Saturday 25 June 2022

এলিয়েনৰ অস্তিত্ব বিচাৰি

 

এটা দীৰ্ঘদিনীয়া প্ৰশ্ন- এতিয়ালৈকে আমাৰ পৃথিৱী নামৰ গ্ৰহটোৱেই একমাত্ৰ নেকি য'ত জীৱন সম্ভৱ হৈছে ! বিজ্ঞানীসকলে অপাৰ্থিৱ জীৱৰ সন্ধান চলাই আছে আৰু তেওঁলোকে এনে বহুতো সম্ভাৱ্য বহিঃগ্ৰহৰ বিষয়ে আমাক জানিবলৈও দিছে, য'ত জীৱন সম্ভৱ। পৃথিৱীৰ যমজ ভনী শুক্ৰ গ্ৰহৰ কথাকেই লোৱা হওঁক। আমাৰ সূৰ্যৰ জীৱন কালৰ আৰম্ভণিৰ সময়চোৱাত অৰ্থাৎ আমাৰ আদিম সৌৰজগতখনৰ শুক্ৰ গ্ৰহৰ পৃষ্ঠ জীৱন ধাৰণৰ বাবে উপযুক্ত আছিল। কিন্তু, সময় অতিক্ৰম কৰাৰ লগে লগে সূৰ্যৰ জীৱন প্ৰক্ৰিয়া চলাই নিয়া ভৌত ৰসায়নিক ক্ৰিয়াবোৰৰ এনে জটিল বিৱৰ্তন ঘটিল যে ইয়াৰ ফলত শুক্ৰ গ্ৰহৰ পৃষ্ঠভাগ অসংখ্য সক্ৰিয় আগ্নেয়গিৰিৰে আবৃত হৈ শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল বিষাক্ত কাৰ্বন ডাইঅক্সাইড, ছালফাৰ ডাইঅক্সাইড আদি গেছেৰে ভৰাই তোলে। ইয়াৰ ফলত শুক্ৰ গ্ৰহৰ উষ্ণতা ৪৭৫ ডিগ্ৰী ছেলছিয়াললৈ বাঢ়ি গ'ল আৰু সেইবাবে শুক্ৰ গ্ৰহই জীৱকূল ধাৰণ কৰিব পৰা ক্ষমতা হেৰুৱাই পেলালে।

