত কৰি তুলিব পৰা যাব।

             ক্ৰায়'নিক্স বা ক্ৰায়'জেনিক্স হ'ল এনে এবিধ প্ৰযুক্তি যাৰ সহায়ত ক্লিনিকেল ডেথ হোৱা এজন ব্যক্তিৰ মৃতদেহ এক বিশেষ ব্যৱস্থাৰ দ্বাৰা শীতলীকৃত পৰিবেশত ৰাখি মৃতদেহৰ লগতে দেহৰ অংগ-প্ৰতংগসমূহৰ সংৰক্ষণ কৰি ৰখা হয়। জীৱ বিজ্ঞানী সকলৰ মতে এনে পৰিবেশত ক্লিনিকেল ডেথ হোৱা ব্যক্তিৰ মৃতদেহ বহুদিনলৈ জৈৱিক মৃত্যু নোহোৱাকৈ সংৰক্ষিত কৰিব পাৰি। এই ব্যক্তিজনৰ যি ৰোগত মৃত্যু হৈছিল বা যি পৰিস্থিতিত মৃত্যু হৈছিল, সেই ৰোগ বা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো চিকিৎসকৰ হাতত সময় বৰ কম আছিল অথবা তেনে ৰোগ বা পৰিস্থিতি চম্ভালিব পৰাকৈ চিকিৎসা বিজ্ঞান উন্নত নাছিল। গতিকে সংৰক্ষিত এই মৃতদেহক ভৱিষ্যতৰ উন্নত চিকিৎসাৰ বাবে ৰাখি থব পৰা হ'ব। এই প্ৰযুক্তিৰ দ্বাৰা অকালমৃত্যুক সাৱটি লোৱা ব্যক্তি বা প্ৰতিভা সম্পন্ন ব্যক্তিৰ পুনৰ জীৱন সম্ভৱ হৈ উঠিব।

        কিন্তু কি এই ক্ৰায়'নিক্স? এই বিষয়ে জনাৰ বাবে আমি শীতনিদ্ৰাৰ বিষয়ে কিছু জানিব লাগিব। শীতনিদ্ৰা কিছুমান বিশেষ প্ৰাণীৰ এক আপাতকালীন নিস্ক্ৰিয় দশা। চিকাৰী জন্তুৰ আক্ৰমণৰ পৰা অথবা প্ৰতিকুল পৰিবেশৰ পৰা ৰক্ষা পাবলৈ তথা খাদ্যৰ নাটনিত শৰীৰৰ অৱক্ষয় নহ'বৰ বাবে কেতবোৰ প্ৰাণীয়ে শীতকালৰ দীঘলীয়া সময়চোৱা নিদ্ৰামগ্ন হৈ পাৰ কৰে। এই নিদ্ৰামগ্ন অৱস্থাত প্ৰাণীটোৰ দেহত বিপাক প্ৰক্ৰিয়া অতি দ্ৰুতভাৱে মন্থৰ হৈ পৰে। ফলস্বৰূপে প্ৰাণীটোৰ দেহৰ উত্তাপ অতিমাত্ৰা কমি যোৱাৰ লগতে হৃদস্পন্দনো লেহেমীয়া হয়। ৰুক্ষ জলবায়ু বিশিষ্ট অঞ্চল সমূহৰ বিভিন্ন প্ৰাণীবোৰৰ লগতে সাপ, মাছ, ভেকুলী, ভালুক আদি প্ৰাণীবোৰে প্ৰতিকূল পৰিবেশত বাচি থাকিবৰ বাবে তথা দৈহিক শক্তি সংৰক্ষণৰ বাবে শীতনিদ্ৰাত পৰে। অৱশ্যে এটা কথা কৈ থোৱা ভাল যে শীতনিদ্ৰা কেৱল যে শীতকালতহে সম্ভৱ, তেনে নহয়। প্ৰয়োজন সাপেক্ষে প্ৰাণীসমূহে বছৰৰ যিকোনো সময়তেই শীতনিদ্ৰাত ঢলি পৰিব পাৰে। যেতিয়াই পৰিবেশৰ প্ৰতিকুলতা আঁতৰি যায়, প্ৰাণীসমূহ শীতনিদ্ৰাৰ পৰা সাৰ পাই সক্ৰিয় হৈ পৰে। শীতনিদ্ৰা প্ৰাণীসমূহৰ অভিযোজনৰ এক অন্যতম উদাহৰণ।

