Window To Infinity
Dr. Pranabjyoti Das, Tangla
Monday, 19 January 2026
শিৱমজ্যোতি দাসক শৈক্ষিক বঁটা প্ৰদান
Friday, 9 January 2026
মহাকাশত অসমৰ গৌৰৱ লাচিত-১ উপগ্ৰহ
অসম আৰু সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলৰ বাবে ই এক গৌৰৱময় মুহূৰ্ত যে অহা ১২ জানুৱাৰী, ২০২৬ তাৰিখে অসমৰ ড'নবস্কো ইউনিভাৰছিটিৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলে নিৰ্মাণ কৰি উলিওৱা লাচিত-১ নামৰ কৃত্ৰিম উপগ্ৰহটো মহাকাশৰ বুকুলৈ উৎক্ষেপণ কৰা হ’ব। এই উপগ্ৰহটো ISROৰ PSLV-C62 ৰকেটযোগে উৎক্ষেপণ কৰা হ’ব, যাৰ বাবে ইতিমধ্যে সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ লঞ্চপেড সাজু কৰি তোলা হৈছে। ১২ জানুৱাৰীৰ দিনা পুৱা ১০ বাজি ১৭ মিনিটত লাচিত-১ উপগ্ৰহটো মহাকাশলৈ বুলি উৰা মাৰিব। এই উৎক্ষেপণটো হ'ব ২০২৬ চনৰ প্ৰথমটো ভাৰতীয় মহাকাশ অভিযান। অসমৰ ইতিহাসৰ বীৰ সেনাপতি লাচিত বৰফুকনৰ নামত নামাকৰণ কৰা এই উপগ্ৰহটো সাহস, কৌশল আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক। অসম ডনবস্কো বিশ্ববিদ্যালয়ৰ নেতৃত্বত নিৰ্মিত এই কৃত্ৰিম উপগ্ৰহটোৰ জৰিয়তে অসমে ভাৰতৰ মহাকাশ মানচিত্ৰত নিজৰ স্থান দৃঢ় কৰিব।
লাচিত–১ কেৱল এটা উপগ্ৰহই নহয়; বৰং ই উত্তৰ–পূৰ্বাঞ্চলৰ পৰা উদ্ভৱ হোৱা বৈজ্ঞানিক মেধা, প্ৰযুক্তিগত সক্ষমতা আৰু উদ্ভাৱনী চিন্তাৰ এক শক্তিশালী প্ৰতীক। অসমৰ শিক্ষানুষ্ঠানৰ যুৱ বিজ্ঞানীসকলৰ পৰিশ্ৰম আৰু শিক্ষকসকলৰ মাৰ্গ দৰ্শনৰ সমন্বয়ত গঢ় লৈ উঠা এই অভিযানটোৱে উত্তৰ পূৰ্বাঞ্চলৰ অগণন ছাত্ৰ–ছাত্ৰী, শিক্ষক আৰু উদীয়মান বিজ্ঞানীসকলক নিশ্চয়কৈ অনুপ্ৰেৰণা যোগাব। লাচিত-১ উপগ্ৰহই এইটো প্ৰতীয়মান কৰে যে অসমৰ মাটিত জন্ম লোৱা সপোনেও মহাকাশ স্পৰ্শ কৰিব পাৰে।
লাচিত–১ৰ এটা মুখ্য কাম হ’ব মহাকাশত উপগ্ৰহ যোগাযোগ প্ৰযুক্তিৰ পৰীক্ষা নিৰীক্ষা। এই উপগ্ৰহটোৰ জৰিয়তে মহাকাশৰ পৰা পৃথিৱীৰ সৈতে সংকেত প্ৰেৰণ আৰু গ্ৰহণ ব্যৱস্থাৰ উন্নতিকৰণ সম্পৰ্কে পৰীক্ষা কৰা হ’ব, যাৰ সহায়ত ভৱিষ্যতে অধিক উন্নত যোগাযোগ উপগ্ৰহ নিৰ্মাণত সহায় হ'ব। ইয়াৰ উপৰিও লাচিত–১ উপগ্ৰহৰ সহায়ত Low Earth Orbit ত চলাচল কৰা উপগ্ৰহ প্ৰণালী, এইবোৰৰ স্থায়িত্ব, উপগ্ৰহৰ শক্তি ব্যৱস্থাপনা, সৌৰশক্তি সংগ্ৰহ আৰু তাপ নিয়ন্ত্ৰণ প্ৰণালীৰ ওপৰতো এলানি পৰীক্ষা কৰা হ’ব।
