Friday, 23 October 2020

তৃষ্ণাতুৰ কালিদাস আৰু আই সৰস্বতী


পঞ্চম শতিকাৰ কথা। মহাকবি কালিদাসে আমন্ত্ৰণ ৰক্ষা কৰি শাস্ত্ৰৰ গূঢ়াৰ্থ বিশ্লেষণ কৰাৰ উদ্দেশ্যে দাঁতি কাষৰীয়া দেশ এখনলৈ বুলি ৰাওনা হ'ল। পথ অতিক্ৰমৰ ভাগৰে জুৰুলা কৰা কালিদাস প্ৰখৰ ৰ'দত ক্লান্ত হৈ পৰিছিল। পিয়াহ নিবাৰণৰ বাবে ইফালে সিফালে চাই আগবাঢ়ি যোৱা কালিদাসৰ হঠাৎ চকুত পৰিল এগৰাকী মহিলা। তেওঁ ওচৰৰে কুঁৱা এটাৰ পৰা একলহ পানী লৈ তেওঁৰ দিশেই আগবাঢ়ি আহিছে। 

কালিদাসৰ মনটো ভৰি পৰিল। তেওঁ মহিলা গৰাকীৰ ওচৰলৈ দুখোজমান আগবাঢ়ি গৈ ক'লে : "হে মাতৃ ! সূৰ্যৰ প্ৰখৰ ৰ'দে মোক তৃষ্ণাতুৰ কৰি তুলিছে। পিয়াহ নিবাৰণৰ বাবে মোক অলপ পানী দিবনে?"

মহিলা গৰাকীয়ে কালিদাসলৈ চাই ক'লে - "তোমাৰ কষ্ট মই বুজি পাইছোঁ আৰু তোমাৰ তৃষ্ণা দূৰ কৰাৰ বাবে মই পানীও দিম। কিন্তু তাৰ আগত তোমাৰ চিনাকী দিয়া।"

শুকাই যোৱা ডিঙিটোৰে যেন এটা শব্দও উচ্চাৰণ কৰিবলৈ কালিদাসৰ শক্তি নাছিল। তথাপিও মহিলাগৰাকীক নিজৰ পৰিচয় দিবৰ বাবে তেওঁ ক'লে : "হে মাতৃ, আপুনি মোক এজন পথিক বুলিয়েই ধৰি লওক।"

কালিদাসৰ কথাত যেন মহিলা গৰাকী সন্তুষ্ট নহ'ল। তেওঁ কালিদাসক উদ্দেশ্যি ক'লে : "তুমি কেনেকৈ পথিক হ'লা? এই বিশ্বত পথিক কেৱল দুজনেই আছে আৰু তেওঁলোক হ'ল চন্দ্ৰ আৰু সূৰ্য। তেওঁলোকে অবিৰাম ভ্ৰমণ কৰি থাকে। তুমিটো তেওঁলোকৰ এজনো নহয়। তোমাৰ প্ৰকৃত পৰিচয় দাঙি ধৰা।"

কালিদাস যেন ক্ষন্তেকৰ বাবে অপ্ৰস্তুত হৈ পৰিল। তেওঁ ক'লে- "মই বুজি পাইছো। আপুনি মোক আপোনাৰ অতিথি বুলি ধৰি ল'ব পাৰে।"

মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে - "নহয়, নহয়… তুমি অতিথি হ'বই নোৱাৰা। আমাৰ জীৱনত দুজনেই অতিথি আছে আৰু তেওঁলোক হ'ল সম্পদ আৰু যৌৱন। এই  দুয়োটাই কাৰো জীৱনত স্থায়ী নহয়। সম্পদ আৰু যৌৱন দুয়োটাই আমাৰ জীৱনত অতিথিৰ দৰে ক্ষন্তেকীয়া। তুমি কোন বাৰু?"

জীৱন সম্পৰ্কে এগৰাকী মহিলাৰ দৰ্শনে কালিদাসক আচৰিত কৰি তুলিছিল। কিন্তু কালিদাস বিচলিত নহ'ল। তেওঁ পুনৰ মহিলা গৰাকীক উদ্দেশ্যি পুনৰ ক'বলৈ ধৰিলে - "তেন্তে আপুনি মোক এজন সহনশীল পুৰুষ বুলিয়েই ধৰি লওঁক। মই পিয়াহত কষ্ট পাইছো। দয়া কৰি মোক অলপ পানী দিয়ক।"

ঈষৎ হাঁহি এটা ওঁঠত বিৰিঙাই মহিলা গৰাকী পুনৰ ক'বলৈ ধৰিলে - "তোমাৰ উত্তৰত মই সন্তুষ্ট হ'ব নোৱাৰিলোঁ কাৰণ পৃথিৱীত সহনশীল বুলি দুটাই আছে। সেয়া হ'ল পৃথিৱী আৰু বৃক্ষ। পৃথিৱীয়ে পাপী তথা পুণ্যাত্মা সকলোৰে ভৰ সহি থকাৰ উপৰিও পৃথিৱীৰ বক্ষ বিদীৰ্ণ কৰি কৃষি কাৰ্য কৰাৰ পিছতো আমাক খাদ্য দান কৰে। তেনেদৰে বৃক্ষৰ দেহলৈ শিল দলিয়ালেও সকলো সহন কৰি ওলোটাই তেওঁকেই মিঠা ফল প্ৰদান কৰে। এতিয়া তুমিয়েই কোৱাচোন তুমি সহনশীল পুৰুষ হয় নে নহয়?" 

কালিদাস যেন হতাশ হৈ পৰিল। তৃষ্ণাতুৰ আৰু ক্লান্ত কালিদাসে পুনৰ ক'লে : "মই হতাশ নহওঁ মাতৃ। মোক অলপ পানী দিয়ক। আপুনি মোক এজন জেদী পুৰুষ বুলিয়েই ধৰি লওঁক।"

"তুমি পুনৰ মিছা পৰিচয় দিছা" - মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে। "আমাৰ শৰীৰৰ নখ আৰু চুলিহে আটাইতকৈ জেদী। নখ আৰু চুলি যিমানেই কাটা, সিমানেই বাঢ়ি আহি আগৰ দৰে হয়। তুমি তোমাৰ সঁচা পৰিচয় দিয়া।"

কালিদাস যেন সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিল। চৰম অপমানিত অনুভৱ কৰি কালিদাসে বিৰক্তিৰে ক'বলৈ ধৰিলে - "তেন্তে মই এজন মূৰ্খ। আপুনি সেয়াই মোৰ পৰিচয় বুলি জানি লওঁক।"

মহিলা গৰাকীয়ে পুনৰ ক'বলৈ ধৰিলে - "তুমি বাৰু কেনেকৈ মূৰ্খ হ'বা ? মূৰ্খ কেৱল দুজনহে থাকে। প্ৰথমজন সেইজন ৰজা, যিজনে যোগ্যতা নোহোৱাকৈ দেশ শাসন কৰে আৰু দ্বিতীয়জন হ'ল সেইগৰাকী পণ্ডিত, যিজনে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে অসত্যকো সত্য বুলি প্ৰতিষ্ঠা কৰিবলৈ তৰ্ক কৰে।"

কালিদাস যেন মুক হৈ পৰিল। তেওঁৰ মুখত আৰু একো উত্তৰেই নাছিল। তেওঁ ইতিমধ্যে বুজি পাইছিল যে এই মহিলা গৰাকী এগৰাকী বিদূষী মহিলা। কালিদাসে এইবাৰ মহিলা গৰাকীৰ ভৰিত পৰি থোকাথোকি মাতেৰে কৰিবলৈ ধৰিলে - "হে মাতৃ ! ইমান দিনে মই নিজকেই চিনি পোৱা নাছিলোঁ। পিয়াহত মোৰ প্ৰাণ যায় যায় অৱস্থা। দয়া কৰি মোক অলপ পানী দিয়ক……।"

দুবাহুত ধৰি মহিলা গৰাকীয়ে কালিদাসক ভৰিৰ পৰা উঠাই আনি ক'লে : "উঠা বৎস..."

