Friday 20 September 2024

ৰাণাদালৈ ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি



সেয়া ১৯৬০ চন মানৰ কথা। গুৱাহাটীৰ উজান বজাৰৰ এখন বিয়া। নিমন্ত্ৰিত অতিথি হিচাবে ৰভাতলিত একেলগে বহি আছিল হীৰেন ভট্টাচাৰ্য (হীৰুদা), জয়ন্ত হাজৰিকা (ৰাণা দা) আৰু নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউ। খেয়ালী মনৰ হীৰুদাই হঠাতে এটা প্ৰস্তাৱ দাঙি ধৰিলে। প্ৰস্তাৱটি এনেধৰণৰ - নিৰ্মলপ্ৰভা বৰদলৈয়ে এটা গান লিখিব লাগে আৰু সেই গানটিত সুৰ দিব লাগিব জয়ন্ত হাজৰিকাই। সময় দুয়োজনৰ বাবে মাত্ৰ তিনি মিনিটকৈ। আকোৰগোঁজ হীৰুদাৰ কথা কোনে বাৰু পেলাব পাৰে!
ৰাজী হ'ল দুয়োজনেই। কিন্তু গান লিখিবলৈ ৰভাতলিত কাগজ ক’ত পোৱা যাব? হীৰুদাই তেখেতৰ চাৰমিনাৰ চিগাৰেটৰ পেকেটটো উলিয়াই ফালি লৈ পেকেটটোৰ বুকুফাল আৰু কলম এটা আগবঢ়াই দিলে নিৰ্মলপ্ৰভা বৰদলৈ বাইদেউৰ পিনে।
চিগাৰেটৰ পেকেটটোৰ উকা ফালটোৰ ওপৰত কলমটো ৰাখি নিৰ্মলপ্ৰভা বাইদেউৱে ৰভাৰ বাহিৰলৈ চকুযুৰি থেলি পঠিয়াই দেখিলে যে অনতিদূৰত এখিলা কলপাত বতাহত লৰি আছে। পিছ মুহূৰ্ততে তেওঁ জয়ন্ত হাজৰিকা (ৰাণাদা)ৰ পিনে চালে। জয়ন্ত হাজৰিকা তেতিয়া চেঙেলিয়া ডেকা ল’ৰা। বয়স মাত্ৰ ১৭ বছৰ। ৰাণাদা (জয়ন্ত হাজৰিকা)ৰ বয়সৰ স’তে মিলা চঞ্চল এখিলা কলপাত। বাইদেউৰ কলমটোৱে চিগাৰেটৰ পেকেটৰ ওপৰেদি মসৃণ গতি আৰম্ভ কৰিলে:
“আগলি বতাহে কঁপালে কলৰে পাত
মন উৰণীয়া হেৰালে বাটৰে আঁত।
বুজোঁ কি নুবুজোঁ চিনাকি কুলিৰে মাত
মেলো কি নেমেলো আকাশে চুবলৈ হাত
হেৰালে বাটৰে আঁত।
এটি মাথোঁ ফুল মনৰে ডালতে কঁপে
এটি মাথোঁ পখী এই উৰে উৰে
কিনো ফুল সিটি
কিনো পখী সিটি
জিৰাব কিহৰে ছাঁত
হেৰালে বাটৰে আঁত।”

তাৰ থিক পিছৰ তিনি মিনিটৰ ভিতৰত গীতটিত সুৰ দিলে ৰাণা দাই। সৃষ্টি হ’ল এটি যুগজয়ী গীতৰ। আগলি বতাহে কঁপালে কলৰে পাত" ৰাণা দা (জয়ন্ত হাজৰিকা)ৰ এইচ.এম.ভিৰ যোগেদি ৰেকৰ্ডিং কৰা প্ৰথমটো গীত। দৰদী শিল্পী জয়ন্ত হাজৰিকা দেৱলৈ আজি ওপজা দিনৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।
🙏