লাচিত–১ নামৰ এই উপগ্ৰহটোৱে অসমৰ গৌৰৱ আৰু বিজ্ঞান শিক্ষাৰ মেধাৰে জিলিকি উঠা ভৱিষ্যতৰ একাজলি প্ৰতিশ্ৰুতি বুকুত বান্ধি মহাকাশলৈ উৰা মাৰিব। এজন অসমীয়া হিচাবে লাচিত–১ উপগ্ৰহক লৈ আমি সকলোৱে গৌৰৱ কৰিব পাৰো। কাৰণ ই কেৱল এক বৈজ্ঞানিক সাফল্য নহয়, বৰঞ্চ অসমৰ ইতিহাস, আত্মসম্মান আৰু আধুনিক বিজ্ঞানৰ এক শক্তিশালী প্ৰদৰ্শন। লাচিত বৰফুকনৰ দৰে বীৰ সেনাপতিৰ নাম বহন কৰা এই উপগ্ৰহই মহাকাশৰ পৰাই সমগ্ৰ বিশ্বক জনাই দিব যে অসমৰ বীৰত্ব কেৱল যুদ্ধক্ষেত্ৰতেই সীমাবদ্ধ নহয়, বৰং আজি সেই বীৰত্ব জ্ঞান, প্ৰযুক্তি আৰু মহাকাশ অভিযানৰ মাজেৰেও প্ৰদৰ্শিত হৈছে। অসম আৰু উত্তৰ–পূৰ্বাঞ্চলৰ মেধা কোনো দিশত কম নহয়। অসমৰ মাটিটো যে বিশ্বমানৰ বিজ্ঞানী, উদ্ভাৱক আৰু স্বপ্নদ্ৰষ্টা আছে - এই সত্যকেই লাচিত–১ নামৰ উপগ্ৰহটোৱে প্ৰতিষ্ঠা কৰক। 🚀
✍️ প্ৰণৱজ্যোতি দাস, টংলা।
Saturday, 3 January 2026
মঙল গ্ৰহত ঘড়ীৰ কাটা দ্ৰুত গতিৰ হয়
আমি সাধাৰণতে সময়ক সৰ্বত্ৰ একে গতিৰে প্ৰবাহমান বুলি ভাবোঁ, কিন্তু আধুনিক পদাৰ্থবিজ্ঞানে দেখুৱাইছে যে সময়ৰ গতি সকলো ঠাইতে একে নহয়। এলবাৰ্ট আইনষ্টাইনৰ আপেক্ষিকতাৰ তত্ত্ব অনুসৰি সময়ৰ প্ৰবাহ মাধ্যাকর্ষণ আৰু পদাৰ্থৰ গতিৰ ওপৰত নিৰ্ভৰশীল। এই তত্ত্বৰ আধাৰত বিজ্ঞানীসকলে এটা আমোদজনক সত্যৰ সন্ধান উলিয়াইছে — মংগল গ্ৰহত ঘড়ীৰ কাটা পৃথিৱীৰ তুলনাত অলপ বেছি দ্ৰুত গতিৰে প্ৰবাহিত হয়।
ঘড়ীৰ কাটাৰ এই দ্ৰুততাৰ কাৰণবোৰৰ ভিতৰত মাধ্যাকর্ষণৰ ভূমিকা গুৰুত্বপূৰ্ণ। সাধাৰণ আপেক্ষিকতাৰ মতে শক্তিশালী মাধ্যাকর্ষণে সময়ক অলপ ধীৰ কৰি তোলে। যিমানেই মাধ্যাকর্ষণ বেছি হয়, সময় সিমানেই ধীৰে প্ৰবাহিত হয়। আমাৰ পৃথিৱীখন মংগল গ্ৰহতকৈ ডাঙৰ আৰু অধিক ভৰ বিশিষ্ট। পৃথিৱীৰ ভৰ প্ৰায় 5.97 × 10²⁴ কিলোগ্ৰাম, আৰু মংগল গ্ৰহৰ ভৰ প্ৰায় 6.42 × 10²³ কিলোগ্ৰাম। অৰ্থাৎ মংগল গ্ৰহৰ ভৰ পৃথিৱীৰ প্ৰায় এক-দশমাংশ। পৃথিৱীত মাধ্যাকর্ষণ শক্তি প্ৰায় 9.8 m/s², কিন্ত মংগল গ্ৰহত এই মান মাত্ৰ 3.7 m/s²। মংগল গ্ৰহত মাধ্যাকর্ষণ কম হোৱাৰ বাবে তাত সময় ধীৰ হয়, ফলত মঙলত থকা ঘড়ী পৃথিৱীৰ ঘড়ীতকৈ অলপ বেছি দ্ৰুত গতিৰে চলে।
বিশেষ আপেক্ষিকতাৰ মতে পদাৰ্থৰ গতিৰ বাবেও সময় ধীৰ হয়। কোনো বস্তু যিমানেই বেছি বেগেৰে গতি কৰে, সেই বস্তুটোৰ সময় সিমানেই ধীৰে হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে প্ৰায় 29.8 km/s বেগেৰে পৰিভ্ৰমণ কৰে, আনহাতে মংগল গ্ৰহৰ কক্ষীয় বেগ প্ৰায় 24.1 km/s। পৃথিৱীৰ গতি বেছি হোৱাৰ বাবে তাত সময় অলপ বেছি ধীৰ হয়। মংগল গ্ৰহ তুলনামূলকভাৱে ধীৰে চলাৰ বাবে তাত এই প্ৰভাৱ কম, যাৰ ফলত মঙলত ঘড়ীৰ কাটা অলপ বেছি দ্ৰুত গতিৰে আগবাঢ়ে।