কম্পিত দুভৰিত জোৰ দি ধীৰে ধীৰে থিয় হৈ কালিদাসে মহিলা গৰাকীলৈ চালে। কিন্তু এয়া কি…? তেওঁৰ সন্মূখত যে সাক্ষাৎ দেৱী সৰস্বতী ! কালিদাস পুনৰ দেৱী সৰস্বতীৰ চৰণত উবুৰি খাই পৰিল।

সৰস্বতীয়ে ক'বলৈ ধৰিলে - "শিক্ষাৰ পৰা জ্ঞান আহে, অহংকাৰ নহয়। তুমি শিক্ষাৰ জৰিয়তে আহৰণ কৰা সন্মান আৰু প্ৰতিষ্ঠাক নিজৰ উপলদ্ধি বুলি ভাবি অহংকাৰী হৈ পৰিলা। সেয়ে মই এই পৰীক্ষাটো ল'লো। হে মহাকবি কালিদাস; আহা, তোমাৰ তৃষ্ণা নিবাৰণ কৰা।"


উৎস : http://doerlife.com/mahakavi-kalidasa-old-woman/ 

(কৃতজ্ঞতা : Tapan Mahanta, টংলা)

Saturday, 3 October 2020

বোকোচাত হৃদপিণ্ড কঢ়িওৱা মহিলাগৰাকী

হৃদযন্ত্ৰবোৰ হৃদপেশীৰ দ্বাৰা গঠিত পাম্প সদৃশ একোটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ, যিয়ে অবিৰতভাৱে প্ৰাণীৰ দেহত জীৱন থকালৈকে স্পন্দিত হৈ গোটেই দেহত ৰক্ত পৰিবহণ কৰে। হৃদযন্ত্ৰ অবিহনে জীৱন সম্ভৱ নহয়। কিন্তু আচৰিত কথাটো হ'ল এই যে ছেলৱা হুছেইন (Selwa Hussain) নামৰ UKৰ এগৰাকী মহিলাই যোৱা ২০১৭ চনৰ ২৭ জুনৰ পৰাই এটি ৬.৮ কেজি ওজনৰ কৃত্ৰিম হৃদযন্ত্ৰ পিঠিত বোকোচা বান্ধি লৈ ফুৰিছে। 

সেয়া ২০১৭ চনৰ মে মাহৰ প্ৰথম সপ্তাহৰ কথা। শ্বাস প্ৰশ্বাসৰ ভয়ংকৰ বিসংগতিয়ে ছেলৱাৰ জীৱন অসহনীয় কৰি তুলিছিল। পৰিয়ালৰ লোকে ততাতৈয়াকৈ ৩৯ বছৰীয়া ছেলৱাক ভৰ্তি কৰিলেহি লণ্ডনৰ "Harefield" নামৰ হস্পিতালখনত। পৰীক্ষাৰ অন্তত চিকিৎসক সকলে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে যে ছেলৱা ইতিমধ্যে হৃদযন্ত্ৰৰ জটিল বিসংগতিত ভূগিছে আৰু তেওঁৰ হৃদযন্ত্ৰটো প্ৰায় বিকল হৈ পৰিছে।

চিকিৎসকৰ মতে অতি সোনকালে ছেলৱাৰ দেহৰ পৰা বিকলপ্ৰায় হৃদযন্ত্ৰটো উলিয়াই আনি তাৰ ঠাইত কৃত্ৰিম হৃদযন্ত্ৰ স্থাপন নকৰিলে, যিকোনো মূহুৰ্ততে ছেলৱাৰ মৃত্যু হ'ব। পৰিয়ালৰ লোকৰ সন্মতি সাপেক্ষে ২০১৭ চনৰ ২৭ জুনৰ দিনা "হেয়াৰফিল্ড" হস্পিতালৰ Diana Garcia Saez আৰু Andre Simon নামৰ দুগৰাকী চাৰ্জনে প্ৰায় ছয় ঘণ্টা জোৰা এটা জটিল অস্ত্ৰোপচাৰেৰে ছেলৱাৰ দেহৰ পৰা হৃদযন্ত্ৰটো উলিয়াই আনি তাৰ ঠাইত প্ৰায় ৬.৮ কেজি ওজনৰ এটা কৃত্ৰিম হৃদযন্ত্ৰ স্থাপন কৰে। এই কৃত্ৰিম হৃদযন্ত্ৰটো দৰাচলতে ৪ ভল্টৰ দুটা বেটাৰীৰ দ্বাৰা পৰিচালিত হোৱা এটা বৈদ্যুতিক মটৰহে। বেটাৰীৰ পৰা বিদ্যুত প্ৰবাহ আহৰণ কৰি এই মটৰটোৱে ৰোগীৰ পিঠিত ৰখা এটা বিশেষ ধৰণৰ প্লাষ্টিকৰ মোনালৈ বায়ুৰ সোঁত সৃষ্টি কৰে। পৰবৰ্তী পৰ্যায়ত এই বায়ুৰ সোঁত ৰোগীজনৰ বুকুত স্থাপন কৰি ৰখা কৃত্ৰিম হৃদযন্ত্ৰটোলৈ প্ৰেৰণ কৰি ৰোগীৰ দেহত তেজৰ সঞ্চালন ঘটোৱা হয়। 

হৃদযন্ৰৰ সফল প্ৰতিস্থাপনৰ পিছতো ছেলৱাক পৰবৰ্তী দুমাহ মান হস্পিতালতেই ৰাখি পৰ্যবেক্ষণ কৰা হৈছিল। তাৰপিছত ছেলৱাক ঘৰলৈ যাব দিয়া হয়। ছেলৱাৰ দেহত থকা কৃত্ৰিম হৃদযন্ত্ৰটোৱে গড় হিচাবত প্ৰতি মিনিটত প্ৰায় ১৩৮ বাৰ দেহলৈ তেজৰ সোঁত প্ৰেৰণ কৰিব পাৰে। সন্তান আৰু স্বামীসহ এতিয়া ছেলৱাই সুস্থ হিচাবে জীৱন যাপন কৰি আছে।

Friday, 25 September 2020

পুৰুষত্বৰ জৈৱিক বিপৰ্যয়


পুৰুষৰ পৌৰুষত্বৰ প্ৰতীক Y ক্রম'জম। নাৰীৰ দেহত থকা কোষৰ দুয়োডাল যৌন ক্রম'জমেই X (অর্থাৎ XX) আনহাতে পুৰুষৰ ক্ষেত্ৰত এই সংগঠন XY। যেনেদৰে Y ক্রম'জম পুৰুষত্বৰ প্রতীক থিক তেনেদৰে X ক্ৰম'জম নাৰীত্বৰ প্ৰতীক। Y ক্রম'জম বিশেষ গুণ এটা হ'ল যে এই ক্ৰম'জমতেই আছে "SRY জিন" যিয়ে মাতৃ গৰ্ভত ভ্রূণ এটিক পুৰুষ হিচাবে বিকশিত কৰে। শেহতীয়াকৈ "দ্য কনভাৰছেচন ডট কম" নামৰ গৱেষণা গ্ৰন্থখনত বিজ্ঞানী সকলে প্রকাশ কৰিছে যে জীৱনৰ অন্যান্য গুৰুত্বপূৰ্ণ কাম কাজ সমূহৰ বাবে Y ক্ৰম'জম বিশেষ জৰুৰী নহয়। ক্ৰমবিকাশৰ লগে লগে সেয়েহে খুব দ্রুতগতিত Y ক্ৰম'জমৰ অৱনতি ঘটিছে আৰু অদূৰ ভৱিষ্যতে মানুহৰ দেহৰ কোষৰ পৰা হেৰাই যাৱ এই Y ক্ৰম'জম !!


