Wednesday 29 August 2018

থিয়ৰী অফ এভ্ৰিথিং আৰু ঈশ্বৰৰ মস্তিষ্ক


১৯৪২ চনত যেতিয়া গ্রেট ব্রিটেইনত ষ্টিফেন হকিঙৰ জন্ম হৈছিল, তেতিয়া আটলাণ্টিক মহাসাগৰৰ সিপাৰে মাৰ্কিন যুক্তৰাষ্ট্ৰত ৬২ বছৰীয়া এলবাৰ্ট আইনষ্টাইন গৱেষণাত নিমগ্ন। তেওঁৰ মনত আছিল অযুত প্ৰশ্ন : কিদৰে ব্রহ্মাণ্ডক নিয়ন্ত্ৰণ কৰি ৰখা যাৱতীয় "ফাণ্ডামেণ্টেল ফোৰ্চ" বা বুনিয়াদী মৌলিক বলবোৰৰ লগত ‘এলিমেণ্টেৰী পার্টিকেল’ বা ক্ষুদ্রাতিক্ষুদ্র মৌলিক পদার্থকণাবোৰৰ সমন্বয় ঘটাব পৰা যায় বাৰু ! কিদৰে বাৰু বুজিব পৰা যায় ৰহস্যময় এই বিশ্বব্ৰহ্মাণ্ডখন সৃষ্টি কৰা ঈশ্বৰৰ মস্তিষ্কৰ প্ৰখৰতা !!

"ইলেকট্ৰোমেগনেটিজম" বা বিদ্যুৎ চুম্বকত্বই ক্ষুদ্র পদার্থকণাবোৰৰ মাজত আকর্ষণ বা বিকর্ষণ বল সৃষ্টি কৰে। এয়া কোৱাণ্টাম মেকানিক্সৰ অন্তর্গত বিষয়। আনহাতে নিউটনীয় মহাকৰ্ষণতকৈ কিছু পৃথক আইনষ্টাইনৰ জেনেৰেল ৰিলেটিভিটিৰ আধাৰত গঢ় লৈ উঠা "মহাকৰ্ষণ" হ'ল মহাবিশ্বৰ বিশালাকাৰ বস্তুৰ ভৰৰ দ্বাৰা সৃষ্টি হোৱা স্থান-কালৰ বক্ৰতা আৰু ইয়াৰ প্ৰভাৱতেই তুলনামূলক ভাবে সৰু আকাৰৰ মহাজাগতিক পদাৰ্থবোৰে বিশালাকাৰ মহাজাগতিক পদাৰ্থৰ চৌদিশে প্রদক্ষিণ কৰি থাকে। 

সেই সময়ত আইনষ্টাইনে এই দুয়োটা তত্বকেই অৰ্থাৎ বিদ্যুৎচুম্বকীয় আৰু মহাকৰ্ষণীয় বলক একত্ৰীত কৰি পৰ্যায়ক্ৰমে এটা "সংযুক্ত তত্ব" বা "ইউনিফাইড ফিল্ড থিয়ৰী" তৈয়াৰ কৰাৰ বাবে চিন্তাত নিমগ্ন। তেখেতে বিশ্বাস কৰিছিল যে বিশ্বব্রহ্মাণ্ডৰ ৰহস্য ভেদ কৰি ঈশ্বৰৰ মস্তিষ্কটো বুজি উঠিবলৈ এইটোৱেই হ'ল একমাত্র চাবিকাঠি। এই গবেষণাৰ সময়চোৱাত আইনষ্টাইনৰ মগজুত একাধিক নতুন চিন্তাই দোলা দিছিল, কিন্ত উপযুক্ত প্রমাণৰ অভাৱ আৰু গাণনিক সীমাবদ্ধতাই তেখেতৰ প্ৰচেষ্টাক বাৰে-বাৰে বিফল কৰি তুলিছিল।