মাধ্যাকর্ষণ আৰু গতি — এই দুয়োটা প্ৰভাৱ একেলগে বিবেচনা কৰিলে দেখা যায় যে মংগল গ্ৰহত মাধ্যাকর্ষণ কম আৰু কক্ষীয় গতি ধীৰ হোৱাৰ বাবে, পৃথিৱীৰ তুলনাত তাত সময় অলপ বেছি দ্ৰুত গতিৰে বয়। বিজ্ঞানীসকলৰ গণনাৰ মতে এই পাৰ্থক্য এদিনত মাথোঁ কেইটামান মাইক্র'ছেকেণ্ড। যদিও সাধাৰণ জীৱনত এই সময়ৰ পাৰ্থক্য প্ৰায় নগণ্য, মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিত ইয়াৰ গুৰুত্ব যথেষ্ট বেছি। মহাকাশযানৰ পথ-নির্দেশনা, উপগ্ৰহ যোগাযোগ আদিৰ ক্ষেত্ৰত এই পাৰ্থক্য অতি গুৰুত্বপৰ হৈ পৰে। সেয়েহে মঙল গ্ৰহলৈ অভিযান চলাওঁতে বিজ্ঞানীসকলে সময়ৰ এই আপেক্ষিকতাৰ প্ৰভাৱবোৰ সঠিকভাৱে ধৰি চলে। এই তথ্যই পুনৰ বাৰ প্ৰমান কৰে যে সময় স্থিৰ বা সৰ্বজনীন নহয়; বৰং সময় মাধ্যাকর্ষণ আৰু গতিৰ দ্বাৰা প্ৰভাৱিত হয়।
✍️ প্ৰণৱজ্যোতি দাস, টংলা।
Friday, 2 January 2026
মহাবিশ্বৰ শেষ পৰিণতি
Tuesday, 23 December 2025
The Crow Autopsy
Wednesday, 10 December 2025
বিশ্বব্ৰহ্মাণ্ডৰ ঘূৰ্ণনশীল পদাৰ্থবোৰ
Wednesday, 19 November 2025
অনুভৱৰ এটা তাৰিখ
Monday, 10 November 2025
প্ৰত্যাখ্যান, প্ৰেৰণা আৰু অহংকাৰ
Thursday, 23 October 2025
শিক্ষক হিচাপে মোৰ প্ৰথম দিনটো
ইষ্ট দেৱতাৰ নামলৈ চুচুক চামাককৈ আগবাঢ়ি অধ্যক্ষ মহোদয়ৰ কোঠা পালোহি। তেখেতৰ হাতত "জইনিং লেটাৰ"খন তুলি দিয়াৰ পিছত, কলিং বেলটৌ বজাই পিয়ন এজনক মাতি পঠিয়ালে আৰু তেওঁৰ লগত মোক শিক্ষকৰ জিৰণি কোঠালৈ লৈ যাবলৈ নিৰ্দেশ দিলে। জিৰণি কোঠাত চা-চিনাকি পৰ্বটো চলি থকা সময়ত লাহে লাহে যেন সাহস অকণমান ঘূৰাই পাইছিলো।
ক্ষন্তেক পিছতেই ঘণ্টা বাজিল। এইবাৰ উপাধ্যক্ষ মহোদয়ে মোক আগবঢ়াই লৈ গ'ল - এটি শ্ৰেণীকোঠালৈ বুলি। দীঘল বাৰান্দাখনেৰে বাট বুলি গৈ থাকোতে তেখেতে মোক শুভেচ্ছা জনোৱাৰ উপৰিও আৰু কিবা কিবি কৈ গৈছিল। পিছে মোৰ মুখৰ মাত নাই। এনে লাগিছিল যেন মই শিক্ষক হ'বলৈ নহয়, বৰং পৰীক্ষণৰ বাবে এইমাত্ৰ প্ৰস্তুত কৰি উলিওৱা মহাকাশযান এখনৰ একমাত্ৰ অনভিজ্ঞ মহাকাশচাৰী জনহে হ'বলৈ আহিছোঁ! মূৰটো যেনে এটা এমোনমান ওজনৰ এটা দাঙিব নোৱাৰা বস্তা হৈ পৰিছে! মোৰ প্ৰতিটো খোজত অনুভৱ কৰিছিলোঁ শিৰা-উপশিৰাবোৰৰ মাজেৰে বিদ্যুতিক গতিৰে পাৰ হৈ যোৱা তেজৰ গৰম স্ৰোত!