আমাৰ দেহ কোষত 46 ডাল ক্ৰম’জম আছে৷ তাৰ ভিতৰত দুডাল লিংগ নিৰূপক (Sex Chromosome) ক্ৰম’জম৷ এই লিংগ নিৰূপক ক্ৰম’জম দুডাল শক্তিশালী অনুবীক্ষণ-যন্ত্ৰৰ সহায়ত সহজেই চিনিব পাৰি কাৰণ পুৰুষৰ ক্ষেত্ৰত এই ক্ৰম'জমৰ আকৃতি  ইংৰাজীৰ X আৰু Y বৰ্ণ দুটাৰ দৰে৷ আনহাতে মহিলাৰ ক্ষেত্ৰত দুয়োডাল X আকৃতিৰ৷ গতিকে পুৰুষ বুলি কলে 44+XY, আৰু মহিলা বুলি কলে 44+XX বুলি লিখা হয়৷ দেহৰ প্ৰতিটো কোষেই পুৰুষৰ ক্ষেত্ৰত XY আৰু মহিলাৰ ক্ষেত্ৰত XX হিচাপে সজ্জিত থাকে৷


প্রায় 300 মিলিয়ন বছৰ পূর্বে, সৰীসৃপ জাতীয় পূর্বপুৰুষৰ দৈহিক ক্রম'জমবোৰৰ "ট্ৰান্সক্ৰিপচন ফেক্টৰ জিন" (এছ.ও.এক্স 3)ৰ ৰূপান্তৰন হৈ Y ক্ৰম'জম সৃষ্টি হৈছিল। তাৰ পৰৱৰ্তী 166 মিলিয়ন বছৰ পৰ্যন্ত, স্তন্যপায়ী প্রাণীবোৰৰ বিকাশৰ সময়লৈ X আৰু Y - দুয়োডাল ক্রম'জমৰ আকাৰ আৰু গুণাগুণ একেই আছিল। দুয়োডাল ক্ৰম'জমতই আছিল সম সংখ্যক জিন। কিন্তু পিছলৈ Y ক্রম'জমৰ বিপর্যয় আৰম্ভ হয়। ক্ৰম'জমেল মিউটেশন বা উৎপৰিবৰ্তনৰ বাবে Y ক্রম'জমত অস্বাভাৱিকতাই দেখা দিয়ে যাৰ বাবে এই ক্রম'জমডাল ক্ৰমে ছুটি হৈ আহিব ধৰাৰ লগতে ক্রম'জমডালৰ মুঠ জিনৰ সংখ্যাও চকুত লগাকৈ কমি আহিব ধৰে। 


"PLoS Genetics" নামৰ গৱেষণা গ্ৰন্থখনত প্ৰকাশ পোৱা তথ্য অনুসৰি এডাল X ক্ৰম'জমত 1400ৰ পৰা 1500 টা জিন থকাৰ পৰিবৰ্তে একোডাল Y ক্রম'জমত থকা জিনৰ সংখ্যা 55 ৰ পৰা 60 টা মাত্ৰ ! বর্তমান সময়ত মানুহৰ দেহৰ X ক্ৰম'জমৰ তুলনাত Y ক্রম'জমডাল তিনি ভাগৰ এভাগ। অৰ্থাৎ, বিগত সময়চোৱাত Y ক্রম'জমডালে X ক্ৰম'জমৰ তুলনাত তিনি গুণ আকাৰ হেৰুৱাৰ উপৰিও প্ৰায় 1400 টা জিনো হেৰুৱাইছে। সেই দিশৰ পৰা বিজ্ঞানীসকলে Y ক্রম'জমডালৰ উৎপৰিবৰ্তনৰ হাৰ গণনা কৰি পাইছে যে আগন্তুক 4.5 মিলিয়ন বছৰৰ ভিতৰত মানুহৰ দেহকোষৰ পৰা Y ক্রম'জমডাল সম্পূৰ্ণ ৰূপে বিলুপ্ত হৈ যাৱ। 


যিহেতু Y ক্রম'জমত থকা SRY জিনেহে মাতৃ গৰ্ভত থকা ভ্রূণ এটিক পুৰুষ হিচাবে বিকশিত কৰে, সেয়েহে Y ক্রম'জমৰ অবৰ্তমানত 4.5 মিলিয়ন বছৰৰ পিছত পুৰুষ বুলি কোনো লিংগ নাথাকিব ! পুৰুষ অবিহনেই এই পৃথিৱীত জীয়াই থাকিব লাগিব নাৰী। পুৰুষ অৱিহনেই হয়তো নাৰীয়ে জন্ম দিব যাব নাৰীক। তেওঁলোকৰ বাবে "পুৰুষ" নামতো হৈ পৰিব এটা আভিধানিক শব্দ মাথোন !!!


সবিশেষ জানিবলৈ পঢ়ক……

https://thewire.in/health/the-y-chromosome-is-disappearing-so-whats-in-the-future-for-men

Thursday, 24 September 2020

অসাধাৰণ প্ৰতিভাৰ শিশু


সেয়া 1785 চনৰ কথা । জাৰ্মানীৰ এখন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক শিক্ষকে 1 ৰ পৰা 100 লৈ সংখ্যাকেইটাৰ যোগফল উলিয়াবলৈ দিলে । শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীবোৰে অংকটো কৰিবলৈ আৰম্ভ কৰিলে: 1 + 2 + 3 + 4 +.......+ 100 = ? 

সকলোৱেই গণনাত ব্যস্ত । এজন ছাত্ৰই তৎক্ষণাত অংকটো কৰি শিক্ষকক দেখুৱালে । অংকটো দেখি শিক্ষকজন আচৰিত হৈ গল । লৰাজনে সম্পূৰ্ণ এটা নতুন নিয়মেৰে অংকটো কৰি পেলাইছে ।

লৰাজনেক কৰাঅংকটো :

(1+100) + (2+99) + (3+98) + .... + (50+51)

প্ৰতি বাৰতেই যোগফল 101 আৰু এনে যুৰীয়া সংখ্যাৰ সংখ্যা মুঠ 50 টা । এতেকে যোগফল 101 x 50 = 5050 । সেই অসাধাৰণ ছাত্ৰজনেই হ'ল যোহান কাৰ্ল ফ্ৰেডেৰিক গাউচ যিয়ে পৰবৰ্তী সময়ত এজন প্ৰসিদ্ধ গণিতজ্ঞ হিচাপে পৰিচিত হৈছিল ।

Friday, 18 September 2020

গগনযান আৰু চন্দ্ৰযান-৩ ৰ প্ৰস্তুতি


২০২১ চনৰ প্ৰথম ভাগতেই ভাৰতৰ তৃতীয়টো চন্দ্ৰ অভিযানৰ প্ৰস্তুতি চলি আছে। উল্ল্যেখযোগ্য যে আগৰ দুটা চন্দ্ৰ অভিযানৰ দৰে এইবাৰৰ  চন্দ্রযান-৩ য়ে কঢ়িয়াই নিনিয়ে অৰিটাৰ। চন্দ্ৰ অভিযানৰ প্ৰথমটো ধাপতেই সফল হোৱা ভাৰতীয় বিজ্ঞানী সকলে চন্দ্রযান-২ৰ ক্ষেত্রতো বিভিন্ন সফলতা লাভ কৰিলেও "চফ্ট লেণ্ডিঙ"ৰ সময়চোৱাত ঘটা কাৰিকৰী বিজুতিৰ বাবে "বিক্ৰম" নামৰ লেণ্ডাৰখন জোনবাইৰ বুকুত সফলতাৰে অৱতৰণ কৰাব পৰা নাছিল। সেইবাবে ইছৰোৰ বিজ্ঞানীসকলে এইবাৰ জোনবাইৰ বুকুত সফলতাৰে লেণ্ডাৰক অৱতৰণ কৰাবকৈ বিশেষ সতৰ্কতামূলক পৰীক্ষাবোৰ সমাপন কৰিছে। 


তৃতীয় চন্দ্র অভিযানত অৰবিটাৰ নেথাকিলেও লেণ্ডাৰ থাকিব। এই লেণ্ডাৰখনৰ ভিতৰত থাকিব এখন "ৰোভাৰ"। অৱশ্যে এই লেণ্ডাৰ আৰু ৰোভাৰৰ নাম এতিয়াও থিৰাং কৰা হোৱা নাই। 


