Friday, 30 December 2022

এনাস্থেছিয়া : অনুভূতিহীন জগতৰ দুৱাৰ


১৮৪৬ চনৰ কথা। এজন ১৭ বছৰীয়া লৰা গিলবাৰ্ট এব'টৰ ডিঙিত টিউমাৰ হৈছিল। মুখ্য শল্য চিকিৎসক জন কলিন্স ৱাৰেনে জনাই দিলে যে গিলবাৰ্টক জীয়াই ৰাখিবলৈ এটা অস্ত্ৰোপচাৰৰ প্ৰয়োজন। সেই সময়ত অস্ত্ৰোপচাৰ আছিল এক অসম্ভৱ যন্ত্ৰণাময় প্ৰক্ৰিয়া। অস্ত্ৰোপচাৰৰ সময়ত ৰোগী এজনক অচেতন কৰি তোলাৰ কোনো পদ্ধতি আৱিষ্কাৰ হোৱা নাই। সেয়েহে কোনো ৰোগীয়েই সহজে অপাৰেচনৰ টেবুলত নিজৰ দেহটো এৰি দিবলৈ সন্মত নহৈছিল। বৰং শৰীৰত ব্যাধি লৈয়েই মৰিবলৈ অপেক্ষা কৰাই শ্ৰেয় বুলি তেওঁলোকে মত পোষণ কৰিছিল।
সেই সময়ত এনাস্থেছিয়া বা চেতনানাশক অবিহনে ৰোগীজনৰ হাত ভৰি বান্ধি লৈ সম্পূৰ্ণ সচেতন অৱস্থাতেই ৰোগীজনৰ শৰীৰৰত কটা ছিঙা কৰা হৈছিল। ৰোগীৰ যন্ত্ৰণাকাতৰ চিঞৰ বাখৰ আৰু ছটফটনিৰ মাজতে চিকিৎসকে অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল। কোনো কোনো চিকিৎসকে বিষ আৰু যন্ত্ৰণাৰ পৰা সকাহ দিবলৈ ৰোগীক আফিং বা সুৰা সেৱন কৰাই লৈছিল যদিও এই ব্যৱস্থা সিমান কাৰ্যকৰী হোৱা নাছিল। ৰোগীসকলে অস্ত্ৰোপচাৰৰ টেবুলত অনুভৱ কৰা বিষ আৰু যন্ত্ৰণাৰ স্মৃতি জীৱনত কেতিয়াও পাহৰিব নোৱাৰিছিল।
গিলবাৰ্টৰ অস্ত্ৰোপচাৰৰ আগদিনা এজন দন্ত চিকিৎসক আহি জন কলিন্স ৱাৰেনক লগ ধৰিলে। দন্ত চিকিৎসকজনৰ নাম থমাছ গ্ৰীণ ম'ৰটন। মৰটনে দাবী কৰে যে তেওঁ ইথাৰৰ ব্যৱহাৰৰ জৰিয়তে এটা সঁজুলি উদ্ভাৱন কৰিছিল, যাৰ দ্বাৰা এজন ব্যক্তিক অচেতন কৰি ৰখা সম্ভৱ। যদি ব্যক্তিজনৰ শৰীৰত কটা ছিঙা কৰা হয়, তেওঁ তাৰ যন্ত্ৰণা অনুভৱ নকৰে। মৰটনে জানিবলৈ দিয়ে যে তেওঁ আৱিষ্কাৰ কৰা সঁজুলিটোত যদি ছালফিউৰিক ইথাৰ (Diethylether) ভৰাই ৰাখি এজন ব্যক্তিয়ে উশাহত যন্ত্ৰটোৰ পৰা ইথাৰখিনি হাওফাওলৈ টানি নিয়ে, তেন্তে ব্যক্তিজন লাহে লাহে অচেতন হৈ পৰিব।
গিলবাৰ্টৰ মুখ্য শল্য চিকিৎসক ৱাৰেন ম'ৰটনৰ কথাত আশাৰ পোহৰ দেখি তেওঁ গিলবাৰ্টৰ ওপৰত এই যন্ত্ৰটোৰ প্ৰয়োগ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। ম'ৰটনে আগতে এই সঁজুলিটো নিজৰ ৰোগীৰ ওপৰত ব্যৱহাৰ কৰিছিল। কিন্তু এইটো কেৱল দাঁতৰ সৰুসুৰা অস্ত্ৰোপচাৰৰ মাজতেই সীমাবদ্ধ আছিল। গতিকে মৰটনেও এটা ডাঙৰ অস্ত্ৰোপচাৰৰ অপেক্ষাতেই আছিল।