কোন মুহূৰ্তত শ্ৰেণীকোঠাৰ দুৱাৰমুখ পালোহি, তলকিবই নোৱাৰিলোঁ। শ্ৰেণীটোত সোমায়েই দেখিলোঁ প্ৰায় পঞ্চাশ-ষাঠী জনমান ছাত্র-ছাত্ৰীয়ে মোৰ ফালে এনেদৰে চালে যেন মই কোনো নতুন প্ৰজাতিৰ জীৱবিজ্ঞানৰ নমুনা এটাহে! কিছুমানৰ চকুত কৌতূহল, কিছুমানৰ চকুত হাঁহি, আৰু কিছুমান নিৰ্বিকাৰ। গাম্ভীৰ্যপূৰ্ণ ভংগীমাৰে ছাত্ৰ-ছাত্ৰী সকলক সম্ভাষণ জনাবলৈ মই মাতটো উলিয়াব চেষ্টা কৰিলোঁ। ডিঙিটোৱে বিদ্বেষ কৰাত ফটা বাহীৰ সুৰৰ দৰে মাত এটা ওলাই আহিল - "Good Morning. Please sit down."
ইতিমধ্যে হাঁহিৰ গিৰ্জনিৰে শ্ৰেণীটো ভৰি পৰিছিল। চমুকৈ নিজৰ পৰিচয়টো দাঙি ধৰি সাহসেৰে টেবুলৰ পৰা চক পেঞ্চিল এডাল হাতত ল’লোঁ হে মাথোন, কেনেকৈ যে হাতৰপৰা পিছলি গৈ চক পেঞ্চিল ডাল মাটিত পৰি দুটুকুৰা হ'ল ! সেই মুহূৰ্তত চক পেঞ্চিলডালেও যেন মোৰ আত্মবিশ্বাসৰ প্ৰতিচ্ছবি এখন হে প্ৰকাশ কৰিলে! মুহূৰ্তৰ ভিতৰতে মই নিজকে সহজ কৰিবলৈ যত্ন কৰিলোঁ। মই নিজকে সকিয়াই দিলোঁ যে পেঞ্চিল ডালে মোক এইদৰে হে কৈছে - "এই সকলেই হ'ল দেশৰ ভবিষ্যত। তেওঁলোকক সঠিক দিশ দেখুৱাবলৈ হে তুমি ইয়ালৈ আহিছা। প্ৰথম দিনৰ এই কম্পিত অনুভূতিবোৰ আত্মবিশ্বাস আৰু অনুপ্ৰেৰণাৰে সজাই পৰাই ল'ব নোৱাৰিলে তুমি কেতিয়াও এজন শিক্ষক হ'ব নোৱাৰিবা……"
কিছুপৰ স্থিৰতাৰে ৰৈ এটা দীঘল উশাহ লৈ ইষ্ট-গুৰুক স্মৰণ কৰিলোঁ। মোৰ চকুৰ আগত ভাঁহি উঠিছিল মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু সকলৰ মুখবোৰ। কেনেকৈ যে ইমান সুন্দৰকৈ পাঠদান কৰিছিল! মনতে আওৰাইছিলা - "গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰা…"!
আৰু তাৰপাছত পাঠদান আৰম্ভ হ’ল। শ্ৰেণীটো যেন এক মুহূর্তত ভয়াৰ্ত স্থানৰ পৰা আনন্দৰ এখন মঞ্চলৈ পৰিণত হ’ল। আজিও মোৰ সেই দিনটো মনত পৰে। সেই ভয়, সেই কঁপনি, সেই যে হাতৰ পৰা পৰি চক পেঞ্চিলডাল ভাঙি যোৱা সময়খিনি - সেইবোৰেই আছিল মোৰ এই যাত্ৰাৰ প্ৰথমটো পৃষ্ঠা। শিক্ষক হিচাপে প্ৰতি গৰাকী নমস্য শিক্ষাগুৰুৰ জীৱনত প্ৰথম দিনটোৰ এনে ভয় আৰু উত্তেজনাৰ সংমিশ্ৰণ হৃদয়ৰ কোনোবা এটি কোণত নিশ্চয় এক মিঠা স্মৃতি হৈ ৰৈছে। সকলো শিক্ষাগুৰুলৈ মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছোঁ।
Tuesday, 5 August 2025
ঘোঁৰাটো কোনদিশে গৈ আছে বাৰু?
