Sunday 9 September 2018

ভূপেন দা, আকৌ এবাৰ তোমাক লগ পোৱা হ'লে



তোমাৰ প্ৰতিটো জন্মদিনেই
মোলৈ কঢ়িয়াই আনে
বুটা বচা সপোনৰ ৰং
আৰু আকাশত আঁকি থোৱা
ৰামধেনুৰ সাতোৰঙী ছবি 

তোমাৰ প্ৰতিটো জন্মদিনেই 
মোক দি থৈ যায়
সময়ৰ দুখনি
হালধীয়া পাখি 

সময়বোৰ যেন
এজাক বতাহ হৈ উৰি আহে 
তোমাৰ বতৰা লৈ

আৰু 
অহাৰ দৰেই গুছি যায় 
ছটিয়াই থৈ
মোৰ বুকুৰ ভিতৰে বাহিৰে 
এবুকু উমাল প্ৰেৰণা 

যেতিয়া এন্ধাৰৰ সুযোগ লৈ
ধৰালৈ নামি আহে
বেলি মাৰ যোৱা পাহাৰৰ সিপাৰেদি
কোনো একাকী জীৱনৰ 
জয়াল নীৰৱতা.....

তেতিয়া 
সংগোপনে তুমি বহি থাকা
মোৰ বুকুৰ মাজত।
আৰু
মই পুহি ৰাখো
এবুকু সেউজীয়া প্ৰসন্নতা

কহুৱানি ডৰাৰ মাজত
মই বাট চাই ৰওঁ তোমালৈ
বিচাৰি ফুৰো তোমাক
বৰ লুইতৰ উদং বুকুত
চৌদিশেচোন তোমাৰেই সুবাস। 

এনেতেই আহি পৰে কঠিন সময়।
প্ৰাচীন পাহাৰখন কোবাকোবিকৈ
পাৰ হৈ যোৱাৰ সময়……

শিলনিৰ সিপাৰে
গছবোৰৰ দীঘল হৈ অহা
ছাঁবোৰৰ দৰেই 
সময় জটিল হয়। 

তথাপিও
মই বাট চাই ৰওঁ…
ভূপেন দা,
আকৌ এবাৰ তোমাক লগ পোৱা হ'লে !

(টংলা উ: মা: বিদ্যালয়ৰ খেল পথাৰত ভূপেন দাৰ মৃত্যু বাৰ্ষিকীত জ্বলি থকা মাটিৰ চাকিৰে তৈয়াৰ কৰা ভূপেন দাৰ প্ৰতিকৃতিটোৰ মোবাইলেৰে আৱদ্ধ কৰি ৰখা স্থিৰ চিত্ৰ। --প্ৰণৱজ্যোতি দাস)

No comments:

Post a Comment