Thursday 19 September 2024

ভাৰতীয় মহাকাশ ষ্টেচন


২০১৯ চনত, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ মুৰব্বী কে. সিভানে এখন ছেমিনাৰত প্ৰথমবাৰৰ বাবে ভাৰতৰ এটা  নিজস্ব মহাকাশ ষ্টেচনৰ বিষয়টো উপস্থাপন কৰিছিল। তাৰবাবে তেখেতে এই পৰিকল্পনাৰ অংশ হিচাবে প্ৰায় ২০ টন ভৰ বিশিষ্ট এটা মডেলৰ আভাষো যুগুত কৰি আনিছিল। তাৰ তিনি বছৰ পিছত, অৰ্থাৎ ২০২৩ চনৰ ১ জানুৱাৰীৰ দিনা ইছৰোৰ অধ্যক্ষ হিচাপে অৱসৰ লোৱাৰ পূৰ্বে ইছৰোৰ পৰম্পৰাগত "নৱবৰ্ষৰ ভাষণ" অনুষ্ঠানত কে. সিভানে ভাৰতৰ প্ৰথমটো মানৱ যুক্ত মহাকাশযান "গগনযান"ৰ পৰিকল্পনা অনুযায়ী প্ৰয়োজনীয় প্ৰাথমিক পৰীক্ষালানিৰ সফল সমাপ্তিৰ ঘোষণাৰে সমগ্ৰ বিশ্ববাসীলৈ তেওঁ ভাৰতৰ মহাকাশ গৱেষণা সংস্থাটোৱে মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰখনত লাভ কৰা ঈৰ্ষণীয় সফলতাৰ বাৰ্তা প্ৰেৰন কৰিছিল।

কে. সিভানৰ অৱসৰৰ পিছত ২০২৩ চনত ইছৰোৰ নৱনিযুক্ত অধ্যক্ষ এছ. সোমানাথে কৈছিল যে ইতিমধ্যে ইছৰোৰ গগনযান কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় মহাকাশচাৰীক সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে মহাকাশলৈ প্ৰেৰন কৰিবলৈ "স্পেচ ফ্লাইট"ৰ কাম কাজবোৰ অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু ইয়াৰ পিছতেই পৰৱৰ্তী মডিউলসমূহত ভাৰতৰ নিজস্ব "স্পেচ ষ্টেচন" নিৰ্মাণৰ প্ৰক্ৰিয়াটো তৰান্বিত কৰা হ'ব। 

প্ৰস্তাৱিত এই মহাকাশ ষ্টেচন প্ৰকল্পৰ সময়সীমা ব্যাপক। আগন্তুক ২০ বছৰৰ ভিতৰত ভাৰতৰ নিজস্ব মহাকাশ ষ্টেচন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পৰিকল্পনাক ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন কৰিছে। ২০২৫ চনৰ পৰা ভাৰতীয় মহাকাশ ষ্টেচনৰ বাবে উন্নয়নমূলক পৰীক্ষাবোৰ আৰম্ভ হ’ব আৰু ২০৩৫ চনৰ ভিতৰত ভাৰতীয় মহাকাশ ষ্টেচন প্ৰকল্পটোৰ চূড়ান্ত সংস্কৰণটো নিৰ্মাণ সম্পূৰ্ণ হ'ব। অৱশ্যে ইয়াৰ পূৰ্বে অৰ্থাৎ ২০২৮ চনত ইছৰোৱে মহাকাশ ষ্টেচনৰ এটা প্ৰাথমিক মডেল স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ লগে লগে ২০৪০ চনৰ ভিতৰত ইছৰোৱে  চন্দ্ৰলৈ এটা মানৱ অভিযান সম্পন্ন কৰাৰো প্ৰস্তুতি আৰম্ভ কৰিছে। এই পৰিকল্পনাৰ অংশ হিচাবে সোনকালেই মানৱহীন চন্দ্ৰযান-৪ অভিযান আৰম্ভ হ'ব, যত জোনবাইৰ বুকুৰ পৰা মাটিৰ নমুনা সংগ্ৰহ কৰি মহাকাশযান পুনৰ পৃথিৱীলৈ ঘূৰাই অনাৰ প্ৰস্তুতি চলি আছে।