সাম্প্ৰতিক কোভিড ১৯ মহামাৰীৰ বাবে ইছৰোৰ অত্যন্ত গুৰুত্বপূৰ্ণ বহুত পৰীক্ষা নিৰীক্ষা বিলম্বিত হৈছে। সেয়েহে ২০২০ চনত চন্দ্ৰযান-৩ উৎক্ষেপণৰ যি চিন্তা চৰ্চা চলিছিল, সেয়া কিছু বিলম্বিত হৈছে। প্ৰতিটো উৎক্ষেপণৰ একোটি নির্দিষ্ট দিন আৰু সময় থাকে আৰু ইয়াক "লঞ্চ উইণ্ডো" বুলি কোৱা হয়। প্ৰস্তাবিত চন্দ্ৰযান-৩ৰ "লঞ্চ উইণ্ডো" এতিয়াও চূড়ান্ত হোৱা নাই। তথাপিও ইছৰোৰ মতে অহা ২০২১চনৰ মাৰ্চ বা এপ্ৰিল মাহত হয়তো চন্দ্ৰযান-৩ জোনবাইৰ দেশলৈ বুলি উৰা মাৰিব। 


ভাৰতীয় বিজ্ঞানীসকলে চন্দ্ৰযান-৩ৰ সমান্তৰালকৈ গগণযান নামৰ মহাকাশ যানখনৰ জৰিয়তে মহাকাশলৈ মানুহ প্ৰেৰণ কৰিবলৈও কাম কাজ কৰি আছে। বিগত ২০ ফেব্রুৱাৰী, ২০২০ৰ পৰাই ছোভিয়েট ৰাছিয়াত চাৰি গৰাকী ভাৰতীয় বিজ্ঞানীৰ মহাকাশ প্রশিক্ষণ আৰম্ভ হৈছে। অৱশ্যে ভাৰত চৰকাৰে তেওঁলোকৰ পৰিচয় সম্প্ৰতি গোপনে ৰাখিছে। ইতিমধ্যে ভাৰতৰ গগনযানৰ মহাকাশ যাত্রীসকলৰ বাবে প্ৰয়োজনীয় "স্পেছ ছুট" তৈয়াৰ কৰা কাম আৰম্ভ হৈছে। ৰাছিয়াৰ জেড্ডা নামৰ এটি সংস্থাই ভাৰতীয় মহাকাশচাৰী সকলৰ "স্পেছ ছুট" তৈয়াৰ কৰাৰ লগতে মহাকাশচাৰীৰ শয়ন বেগ বা "স্পেছ শ্লিপিং বেগ"ৰ কামবোৰো হাতত লৈছে। ২০২২ চনৰ কোনোবা এটি বিশেষ দিনত গগনযানেও উৰা মাৰিব মহাকাশৰ বুকুলৈ অগণন ভাৰতীয়ৰ সপোনবোৰ সাৱটি লৈ…। এতিয়া মাথোন অপেক্ষা। জয় হিন্দ ! 🇮🇳 🇮🇳 🇮🇳

পৰীক্ষাগাৰত কৃত্ৰিম জীৱন

 


মার্কিন বিজ্ঞানীসকলে প্রথমবাৰলৈ গৱেষণাগাৰত কৃত্রিম জীৱন সৃষ্টি কৰিছে। মেৰীলেণ্ড আৰু কেলিফোৰ্নিয়া ইনষ্টিটিউটৰ বিজ্ঞানী ড° ক্রেইগ ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানীসকলে কৃত্রিম প্রাণধাৰী এটা কোষ সৃষ্টি কৰিছে। ইয়াৰ বাবে তেখেতসকলে এটা টেষ্ট টিউবত কৃত্রিম ভাৱে সৃষ্টি কৰা ডি.এন.এৰ সহায়ত এডাল  ক্রম'চোম তৈয়াৰ কৰি লয় আৰু পৰবৰ্তী পৰ্যায়ত এই ক্রম'চোমডাল আগতেই পৰা ৰিক্ত কৰি থোৱা প্ৰাণহীন কোষ এটালৈ স্থানান্তৰ কৰে। ক্ৰম'চোম প্ৰতিস্থাপনৰ পিছত প্ৰাণহীন কোষটোৰ ভিতৰত প্ৰতিনিয়ত ভাৱেই জৈৱিক ক্ৰিয়াসমূহ সমাপন হ'বলৈ আৰম্ভ কৰে আৰু জীৱনৰ বাবে প্ৰয়োজনীয় কাম কাজবোৰ সুচাৰু ৰূপে চলাই যাবলৈ ধৰে।


গৱেষণাৰ সময়ত ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানী সকলে প্রথমে এটা বেক্টেৰীয়াৰ জিনীয় নক্সা তৈয়াৰ কৰি লৈ সেই নক্সা অনুসৰি কৃত্ৰিম ডি.এন.এ আৰু ক্ৰম'চোম সংশ্লেষণ কৰি আন এটি বেক্টেৰীয়াৰৰ কোষলৈ প্রতিস্থাপন কৰাইছিল।  সেই বিশেষ বেক্টেৰীয়টোৰ ডি.এন.এ আগতেই কোষটোৰ পৰা পৃথক কৰি ৰখা হৈছিল, যাৰ বাবে এই বেক্টেৰীয়টো প্ৰাণহীন আছিল। কিন্তু প্রতিস্থাপন প্ৰক্রিয়াৰ পিছত বেক্টেৰীয়াটোৱে নতুন জীৱন পায়। 


ভেণ্টাৰ আৰু তেওঁৰ সহযোগী বিজ্ঞানী সকলে "প্ৰাণ দান" কৰা এই কোষটোক কৃত্ৰিম কোষ বা সংশ্লেষিত কোষ (Synthetic Cell) বুলি অভিহিত কৰিছে কাৰণ কোষটোক প্ৰাণ দিবলৈ ব্যৱহাৰ কৰা ডি.এন.এ আৰু ক্রম'চোম সমূহ তেওঁলোকে বিভিন্ন ধৰণৰ ৰসায়নিক যৌগৰ সংমিশ্রণত পৰীক্ষাগাৰতেই তৈয়াৰ কৰি লৈছিল।


কৃত্রিম জীৱন্ত কোষ সৃষ্টিৰ ক্ষেত্ৰত বিজ্ঞানী সকলৰ এই সাফল্যই জীৱনদায়িনী ঔষধ প্ৰস্তুতকৰণৰ লগতে বিকল্প ইন্ধন তৈয়াৰ কৰাৰ লগতে কার্বন শোষণকাৰী অনুজীৱ সৃষ্টিত মূখ্য ভূমিকা লৈ মানৱজাতিৰ কল্যাণ সাধনত যথেষ্ঠ গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে। তথাপিও আমাৰ মনত এটা সংশয় ৰৈ যাব। কাৰণ কৃত্রিমভাৱে তৈয়াৰ কৰা এনে জীৱন্ত কোষে সমগ্ৰ মানৱজাতিক বিপদতো পেলাব পাৰে। এনে কৃত্ৰিম অনুজীৱবোৰে আমাৰ মাজলৈ কঢ়িয়াই আনিব পাৰে বিভিন্ন অচিন ৰোগৰ লগতে মহামাৰীৰ আন এক নতুন সংশয়। তদুপৰি এনে জীৱাণুবোৰ যুদ্ধাস্ত্র হিচাবেও ব্যবহৃত হ'ব পাৰে। ভৱিষ্যতৰ সাম্ভাব্য জীৱাণু যুদ্ধ পাৰমাণৱিক যুদ্ধতকৈ কোনো গুণে কম ভয়াৱহ নহয়।


তলৰ লিংকটো খুলি চাব পাৰে…

https://www.bbc.com/news/science-environment-48297647

Sunday, 13 September 2020

বৰষুণৰ গোন্ধ


"মনত আছেনে, দুয়ো গৰখীয়া

শ্বৰাতিৰ সুৰে সুৰে

কিন কিন বৰষুণে বৰষুণে ভিজা

শ্বিলং পিকত সেই দেওবাৰে পুৱা……"

বৰষুণে ধুৱাই নিয়া সদ্যস্নাতা ধৰাৰ বুকুৰ পৰা অহা গোন্ধে আপোনাক কেতিয়াবা পুলকিত কৰি তুলিছেনে? কেঁচা মাটিৰ ভিজা ভিজা সুবাসেৰে সমৃদ্ধ বৰষুণৰ গোন্ধে ধৰাৰ বুকুলৈ কঢ়িয়াই আনে সৃষ্টিৰ সপোন। বৰষুণৰ প্ৰথম টোপালবোৰ মাটিত সৰি পৰাৰ থিক পিছতেই পৰিচিত এটি গোন্ধ ওলায়। বৰষুণৰ আগৰ মাটিৰ গোন্ধ আৰু বৰষুণৰ পিছৰ মাটিৰ গোন্ধ সুকীয়া। কিন্তু বৰষুণে সেমেকাই তোলা মাটিৰ গোন্ধটোৱেনো আহে ক'ৰ পৰা ? 


