Tuesday 20 September 2022

দাৰ্শনিকৰ শিল আৰু ৰসায়ন বিজ্ঞান

 

এমুখ দীঘল দাড়ি আৰু মূৰত অবিন্যস্ত আউল বাউল চুলিখিনিৰে নিকোলাছ ফ্লেমেল পৰীক্ষগাৰত বহি আছে। হতাশাত যেন তেওঁ ভাঙি পৰিছে। বাৰে বাৰে তেওঁ পৰীক্ষাটো কৰি গৈছে। ইটোৰ লগত সিটোকৈ বিভিন্ন পদাৰ্থৰ সংমিশ্ৰণ তৈয়াৰ কৰি গৈছে। কিন্তু প্ৰতিবাৰেই ক'ৰবাত কিবা এটা যেন গণ্ডগোল হৈ আছে ! সহজে হাৰ নমনা নিকোলাচে পুনৰ এটা বটলৰ পৰা বিশেষ পানীয় এবিধ লৈ আন এটা কাচৰ পাত্ৰত থকা অজ্ঞাত কোনো পদাৰ্থৰ লগত ধীৰে ধীৰে মিহলাই দি একান্ত মনে পৰ্যবেক্ষণ কৰিবলৈ ধৰিলে। তেওঁৰ চকু মুখত উৎকণ্ঠতাৰ চিন। কাচৰ পাত্ৰটো হাতেৰে চকুৰ সন্মুখত ৰাখি ঘূৰাই পকাই চাই তেওঁ কাষৰ চকীখনত বহি অস্ফুট স্বৰেৰে কৈ উঠিল: ছিঃ, এইবাৰো নহ'ল ! কিমান যে কঠোৰ পৰিশ্ৰম অথলে গ'ল…! 

নিকোলাচ ফ্লেমেলৰ উদ্দেশ্য আছিল "পৰশ পাথৰ" তৈয়াৰ কৰা। পৰশ পাথৰক  "Elixir of Life" বুলিও কোৱা হয়। প্ৰাচীন ভাৰতত ইয়াক পৰশ পাথৰ নামেৰেই জনা গৈছিল। এই পৰশ পাথৰৰ মহিমা অপাৰ। ইয়াৰ পৰশত যিকোনো সাধাৰণ পদাৰ্থক সোণলৈ পৰিণত কৰিব পাৰি। তদুপৰি ই মানুহক দিয়ে অমৰত্ব। অতি আচৰিত গুণ সম্পন্ন এই বিশেষ পৰশ পাথৰ বা "দাৰ্শনিকৰ শিল"টো (Philosopher's Stone) তৈয়াৰ কৰাৰ উদ্দেশ্যৰে নিকোলাচ ফ্লেমেলে পাৰ কৰিছে কিমান যে বিনিদ্ৰ ৰজনী !

কিবদন্তী অনুসৰি ১৩৩০ চনত জন্মগ্ৰহন কৰা নিকোলাচ ফ্লেমেলে নেৰানেপেৰা চেষ্টাৰে তেওঁৰ জীৱিত কালত মাত্ৰ এটুকুৰা পৰশ পাথৰ তৈয়াৰ কৰি এই অসাধ্যটো সাধন কৰিছিল। বৈজ্ঞানিক দিশৰ পৰা অসমৰ্থিত এই বিশেষ "পৰশ পাথৰ"টো তেওঁ কেৱল নিজৰ লগতে তেওঁৰ পত্নীৰ অমৰত্বৰ বাবে ব্যৱহাৰ কৰিছিল। বিভিন্ন গ্ৰন্থত উল্ল্যখ কৰা অনুযায়ী এই পৰশ পাথৰটোৰ ৰং ৰঙচুৱা আছিল। মানুহৰ মুখে মুখে প্ৰচলিত যে নিকোলাচ ফ্লেমেলে তেওঁৰ টোকা বহীত এই পৰশ পাথৰ বনোৱা পদ্ধতিটো লিপিবদ্ধ কৰি ৰাখিছিল। তেওঁৰ মৃত্যুৰ পিছত আন বহুলোকে সেই পদ্ধতিৰে পৰশ পাথৰ বনাবলৈ চেষ্টাও কৰিছিল। কিন্তু কোনেও সফলতা লাভ কৰিব নোৱাৰিলে। তেওঁলোকৰ মতে নিকোলাচৰ মৃত্যুৰ পিছত যাতে আন কোনেও পৰশ পাথৰ বনাব নোৱাৰে, তাৰবাবে নিকোলাচে ইচ্ছাকৃত ভাবেই টোকাবহীত পদ্ধতিটো ভুলকৈ লিপিবদ্ধ কৰিছিল। আধুনিক বিজ্ঞানে অৱশ্যে এই পৰশ পাথৰ বা "Elixir of Life" নামৰ সেই বিশেষ বস্তুটোৰ কথা পোনচাটেই নাকচ কৰিছে। 

কিন্তু এইটো সঁচা যে এনে বহু লোক আছিল যিসকলে পদাৰ্থক সোণলৈ ৰূপান্তৰিত কৰিবলৈ বা অমৰত্ব লাভ কৰিবলৈ চেষ্টা চলাই গৈছিল অহৰহ। তেওঁলোকৰ Elixir of Life তৈয়াৰ কৰাৰ এনে প্ৰচেষ্টাই জন্ম দিছিল "এলকেমি" বা অপৰসায়ন নামৰ এক বিষয়ৰ। এলকেমিৰ লগত জড়িত ব্যক্তিবোৰক "এলকেমিষ্ট" বুলি জনা যায়। যদিও আধুনিক বিজ্ঞানে এলকেমিক অপবিজ্ঞান বুলি আখ্যা দিয়ে, এই অপবিজ্ঞানৰ আধাৰতেই ১৭শ শতিকাত গঢ় লৈ উঠে আধুনিক ৰসায়নৰ ভেটি। অলৌকিকতা আৰু ৰহস্যবাদৰ ওপৰত গুৰুত্ব নিদি কেইবাগৰাকী মহান বিজ্ঞানীৰ যুক্তিবাদী চিন্তা আৰু পৰীক্ষা নিৰীক্ষাৰ সহায়ত ১৭শ শতিকাত ঠণ ধৰি উঠে আধুনিক ৰসায়ন বিজ্ঞানৰ ভেটি।

তলৰ লিংকটো পঢ়িব চাব পাৰে 👇 

https://artsandculture.google.com/story/nicolas-flamel-alchemy-and-the-legend-of-the-philosopher%E2%80%99s-stone-science-museum/jwXhqPSro7CIJQ?hl=en

No comments:

Post a Comment