তলত দিয়া ইছৰোৰ লিংকটো খুলি অধিক তথ্য চাব পাৰে 👇

https://www.isro.gov.in/

পৃথিৱীৰো এটা আঙুঠি আছিল

 


প্ৰায় ৪৬৬ মিলিয়ন বছৰ আগত, বহুত উল্কাপিণ্ডই আমাৰ পৃথিৱীত একেলেথাৰিয়ে খুন্দিয়াইছিল। ইয়াৰ ফলত পৃথিৱীৰ বুকুত ভূতাত্ত্বিকভাৱে অতি কম সময়ৰ ভিতৰতে বহুতো খাদৰ সৃষ্টি হৈছিল। বৰ্তমান সময়ত আমি উল্কাপিণ্ডৰ আঘাতৰ ফলত সৃষ্টি হোৱা এনে ২১টা খাদৰ বিষয়ে জানো। তদুপৰি ইউৰোপ, ৰাছিয়া আৰু চীনৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ হোৱা বিভিন্ন শিলাখণ্ডবোৰত উল্কাপিণ্ডৰ অৱশেষৰ সন্ধান পোৱা গৈছে।

অষ্ট্ৰেলিয়াৰ ম'নাচ বিশ্ববিদ্যালয়ৰ ভূ-তত্ত্ববিদ এণ্ডি টমকিন্স আৰু তেখেতৰ সহকর্মীসকলে সম্পন্ন কৰা গৱেষণাৰ পৰা পোৱা তথ্য অনুসৰি পৃথিৱীৰ সৈতে সংঘটিত হোৱা এনে মহাজাগতিক সংঘৰ্ষৰ ফলত আজিৰ পৰা প্ৰায় ৪৬৬ মিলিয়ন বছৰ আগত এটা ডাঙৰ গ্ৰহাণু চূৰ্ণ বিচূৰ্ণ হৈ গ্ৰহাণুটোৰ ধ্বংসাৱশেষবোৰে বহুদিন ধৰি পৃথিৱীৰ বুকুত উল্কাপাতৰ সৃষ্টি কৰিছিল আৰু আপেক্ষিক ভাবে সৰু সৰু ধ্বংসাৱশেষবোৰ পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ দ্বাৰা প্ৰভাৱিত হৈ পৃথিৱীৰ বিষুৱৰেখাৰ চাৰিওফালে ধ্বংসাবশেষৰ এটা বলয়ৰ সৃষ্টি কৰিছিল আৰু এই বলয়টোৱে সৌৰজগতৰ শনি গ্ৰহৰ চাৰিওফালে থকা আঙুঠিটোৰ দৰেই আমাৰ পৃথিৱীৰ চৌদিশে পৰিক্ৰমা কৰিছিল। 

প্ৰায় ৪৬৬ মিলিয়ন বছৰ আগত, আমাৰ পৃথিৱীখন নাটকীয়ভাৱে ঠাণ্ডা হ’বলৈ আৰম্ভ কৰিছিল আৰু হিমযুগৰ আৰম্ভনি হৈছিল। বিজ্ঞানীসকলৰ মতে পৃথিৱীৰ চৌদিশে সৃষ্টি হোৱা এই:আঙঠিটোৰ বাবেই পৃথিৱীলৈ হিমযুগ আহিছিল।

তলৰ লিংকটো চাব পাৰে

https://www.monash.edu/science/news-events/news/current/earth-may-have-had-a-ring-system-466-million-years-ago

