Sunday 2 September 2018

নিমখ জুইত দিলে ফুটে কিয়


জ্বলি থকা জুইকুৰালৈ অলপমান নিমখ ছটিয়াই দিয়কচোন। ফটফট শব্দ কৰি জুইৰ মাজত নিমখৰ দানাবোৰ জ্বলি যাব। সিদিনা এজনী কম বয়সীয়া ছাত্ৰীয়ে ইয়াৰ কাৰণটো সুধিছিল। তেওঁৰ কৌতুহলী মনটোক প্ৰশংসা কৰিছোঁ। 

পদাৰ্থৰ পৰমাণুবোৰ অতি সূক্ষ্ম আৰু এই পৰমাণু কেন্দ্ৰৰ চৌদিশৰ একোটা শক্তিৰ স্তৰত (সহজ ভাষাত : কক্ষপথত) নিৰ্দিষ্ট সংখ্যক ইলেকট্ৰণে অৱস্থান গ্ৰহণ কৰি পৰমাণু কেন্দ্ৰটোৰ চৌদিশে ঘূৰি থাকে। একো একোটা শক্তিৰ স্তৰত থাকি পৰমাণু কেন্দ্ৰটোৰ চৌদিশে অবিৰত ভাবে পৰিভ্ৰমন কৰি থাকিবলৈ ইলেকট্ৰণবোৰক এক নিৰ্দিষ্ট পৰিমাণৰ শক্তিৰ (কোৱাণ্টা) প্ৰয়োজন। এই শক্তিৰ পৰিমানৰ হ্ৰাস বা বৃদ্ধি ঘটিলে ইলেকট্ৰণবোৰে এটা শক্তিৰ স্তৰৰ পৰা আন এটা শক্তিৰ স্তৰলৈ যাবলৈ বাধ্য হয়। যদিহে ইলেকট্ৰণ এটাই কোনো উৎসৰ পৰা শক্তি আহৰণ কৰে, তেন্তে ই উচ্চ শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ বাহিৰৰ কক্ষপথলৈ জপিয়াই যায়, আনহাতে যদিহে ইলেকট্ৰণটোৱে শক্তি হেৰুৱায়, তেন্তে নিম্ন শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ ভিতৰৰ বা পৰমাণু কেন্দ্ৰৰ দিশৰ কক্ষপথলৈ সোমাই আহে। ঘটনাটো থিক যেনিবা থিয়েটাৰ হলৰ টিকটৰ মূল্য অনুসৰি আসনৰ স্থান নিৰ্ধাৰণ কৰাৰ দৰেই।

সাধাৰণ বা সুস্থিৰ অৱস্থাত পৰমাণুৰ ইলেকট্ৰণবোৰ নিম্ন শক্তিৰ স্তৰতেই থাকিবলৈ বিচাৰে। শক্তি আহৰণ কৰি উত্তেজিত হৈ যদিও ইলেকট্ৰণ এটা উচ্চ শক্তিৰ স্তৰ এটালৈ অৰ্থাৎ বাহিৰৰ কক্ষপথলৈ জপিয়াই যায়, ইলেকট্ৰণটোৱে পূৰ্বৰ তৰংগ দৈৰ্ঘৰ স্তৰতে থকাৰ তাগিদাত অতিৰিক্ত শক্তিখিনি বিকিৰণ বা ত্যাগ কৰি পুনৰ সুস্থিৰ অৱস্থালৈ ঘূৰি আহে।

জুইৰ ওপৰত ছটিয়াই দিয়া নিমখৰ দানাত থকা ছডিয়াম পৰমাণুবোৰে জুইৰ পৰা তাপ শক্তি গ্ৰহন কৰি উত্তেজিত হৈ পৰে। তেনে অৱস্থাত ছডিয়াম পৰমাণুৰ 3s অৰবিটেলৰ ইলেকট্ৰণবোৰ 3p অৰবিটেললৈ জপিয়াই যায়। কিন্তু পিছ মূহুৰ্ততেই ইলেকট্ৰণবোৰে জুইৰ পৰা আহৰণ কৰা অতিৰিক্ত তাপ শক্তিখিনি তৰংগৰ ৰূপত বিকিৰণ কৰি পুনৰ 3s অৰবিটেললৈ নামি আহি সুস্থিৰ হৈ পৰে। বিকিৰণৰ মাধ্যমত ইলেকট্ৰণবোৰে যি তৰংগ সৃষ্টি কৰে, সেই তৰংগবোৰৰ কম্পনাংক ২০ হাৰ্টজৰ পৰা ২০,০০০ হাৰ্টজৰ ভিতৰত হয় বাবেই জুইত ছটিয়াই দিয়া নিমখৰ পৰা আমি "ফটফট"কৈ ফুটা শব্দবোৰ শুনিবলৈ পাও।

No comments:

Post a Comment