ইয়াৰ কাৰণ হিচাবে বিজ্ঞানী সকলে তিনিটা কাৰকৰ তথ্য দিছে। সেইবোৰ হ'ল মাটিত থকা কেতবোৰ বিশেষ বেক্টেৰীয়া, মাটিত গজি থকা গছৰ পৰা নির্গত তেলজাতীয় পদাৰ্থ আৰু বজ্রপাতৰ সময়ত নির্গত হোৱা ইলেকট্রনৰ চার্জ বা আধান। বিজ্ঞানী সকলে এই বিশেষ পৰিঘটনাটোৰ নাম দিছে "পেট্রিকোৰ" (petrichor) অর্থাৎ '‘বৰষুণৰ গোন্ধ'’ !


বৰষুণৰ পিছৰ কেঁচা মাটিৰ গোন্ধৰ বাবে আলোচ্য একটিনোমাইচিটিসচ (actinomycetes) নামৰ মাটিত থকা বেক্টেৰীয়াবোৰে জিওষ্মিন (geosmin) নামৰ এক ধৰণৰ জৈৱ যৌগ সৃষ্টি কৰে। বৰষুণৰ পানী মাটিত পৰাৰ লগে লগে এই যৌগবোৰ পানীৰ লগত মিহলি হৈ বায়ুৰ সংস্পর্শলৈ অহাৰ লগে লগে এক বিশেষ ধৰণৰ গোন্ধ ওলায়। সামান্য মাত্ৰাৰ জিওষ্মিনৰ পৰাই যথেষ্ট পৰিমানৰ গন্ধযুক্ত গেছ তৈয়াৰ হয়। প্রতি ট্রিলিয়নে পৰিমানৰ মাটিত মাত্র ৫ শতাংশ জিওষ্মিন থাকিলেই এই গোন্ধ মানুহৰ ঘ্ৰানেন্দ্ৰিয়ই সংগ্ৰহ কৰিব পাৰে। ডাঙৰ আকাৰৰ পানীৰে পৰিপূৰ্ণ এটা পুখুৰীত এচামুচ জিওষ্মিন থাকিলেই মোটামোটি ওপৰত উল্ল্যেখ কৰা পৰিমানটো বুজিবলৈ সহজ হ'ব।


বিজ্ঞানী সকলৰ গৱেষণাত পোৱা গৈছে যে খৰাং বা শুষ্ক পৰিবেশত উদ্ভিদবোৰে এক ধৰণৰ বিশেষ তৈলজাতীয় পদাৰ্থৰ মিশ্রণ তৈয়াৰ কৰে। এই তেলবোৰে উদ্ভিদৰ বৃদ্ধি স্তিমিত কৰি পৰিবেশৰ লগত খাপ খাবলৈ সাময়িক ভাৱে পানীৰ চাহিদা কমায়। উদ্ভিদবোৰে এই তৈলজাতীয় মিশ্রণটো সৃষ্টি কৰিবলৈ মাটিৰ পৰাই উপাদানবোৰ সংগ্ৰহ কৰে। বৰষুণৰ পানীৰ উপস্থিতিত এই তৈলজাতীয় উদ্বায়ী পদার্থবোৰ সিক্ত হৈ বায়ুত মিহলি হয় আৰু এক বিশেষ গোন্ধৰ সৃষ্টি কৰে।


বৰষুণৰ থিক আগমূহুৰ্ততো এক ধৰণৰ বিশেষ গোন্ধ পোৱা যায়। বৰষুণৰ আগে আগে হোৱা বিজুলী ঢেৰেকণিৰ সময়ত এই গোন্ধ পোৱা যায়। ইয়াৰ কাৰণ হ'ল বায়ুমণ্ডলৰ ইলেকট্রিক চার্জ। বিজুলী ঢেৰেকণিয়ে বায়ুত থকা অক্সিজেনৰ অণুবোৰ ভাঙি অক্সিজেন পৰমাণুলৈ ৰূপান্তৰ কৰে। সেই মুক্ত অক্সিজেনৰ পৰমাণুবোৰ বায়ুমণ্ডলৰ অন্য অক্সিজেন অণুৰ সৈতে মিলি অজ'ন অণু সৃষ্টি কৰে। এই অজ'ন গেছৰ এটা বিশেষ গোন্ধ আছে, যি কিছু পৰিমানে ক্ল'ৰিনৰ গোন্ধৰ দৰে বা পোৰা বৈদ্যুতিক তাঁৰ এডালৰ দৰে। সাধাৰণতে অজ'ন গেছ বায়ুমণ্ডলৰ উচ্চ স্তৰতহে পোৱা যায়। কিন্তু বৰষুণৰ আগে আগে জোৰকৈ বলা নিম্নগামী বতাহৰ সোঁতে অজ'নৰ এই গোন্ধ বায়ুমণ্ডলৰ নিম্ন স্তৰলৈ কঢ়িয়াই আনে আৰু তেতিয়াই আমি বৰষুণৰ আগলিবতৰা কঢ়িয়াই অনা গোন্ধটো পাও।

Wednesday, 12 August 2020

সংশয়, শংকা আৰু ক'ভিড-১৯


সাম্প্ৰতিক সময়চোৱাত আমি সৰ্বসাধাৰণ ৰাইজে ক'ভিড-19ৰ ফলত সৃষ্টি হোৱা প্ৰত্যাহ্বান আৰু ভাবুকিৰ সৈতে সহাৱস্থান কৰি আহিছোঁ। প্ৰতিদিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যাও বাঢ়ি যাবলৈ ধৰিছে। অৱশ্যে বিশেষ কোনো চিকিৎসাবিধি বা নিৰ্দিষ্ট কোনো প্ৰতিষেধক অবিহনেই চিকিৎসক সকলৰ প্ৰচেষ্টাত বেচি সংখ্যক লোকেই ৰোগটোৰ পৰা উপশমো লাভ কৰিছে। তদুপৰি চৰকাৰৰ নিৰ্দেশনা বোৰেও এই মহামাৰীৰ সংক্ৰমণ কিছু হ'লেও স্তিমিত কৰিবলৈ সক্ষম হৈছে। সমান্তৰাল ভাবে ক'ভিড ১৯ মহামাৰী সম্পৰ্কে অজস্ৰ বাতৰি আৰু তথ্য প্ৰচাৰ হৈ আহিছে। কিন্তু ইয়াৰ মাজৰ পৰা সত্য আৰু নিৰ্ভৰযোগ্য তথ্যবোৰ বাচি উলিওৱাটো বৰ্তমান আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান।


যিহেতু ক'ভিড ১৯, গৱেষক বিজ্ঞানী সকলৰ বাবেই আজি এক বিৰাট প্ৰত্যাহ্বান, তেনেস্থলত ইলেকট্ৰনিক বা প্ৰিণ্ট মিডিয়াৰ লগতে অন্যান্য বিভিন্ন উৎসৰ পৰা অহা এনে বাতৰি বা তথ্যসমূহৰ নিৰ্ভৰযোগ্যতা নিশ্চয়কৈ সন্দেহাতীত নহয়। কেতবোৰ পৰিসংখ্যা আৰু সম্ভাৱনাৰ ওপৰত প্ৰতিস্থিত এনে একো একোটা বাতৰিয়ে মূহুৰ্তৰ ভিতৰতে আমাৰ মনত আশাৰ সঞ্চাৰ কৰে যদিও আন এটা মূহুৰ্তত আমাক পুনৰ ভীতিগ্ৰস্থ কৰি তোলে।