১৮৪৬ চনত ম'ৰটনে প্ৰথমবাৰৰ বাবে শৈল্য চিকিৎসক ৱাৰেনৰ লগত লগ হৈ গিলবাৰ্টৰ অস্ত্ৰোপচাৰত চেতনানাশক হিচাবে ইথাৰ পদ্ধতি প্ৰয়োগ কৰিছিল। উশাহত টানি নিয়া ছালফিউৰিক ইথাৰে ক্ৰমান্বয়ে গিলবাৰ্টক অচেতন কৰি তুলিছিল আৰু সুকলমে এক প্ৰকাৰ যন্ত্ৰণাহীন অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছিল। অপাৰেচনৰ শেষত গিলবাৰ্টৰ মতামত ল'বলৈ চিকিৎসক আৰু সাংবাদিকে চিকিৎসালয়ত ভিৰ কৰিলে। গিলবাৰ্টে কৈছিল যে সম্পূৰ্ণ অস্ত্ৰোপচাৰৰ সময়ত কোনো কথাই গম পোৱা নাছিল। লগে লগে সমগ্ৰ বিশ্বৰ চিকিৎসক আৰু সাধাৰন জনতাৰ মাজত ম'ৰটনৰ দ্বাৰা আৱিষ্কৃত চেতনানাশক ইথাৰৰ কথা বহুলভাৱে জনাজাত হৈ পৰিছিল।
১৮৪৬ চনৰ পৰা পৰ্যায় ক্ৰমে ছালফিউৰিক ইথাৰ আৰু ক্লোৰোফৰ্ম এনাস্থেছিয়া হিচাপে ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান এই পদ্ধতিৰ বহুল পৰিবৰ্তন হৈছে। ক্লোৰোফৰ্ম বা ইথাৰৰ ব্যৱহাৰ বহুত সহজ আছিল, বিশেষকৈ ক্লোৰোফৰ্ম। কাপোৰত অলপ ক্লোৰোফৰ্ম ছটিয়াই লৈ ৰোগীৰ নাকৰ ওচৰত ধৰাৰ লগে লগেই ৰোগী অচেতন হৈ পৰিছিল। কিন্তু সমস্যাটো আছিল এইটো যে ৰোগীজন পুনৰ কিমান সময় পিছত চেতনালৈ ঘূৰি আহিব; সেইটো নিয়ন্ত্ৰণ কৰা সম্ভৱ নাছিল। তদুপৰি কেতিয়াবা কেতিয়াবা অপাৰেচন টেবুলত অস্ত্ৰোপচাৰ চলি থাকোতেই কোনো কোনো ৰোগীয়ে চেতনা ঘূৰাই পাইছিল।
আধুনিক চিকিৎসা বিজ্ঞানত বিভিন্ন ধৰণে ৰোগীৰ দেহত চেতনানাশক বা এনাস্থেছিয়া প্ৰয়োগ কৰা হয়। কেতবোৰ স্থানীয় চেতনানাশক আৰু আনবোৰ সাধাৰণ চেতনানাশক। সেইবোৰ হ'ল :
১) অস্ত্ৰোপচাৰ কৰিব লগা অংগক অনুভূতি প্ৰদান কৰা স্নায়ুত প্ৰয়োগ
২) উশাহ-নিশাহৰ সৈতে প্ৰয়োগ
৩) বেজীৰ দ্বাৰা ৰক্তবাহী শিৰাত প্ৰয়োগ
৪) মেৰুদণ্ড আৱৰি থকা মেনিনজৰ এপিডুৰাল স্থানত এনাস্থেচিয়া প্ৰয়োগ ইত্যাদি
অস্ত্ৰোপচাৰৰ বাবে যেতিয়া শৰীৰৰ এটা নিৰ্ধাৰিত অংশ অচেতন কৰা হয়, তেতিয়া ইয়াক স্থানীয় চেতনানাশক (এনাস্থেছিয়া) বুলি কোৱা হয়। এই ক্ষেত্ৰত, গোটেই শৰীৰটো অচেতন কৰাৰ কোনো প্ৰয়োজন নাই। স্থানীয় এনাস্থেছিয়া প্ৰয়োগ কৰাৰ ফলত দেহৰ নিৰ্দিষ্ট এটুকুৰা স্থানত স্পৰ্শৰ সংবেদনা অস্থায়ীভাৱে বন্ধ হৈ পৰে। ফলস্বৰূপে, এনাস্থেছিয়া প্ৰয়োগ কৰা স্থানৰ পৰা কোনো ধৰণৰ স্পৰ্শৰ অনুভূতি স্নায়ুৰ জৰিয়তে মগজুলৈ যাব নোৱাৰে। দন্ত চিকিৎসক সকলে প্ৰায়ে "ৰুট কেনেল"ৰ সময়ত নোভোকেইন ব্যৱহাৰ কৰে, যি মুখ গহ্বৰৰ স্নায়ুবোৰ অস্থায়ীভাৱে বিকল কৰি ৰাখে। ফলস্বৰূপে, ৰুট কেনেল কৰোঁতে ৰোগীজনে কোনো ধৰণৰ বিষ অনুভৱ নকৰে।
