অহা ১০ জুন, ২০২৫ তাৰিখে ইতিহাসৰ এটা পৃষ্ঠা নতুনকৈ সংযোজন হ'ব আৰু এইবাৰৰ বিশেষ পৃষ্ঠাটোত উজ্বল হৈ উঠিব ভাৰতৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাৰ নাম, যিজন ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ দ্বিতীয়জন আৰু আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ (ISS) যাত্ৰা কৰা প্ৰথমজন ভাৰতীয় নাগৰিক হ'ব।
১৯৮৫ চনৰ ১০ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত জন্মগ্ৰহণ কৰা শুভাংশু শুক্লা শৈশৱৰ পৰাই এক প্ৰখৰ বুদ্ধিসম্পন্ন ছাত্ৰ আছিল। তেওঁ City Montessori School, Aliganj-ত অধ্যয়ন কৰিছিল, য’ত তেওঁৰ শিক্ষকসকলে তেওঁৰ অধ্যৱসায় আৰু নম্ৰতাৰ কথা আজিও স্মৰণ কৰে। শৈশৱৰ পৰাই ভাৰতীয় সেনাৰ সাহসী সৈনিক, বিমানচালক আৰু মহাকাশচাৰীসকল তেওঁৰ অনুপ্ৰেৰণা আছিল।
বিদ্যালয়ৰ শিক্ষা শেষ কৰি তেওঁ National Defence Academy (NDA), Pune-ত যোগদান কৰে। ২০০৬ চনত, তেওঁ ভাৰতীয় বায়ুসেনাৰ যুদ্ধবিমান শাখাত নিযুক্ত হয় আৰু ভাৰতীয় বায়ুসেনাৰ Su-30 MKI, MiG-21, MiG-29, Jaguar, Dornier আদি বিমানবোৰ ২০০০ ঘণ্টাতকৈ অধিক সময় আকাশত উৰুৱায়।ভাৰতীয় বায়ুসেনাৰ তেওঁ এজন প্ৰশংসনীয় টেষ্ট পাইলট হিচাপে পৰিচিত।
২০১৯ চনত, ISRO-এ তেওঁক ভাৰতৰ মানৱ মহাকাশ যাত্ৰাৰ বাবে সাজু হোৱা প্ৰকল্প "গগনযান অভিযান"ৰ বাবে মহাকাশচাৰী প্ৰশিক্ষণার্থী হিচাপে নিৰ্বাচন কৰে। তাৰ পাছত তেওঁ ৰাছিয়াৰ Yuri Gagarin Cosmonaut Training Center-ত কঠোৰ শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণ গ্ৰহণ কৰে।
২০২৫ চনৰ জুন মাহত, শুভাংশু শুক্লাই Axiom Mission 4 (Ax-4) অভিযানৰ পাইলট হিচাপে SpaceX Crew Dragonত উঠি ISS-লৈ উৰা মাৰিব। এই অভিযানত তেওঁ ISRO-ৰ ৭টা বৈজ্ঞানিক পৰীক্ষাৰ লগতে ৩১ খন আন আন দেশৰ ৬০টা অতিৰিক্ত বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰিব।
ব্যক্তিগত জীৱনত শুভাংশু শুক্লা এজন আদৰ্শ পতি আৰু দায়িত্বশীল পিতৃ। তেওঁৰ পত্নী কমনা শোভা শুকা এগৰাকী দন্ত চিকিৎসক, আৰু তেওঁলোকৰ এটি ৪ বছৰীয়া পুত্ৰ আছে।
শুভাংশু শুক্লাৰ এই অনন্য যাত্ৰাই প্ৰমাণ কৰে যে কঠোৰ পৰিশ্ৰম, আত্মবিশ্বাস আৰু দেশপ্ৰেমেৰে কেৱল আকাশেই নহয়, মহাকাশো জয় কৰিব পাৰি। ১০ জুনৰ দিনা, তেওঁ যেতিয়া মহাশূন্যৰ মাজেৰে আন্তর্জাতিক মহাকাশ কেন্দ্ৰলৈ (ISS) গতি কৰিব, সমগ্ৰ ভাৰতবৰ্ষই গর্বৰে মহাকাশৰ গভীৰতাৰ মাজৰ কোনোবাখিনিত তেওঁৰ পিনেই চাই ৰ'ব, কেৱল এজন পাইলট অথবা এজন মহাকাশচাৰী হিচাবে নহয়, বৰং ভাৰত মাতাৰ আন এগৰাকী সূপুত্ৰই ভাৰত তথা সমগ্ৰ ভাৰতীয়ৰ গৌৰৱ কঢ়িয়াই লৈ যোৱা অগণন আশা, আকাংক্ষা আৰু ভাৰতীয় মহাকাশ জয়যাত্ৰাৰ প্ৰতীক হিচাপে।

জয় হিন্দ 