Wednesday 19 September 2018

ন'কিয়া : এক শোক গাঁথা


ফিনলেণ্ডৰ এখন সৰু চহৰ, নাম "ন'কিয়া"। শীতৰ দিনবোৰ ন'কিয়া চহৰখন বৰফৰ এক আচ্ছাদনেৰে আবৃত হৈ থাকে। ১৮৬৫ চনত দক্ষিণ ফিনলেণ্ডৰ নকিয়াৰ নিকটবৰ্তী টামপেৰে নামৰ চহৰখনত Fredrik Idestam নামৰ লোকজনে এটা কাগজৰ মিল আৰম্ভ কৰে। ব্যৱসায় ভাল চলাত ফ্ৰেড্ৰিকে ১৮৬৮ চনত তেওঁৰ ব্যৱসায় ন'কিয়া চহৰলৈ সম্প্ৰসাৰণ কৰে। পিছলৈ তেওঁ শ্বেয়াৰ বিজনেচত অংশ গ্ৰহন কৰাৰ উদ্দেশ্যৰে "ন'কিয়া" নামেৰে এটি প্ৰতিষ্ঠান আৰম্ভ কৰে। দিনক দিনে ন'কিয়া নামৰ প্ৰতিষ্ঠানটোৱে উন্নতিৰ শিখৰলৈ গতি কৰে। ১৯৬০ৰ দশকত প্ৰতিষ্ঠানটোৱে ইলেক্ট্ৰনিক্সৰ বজাৰখনত প্ৰবেশ কৰি সৈন্যসকলৰ বাবে "ৰেডিঅ টেলিফোন" তৈয়াৰ কৰা আৰম্ভ কৰে। সেয়াই আৰম্ভণি। ক্ৰমান্বয়ে "ন'কিয়া" হৈ পৰিল এটা ব্ৰাণ্ড। 


১৯৭৯ চনত ন'কিয়াই সৰ্বপ্ৰথমে Nordic Mobile Telephone (NMT) তৈয়াৰ কৰে। ৮০০ গ্ৰাম ওজনৰ NMT ব্ৰাণ্ডৰ মোবাইল টেলিফোনটোৱে বিশ্বৰ টেলিক'মৰ বজাৰখনত অবিশ্বাস্য ভাবে ব্যৱসায় দিবলৈ সক্ষম হয়। তাৰপিছত……

……তাৰপিছত ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ ন'কিয়াই অসংখ্য মডেলৰ মোবাইল ফোনেৰে বিশ্বৰ আটাইতকৈ দক্ষ আৰু অপ্ৰতিদন্দী মোবাইল ফোনৰ নিৰ্মাতা প্ৰতিষ্ঠান হিচাবে পৰিচিত হয়। ন'কিয়াৰ হাতত ধৰি ফিনলেণ্ড বিশ্বৰ অন্যতম সমৃদ্ধিশালী অর্থনীতিৰ দেশ হিচাবে পৰিগণিত হয়। ১৯৯৮ চনত নকিয়াই Symbian টেকনোলজীক আদৰি লোৱাৰ লগে লগে নকিয়াৰ ব্যৱসায় বৃদ্ধি হয়। ২০০০ চনৰ প্রথম ভাগলৈ বিশ্বৰ বিভিন্ন দেশলৈ মোবাইল সৰবৰাহৰ ৪২ শতাংশ ব্যৱসায় কৰে নকিয়াই।

শক্তিশালী বেটাৰী, মজবুত ছফ্টৱেৰ, কাৰ্যক্ষম অপাৰেটিং চিষ্টেমৰ সমাহাৰেৰে সমৃদ্ধ ন'কিয়াৰ ভাল দিনবোৰ যেন লাহে লাহে নোহোৱা হ'ল। ২০০৭ চনত ষ্টিভ জবসে এপ'ল আইফোন বজাৰত মুকলি কৰি দিয়াৰ লগে লগে মানুহৰ মন আৰু চাহিদা সলনি হ'ল। মানুহ ন'কিয়াৰ Symbian টেকনোলজীৰ সলনি স্মাৰ্টফোনৰ প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে। বজাৰত নকিয়াৰ শ্বেয়াৰ দ্ৰুত হাৰত কমি আহিবলৈ ধৰিলে। বিশ্বজুৰি লোকচানৰ সন্মুখীন হোৱা ন'কিয়াই তেতিয়াও যেন বিষয়টো গুৰুত্ব সহকাৰে নল'লে !

