Thursday, 23 October 2025

শিক্ষক হিচাপে মোৰ প্ৰথম দিনটো


জীৱনৰ কিছুমান এনে বিশেষ দিন থাকে যিবোৰ কেতিয়াও পাহৰি নোৱাৰি। মোৰ শিক্ষক জীৱনৰ প্ৰথম দিনটোও ঠিক তেনেকুৱাই! এবুকু সপোনৰ মেটমৰা বোজা লৈ বিদ্যালয়ৰ গেটখন পাৰ হোৱাৰ লগে লগেই মোৰ হাত ভৰিবোৰ যেন কঁপিবলৈ ধৰিলে! ভুতৰ ওপৰত দানব পৰা দি বুকুৰ ভিতৰত ঢোলৰ চাপৰৰ দৰে হৃদপিণ্ডটোৱেও ধপধপাবলৈ ধৰিলে!

ইষ্ট দেৱতাৰ নামলৈ চুচুক চামাককৈ আগবাঢ়ি অধ্যক্ষ মহোদয়ৰ কোঠা পালোহি। তেখেতৰ হাতত "জইনিং লেটাৰ"খন তুলি দিয়াৰ পিছত, কলিং বেলটৌ বজাই  পিয়ন এজনক মাতি পঠিয়ালে আৰু তেওঁৰ লগত মোক শিক্ষকৰ জিৰণি কোঠালৈ লৈ যাবলৈ নিৰ্দেশ দিলে। জিৰণি কোঠাত চা-চিনাকি পৰ্বটো চলি থকা সময়ত লাহে লাহে যেন সাহস অকণমান ঘূৰাই পাইছিলো। 

ক্ষন্তেক পিছতেই ঘণ্টা বাজিল। এইবাৰ উপাধ্যক্ষ মহোদয়ে মোক আগবঢ়াই লৈ গ'ল -  এটি শ্ৰেণীকোঠালৈ বুলি। দীঘল বাৰান্দাখনেৰে বাট বুলি গৈ থাকোতে তেখেতে মোক শুভেচ্ছা জনোৱাৰ উপৰিও আৰু কিবা কিবি কৈ গৈছিল। পিছে মোৰ মুখৰ মাত নাই। এনে লাগিছিল যেন মই শিক্ষক হ'বলৈ নহয়, বৰং পৰীক্ষণৰ বাবে এইমাত্ৰ প্ৰস্তুত কৰি উলিওৱা মহাকাশযান এখনৰ একমাত্ৰ অনভিজ্ঞ মহাকাশচাৰী জনহে হ'বলৈ আহিছোঁ! মূৰটো যেনে এটা এমোনমান ওজনৰ এটা দাঙিব নোৱাৰা বস্তা হৈ পৰিছে! মোৰ প্ৰতিটো খোজত অনুভৱ কৰিছিলোঁ শিৰা-উপশিৰাবোৰৰ  মাজেৰে বিদ্যুতিক গতিৰে পাৰ হৈ যোৱা তেজৰ গৰম স্ৰোত! 

কোন মুহূৰ্তত শ্ৰেণীকোঠাৰ দুৱাৰমুখ পালোহি, তলকিবই নোৱাৰিলোঁ। শ্ৰেণীটোত সোমায়েই দেখিলোঁ প্ৰায় পঞ্চাশ-ষাঠী জনমান ছাত্র-ছাত্ৰীয়ে মোৰ ফালে এনেদৰে চালে যেন মই কোনো নতুন প্ৰজাতিৰ জীৱবিজ্ঞানৰ নমুনা এটাহে! কিছুমানৰ চকুত কৌতূহল, কিছুমানৰ চকুত হাঁহি, আৰু কিছুমান নিৰ্বিকাৰ। গাম্ভীৰ্যপূৰ্ণ ভংগীমাৰে ছাত্ৰ-ছাত্ৰী সকলক সম্ভাষণ জনাবলৈ মই মাতটো উলিয়াব চেষ্টা কৰিলোঁ। ডিঙিটোৱে বিদ্বেষ কৰাত ফটা বাহীৰ সুৰৰ দৰে মাত এটা ওলাই আহিল - "Good Morning. Please sit down." 

ইতিমধ্যে হাঁহিৰ গিৰ্জনিৰে শ্ৰেণীটো ভৰি পৰিছিল। চমুকৈ নিজৰ পৰিচয়টো দাঙি ধৰি সাহসেৰে টেবুলৰ পৰা চক পেঞ্চিল এডাল হাতত ল’লোঁ হে মাথোন, কেনেকৈ যে হাতৰপৰা পিছলি গৈ চক পেঞ্চিল ডাল মাটিত পৰি দুটুকুৰা হ'ল ! সেই মুহূৰ্তত চক পেঞ্চিলডালেও যেন মোৰ আত্মবিশ্বাসৰ প্ৰতিচ্ছবি এখন হে প্ৰকাশ কৰিলে! মুহূৰ্তৰ ভিতৰতে মই নিজকে সহজ কৰিবলৈ যত্ন কৰিলোঁ। মই নিজকে সকিয়াই দিলোঁ যে পেঞ্চিল ডালে মোক এইদৰে হে কৈছে -  "এই সকলেই হ'ল দেশৰ ভবিষ্যত। তেওঁলোকক সঠিক দিশ দেখুৱাবলৈ হে তুমি ইয়ালৈ আহিছা। প্ৰথম দিনৰ এই কম্পিত অনুভূতিবোৰ আত্মবিশ্বাস আৰু অনুপ্ৰেৰণাৰে সজাই পৰাই ল'ব নোৱাৰিলে তুমি কেতিয়াও এজন শিক্ষক হ'ব নোৱাৰিবা……" 

কিছুপৰ স্থিৰতাৰে ৰৈ এটা দীঘল উশাহ লৈ ইষ্ট-গুৰুক স্মৰণ কৰিলোঁ। মোৰ চকুৰ আগত ভাঁহি উঠিছিল মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ মুখবোৰ। কেনেকৈ যে ইমান সুন্দৰকৈ পাঠদান কৰিছিল! মনতে আওৰাইছিলা - "গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা…"! 

আৰু তাৰপাছত পাঠদান আৰম্ভ হ’ল। শ্ৰেণীটো যেন এক মুহূর্তত ভয়াৰ্ত স্থানৰ পৰা আনন্দৰ এখন মঞ্চলৈ পৰিণত হ’ল। আজিও মোৰ সেই দিনটো মনত পৰে। সেই ভয়, সেই কঁপনি, সেই যে হাতৰ পৰা পৰি চক পেঞ্চিলডাল ভাঙি যোৱা সময়খিনি - সেইবোৰেই আছিল মোৰ এই যাত্ৰাৰ প্ৰথমটো পৃষ্ঠা। শিক্ষক হিচাপে প্ৰতি গৰাকী নমস্য শিক্ষাগুৰুৰ জীৱনত প্ৰথম দিনটোৰ এনে ভয় আৰু উত্তেজনাৰ সংমিশ্ৰণ হৃদয়ৰ কোনোবা এটি কোণত নিশ্চয় এক মিঠা স্মৃতি হৈ ৰৈছে। সকলো শিক্ষাগুৰুলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ।