চিকিৎসালয়ৰ এটি কোঠাত দুজন মানুহ, দুয়ো অসুস্থ। তেওঁলোকৰ এজনক প্ৰতিদিন আবেলি প্ৰায় এঘণ্টাৰ বাবে নাৰ্ছ এগৰাকীয়ে বিচনাত বহিবলৈ সুবিধা কৰি দিছিল যাতে তেওঁৰ হাওঁফাওঁত জমা হোৱা পানী ওলাই যাব পাৰে। তেওঁৰ বিচনাখন চিকিৎসালয়খনৰ কোঠাটোৰ একমাত্ৰ খিৰিকীখনৰ কাষতেই আছিল। বিচনাত বহি তেওঁ একান্ত মনে খোলা খিৰিকীখনেৰে বাহিৰলৈ চাই থাকে। আনজন ৰোগী আকৌ সদায় শুইয়ে থাকিব লগা হৈছিল। উঠি বহিব পৰাকৈ তেওঁৰ গাত শক্তিয়েই নাই।
প্ৰতিদিন আবেলি, খিৰিকীৰ কাষৰ ৰুগীয়া মানুহজনে বিচনাত বহি থকা সময়ত, তেওঁৰ কাষৰ আনখন বিচনাত শুই থকা ৰোগীজনক খোলা খিৰিকীৰে দেখা পোৱা বাহিৰৰ দৃশ্যবোৰৰ বৰ্ণনা দিয়ে। আনজন ৰোগীয়ে সেই এঘণ্টা সময়ৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে, কাৰণ খিৰিকীৰ কাষৰ ৰোগীজনে বৰ্ণনা কৰা বহিঃজগতখনৰ প্ৰতিটো মুহূৰ্ত তেওঁৰ দুচকুত এখন পৰিষ্কাৰ ছৱি হৈ তেওঁৰ মনোজগতত প্ৰৱেশ কৰে আৰু তেওঁ বৰ আনন্দ অনুভৱ কৰে।
কোঠাটোৰ খিৰিকীখন খুলিলেই এখন উদ্যান দেখা পোৱা যায়। উদ্যানখনৰ মাজৰ এটা সুন্দৰ হ্ৰদত ৰাজহাঁহবোৰে সাতুৰি থাকে। কণ কণ শিশুবোৰে হ্ৰদৰ পানী যুৱলিত কাগজৰ নাওবোৰ এৰি দিছে। প্ৰেমিক-প্ৰেমিকাই ফুলেৰে ভৰা বাগিচাৰ মাজেৰে ইজনে সিজনৰ হাতত ধৰি খোজ কাঢ়িছে…! খিৰিকীৰ কাষৰ ৰোগীজনে এই দৃশ্যবোৰ সুন্দৰভাৱে বৰ্ণনা কৰি যায় আৰু আনজন ৰোগীয়ে চকুদুটা বন্ধ কৰি সেই দৃশ্যপটবোৰ মনতে অঙ্কন কৰি যায়।
গৰমৰ এটা আবেলি। খিৰিকীৰ কাষৰ মানুহজনে উদ্যানখনৰ কাষৰ পথটোৱেদি এটা পেৰেড গৈ থকাৰ কথা বৰ্ণনা কৰিলে। আনজন ৰোগীয়ে পেৰেডৰ বাজনাটো শুনিবলৈ কান খন থিয় কৰি ৰ'ল। নাই, পেৰেডৰ বাজনা তেওঁ নুশুনিলে। হয়তো পেৰেডটো চিকিৎসালয়ৰ কোঠাটোৰ পৰা বহু আঁতৰত। নিজকে সান্ত্বনা দি তেওঁ নিজৰ মনত দৃশ্যটো কল্পনা কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ মনত পৰি গ'ল সৌ তাহানিৰ সেনাবাহিনীত অংশগ্ৰহণ কৰা নৈমিত্তিক পেৰেডবোৰৰ কথা।
দিন, সপ্তাহ, মাহ পাৰ হৈ গ’ল। এদিন ৰাতিপুৱা, কৰ্তব্যৰত নাৰ্ছ এগৰাকীয়ে কোঠাটোলৈ সোমাই আহি দেখিলে যে খিৰিকীৰ কাষৰ ৰোগীজনৰ সাৰসুৰ নাই। ভালদৰে চাই তেওঁ নিশ্চিত হ'ল যে ইতিমধ্যে ৰোগীজনৰ মৃত্যু হৈছে। ক্ষন্তেক পিছতেই কোঠাটোলৈ চিকিৎসক আৰু আন কেইবাগৰাকী লোক সোমাই আহি যাৱতীয় নিৰ্দশনা প্ৰদান কৰি ৰোগীজনৰ মৃতদেহটো লৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ দিলে। কোঠাটোত থকা আনজন ৰোগীৰ মনত বৰ দুখ লাগিছিল। দুচকুৰে বৈ আহিছিল অশ্ৰুধাৰ।
কিছুপৰ পিছতেই ৰোগীজনৰ মৃতদেহটো কোঠাটোৰ পৰা উলিয়াই নিয়া হ'ল। নাৰ্ছে খালী হোৱা বিচনাখনৰ কাপোৰবোৰ সলনি কৰি নতুন ৰোগীৰ বাবে বিচনাখন প্ৰস্তুত কৰি তুলিলে। কিছু অনুচ্চ কণ্ঠেৰে আনজন ৰোগীয়ে নাৰ্ছ গৰাকীক অনুৰোধ কৰিলে যে তেওঁক যেন খিৰিকীৰ কাষৰ খালী হোৱা বিচনাখনলৈ স্থানান্তৰ কৰে। নাৰ্ছ গৰাকীয়ে আনন্দেৰে তেওঁৰ প্ৰস্তাৱটো গ্ৰহণ কৰি বিচনাখন সলনি কৰিলে, আৰু তেওঁক আৰাম কৰিবলৈ দি বাহিৰলৈ ওলাই গ’ল।
সাৱধানে, অতি কষ্টেৰে আনজন ৰোগীয়ে নিজৰ কিলাকুটি আৰু কঁকালত ভৰ দি বিচনাখনত বহি খিৰিকীৰে বাহিৰে চাবলৈ চেষ্টা কৰিলে। খোলা খিৰিকীখনৰ সন্মুখত, ওচৰৰ আন এটা অট্টালিকাৰ প্ৰকাণ্ড বেৰ এখন হে আছে!
তেওঁ নাৰ্ছগৰাকীক চিঞৰি মাতিলে। নাৰ্ছগৰাকী কোঠাটোলৈ সোমাই অহাৰ লগে লগে তেওঁ সুধিলে : ক্ষন্তেক আগতে মৃত্যু বৰণ কৰা ৰোগীজনে সদায়ে এই খিৰিকীখনেৰে বাহিৰলৈ চাই, তেওঁ দেখা পোৱা সুন্দৰ দৃশ্যবোৰৰ বৰ্ণনা কৰিছিল, তেওঁ কেনেকৈ সেইবোৰ দেখা পাইছিল?
নাৰ্ছগৰাকীয়ে উত্তৰ দিলে : সেয়া সম্ভৱ নহয়। তেখেত অন্ধ আছিল। সম্ভৱতঃ তেওঁ আপোনাক মানসিক ভাবে উৎসাহিত কৰিবলৈ সেই কথাবোৰ কৈছিল। আনক সুখী কৰাৰ বাবে, নিজৰ অসুবিধাৰ মাজতো আনৰ বাবে নিজকে উৎসৰ্গা কৰিব পাৰিলে অনন্য সুখ অনুভৱ কৰা যায়। খিৰিকীৰ পৰ্দাখন কাষলৈ চপাই বাহিৰৰ বতাহজাক কোঠাটোলৈ সোমাই অহাৰ সুবিধা কৰি দি নাৰ্ছগৰাকী যাবলৈ ওলাল। যাওঁতে তেওঁ কৈ গ'ল : দুখবোৰ ভগাই ল'লে পাতল হয়। আনহাতে সুখবোৰ ভগাই ল'লে দুগুণ হয়।
বাহিৰৰ শীতল বতাহ জাকে তেওঁৰ শৰীৰতো স্পৰ্শ কৰিলেহি। খোলা খিৰিকীখনেৰে পলক নেপেলোৱাকৈ তেওঁ বাহিৰলৈ চাই ৰ'ল।
(মূল ইংৰাজী লিখনি : অজ্ঞাত)
অনুবাদ : প্ৰণৱজ্যোতি দাস
অনুবাদ : প্ৰণৱজ্যোতি দাস
No comments:
Post a Comment