মংগল গ্ৰহ আমাৰ পৃথিৱীৰ দৰেই এটি শিলাময় গ্ৰহ। আজি মংগল গ্ৰহ একাধিক মানব নিৰ্মিত ৰবট আৰু যন্ত্ৰচালিত বাহনৰ বাসস্থান। বিজ্ঞানীসকলে এই ৰঙা গ্ৰহটোলৈ বহুতো মিছন পঠিয়াই ইয়াৰ ভূতত্ত্ব অধ্যয়ন কৰি আহিছে। অতীতৰ কোনো অণুজীৱৰ জীৱনৰ সন্ধানত বিজ্ঞানীসকলে মংগল গ্ৰহৰ বুকুত পিটপিটাই ফুৰিছে। প্ৰযুক্তিৰ উন্নতিৰ লগে লগে আমি মংগল গ্ৰহত অধিক অত্যাধুনিক ৰোভাৰ প্ৰেৰণ কৰাত সফল হৈছো। ৰঙা গ্ৰহটোৰ বিষয়ে আমি সংগ্ৰহ কৰা তথ্য সমূহৰ পৰা সহজেই অনুমান কৰিব পাৰি যে ইয়াৰ পৃষ্ঠত বৈ যোৱা তৰল পানীৰে গঠিত নদীও আছিল। কিন্তু কেৱল তৰল পানীৰ উপস্থিতিৰ অৰ্থ এইটো নহয় যে অণুজীৱৰ জীৱ আছে।
আদিম কালত মংগল গ্ৰহৰ বাতাবৰণ আমাৰ পৃথিৱীৰ লগত বহুখিনি একে আছিল। হয়তো এনেকুৱাও হ’ব পাৰে যে পৃথিৱীত বৰ্তমান যি ঘটি আছে সেয়া হয়তো বহু আগতেই মংগল গ্ৰহটোত সংঘটিত হৈছিল! কিন্তু সময়ৰ লগে লগে মংগল গ্ৰহৰ চুম্বকীয় ক্ষেত্ৰখন দুৰ্বল হৈ যোৱাৰ বাবে ই নিজৰ বায়ুমণ্ডল হেৰুৱাই পেলায় আৰু জীৱন বৰ্তাই ৰাখিবলৈ অপাৰগ হৈ পৰে। একেদৰে আমাৰ সৌৰজগতত আন বহুতো গ্ৰহ বা উপগ্ৰহ আছে য'ত অণুজীৱৰ উপস্থিতি থাকিব পাৰে, কিন্তু ইয়াক ধৰা পেলাবলৈ আমাক অধিক উন্নত প্ৰযুক্তিৰ প্ৰয়োজন। বৃহস্পতি আৰু শনিৰ উপগ্ৰহবোৰৰ ভিতৰত গেনিমেড, কেলিষ্ট', এনচেলেডাছ, টাইটান আৰু ইউৰোপা এনে কিছুমান সম্ভাৱনাযুক্ত স্থান য'ত হয়তো এতিয়াও জীৱন বৰ্তি আছে।
সৌৰজগতৰ সকলো গ্ৰহৰ মাজত পৃথিৱী কিয় বাসযোগ্য? ইয়াৰ মূল কাৰণ হ'ল আমাৰ গ্ৰহটো সূৰ্যৰ পৰা সঠিক দূৰত্বত আছে, যিয়ে গ্ৰহটোত জীৱন ধাৰণৰ বাবে উপযুক্ত তাপমাত্ৰা প্ৰদান কৰিছে। তদুপৰি পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই মূলতঃ আমাক ক্ষতিকাৰক সৌৰ বিকিৰণৰ পৰা ৰক্ষা কৰে, বায়ুমণ্ডলৰ দ্বাৰা সুৰক্ষিত কৰি ৰখাৰ লগতে সঠিক উষ্ণতা নিয়ন্ত্ৰণো কৰি আছে। ইয়াত জন্ম ল’বলৈ জীৱনৰ বাবে উপযুক্ত ৰাসায়নিক উপাদান আছে।
এতিয়া মূল প্ৰশ্নটো হ’ল কোনো এটা গ্ৰহ বাসোপযোগী হয় নে নহয় সেই বিষয়ে জ্যোতিৰ্বিজ্ঞানীসকলে কেনেকৈ সিদ্ধান্ত লয়? বহিঃগ্ৰহবোৰৰ বাসযোগ্যতা বিচাৰ কৰিবলৈ বিজ্ঞানীসকলে মূলতঃ তলত দিয়া কাৰক সমূহ বিশ্লেষণ কৰে। সেইবোৰ হ'ল-
গ্ৰহটোৰ ভৰ : বহিঃগ্ৰহটো বাসযোগ্য হ’বলৈ হ’লে ই আমাৰ পৃথিৱীৰ মুঠ ভৰৰ ০.১ৰ পৰা ১০ পৃথিৱী ভৰৰ ভিতৰত হ’ব লাগিব।
গ্ৰহটোৰ ব্যাসাৰ্ধ : জীৱন ধাৰণৰ বাবে উপযুক্ত হ'বলৈ গ্ৰহ এটাৰ ব্যাসাৰ্ধ পৃথিৱীৰ ব্যাসাৰ্ধৰ ০.৫ৰ পৰা ২.৫ গুণৰ ভিতৰত হ’ব লাগিব।
উষ্ণতা : বহিঃগ্ৰহটোৰ ইয়াৰ মূল তৰা বা নক্ষত্ৰটোৰ পৰা সঠিক দূৰত্বত থাকিব লাগে।
তৰাৰ প্ৰকাৰ : বিজ্ঞানৰ ভাষাত আমাৰ সূৰ্যটো 𝗚 টাইপৰ তৰা অৰ্থাৎ আমাৰ সূৰ্যৰ দৰে যিকোনো 𝗚 টাইপৰ তৰা এটাৰ পৰা সঠিক দূৰত্বত অৱস্থান কৰা গ্ৰহক তৰাটোৱে নিজৰ কক্ষপথত ধৰি ৰাখিব পাৰে।
আন প্ৰকাৰৰ তৰাবোৰ হ’ল 𝗙, 𝗞 আৰু 𝗠। এইবোৰৰ ভিতৰত 𝗞 টাইপৰ তৰাবোৰে "ছুপাৰ হেবিটেব'ল এক্সোপ্লেনেট" বা অতি সম্ভাৱনাপূৰ্ণ বহিঃগ্ৰহ ধাৰণ কৰে যিবোৰ বিজ্ঞানী সকলৰ মতে পৃথিৱীতকৈও অধিক বাসোপযোগী।

No comments:

Post a Comment