এনে ধৰণৰ দৃষ্টি বিভ্ৰান্তিত ঘোঁৰাটোৰ দেহবয়ব, খোজকঢ়াৰ ধৰণ আৰু পৃষ্ঠভূমিৰ পুনৰাবৃত্তিয়ে আমাৰ চকু আৰু মগজুলৈ ভুল সংকেত প্ৰেৰণ কৰে। ইয়াৰ পৰা এইটো বুজা যায় যে আপুনি ঘোৰাটো অথবা ইয়াৰ পৃষ্ঠভূমিৰ য’ত মনোযোগ কেন্দ্ৰ কৰে, সেই অনুসাৰে আপোনাৰ মগজুৱে ঘোঁৰাটোৰ গতিৰ দিশ নিৰ্ধাৰণ কৰে।
বহুতেই এই বিভ্ৰান্তিটো আমাৰ মগজুৰ সোঁ অথবা বাওঁ অংশৰ কাৰ্যকাৰিতাৰ বাবে হয় বুলি ক'ব খোজে। তেওঁলোকৰ মতে যিসকল ব্যক্তিয়ে মগজুৰ বাওঁ অংশ ব্যৱহাৰ কৰে, তেওঁলোকে ঘোঁৰাটো আগলৈ যোৱা যেন দেখে আনহাতে মগজুৰ সোঁ অংশ ব্যৱহাৰ কৰা সকলে ঘোঁৰাটো পিছলৈ যোৱা যেন দেখে। কিন্তু, সেয়া সঠিক বৈজ্ঞানিক ব্যাখ্যা নহয়। বৰং, আমাৰ মগজুৱে অভ্যাস আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিয়েই এনে ধৰণৰ গতিৰ দিশ অনুমান কৰে।
🔹বাস্তৱ কথা হ'ল আমাৰ মগজুৰ দুয়োটা অংশই একেলগে কাম কৰে। কেতবোৰ কাৰকে আমাৰ মনত সৃষ্টি হোৱা ধাৰণাক প্ৰভাৱিত কৰে। সেইবোৰ হ'ল --➤ পৰ্যবেক্ষণত আমি কিদৰে মনোযোগ দিছো, কোন দিশৰ পৰা আমি পৰ্যবেক্ষণ কৰিছো, এনে পৰ্যবেক্ষণৰ পৰা আহৰণ কৰা আমাৰ পূৰ্বৰ অভিজ্ঞতা ইত্যাদি।
🔹আমোদজনক কথাটো হ'ল -- আপুনি আপোনাৰ ইচ্ছানুসৰি এই ঘোঁৰাটোৰ গতিৰ দিশটো সলাব পাৰে। যদি আপুনি, আপোনাৰ মনোযোগ বা পৰ্যবেক্ষণৰ দিশ সলনি কৰে, তেতিয়াই আপোনাৰ ধাৰণাৰ ভিত্তিত আপোনাৰ মগজুৱে তাৎক্ষণিক ভবে কিছু তথ্য সৃষ্টি কৰি আপোনাৰ ধাৰণাৰেই এটা দৃশ্যপট তৈয়াৰ কৰি দিব। যাৰ বাবে আপোনাৰ পৰ্যবেক্ষণ বা পূৰ্বৰ কিছুমান চাক্ষুষ অভিজ্ঞতাৰ পৰা আহৰণ কৰা ধাৰণৰ ভিত্তিত আপোনাৰ বাবে এই ঘোৰাটো হয়তো আগলৈ বা পিছলৈ যোৱা যেন লাগিব।
এটা কথা মনত ৰখা উচিত যে সংলগ্ন ভিডিঅ’ত আপুনি আৰু মই দেখা ঘোঁৰাটো যদিওঁ একেটাই, আমি দেখা পোৱা ঘোঁৰাটোৰ গতিৰ দিশ একে নহ'বও পাৰে। এনে ধৰণৰ পৰিঘটনাবোৰক দৃষ্টি বিভ্ৰান্তি বুলি কোৱা হয়।









