NASA আৰু ESA (European Space Agency)ৰ বিজ্ঞানীসকলে Regolith-ৰ পৰা অক্সিজেন আহৰণ কৰিবলৈ Carbothermal Reduction বুলি এক বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰিছে। এই প্ৰযুক্তিৰ প্ৰথম ধাপত জোনবাইৰ মাটিৰ পৰা ধূলি আৰু খনিজ পদাৰ্থ (Regolith) সংগ্ৰহ কৰা হয়। এই Regolith-টো কাৰ্বনৰ উপস্থিতিত উত্তপ্ত কৰি ইয়াৰ অক্সাইডসমূহ ভাঙি পেলোৱা হয়। সেয়ে এই পদ্ধতিক Carbothermal Reaction বোলা হয়। উদাহৰণস্বৰূপে তলৰ বিক্ৰিয়া বোৰ ল'ব পৰা যায় --
FeO + C → Fe + CO
SiO₂ + 2C → Si + 2CO
এই বিক্ৰিয়াৰ দ্বাৰা অক্সাইডৰ পৰা ধাতু (metal) পৃথক হয় আৰু Carbon monoxide (CO) বা Carbon dioxide (CO₂) গঠিত হয়। পৰৱৰ্তী পৰ্যায়ত electrochemical অথবা chemical separation পদ্ধতিৰে CO আৰু CO₂-ৰ পৰা অক্সিজেন গেছ মুক্ত কৰা হয়।
সংগ্ৰহিত O₂ গেছ tank বা chamber-ত সঞ্চয় কৰা হয় আৰু ইয়াক life support system হিচাপে ব্যৱহাৰ কৰিব পাৰি। এই প্ৰযুক্তিক বৰ্তমান মংগল গ্ৰহৰ বুকুত পৰীক্ষিত MOXIE instrument-ৰ উন্নত ৰূপ হিচাপে বিবেচনা কৰা হৈছে। সম্প্ৰতি ESA-ৰ বিজ্ঞানীসকলে জোনবাইৰ বুকুত “In-Situ Resource Utilization (ISRU)” নামৰ অক্সিজেন উৎপাদনৰ বাবে এখন পাইলট প্ৰজেক্ট স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰজেক্টৰ ফলত জোনবাইৰ বুকুত শ্বাস লোৱা সম্ভৱ হৈ পৰিব। তদুপৰি ইয়াক Rocket fuel (LOX – Liquid Oxygen) হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। জোনবাইৰ চৌদিশৰ Space Base-ত অক্সিজেন যুক্ত এক বায়ুমণ্ডল গঠনত এই প্ৰকল্প সহায়ক হৈ পৰিব। তদুপৰি এই প্ৰযুক্তিয়ে মানুহক জোনবাইৰ বুকুত long-term base স্থাপন কৰাৰ দিশে আগবাঢ়িবলৈ সহায় কৰিব। এয়া নিসন্দেহে space colonization-ৰ দিশে সফলতাৰ প্ৰথমটো খোজ।
No comments:
Post a Comment