          পিছে, মানুহৰ বাবে শীতনিদ্ৰা সম্ভৱ নে? শুনা যায়, আজিৰ পৰা প্ৰায় ডেৰশ বছৰ আগত ছোভিয়েট ৰাছিয়াত এবাৰ দুৰ্ভিক্ষই প্ৰবল ৰূপ লৈছিল। ৰাছিয়াৰ কৃষক সকলে সেই দুৰ্ভিক্ষৰ দিনবোৰত খাদ্যৰ নাটনিৰ সন্মুখীন নহ'বৰ বাবে প্ৰায় ছয়মাহ কাল অতি কম পৰিমানে ৰুটি আৰু "এল" নামৰ এবিধ বিশেষ খাদ্য খাই দিনটোৰ অধিকাংশ সময় নিদ্ৰামগ্ন হৈ পাৰ কৰিছিল। এনেদৰে ৰাছিয়ান কৃষকসকলে দেহৰ বিপাক ক্ৰিয়াৰ হাৰ মন্থৰ কৰি ৰাছিয়াৰ প্ৰচণ্ড শীত আৰু দুৰ্ভিক্ষৰ কঠিনতম সময় পাৰ কৰিছিল। ৰাছিয়ান কৃষকসকলৰ এই বিশেষ পৰম্পৰাক তেওঁলোকৰ থলুৱা ভাষাত "লোটসা" বুলি জনা যায়। যদিও "লোটসা"ক শীতনিদ্ৰা বুলি ক'ব পৰা নেযায়, ই শীতনিদ্ৰাৰ পৰিপুৰক এক বিশেষ ব্যৱস্থা যাৰ সহায়ত ৰাছিয়ৰ কৃষক সকলে দুৰ্যোগৰ দিনবোৰ সুকলমে পাৰ কৰিছিল।

        আধুনিক জীৱবিজ্ঞানৰ মতে মানুহৰ পক্ষে স্বাভাৱিক শীতনিদ্ৰা সম্ভৱ নহয়। কিন্তু ৰাছিয়াৰ কৃষক সকলৰ এই বহু চৰ্চিত "লোটসা" নামৰ প্ৰথাটোৱে বিজ্ঞানীসকলক নতুনকৈ ভাবিবলৈ অৱকাশ দিলে - মানুহক বাৰু কৃত্ৰিম ভাবে শীতনিদ্ৰাত ৰাখিব পৰা যাবনে? 

      বিজ্ঞানীসকলৰ মতে শীতনিদ্ৰা প্ৰাণীসমূহৰ এক অভিযোজন আৰু তেওঁলোকে প্ৰাণীৰ দেহত আজিলৈ এনে কোনো জিন চিনাক্ত কৰিব পৰা নাই যাৰ দ্বাৰা শীতনিদ্ৰা নিয়ন্ত্ৰিত হয়। সেয়ে জিনীয় অভিযন্ত্ৰণ পদ্ধতি ব্যৱহাৰ কৰিও মানুহৰ দেহত শীতনিদ্ৰা আনিব নোৱাৰি। কিন্তু বিজ্ঞানী সকলো নাচোৰবান্দা। তেওঁলোকে লক্ষ্য কৰিলে যে "থেৰাপিউটিক হাইপোথাৰমিয়া" নামৰ এক কৃত্ৰিম পদ্ধতিৰে মানুহৰ দেহৰ তাপমাত্ৰা ৩২ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত কমাই আনিলে মানুহৰ হৃদপিণ্ড, স্নায়ুতন্ত্ৰ আৰু মস্তিষ্কৰ কাৰ্যক্ষমতা যথেষ্ঠ হাৰত কমি যায় আৰু ইয়াৰ ফলত মানুহজনৰ দেহত বিপাক ক্ৰিয়াও স্তিমিত হৈ পৰে। এক কথাত ই প্ৰায় শীতনিদ্ৰাৰ সমপৰ্যায়ৰ এক পৰিঘটনা। বিজ্ঞানীসকলে লগে লগে মানুহৰ কৃত্ৰিম শীতনিদ্ৰাৰ ওপৰত তেওঁলোকৰ গৱেষণা আৰম্ভ কৰি দিলে। এই গৱেষণাৰ ফলস্বৰূপে গঢ় লৈ উঠিছে এক নতুন ধাৰণা, যাৰ নাম - ক্ৰায়'নিক্স বা ক্ৰায়'জেনিক্স।