সম্প্ৰতি দুটা মান বিষয় সম্বন্ধে মই চিন্তিত হৈ পৰিছোঁ। এয়া মোৰ অজ্ঞতাও হ'ব পাৰে। মোৰ মনত সৃষ্টি হোৱা সংশয় দূৰ কৰিবলৈ বিজ্ঞজনৰ সহায় বিচাৰিছোঁ।


চৰকাৰে দিয়া তথ্য অনুসৰি (হয়তো) অহা ছেপ্টেম্বৰ মাহৰ পৰা বিশেষ চৰ্ত সাপেক্ষে বিদ্যালয়সমূহ খুলিব পাৰে। অৱশ্যে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয়। বিদ্যালয় সমূহ খোলাৰ পিছত যদিহে ছাত্ৰ ছাত্ৰীৰ উপস্থিতি বাধ্যতামূলক নহয়, তেন্তে বিদ্যালয়লৈ নহা ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাগ্ৰহণ কেনেদৰে হ'ব? তেওঁলোক পুনৰ পিছ পৰি নেযাবনে?


আমাৰ ২য় সন্তান ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ। তেওঁলোকৰ পাঠদান হয়তো নিৰ্দেশনা অনুসৰি গ্ৰামাঞ্চলৰ মুকলি খেলপথাৰত অথবা কোনোবা লোকৰ চোতালত হ'ব। শিক্ষাগ্ৰহণৰ বাবে ৰ'দ বা বৰষুণত সি অথবা আন ছাত্ৰ ছাত্ৰী সকলে বাৰু মুকলি পথাৰত বা কোনো লোকৰ চোতালত শিক্ষাগ্ৰহণৰ বাবে বহি থাকিব পাৰিবনে? তাক বিদ্যালয়লৈ (আচলতে মুকলি পথাৰলৈ বা কোনোবা লোকৰ চোতাললৈ) শিক্ষাগ্ৰহণৰ বাবে পঠিয়ালে ভাল হ'ব নে নপঠিয়ালে ভাল হ'ব?


চৰকাৰী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলে ক'ভিড টেষ্ট কৰিহে বিদ্যালয়লৈ আহিব। ভাল কথা। কিন্তু যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ আহিব, তেওঁলোক অথবা তেওঁলোকৰ পিতৃ মাতৃসকল কোভিড ১৯ত আক্ৰান্ত নহয় বুলি নিশ্চিত নেকি? তেওঁলোকে যদি ঘৰৰ পৰা বা তেওঁলোকৰ অঞ্চলৰ পৰা মহামাৰীটো বিদ্যালয়লৈ আনি শ্ৰেণীকোঠাৰ আন ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক সকলক দিয়ে? তেনেস্থলত কেৱল শিক্ষকসকলৰ ক'ভিড টেষ্টহে "মেণ্ডেটৰী" কিয়? বিদ্যালয় খোলাৰ আগতে সকলো শিক্ষক আৰু কৰ্মচাৰীৰ লগতে সংক্ৰমণশীল এই ৰোগটোৰ পৰা পৰিত্ৰাণ পাবলৈ সকলো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলৰ ক'ভিড টেষ্ট জৰুৰী নহয় নেকি?

 

Friday, 24 July 2020

শ্বেতগহ্বৰৰ ধাৰণা


বিস্ময়েৰে ভৰা আমাৰ এই বিশ্বব্ৰহ্মাণ্ড। পাৰাপাৰ হীন অসীম বিশ্বব্ৰহ্মাণ্ডখনক বুজি উঠিবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাই গৈছে বিজ্ঞানীসকলে। তেওঁলোকৰ দ্বাৰা এতিয়ালৈ আৱিষ্কৃত অনেকবোৰ তথ্যৰেই বাস্তৱিক অস্তিত্ব আছে যদিও এনে অনেক তথ্যৰ সন্ধানো আমাক বিজ্ঞানী সকলে দিছে, যিবোৰ তথ্যৰ অস্তিত্ব কেৱল তাত্বিক ভাবেই সত্য। এনে তাত্বিক বিষয়বোৰৰ ভিতৰত এটা হ'ল White hole বা "শ্বেত গহ্বৰ"।

শ্বেত গহ্বৰ সম্পর্কে জনাৰ আগতে আমি ব্লেক হোল বা কৃষ্ণ গহ্বৰ সম্পর্কে এটা ধাৰণা তৈয়াৰ কৰি লোৱা প্ৰয়োজন। ব্লেক হোলবোৰ হ'ল মহাবিশ্বৰ এনে কিছুমান বস্তু যাৰ আয়তন অতি নগন্য কিন্তু ইয়াৰ ভৰ আৰু ঘনত্ব অতি বেছি। অতি বৃহৎ আকাৰৰ মৃত নক্ষত্ৰবোৰেই জন্ম দিয়ে একো একোটা কৃষ্ণ গহ্বৰৰ। যেতিয়া এটা বিশালকায় তৰাৰ নিজৰ ইন্ধন শক্তি শেষ হৈ আহে তেতিয়া ই প্ৰথমতে সংকুচিত হবলৈ আৰম্ভ কৰে আৰু এনেকুৱা এটা পৰ্যায় পাই যে ই নিজৰেই ভৰ আৰু মাধ্যাকৰ্ষণ বল সহিব নোৱাৰা হয়। ফলত তৰাটো ইমানেই সংকুচিত হয় যে তৰাটো বিস্ফোৰিত হৈ ব্ৰহ্মাণ্ডৰ বুকুত সিঁচৰিত হৈ যায়। তৰাৰ এনে প্ৰচণ্ড বিষ্ফোৰণক "চুপাৰ নোভা" বুলি কোৱা হয়। ইয়াৰ পিছতো তৰাটোৰ ঘনত্ব বৃদ্ধি হৈ থাকে আৰু ই ইমানেই সৰু এক বিন্দু সদৃশ অৱস্থা পায় যে এই তৰাটো আমি কেতিয়াও দেখা নেপাওঁ। পদাৰ্থৰ আয়তন যিমানেই কমি যায়, তাৰ ঘনত্বও সিমানেই বাঢ়ি যায়। সেয়ে তৰাটো অতি বৃহৎ ভৰ আৰু ঘণত্বযুক্ত এক অদৃশ্য বিন্দুলৈ পৰ্যবেশিত হয়। মৃত তৰাটোৰ এই  অন্তিম অৱস্থাটোকেই কৃষ্ণ গহ্বৰ বুলি কোৱা হয়। ইয়াৰ মহাকর্ষণীয় বল ইমানেই বেছি যে ইয়াৰ পৰা কোনো বস্তু আনকি পোহৰো বাহিৰলৈ আহিব নোৱাৰে। সেয়ে কৃষ্ণ গহ্বৰবোৰ অন্ধকাৰ।

এই ব্লেকহোল বা কৃষ্ণগহ্বৰৰ থিক বিপৰীত ধাৰণাটোৱেই হ'ল “হোৱাইট হোল” বা শ্বেত গহ্বৰ। ব্লেকহোলে যেনেদৰে সকলো বস্তুকেই নিজৰ কেন্দ্ৰ অভিমুখে টানি নিয়ে, হোৱাইট হোল বা শ্বেত গহ্বৰবোৰে তাৰ থিক ওলোটা ভাৱে সকলো বস্তুকেই নিজৰ কেন্দ্ৰৰ পৰা বাহিৰৰ দিশে থেলি পঠিয়ায়। সেয়েহে শ্বেত গহ্বৰবোৰ উজ্জ্বল আভাযুক্ত বুলি ধাৰণা কৰা হয়।

