Thursday, 13 March 2025

বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাত মানৱতাৰ বীজ

 


ৰাতিৰ আকাশৰ অসংখ্য তৰাৰ মাজত নিজকে বিলীন কৰি দিলে এটা গভীৰ অনুভূতিয়ে মোক জোকাৰি যায় - আমি দৰাচলতে এই বিশাল ব্ৰহ্মাণ্ডৰেই এটা অংশ। আমাৰ শৰীৰ গঠনকাৰী অনু-পৰমাণুবোৰ হাজাৰ হাজাৰ বছৰ আগতে কোনোবা মৃত্যুমূখী নক্ষত্রৰ জ্বলন্ত কেন্দ্ৰস্থলতেই সৃষ্টি হৈছিল। প্ৰায়েই মোৰ মনোজগতত কিছুমান অনুভূতিয়ে দোলা দি যায়হি - এই বিশাল ব্ৰহ্মাণ্ডৰ তুলনাত আমি বাৰু কিমান ক্ষূদ্ৰ!

বিজ্ঞানৰ মাধ্যমেৰে আমি ব্ৰহ্মাণ্ডৰ গভীৰ ৰহস্যসমূহ সামান্য পৰিমানে বুজিবলৈ সক্ষম হৈছো। আমি মহাবিশ্বৰ বুকুত গেলাক্সিৰ নৃত্য, কৃষ্ণগহ্বৰৰ অদ্ভুত শক্তিৰ বিষয়ে অথবা কোৱান্টাম জগতৰ কৌশলসমূহৰ বিষয়ে তথা মহাবিশ্বৰ সংগঠনৰ বিষয়ে অ আ ক খ কেইটামান জানিব পাৰিছো। কিন্তু, এই তথ্যসমূহ আহৰণ কৰিবলৈ সততে ব্যৱহাৰ কৰা জটিল গণনা, পৰীক্ষা-নিৰীক্ষাবোৰৰ বাহিৰেও আছে আন এক অনুভূতি - অবাক, আচৰিত হোৱাৰ এক অনুভূতি। এই ‘অবাক হোৱাৰ’ অনুভূতিয়েই আমাক আধ্যাত্মিকতাৰ দিশলৈ আগবঢ়াই নিয়ে। আমি যেতিয়া ব্ৰহ্মাণ্ডৰ অপাৰ বিশালতা আৰু জীৱন সৃষ্টিৰ বিস্ময়ক অনুভৱ কৰোঁ, তেতিয়াই যেন এক গভীৰ শক্তিৰ অস্তিত্ব অনুভৱ কৰোঁ, যি শক্তিৰ বিশ্লেষণ আমাৰ চিন্তাশক্তিৰ পৰিধিৰ বাহিৰত।

মোৰ দৃষ্টিত আধ্যাত্মিকতা মূলত সংযোগ আৰু অৰ্থ অনুসন্ধানৰ এটা মাধ্যম। যিমানেই বিশ্বব্ৰহ্মাণ্ডৰ লগত একাত্ম হ'বলৈ চেষ্টা কৰোঁ, সিমানেই মোৰ অনুভৱ হয় যে আমাৰ চেতনা, জীৱনৰ গুৰুত্ব অনুভৱ কৰাৰ ক্ষমতা, সত্য সন্ধানৰ মনোবৃত্তি —এইবোৰ সকলো ব্ৰহ্মাণ্ডৰেই অংশস্বৰূপ। উপনিষদৰ বিখ্যাত উক্তি "তৎ ত্বম্ অসি" (তুমি নিজেই সেই বিশ্বব্ৰহ্মাণ্ড) - এই গভীৰ সত্যটোকেই প্ৰকাশ কৰে।

আধুনিক যুগত, য’ত বস্তুবাদ আৰু স্বাৰ্থই বহু সময়তে আমাৰ জীৱনক যন্ত্ৰণময় কৰি তোলে, সেই সময়ত আমি যদি বিশ্বব্ৰহ্মাণ্ডৰ বিশালতাৰ সৈতে আমাৰ অন্তৰাত্মাক সংযোগ কৰিব পাৰো, তেন্তে আমি নতুনকৈ জীৱনৰ সৌন্দৰ্য্য অনুভৱ কৰিব পাৰিম। এই উপলব্ধিয়ে আমি কিমান ক্ষণস্থায়ী, অথচ মূল্যৱান সেই কথাটো সোঁৱৰাই দিয়ে। ই আমাক এক উদ্দীপনা দিয়ে, যাক লৈ আমি এটা উত্তম জীৱন-যাপন কৰাৰ লহতে দয়া আৰু সহানুভূতিৰ সমন্বয়ত আনৰ জীৱনবোৰো সুন্দৰ কৰাত সহায়ক হ'ব পাৰো।