            মানুহৰ দেহটো যদি কৃত্ৰিম উপায়েৰে অতিমাত্ৰা শীতল কৰি পেলোৱা হয়, তেন্তে তেওঁৰ দেহৰ কোষত থকা পানীবোৰ ঘণীভূত হৈ বৰফৰ স্ফটিক সৃষ্টি কৰে আৰু এই বৰফৰ স্ফটিকবোৰে কোষবোৰৰ ক্ষতিসাধন কৰে। কিন্তু ক্ৰায়'জেনিক্সৰ নীতি অনুসৰি মানুহৰ দেহৰ তৰল পদাৰ্থসমূহ যদি কোনো "এণ্টিফ্ৰিজিং এজেন্ট"ৰ দ্বাৰা প্ৰতিস্থাপিত কৰা হয়, তেন্তে অতি শীতল পৰিবেশতো মানুহজনৰ কোষত বৰফৰ স্ফটিক গঠন নহয় আৰু সেয়ে কোনো ক্ষতি নোহোৱাকৈয়ে কোষবোৰ অক্ষত আৰু জীৱিত হিচাবে ৰৈ যায়। ইতিমধ্যে এই পদ্ধতি ব্যৱহাৰ কৰি বিজ্ঞানীসকলে পৰীক্ষাগাৰত মানুহৰ কোষ সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানীসকলে আশা কৰিছে যে অদূৰ ভৱিষ্যতে তেওঁলোকে সম্পূৰ্ণ মানুহজনকেই "জীৱিত" অৱস্থাত সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব। 

   ক্ৰায়'জেনিক্স প্ৰক্ৰিয়াৰে পৰীক্ষাগাৰত সংৰক্ষিত কৰি ৰখা মানুহৰ জীৱিত কোষবোৰৰ ওপৰত বিশদ অধ্যয়ন কৰি বিজ্ঞানীসকলে চিকিৎসা বিজ্ঞানত ক্ৰায়'জেনিক্সৰ সাম্ভাব্য প্ৰয়োগ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে। বিভিন্ন সময়ত ৰোগীৰ দেহত অংগ সংস্থাপন কৰিব লগীয়া হয়। যকৃত, বৃক্ক, চকু,  হৃদপিণ্ড আদি সংস্থাপনৰ ক্ষেত্ৰত সততে দেখা দিয়া সমস্যাটো হ'ল অংগ দান কৰা লোকৰ অভাৱ। সন্তোষৰ কথা এই যে ক্ৰায়'জেনিক্সে এনে সমস্যাৰ ওৰ পেলাব পাৰিব কিয়নো যাৱতীয় প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰাৰ পিছত "ক্লিনিকেল ডেথ" হোৱা লোকৰ এই অংগ সমূহ অতি সুৰক্ষিত ভাৱে ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব পৰা যাব। 

         মানুহৰ দেহত বিভিন্ন বেক্টেৰীয়া বা আন অনুজীৱবোৰে সংক্ৰমণ সৃষ্টি কৰি মানুহক ৰুগীয়া কৰে। অধিক পৰিমাণৰ সংক্ৰমণ অথবা দীৰ্ঘদিনীয়া সংক্ৰমণে ৰোগৰ জটিলতা বৃদ্ধি কৰাৰ লগতে অন্যান্য ৰোগ যেনে কেঞ্চাৰ, ডায়েবেটিচ, হতাশা, ডিমেনচিয়া, আথ্ৰাইটিছ আদি ৰোগৰ কাৰক হিচাবে থিয় দিয়ে। বৰ্তমান চিকিৎসা বিজ্ঞানত এনে সংক্ৰমণৰ পৰা বাচিবলৈ এণ্টিবায়টিক ব্যৱহাৰ কৰা হয় যদিও মানুহৰ দেহত এই এণ্টিবায়টিকবোৰৰ যথেষ্ঠ পাৰ্শ্বক্ৰিয়া আছে। তদুপৰি এণ্টিবায়টিক ব্যৱহাৰৰ আন এক সমস্যা হ'ল "ৰেজিস্টেন্স"। একেৰাহে এণ্টিবায়টিক ব্যৱহাৰ কৰি থাকিলে বেক্টেৰীয়াবোৰে এণ্টিবায়টিকৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হয়। এনে ক্ষেত্ৰত ক্ৰায়োজেনিক্সে সুদুৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। সংক্ৰমণ হোৱা অংগ বা কলাক ক্ৰায়নিক্স প্ৰয়োগ কৰি -১৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডলৈ পৰ্যায়ক্ৰমে ধীৰ গতিৰে শীতলীকৰণ কৰি আনিলে সেই কলা বা অংগ সংক্ৰমণ মুক্ত হৈ পৰে। অদুৰ ভৱিষ্যতত ৰোগীয়া মানুহৰ বাবে এয়া এক আশীৰ্বাদ।

