Friday, 25 July 2025

শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্

 


আমি যেতিয়া ছাত্ৰ আছিলোঁ, আমাৰ বাবে শিক্ষকসকল কেৱল পাঠদান কৰা একোজন ব্যক্তি নাছিল, তেওঁলোক আছিল আমাৰ জীৱনৰ পথপ্ৰদৰ্শক, নৈতিকতাৰ দিশ-নির্দেশক আৰু সমাজৰ একোজন বিশিষ্ট ব্যক্তি। এজন শিক্ষকক কিমান মান-সন্মান দিয়া হৈছিল, সেয়া ভাবিলে এতিয়াও হৃদয় উজাৰি উঠে।

শ্ৰেণীকোঠাত শিক্ষক প্ৰৱেশ কৰাৰ লগে লগে আমি সকলো ছাত্র-ছাত্ৰী থিয় হৈ নমস্কাৰ জনাইছিলো। এইটো কেৱল এটা নিয়ম নাছিল, এয়া আছিল শিক্ষকৰ প্ৰতি আমাৰ অন্তৰত ভৰি থকা ভক্তি আৰু সন্মানৰ এক অনুভৱ। “নমস্কাৰ ছাৰ” বুলি কোৱা মাতটো হৃদয়ৰ কোনোবা এক গভীৰতম স্থানৰ পৰা ওলাইছিল। আমাৰ বাবে বিদ্যালয়খন মন্দিৰ সদৃশ আছিল, আৰু শিক্ষকজন যেন এজন পূজাৰী! 

বিদ্যালয়ৰ বাহিৰতো সেই সন্মান কমি যোৱা নাছিল। যিকোনো ঠাইত - বজাৰত, বাটে-পথে অথবা বাছত শিক্ষকক দেখিলে আমি হাত যোৰ কৰি নমস্কাৰ জনাইছিলোঁ। ছাইকেল চলাই যাওঁতে শিক্ষাগুৰুক দেখিলে ছাইকেলৰ পৰা নামি সন্মান প্ৰদৰ্শন কৰিছিলোঁ। এনেবোৰ সংস্কাৰ আমি আমাৰ মা-দেউতাৰ পৰাই শিকিছিলোঁ। সেইসময়ৰ সমাজৰ পৰিৱেশৰ পৰা, আমাৰ সংস্কৃতিৰ পৰা আমি বহুতো কথাই শিকিছিলোঁ। 

আমাৰ দিনবোৰত আমি শিক্ষকক ভয়ো কৰিছিলোঁ। তেতিয়াৰ দিনত বিদ্যালয়বোৰত শাস্তিৰ ব্যৱস্থা আছিল। চেকনিৰ আগৰ বিদ্যাই আমাক জীৱনৰ পাঠবোৰো শিকাইছিল। বহুসময়ত শিক্ষকজনৰ মুখভঙ্গী দেখিও আমি আত্ম-অনুশোচনাত দগ্ধ হ'বলৈ শিকিছিলোঁ। অনুশোচনাই আমাক শিক্ষকৰ ওচৰত ক্ষমা খুজিবলৈ শিকাইছিল কাৰণ আমি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিলোঁ শ্রীমদ্ভগবদ গীতাৰ চতুৰ্থ অধ্যায়ৰ শ্লোকটো - "শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্" (श्रद्धावान् लभते ज्ञानं)।  

"শ্ৰদ্ধাৱান্ লভতে জ্ঞানম্ তৎপৰ্ সংযতেন্দ্ৰিয়" - এই কথাষাৰৰ অৰ্থ হৈছে এই যে যিজনে নিজৰ গুৰুজনলৈ শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰে, লগতে নিজৰ পঞ্চ-ইন্দ্ৰিয়ক সংযত ৰাখিব পাৰে, তেওঁহে প্ৰকৃত অৰ্থত জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। সন্তানসকলক অভিভাৱকে ঘৰৰ পৰাই গুৰুজনৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাৰ শিক্ষা প্ৰদান কৰাটো একান্ত প্ৰয়োজনীয়। যদি আমি প্ৰকৃত অৰ্থত ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান অৰ্জনৰ উপযোগী ৰূপত গঢ়ি তুলিবলৈ বিচাৰো, তেন্তে তেওঁলোকক পিতৃ-মাতৃসকলে জীৱনৰ বাটত খোজ দিবলৈ উপযোগী হোৱাকৈ ঘৰুৱা নীতিশিক্ষাৰে শিক্ষিত কৰি তুলিবই লাগিব। 

আজিৰ এই সময়চোৱাত মনতো প্ৰায়ে এটা বিষাদে গ্ৰাস কৰি থাকে - সেই নিষ্কলুষ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ মাজৰ সম্পৰ্কটো আজি যেন বিবৰ্ণ হৈ পৰিছে। আমাৰ সময়ত আজিৰ দৰে স্মাৰ্টফোন নাছিল, কিন্তু আমাৰ সময়ৰ শিক্ষা দান আৰু শিক্ষা গ্ৰহণৰ ব্যৱস্থাটোত আন্তৰিকতা আছিল। আগতে শিক্ষকসকলক দ্বিতীয় অভিভাৱকৰ দৰে গণ্য কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত সেই শ্ৰদ্ধাৰ অনুভৱ হ্ৰাস পাইছে। এই বিষয়টো সামাজিক মাধ্যম, পৰিয়ালৰ পৰা অহা দৃষ্টিভংগী আৰু বিভিন্ন সামাজিক কাৰণত এনে হোৱা যেন পৰিলক্ষিত হয়। শাস্তি আৰু অনুশাসনৰ ক্ষেত্ৰত সীমাবদ্ধতা, অভিভাৱকৰ হস্তক্ষেপ আৰু কিছু ক্ষেত্ৰত শিক্ষকৰ আচৰণ বা দায়িত্বহীনতাইও এই সম্পৰ্কৰ অৱনতি ঘটাইছে। এই অৱস্থা উদ্বেগজনক। শিক্ষাৰ মূল উদ্দেশ্য ছাত্ৰ-শিক্ষকৰ মাজৰ আন্তৰিক সম্পৰ্কৰ ওপৰতে নিৰ্ভৰ কৰে। সমাজ, শিক্ষানীতি, অভিভাৱক, শিক্ষক, সকলোৱেই একেলগে চিন্তা চৰ্চা কৰি এই সম্পৰ্কৰ পুনঃগঠন কৰিব লাগিব। 

এজন শিক্ষকেও যদি শিক্ষাৰ্থীৰ পৰা শ্ৰদ্ধা লাভ কৰিব বিচাৰে, তেন্তে প্ৰথমতে তেওঁ অকৃপণ ভাৱে স্নেহৰ দুৱাৰখন খুলিবই লাগিব। যেতিয়াই মেধা, সততা আৰু নিষ্ঠা - এই সকলোবোৰৰ সৈতে স্নেহ আৰু পৰিমিত শাসনৰ সংমিশ্ৰণ ঘটিব, তেতিয়াই ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে শিক্ষকক শ্ৰদ্ধা আৰু সন্মান কৰিবলৈ আৰম্ভ কৰিব।

No comments:

Post a Comment