আনহাতে, যেতিয়া অস্ত্ৰোপচাৰত গোটেই শৰীৰটো অচেতন কৰাৰ প্ৰয়োজন হয়, তেতিয়া প্ৰয়োগ কৰা এনাস্থেছিয়াক সাধাৰণ এনাস্থেছিয়া বোলা হয়। এই এনাস্থেছিয়া প্ৰয়োগ কৰাৰ সময়ত ৰোগীজনে অস্ত্ৰোপচাৰৰ সময়ৰ কোনো কথাই মনত ৰাখিব নোৱাৰে। অৱশ্যে এই ক্ষেত্ৰত জটিলতাও আছে। সাধাৰণ এনাস্থেছিয়া প্ৰয়োগ কৰাৰ সময়ত, এজন শল্য চিকিৎসকে ৰোগীৰ ৰক্তচাপ, হৰমনৰ ক্ৰিয়া, তেজত গ্লুক'জৰ মাত্ৰা, অনুচক্ৰিয়াৰ সংখ্যা, হৃদযন্ত্ৰলৈ তেজৰ প্ৰবাহ আদি বহুতো কাৰকৰ বিষয়ে নজৰ দিব লাগে।
স্নায়ুতন্ত্ৰৰ অসংখ্য স্নায়ুৰ জৰিয়তে মগজুৱে গোটেই শৰীৰটো নিয়ন্ত্ৰণ কৰাৰ লগতে মগজুৱে গোটেই শৰীৰৰ স্পৰ্শানুভূতি নিয়ন্ত্ৰণ কৰে। যদি শৰীৰৰ কোনো স্থান আঘাতপ্ৰাপ্ত হয়, সেই স্থানৰ স্নায়ুবোৰে লগে লগে মগজুৰ "বেদনা গ্ৰাহক"ক বিষ বা বেদনাৰ অনুভূতি প্ৰদান কৰে আৰু লগে লগেই আমি বিষ অনুভৱ কৰো।
আমাৰ শৰীৰৰ সকলো ধৰণৰ অনুভূতি স্নায়ুৰ মাজেৰে বৈদ্যুতিক সংকেত হিচাপে মগজুলৈ প্ৰবাহিত হয়। আধুনিক চিকিৎসা বিজ্ঞানত অস্ত্ৰোপচাৰ কৰিব লগা অংগৰ পৰা মগজুলৈ প্ৰেৰিত হোৱা সকলো ধৰণৰ অনুভূতিৰ মূল পথ বা স্নায়ুত স্থানীয় চেতনানাশকৰ জৰিয়তে এটা অস্থায়ী "বেৰিকেড" তৈয়াৰ কৰা হয়, যাৰ ফলত স্নায়ুবোৰ সাময়িক ভাবে মগজুৰ সৈতে যোগাযোগ কৰিবলৈ অক্ষম হৈ পৰে।
কিন্তু যদিহে শৰীৰৰ সমগ্ৰ স্নায়ুতন্ত্ৰটোকেই অস্থায়ীভাৱে অকামিলা কৰিব লগা হয়, তেতিয়া ৰোগীৰ উশাহত এনাস্থেছিয়া প্ৰয়োগ কৰাৰ উপৰিও, সাধাৰণ এনাস্থেচিয়াত ৰক্তশিৰাত দুই প্ৰকাৰৰ তৰল সুমুৱাই দিয়া হয়। এটা হৈছে "প্ৰপোফ'ল", আনটো হৈছে "ফেণ্টানিয়েল"। প্ৰপোফ'লে ৰোগীক অচেতন কৰি তোলে আৰু একে সময়তে, ৰোগীৰ অনুভূতি অচেতন অৱস্থাত মগজুলৈ যোৱা প্ৰতিহত কৰিবলৈ ফেণ্টানিয়েলৰ প্ৰয়োগ কৰা হয়। এনাস্থেছিয়া বা চেতনানাশক দ্ৰব্যসমূহৰ আৱিষ্কাৰ আৰু সফল প্ৰয়োগে চিকিৎসা বিজ্ঞানক বহুদূৰ আগবাঢ়ি যোৱাত সহায় কৰাৰ উপৰিও অপাৰেচনৰ টেবুলত শুই শুই যন্ত্ৰণাকাতৰ মুহূৰ্ত পাৰ কৰা ৰোগীসকলৰ বাবে অনুভূতিহীন জগতৰ দুৱাৰখন খুলি দি বিশ্বৰ অগণন লোকক যন্ত্ৰণাৰ পৰা মুক্তি দিছে।

No comments:

Post a Comment