    ক্ৰায়নিক্সে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মহাকাশ জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত ইতিমধ্যে এই বিষয়ে ব্যাপক চিন্তা চৰ্চা আৰম্ভ হৈছে। কৃত্ৰিম শীতনিদ্ৰাৰ কোলাত ৰাখি ভৱিষ্যতে মহাকাশচাৰী সকলক দূৰ দূৰণিৰ গ্ৰহ গ্ৰহান্তৰলৈ পঠিওৱা সম্ভৱ হৈ পৰিব। ক্ৰায়'নিক্সে সহজ কৰি তুলিব মানুহৰ বাবে বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ। ক্ৰায়'নিক্সে সম্ভৱ কৰি তোলা শীতনিদ্ৰাৰ কোলাত ঢলি পৰিয়েই হয়তো ভৱিষ্যতৰ মহাকাশচাৰী সকলে ঢাপলি মেলিব আমাৰ সৌৰজগত খনৰ পৰা আন এখন সৌৰজগতলৈ।

Sunday, 13 October 2019

Dancing With The Turbulence



Flying is not an optional experience for me. But it has been a very common means of long distance travel as our daughter Hiya is pursuing her education in Bangaluru and frequently we visit her there. Every time we go to meet her or back home from there, we get on an aeroplane because flying for 3 hours is a lot better than travelling for 3 days in a train. 

It was just yesterday, we took the Air India Flight from Bangaluru to Guwahati to cover an aerial distance of about 2500 km. Moments after the take off, our flight reached a height of about 7,000 feet from the ground. I was looking out through the window. There were only clouds below us. The ground was not visible anymore because some fluffy white clouds were appearing just like a blanket below the aircraft. They looked so good and comfortable. I was enjoying it to the fullest. 

Many people complain about the motion sickness in an aeroplane. I never have experienced any such problems during my flights. Motion sickness is often caused by the abrupt jostling of the aircraft due to turbulence. The repeated motion and continued stimulation of the inner ear disturb the sense of balance and equilibrium of many flyers. Once I saw a person experiencing air sickness and he even vomited during the flight. 

Our Air India flight was almost smooth till then. Suddenly I saw that the weather changed at that altitude and our flight was passing through some dense and dark clouds. Our plane started shaking moderately. The plane continued to shake up and down, side to side for about 2 or 3 minutes and suddenly an abrupt jostling dropped our plane into the air in such a way that the plane probably dropped by not less than 5 to 6 metre in just a fraction of a second !! We all experienced the zero "g" feelings in the flight. All the passengers in the flight were uttering in fear. It was felt like our aircraft would crash. During the turbulence it was felt like the plane was losing control and it was going to fall apart. 

I too felt totally helpless as if we were going to crash soon. The voice of the pilot came over : "We are having turbulence due to bad weather. Please fasten your seatbelt and stay calm. Thank you !" But who cares this message from the pilot ! Everyone in the plane were nervous, scared and uttering. I was digging my nails into the armrest and clawing at it firmly. Perhaps, my eyes were closed. My experience definitely had me clutching the armrests of my seat. It was really crumby and I never had experienced such a violent turbulence in my life before. 

The pilots were skillful and quickly they lifted the aircraft upward. But the plane continued to jolt again and again. Finally the turbulence reduced but the flight was pretty bumpy for the next half an hour or so. All these terrible up and down jolting of the aircraft  finally became stable and we landed safely at Lokapriya Gopinath Bordoloi International Airport, Guwahati.

After the safe landing at Guwahati, I started thinking that for human, flying is not a natural thing. We are not birds. If we have to fly like birds, we will have to face the reality of a flight. We must learn to fly with a turbulence. However, I must thank all the skillful pilots who always fly in air. Much respect for you.