সময় আৰু মানুহৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ন'কিয়াই নিজৰ প্ৰযুক্তিৰ উত্তৰণ ঘটাব বুলি সৰ্বসাধাৰণ জনতাই আশা কৰিছিল যদিও সকলোৰে আশাত চেঁচা পানী ঢালি ন'কিয়াই গুগলৰ "এণ্ড্ৰয়ড" প্ৰযুক্তিৰ লগত কোনো মোকাবিলা নকৰি পুৰণি Symbian টেকনোলজীৰ লগত থাকিয়েই ব্যৱসায় কৰি যাব বুলি ঘোষণা কৰাৰ লগে লগেই মানুহৰ মাজত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়া আৰম্ভ হ'ল। চেমচাং, চনী আদি অন্যান্য মোবাইল প্ৰতিষ্ঠান সমূহে কিন্তু ইয়াৰ বিপৰীতে এণ্ড্ৰয়ড প্ৰযুক্তিক আকোঁৱালি লৈ নিজৰ ব্যৱসায় বঢ়াই গ'ল। প্ৰতিযোগিতাৰ বজাৰত বহু পিছ পৰি ৰ'ল মোবাইল প্ৰতিষ্ঠান সমূহৰ উজ্বল নক্ষত্ৰ "ন'কিয়া"। 

মৃতপ্ৰায় ন'কিয়াক পুনৰ জীৱন দান দিবলৈ ২০১১ চনত ন'কিয়াই সংযোজন ঘটালে স্মাৰ্টফোন "ন'কিয়া লুমিয়া"। কিন্তু ৰাইজে আদৰি নল'লে লুমিয়াক। উন্নত প্ৰযুক্তিৰ হোৱা স্বত্তেও লুমিয়াই মানুহৰ সঁহাৰি নেপালে। মানুহবোৰ যে ইতিমধ্যে এন্ড্ৰয়ড আৰু আইফোনৰ প্ৰতি আসক্ত হৈ পৰিছে !! তথাপিও ২০১৩ চনলৈ বজাৰত চেগা চোৰোকাকৈ দুই এটা ন'কিয়া লুমিয়া বিক্ৰী হৈ আছিল। ইতিমধ্যে শ্বেয়াৰ বজাৰত ন'কিয়াৰ মান ৪২ শতাংশৰ পৰা নামি গৈ মাত্ৰ ৭ শতাংশ হ'লগৈ। ন'কিয়া দেৱলীয়া হৈ পৰিল। তেওঁলোকে ২৫,০০০ কৰ্মচাৰীক কামৰ পৰা অব্যাহতি দিয়াৰ লগতে ন'কিয়া লুমিয়াৰ উৎপাদন বন্ধ কৰি দিব লগা হ'ল। আৰু শেষত ২০১৪ চনৰ ২৫ এপ্ৰিলত ন'কিয়া প্ৰতিষ্ঠানটো মাইক্ৰচফ্টক বিক্ৰী কৰি দিয়া হ'ল। ৪২ বিলিয়ন ডলাৰ মূল্যৰ ন'কিয়া প্ৰতিষ্ঠানটো মাইক্ৰচফ্টেৰ ওচৰত মাত্ৰ ৭ বিলিয়ন ডলাৰত বিক্ৰী হৈ গ'ল !!

ন'কিয়াৰ স্বত্ত মাইক্ৰচফ্টৰ হাতত অৰ্পণ কৰাৰ দিনা আয়োজন কৰা অফিচিয়েল মিটিঙত ন'কিয়াৰ কাৰ্যালয়ত উপস্থিত থকা প্ৰতিজন লোকৰে চকুত চকুপানী। ন'কিয়াৰ CEO স্টিভ ব'লমাৰে দুচকু চকুলোৰে তিয়াই থোকাথুকি মাতেৰে আৱেগিক ভাষণত কৈছিল : "Nokia has been a respectable company and we didn’t do anything wrong, but somehow, we lost…." 

ন'কিয়াৰ পতনে ফিনলেণ্ডৰ অৰ্থনীতিক জোকাৰি গৈছিল। ন'কিয়াৰ দৰে বিশ্বৰ অগ্ৰণী প্ৰতিষ্ঠান এটাৰ পতন নিশ্চয়কৈ এটা দুখজনক ঘটনা। অনাগত দিনত মাইক্ৰচফ্টৰ তত্বাৱধানত ন'কিয়া হয়তো পুনৰ নতুন ৰূপত উদ্ভাসিত হৈ উঠিব। যদিওবা ন'কিয়াৰ পতন বেদনাদায়ক, এই ঘটনাটোৱে কিন্তু আমাক এটা বতৰাও দি থৈ গ'ল : "Nothing is permanent and whatever goes up must come down. If you don’t change, you shall be removed from the competition. It’s not wrong if you don’t want to learn new things. However, if your thoughts and mindset cannot catch up with time, you will be eliminated."


No comments:

Post a Comment