এইবাৰ ৰহস্যময় এইখন ক্ষেত্ৰলৈ আহিল বিজ্ঞানৰ বিষ্ময়কৰ প্ৰতিভা চাৰ ষ্টিফেন হকিং। আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ আলমত তেখেত উঠি পৰি লাগিল এটা থিয়ৰী অফ এভ্ৰিথিঙৰ সন্ধানত। এই "থিয়ৰী অফ এভ্ৰিথিং" হ'ব সেই সময়চোৱালৈ আৱিষ্কৃত সকলোবোৰ বিজ্ঞানৰ তত্বৰ এটি সহজ সৰল সংযুক্ত তত্ব যাৰ মাজত অন্তর্নিহিত হৈ থাকিব সমগ্ৰ বিশ্বব্রহ্মাণ্ডৰ সৃষ্টি, প্ৰতিপালন আৰু সংহাৰৰ ৰহস্য। হকিঙৰ মূল লক্ষ্য আছিল দুই পৰস্পৰ বিপৰীত মেৰুত অৱস্থান কৰা  আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম মেকানিক্সক ওতঃপ্রোত ভাবে জড়িত কৰি পদার্থ বিজ্ঞানৰ উত্তৰণ ঘটোৱা।

গবেষণাৰ ক্ষেত্ৰত এই দুয়োজন মহান বিজ্ঞানীৰেই মূল তথা চমৎকাৰী অস্ত্ৰ আছিল ‘থট এক্সপেৰিমেণ্ট’ বা ‘চিন্তন গবেষণা’। কেবল মগজুৰ অসাধাৰণ চিন্তাশক্তি, কাগজ আৰু কলম লৈয়েই মহাবিশ্বৰ জটিল ৰহস্যৰ ভেদ ভঙাৰ কি যে দুৰন্ত প্রয়াস ! পেটেণ্ট হাউচৰ সৰু কোঠালি এটাৰ চাৰিবেৰৰ মাজত কিতাপ কাগজেৰে ভৰি থকা এখন টেবুলৰ পৰাই আইনষ্টাইনে বিশ্ববাসীক দি গৈছিল e=mc2 ৰ দৰে আপেক্ষিকতাবাদৰ বিশ্ববিখ্যাত সমীকৰণ এটি। একেদৰে এখন হুইল চেয়াৰত অচল শৰীৰটো এৰি দি ষ্টিফেন হকিঙে আমাক দি গৈছে হকিং বিকিৰণৰ  S= πAkc3/2hG বিশ্ববিখ্যাত সমীকৰণটো।

মহাবিশ্বৰ গোপন ৰহস্যময় ওৰণিৰ আঁৰত লুকাই থকা সত্য উন্মোচনৰ বাবে বৰ্তমান বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিজ্ঞানী সকলে অহৰহ গবেষণা চলাই নিছে। বিশ্বৰ প্ৰতিজন মানুহৰ আশা, এদিন নিশ্চয় আইনষ্টাইন আৰু হকিঙৰ কোনো যোগ্য উত্তৰসুৰী ওলাব আৰু তেওঁলোকে আমাক প্ৰকৃত সত্যৰ সন্ধান দি আইনষ্টাইন আৰু হকিঙৰ আধৰুৱা সপোনক পূৰ্ণতা দিব। তেওঁলোকে তৈয়াৰ কৰি উলিয়াব এটি একক তথা চূড়ান্ত একীভূত তত্ব বা "থিয়ৰী অফ এভ্ৰিথিং", যাৰ আধাৰত আমি প্ৰত্যেকেই বিতংকৈ বুজি পাম মহাবিশ্বৰ সৃষ্টি ৰহস্য, ঈশ্বৰে মহাবিশ্বখন পৰিচালনা কৰা নীতি নিয়মবোৰ অথবা মহাবিশ্বৰ মহাসংহাৰৰ আগতীয়া বতৰা।

এনেবোৰ কথা অনুধাৱন কৰিয়েই ঈশ্বৰ অবিশ্বাসী ষ্টিফেন হকিঙে কৈ গৈছিল : যিদিনাই "থিয়ৰী অফ এভ্ৰিথিং" প্ৰতিষ্ঠা হ'ব, সেইদিনাই সকলো মানুহৰ বাবে পানীৰ দৰেই পৰিস্কাৰ হৈ পৰিব ঈশ্বৰৰ মন আৰু মস্তিষ্কৰ ৰহস্য। এতিয়া মাথো অপেক্ষা……

No comments:

Post a Comment