কম্পাছ এসময়ত পৃথিৱীৰ মানুহৰ বাবে এক অপৰিহাৰ্য আহিলা আছিল। ৮০০ বছৰতকৈও অধিক সময় ধৰি মানুহে কম্পাছ ব্যৱহাৰেৰে দিশ নিৰ্ণয় কৰি নতুন নতুন পথ বিচাৰি আহিছে। এই যন্ত্ৰৰ সহায়তেই এসময়ত আমাৰ পূৰ্বপুৰুষ সকলে পৃথিৱীৰ বিভিন্ন প্ৰান্তত উপনীত হ’বলৈ সক্ষম হৈছিল। এতিয়া প্ৰযুক্তিৰ উন্নতি হৈছে, সকলোৰে স্মাৰ্টফোনত গুগল মেপ আছে। ফলত কম্পাছৰ ব্যৱহাৰ প্ৰায় শেষ হৈ গৈছে। প্ৰযুক্তিৰ উন্নতিৰ লগে লগে আমি পৃথিৱীৰ পৃষ্ঠৰ পৰা বহু দূৰৰ বিশ্বব্ৰহ্মাণ্ডত বিচৰণ কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে প্ৰশ্ন উত্থাপন হয়, মহাকাশতো কম্পাছৰ গুৰুত্ব পৃথিৱীৰ সমান হয়নে? মহাকাশত কম্পাছ ব্যৱহাৰ কৰি কোনো নিৰ্দিষ্ট গন্তব্যস্থানলৈ যাব পাৰিনে?আমি যদি পৃথিৱীৰ পৰা ৩ লাখ ৭০ হাজাৰ কিলোমিটাৰ আঁতৰৰ মহাবিশ্বৰ কোনো স্থানলৈ গুছি যাওঁ, তেতিয়া আৰু কম্পাছে আমাৰ পৃথিৱীক চিনি নাপাব। বৰঞ্চ কম্পাছটোৱে মহাকাশৰ যিস্থানত অৱস্থান লৈছে, সেই স্থানৰ আটাইতকৈ শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ উত্তৰ মেৰুটোলৈহে আঙুলিয়াব।
দৰাচলতে চুম্বকৰ দক্ষিণ মেৰুটো পৃথিৱীৰ উত্তৰ দিশত থাকে। সেয়েহে কম্পাছৰ দক্ষিণ মেৰুটোৱে পৃথিৱী অথবা আন যিকোনো চৌম্বক ক্ষেত্ৰৰ উত্তৰ দিশলৈ আঙুলিয়াই দিয়ে। পৃথিৱীখন নিজৰ অক্ষৰ চাৰিওফালে ঘূৰি থকা বাবে পৃথিৱীৰ কেন্দ্ৰত থকা তৰল লোহা, নিকেল আৰু আন কিছুমান ধাতুৰ আকৰিকৰ ঘূৰ্ণনৰ ফলত সৃষ্টি হোৱা বৈদ্যুতিক আধানে পৃথিৱীৰ চৌদিশে এখন ভূ-চুম্বকীয় ক্ষেত্ৰৰ সৃষ্টি কৰে। এই চুম্বকীয় ক্ষেত্ৰখনৰ দক্ষিণ মেৰু পৃথিৱীৰ ভৌগোলিক উত্তৰ মেৰুৰ অতি ওচৰত অৱস্থিত। ইয়াৰ আকৰ্ষণৰ বাবে কম্পাছৰ কাটা সদায় পৃথিৱীৰ উত্তৰ-দক্ষিণ মেৰুৰ দিশৰ পিনে অৱস্থান গ্ৰহন কৰে।
মহাকাশত কম্পাছৰ কাটাৰ ওপৰত বহুতো কাৰকে প্ৰভাৱ পেলায়, বিশেষকৈ চৌম্বকক্ষেত্ৰ আৰু মহাকাশৰ পৰিৱেশৰ ভিন্নতাৰ বাবে। এই প্ৰভাৱসমূহ হৈছে:
1. চৌম্বকক্ষেত্ৰৰ অনুপস্থিতি : পৃথিৱীৰ চৌম্বকক্ষেত্ৰ মহাকাশত ক্ৰমে দুৰ্বল হৈ পৰে অথবা চৌম্বকক্ষেত্ৰ অনুপস্থিতিত কম্পাছৰ কাটাই সঠিক দিশ চিনাক্ত কৰিব নোৱাৰে। কম্পাছৰ চুম্বক দণ্ডই দিশ দেখুৱাবলৈ এখন চৌম্বকক্ষেত্ৰৰ প্ৰয়োজন হয়, কিন্তু মহাকাশত এই চৌম্বকক্ষেত্ৰ অতি দুৰ্বল হৈ পৰে।
2. চুম্বকত্বত বাধা সৃষ্টি : মহাকাশযানৰ ইলেকট্ৰনিক আৰু বৈদ্যুতিক উপকৰণবোৰে নিজস্ব চৌম্বকক্ষেত্ৰ সৃষ্টি কৰে, যাৰ ফলত কম্পাছৰ কাটা বিভ্ৰান্ত হয়। মহাকাশযানৰ ভিতৰৰ ইলেকট্ৰনিক চৌম্বকক্ষেত্ৰই কম্পাছৰ কৰ্মক্ষমতা অতি সীমিত কৰি তোলে।
3. মহাকাশৰ ক্ষণস্থায়ী চুম্বকীয় তৰংগ : সৌৰজগতৰ ভিতৰত চুম্বকীয় তৰংগ আৰু সৌৰজ্যোতিৰ প্ৰভাৱৰ বাবে কম্পাছৰ চুম্বক দণ্ডই দিশৰ ক্ষেত্ৰত ভ্ৰান্তি সৃষ্টি কৰিব পাৰে। সৌৰ প্লাজমা আৰু ইয়াৰ লগত সূৰ্যৰ পৰা বিকিৰণ হোৱা বিভিন্ন বিদ্যুত চুম্বকীয় কণাবোৰে সাধাৰণ চুম্বকৰ চুম্বকত্বত বিধি পথালি দিয়ে।
4. তাপৰ প্ৰভাৱ : মহাকাশৰ বিভিন্ন স্থানৰ তাপমাত্রাৰ বিভিন্নতাৰ বাবে কম্পাছৰ চুম্বক দণ্ডই বিৰূপ আচৰণ কৰিব পাৰে।
5. মাধ্যাকৰ্ষণ : শূন্য মাধ্যাকৰ্ষণ পৰিস্থিতিত কম্পাছৰ কাটাই স্থিৰভাৱে কাম নকৰিবও পাৰে, কাৰণ ই মহাকাশযানৰ গতি আৰু মহাকাশযানৰ অৱস্থানৰ পৰিবৰ্তনৰ লগে লগে চুম্বকৰ চুম্বকত্বৰ পৰিবৰ্তন হৈ থাকে।