কিন্তু কি এই হোৱাইট হোল বা শ্বেত গহ্বৰবোৰ ? বিজ্ঞানী সকলৰ মতে প্রতিটো ব্লেকহোলৰেই একোটা শেষ পর্যায় আছে। এটা ব্লেকহোল যেতিয়া ইয়াৰ জীৱন পৰিক্ৰমাৰ শেষ পৰ্যায়ত আহি উপনীত হয়, তেতিয়া ব্লেকহোলটোৱে ইয়াৰ জীৱন কালত শোষণ কৰা সকলোবোৰ বস্তুৱেই লাহে লাহে বৰ্জন কৰিবলৈ আৰম্ভ কৰে। আৰু তেতিয়াই জন্ম হয় একোটা হোৱাইট হোল বা শ্বেত গহ্বৰৰ। কেলিফোর্নিয়া ইনষ্টিটিউত অফ টেকনোলজীৰ পদার্থবিজ্ঞানী শ্বিন কেৰলে  হোৱাইট হোলৰ বিষয়ে কৈছে যে : “ব্লেক হোলবোৰ এনে কিছুমান স্থান য'ৰ পৰা কোনো ৱস্তুৱেই ঘূৰি আহিব নোৱাৰে; আনহাতে হোৱাইট হোলবোৰ এনে কেতবোৰ স্থান য'ৰ পৰা অহা কোনো বস্তুৱেই পুনৰ তালৈ ঘূৰি যাব নোৱাৰে।"  ব্লেকহোলৰ ক্ষেত্রত ঘটনা দিগন্ত বা Event Horizonৰ মাধ্যমেৰে কোনো এটা বস্তু ইয়াত প্রৱেশ কৰিব পাৰে কিন্তু হোৱাইট হোলৰ ক্ষেত্রত ঘটনা দিগন্তৰ মাধ্যমেৰে সকলোবোৰ বস্তু বাহিৰলৈ ওলাই আহে। 

এই ব্লেক হোল আৰু হোৱাইট হোলৰ পৰাই ওর্ম হোল ধাৰণা এটাও গঢ় লৈ উঠিছে। গৱেষক বিজ্ঞানী সকলৰ মতে শ্বেত গহ্বৰবোৰ হ'ল ব্লেকহোলৰ শেষ প্রান্ত। অষ্ট্ৰিয়াৰ লুডউইগ ফ্লেম নামৰ বিজ্ঞানী গৰাকীৰ মতে মহাবিশ্বৰ যিকোনো  দুটা বিশেষ প্রান্তৰ মাজত ব্লেক হোল আৰু হোৱাইট হোলে পোনপটীয়া সংযোগ স্থাপন কৰিব পাৰে। এই ক্ষেত্ৰত ব্লেক হোলবোৰ হ'ল  “প্রবেশ পথ” আৰু হোৱাইট হোলবোৰ “প্ৰস্থান পথ”।  ব্লেক হোলে শোষণ কৰা সমস্ত পদার্থবোৰ মহাবিশ্বৰ আন এটা প্ৰান্তত থকা হোৱাইট হোলেৰে নিষ্কাষিত হয়। এনেদৰে বিশ্বব্ৰহ্মাণ্ড বুকুত থকা একোটা ব্লেক হোলক আন এটা হোৱাইট হোলেৰে সংযুক্ত কৰা তাত্বিক সংযোগী সুৰংগ পথটোৱেই এটা ওর্মহোল। এই ওর্মহোলেৰে কোনো বস্তু প্রৱেশ কৰাৰ পিছত হোৱাইট হোলে সেই বস্তুৰ অংশবোৰ মহাবিশ্বৰ বিভিন্ন স্থানলৈ নিক্ষেপ কৰিব পাৰে।

কৃষ্ণগহ্বৰ বা ব্লেকহোলৰ দৰেই শ্বেত গহ্বৰবোৰো বিজ্ঞানৰ এক আলোচ্য বিষয়। কিন্তু ইয়াৰ অস্তিত্বক লৈ বিজ্ঞানীসকলৰ মাজত মতানৈক আছে। কাৰণ শ্বেতগহ্বৰ বা হোৱাইহোলৰ অস্তিত্ব সম্পর্কে গাণিতিক প্ৰমাণৰ বাহিৰে বিজ্ঞানীসকলৰ হাতত অধিক তথ্য নাই।

Monday, 20 July 2020

The Eagle has landed


আজি ২০ জুলাই, ২০২০ চন। জোনবাইৰ বুকুত মানুহৰ পদাৰ্পণৰ গৌৰৱময় ৫১ টা বছৰৰ বৰ্ষপূৰ্তি। ১৯৬৯ চনৰ ১৬ জুলাইৰ দিনা বহু আকাংক্ষিত সেই ঐতিহাসিক চন্দ্ৰ অভিযানটো আৰম্ভ হৈছিল "চাটাৰ্ণ-৫" নামৰ এটা শক্তিশালী ৰকেটে কঢ়িয়াই লৈ যোৱা ‘'এপ'লো-১১’'ৰ জৰিয়তে। যদিও সেই ঐতিহাসিক চন্দ্ৰ অভিযানৰ পিছত একাধিকবাৰ মানুহ চন্দ্ৰৰ বুকুলৈ গৈছে, তথাপিও এপ'লো-১১ অৱতৰণৰ ৫১ টা বছৰ পূৰ্ণ হোৱা সেই মাহেন্দ্রক্ষণটো মানৱ সভ্যতাৰ ইতিহাসৰ এক বৰ্ণিল অধ্যায়। এতিয়ালৈ জোনবাইৰ বুকুত ছটা সফল মানৱ অভিযান সম্পন্ন হৈছে আৰু সৰ্বমুঠ ১২ জন মানুহে জোনবাইত খোজ পেলাইছে।

১৬ জুলাই ১৯৬৯ চন। আমেৰিকা যুক্তৰাষ্ট্রৰ স্থানীয় সময় অনুসৰি সময় তেতিয়া ৰাতিপুৱা ৬ বাজি ৪৫ মিনিট। তিনিজন মহাকাশচাৰী নীল আৰ্মষ্ট্ৰং, এডুইন এলড্ৰিন আৰু মাইকেল কলিন্সে ৰাতিপুৱাৰ আহাৰ কৰি মহাকাশ অভিযানৰ বাবে প্ৰয়োজনীয় পোচাকবোৰ পিন্ধি ধীৰে ধীৰে প্ৰক্ষেপণৰ বাবে সাজু হৈ থকা ৰকেটেৰ ভিতৰত প্ৰৱেশ কৰিলে। সমগ্ৰ বিশ্বৰ মানুহৰ চকু টেলিভিচনৰ পৰ্দাত। পুৱা থিক ৯ বাজি ৩২ মিনিটত নাছাৰ ‘'চাটাৰ্ণ-৫’' ৰকেটেৰ ইঞ্জিনে গৰ্জন কৰি উঠে আৰু অগণন লোকৰ হৰ্ষধ্বনিৰ মাজতে চাটার্ন-৫ ৰকেটটো মহাকাশলৈ উৰা মাৰিলে।

চাটাৰ্ণ-৫ ৰকেটটোৰ উচ্চতা ৩৬৪ ফুট আৰু ইয়াৰ মুঠ ওজন আছিল ২ লাখ ৩৯ হাজাৰ ৭২৫ কিলোগ্রাম ! ৰকেটটোৱে কঢ়িয়াই নিয়া এপ'লো-১১ৰ ওজন আছিল ৪৫ হাজাৰ ৭০২ কিলোগ্রাম। এই বিশাল ৰকেটটোৰ উৎক্ষেপনৰ বাবে ইন্ধন প্ৰজ্বলনৰ কালত যি বিস্ফোৰণ হৈছিল, তাৰ প্ৰভাৱত উৎক্ষেপনস্থলীৰ চৌপাশে প্ৰায় ১০ কিমি ব্যাসাৰ্ধৰ স্থানত ভূমিকম্প সদৃশ জোকাৰণিৰ সৃষ্টি হৈছিল। 