Sunday 15 September 2024

এটা নতুন জোনবাই


পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত অহা ২৯ ছেপ্টেম্বৰ তাৰিখে মহাকাশত ঘূৰি ফুৰা এটা গ্ৰহাণু পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰি ২৫ নৱেম্বৰলৈকে পৃথিৱীৰ চৌদিশে ঘূৰি থাকিব। অৰ্থাৎ আমাৰ পৃথিৱীয়ে দু’মাহৰ বাবে এটা নতুন ‘'জোনবাই'’ লাভ কৰিব! যোৱা ৭ আগষ্ট তাৰিখে মহাকাশ বিজ্ঞানীসকলে এই গ্ৰহাণুটো আৱিষ্কাৰ কৰি ইয়াৰ গতিবিধি পৰ্যবেক্ষণ কৰিছে। বিজ্ঞানীসকলে ইয়াৰ নাম ৰাখিছে - "২০২৪ পিটি৫" ! 

সূৰ্যৰ মাধ্যকৰ্ষণ বলৰ প্ৰভাৱত সৌৰজগতৰ ভিতৰত ঘূৰি ফুৰা এই গ্ৰহাণুটোক পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিয়ে কিছু সময়ৰ বাবে টানি আনিব। অহা ২৯ ছেপ্টেম্বৰত পৃথিৱীৰ চৌদিশৰ এক নিৰ্দিষ্ট কক্ষপথত প্ৰৱেশ কৰি এই গ্ৰহাণুটো অহা ২৫ নৱেম্বৰলৈকে পৃথিৱীৰ চৌদিশে ঘূৰি থাকিব। বিজ্ঞানীসকলে এই পৰিঘটনাক এক দুৰ্লভ মহাজাগতিক ঘটনা বুলি বৰ্ণনা কৰিছে।

''২০২৪ পিটি৫'' নামৰ এই গ্ৰহাণুটো প্ৰায় ৩৩ ফুট ব্যাসৰ এক প্ৰকাণ্ড শিলাখণ্ড।  যদিও এই গ্ৰহাণুটোৱে পৃথিৱীৰ চৌদিশৰ কক্ষপথত ঘূৰিব, গ্ৰহাণুটোৱে কিন্তু পৃথিৱী চৌদিশে এটা সম্পূৰ্ণ পৰিক্ৰমা সমাপ্ত কৰিব নোৱাৰে। তাৰ সলনি ই পৃথিৱীৰ চাৰিওফালে অৰ্ধবৃত্তাকাৰ এক কক্ষৰে ঘূৰি ২৫ নৱেম্বৰৰ দিনা পুনৰ মহাকাশত বিলীন হৈ যাব। 

‘'২০২৪ পিটি৫’' ক্ষূদ্ৰাকৃতিৰ হোৱাৰ লগতে এক ক্ষন্তেকীয়া মহাজাগতিক অতিথি হ'লেও, ই মহাকাশ বিজ্ঞানীসকলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ। কাৰণ ইয়াৰ সহায়ত বিজ্ঞানীসকলে পৃথিৱীৰ মাধ্যাকর্ষণ শক্তিৰ প্ৰভাৱত গ্ৰহাণুবোৰৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰাৰ সুযোগ লাভ কৰিব। এই তথ্যবোৰে আগলৈ পৃথিৱীত খুন্দা খোৱাৰ সম্ভাৱনা থকা গ্ৰহাণুবোৰৰ বিষয়ে গৱেষণাৰ কামত যথেষ্ঠ সহায় কৰিব।  বৰ্তমান, পৃথিৱীৰ কক্ষপথলৈ সেই নতুন মহাজাগতিক অতিথিৰ আগমনৰ বাবে বিজ্ঞানীসকলে আগ্ৰহেৰে অপেক্ষা কৰিছে।

তলৰ লিংকটো খুলি চাব পাৰে: 

https://eyes.nasa.gov/apps/asteroids/#/home

Tuesday 3 September 2024

পোহৰ আৰু সময়

 