উৎক্ষেপণৰ পিছত নিৰ্দিষ্ট কক্ষপথেৰে চাটাৰ্ণ-৫ ৰকেটটো পৃথিৱীৰ চৌদিশে ঘূৰিবলৈ আৰম্ভ কৰে। এনেদৰে ঘূৰি থকাৰ কাৰণ হ'ল পৃথিৱীৰ মাধ্যাকৰ্ষণ বল অতিক্ৰম কৰি চন্দ্ৰ অভিমূখে গতি কৰিবলৈ প্ৰয়োজনীয় "পলায়ন বেগ" (১১.২ কিমি প্ৰতি ছেকেণ্ড) লাভ কৰা। এনেদৰে ক্ৰমান্বয়ে অধিক ব্যাসাৰ্ধৰ কক্ষপথলৈ অগ্ৰসৰ হৈ শেষত জোনবাই অভিমূখে গতি কৰে চাটার্ন-৫ নামৰ ৰকেটটোৱে। 

চাটাৰ্ণ-৫ ৰকেটটো জোনবাইৰ মাধ্যাকৰ্ষণ ক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ সময় লাগিছিল প্ৰায় ৭০ ঘণ্টা বা তিনি দিন। ১৯৬৯ চনৰ ২০ জুলাইৰ দিনা চাটার্ন-৫ৰ এপ'লো-১১ক জোনবাইৰ চৌদিশে এক কক্ষপথত সফলতাৰে স্থাপন কৰি জোনবাইৰ চৌদিশে প্রদক্ষিণৰত কৰি ৰাখি ৰকেটখনৰ পৰা ঈগল নামৰ লেণ্ডাৰখন আঁতৰ কৰাৰ এক জটিল পৰিক্ৰমা সমাপণ কৰা হয়। ইতিমধ্যে চন্দ্ৰত অৱতৰণৰ বাবে এপ'লো-১১ৰ পৰা নীল আৰ্মষ্ট্ৰং আৰু এডুইন (বাজ) এলড্ৰিনে "ঈগল"ত প্ৰৱেশ কৰিছিল। আনহাতে মাইকেল কলিন্সে অকলে এপ'লো-১১ক জোনবাইৰ চৌদিশে প্ৰদক্ষিন কৰোৱাই ৰাখিছিল।
  
লাহে লাহে "ঈগল" লেণ্ডাৰখন এপ'লো-১১ৰ পৰা আঁতৰি জোনবাইৰ বুকুলৈ ধাৱিত হ'ল। নাছাৰ কণ্ট্ৰ'ল ৰুমত বিজ্ঞানীসকলৰ লগতে বিশ্বৰ জনগন উৎকণ্ঠিত। সময়বোৰ যেন বৰ ধীৰ গতিৰে আগবাঢ়িছে। ২ ঘণ্টা ২১ মিনিট যোৰা এক জটিল পৰিক্ৰমাৰ জৰিয়তে ধীৰে ধীৰে ঈগল আগবাঢ়িছে জোনবাইৰ Sea of Tranquility নামৰ নিৰ্দিষ্ট স্থান টুকুৰাৰ দিশে। আৰু অৱশেষত কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ আমেৰিকাৰ সময় অনুসৰি বিয়লি ৪ বাজি ১৮ মিনিটত ঈগলে জোনবাইৰ বুকু স্পৰ্শ কৰে। ইয়াৰ ক্ষন্তেক পিছতেই এখন জখলাৰে ঈগলৰ পৰা নামি আহি জোনবাইৰ বুকুত প্ৰথমবাৰলৈ খোজ পেলালে নীল আৰ্মষ্ট্ৰঙে। মানৱ সভ্যতাৰ ইতিহাসত ই এক উল্ল্যেখযোগ্য উপলব্ধি। জোনবাই বুকুত ভৰি থৈ নীল আৰ্মষ্ট্ৰঙে কৈ পেলাইছিল : The Eagle has landed. That's one small step for a man, one giant leap for mankind.

জোনবাইৰ বুকুত নীল আৰ্মষ্ট্ৰঙৰ অৱতৰণৰ কিছু সময় পিছত বাজ এডুইন এলড্ৰিনো জোনবাইৰ বুকুত নামিল। দুয়ো মিলি আমেৰিকাৰ পতাকাখন জোনবাইৰ মাটিত পুতি অন্যান্য যাৱতীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰে। এটি বিশেষ বেগত তেওঁলোকে নমুনা হিচাবে প্ৰায় ২১ কিলোগ্রাম জোনবাইৰ মাটি আৰু শিল ভৰাই ল'লে। দুয়ো জোনবাইৰ বুকুত ইফালৰ পৰা সিফাললৈ দুপিয়াই দুপিয়াই খোজকাঢ়ি চালে, জপিয়াই চালে, কেমেৰাৰে অসংখ্য ফটো তুলিলে তদুপৰি পৃথিৱীৰ বিজ্ঞানীসকলৰ লগত কথাও পাতিলে। পৃথিৱীতেই নিৰ্ধাৰণ কৰি পঠিওৱাৰ দৰে দুয়ো জোনবাইৰ বুকুত মুঠ ২১ মিনিট ৩১ ছেকেণ্ড অতিবাহিত কৰি পুনৰ ঈগলত প্ৰৱেশ কৰে ওভটনি যাত্ৰাৰ বাবে। ঈগলে জোনবাইৰ দেশৰ পৰা পুনৰ উৰা মাৰি জোনবাইৰ চৌদিশে নিৰ্দিষ্ট কক্ষপথেৰে পৰিভ্ৰমণ কৰি থকা এপ'লো-১১ৰ লগত "ডকিং" (সংযোগ স্থাপন) কৰে। 

তাৰপিছত পৃথিৱীলৈ ওভটনি যাত্ৰা। মুঠ ৮ দিন ৩ ঘণ্টা ১৮ মিনিট ৩৫ ছেকেণ্ডৰ জোনবাইৰ দেশৰ যাত্ৰা সম্পূৰ্ণ কৰি ১৯৬৯ চনৰ ২৪ জুলাইৰ দিনা  দিনৰ ১২ বাজি ৫০ মিনিটত প্ৰশান্ত মহাসাগৰৰ মাজৰ হাৱাই দ্বীপপূঞ্জৰ পৰা প্ৰায় ৯০০ মাইল দূৰৰ পূৰ্ব নিৰ্ধাৰিত  স্থানত এপ'লো-১১ৰ তিনিও মহাকাশচাৰীয়ে নিৰাপদে অৱতৰণ কৰে।

নাছাৰ এই চন্দ্ৰ অভিযানক কিছুমান মানুহে সন্দেহৰ চকুৰেও চায়। তেওঁলোকৰ মতে নাছাই কেতিয়াও জোনবাইত অৱতৰণ কৰা নাই। ১৯৭৬ চনৰ মাজভাগৰ পৰা তেনে এক ধাৰণাক সজাই পৰাই Bill Kaysing নামৰ এজন লিখকে লিখি উলিয়াই তেওঁৰ self-published গ্ৰন্থ "We Never Went to the Moon"। ১৯৮০ চনত "Flat Earth Society"ৰ সদস্যসকলেও নাছাৰ চন্দ্ৰ অভিযানক এখন চিনেমা বুলি উপহাস কৰে। এনেবোৰ ভুল ধাৰণাৰ পৰা সৰ্বসাধাৰণক আঁতৰি থাকিব পৰাকৈ নাছাই প্ৰমাণ সহকাৰে তথ্যৰ যোগান ধৰিছে যদিও পৃথিৱীখন চেপেটা বুলি আজিও বিশ্বাস কৰা "Flat Earth Society"ৰ সদস্যসকলক সৈমান কৰাব পাৰিছে বুলি আমাৰ মনে ধৰা নাই। 

যা হওঁক, আজি ২০ জুলাই, ২০২০ তাৰিখে মানুহৰ প্ৰথম চন্দ্ৰ অভিযানৰ ৫১তম বৰ্ষপূৰ্তিত নাছালৈ আমাৰ অভিনন্দন যাচিলোঁ।