পোহৰৰ বেগত গতি কৰিলে, সকলো ঘড়ী থমকি ৰয়। শূন্য আকাৰ বা ছিঙ্গুলাৰিটিলৈ সংকুচিত হয় মহাবিশ্ব। গতিশীল ঘড়ীবোৰ স্থিৰ অৱস্থাৰ ঘড়ীবোৰৰ তুলনাত লেহেমীয়া হয়। যেতিয়া কোনো গতিশীল ঘড়ীৰ বেগ, পোহৰৰ বেগৰ প্ৰায় সমান হয়, তেতিয়া সেই ঘড়ীৰ কাটাবোৰ প্ৰায় স্তব্ধ হৈ পৰে। এইখিনিতেই আমি এটা আকৰ্ষণীয় প্ৰশ্ন উত্থাপন কৰিব পাৰোঁ - যিহেতু তীব্ৰগতি সম্পন্ন ফোটন কণাবোৰে পোহৰৰ বেগত গতি কৰে আৰু পোহৰৰ বেগেই গতিশীল সকলো বস্তুৰ বেগৰ চূড়ান্ত সীমা, তেনে ক্ষেত্ৰত পোহৰ বা পোহৰৰ ফোটন কণাবোৰৰ বাবে "সময়" বুলি কিবা এটা ভৌতিক ৰাশি থকাটো সম্ভৱ নে? পোহৰৰ বাবে সময় সদায়েই স্থবিৰ নহয়নে?

বিজ্ঞানীসকলৰ মতে পোহৰ অথবা পোহৰৰ মৌলিক কণা ফোটনবোৰৰ বাবে "সময়" আৰু "স্থান" বুলি একোৰে অস্তিত্ব নাই।
তেওঁলোকৰ মতে ইয়াৰ কাৰণ হ'ল - আইনষ্টাইনৰ আপেক্ষিকতাবাদৰ তত্ব অনুসৰি, যিবোৰ বস্তু অতি বেছি বেগেৰে গতি কৰে, তেনে বস্তুবোৰৰ ক্ষেত্ৰত "সময়" কোনো এজন স্থিৰ পৰ্য্যবেক্ষকৰ বাবে অতিমাত্ৰা ধীৰ হৈ পৰে। আনহাতে পোহৰৰ বেগত গতি কৰা কোনো বস্তুৰ বাবে, পৰ্যবেক্ষকৰ দৃষ্টিত "সময়" থমকি যায়। ইয়াৰ অৰ্থ এয়ে যে পোহৰে মুহূৰ্ত এটাৰ ভিতৰতেই যাত্ৰা সমাপন কৰে।
পোহৰৰ কোনো বিশ্ৰামৰ ফ্রেম (Rest Frame) নাই। সেয়েহে পোহৰে যিকোনো ফ্ৰেমত সৰ্বোচ্চ বেগত গতি কৰিব পাৰে। যিহেতু "সময়"ক নিৰ্দিষ্ট এক ফ্ৰেমৰ ভিতৰতহে নিৰ্ধাৰণ কৰা হয়, সেয়ে পোহৰৰ বাবে সময় তাৎপৰ্যহীন।
আন এটা উল্ল্যেখযোগ্য কাৰণ হ'ল এই যে পোহৰৰ বেগত "স্থান" সংকুচিত হয়। অৰ্থাৎ পোহৰে গতি কৰিলে, যাত্ৰা কৰা স্থানৰ মাজৰ দূৰত্ববোৰ শূন্যলৈ সংকুচিত হৈ পৰে। সেইবাবে, পোহৰ অথবা পোহৰৰ ফোটন কণাৰ দৃষ্টিকোণৰ পৰা কেৱল সময়েই নহয়, স্থানো একেবাৰে সংকুচিত হৈ এক বিন্দুত পৰিনত হয়।

সেইবাবেই বিজ্ঞানীসকলৰ মতে পোহৰে "সময়" আৰু "স্থান" দুয়োকে অনুভৱ কৰিব নোৱাৰে। পোহৰৰ সৰ্বিচ্চ বেগত "সময়" আৰু "স্থান"ৰ ধাৰণাবোৰ নিদিষ্ট নহয়।