Sunday 16 September 2018

শূণ্য, মহাশূণ্য, শূণ্যতা ইত্যাদি



এৰিষ্ট'টলৰ এক মতবাদ অনুসৰি প্রকৃতি শূণ্যস্থান বিৰোধী। তেখেতৰ এই মতবাদটি ১৬৪৩ চন পর্যন্ত সৰ্বসাধাৰণ মানুহৰ মাজত জনপ্ৰিয় হৈ আছিল কাৰণ সেই সময়চোৱালৈ যিসকল বিজ্ঞানীয়ে কৃত্ৰিম ভাৱে শূণ্যস্থান তৈয়াৰ চেষ্টা কৰিছিল, তেওঁলোক প্ৰতিজনেই বিফল হৈছিল। 

১৬৪৩ চনত বিজ্ঞানী টৰিচেলীয়ে সর্বপ্রথমে এৰিষ্ট'টলৰ এই মতবাদটি ভুল বুলি প্রমাণিত কৰি এক নতুন চিন্তাধাৰাক জন্ম দিলে। টৰিচেলীয়ে পাৰাৰে পূর্ণ টেষ্টটিউব এটিৰ মুক্ত প্রান্তটো বুঢ়া আঙুলিৰে চেপি ধৰি টেষ্টটিউবটো পাৰাৰে পূর্ণ আন পাত্র এটিত ডুবাই ৰাখি দেখিলে যে টেষ্টটিউবৰ পাৰা স্তম্ভ ক্ৰমে তললৈ নামি আহিছে। পৰ্যবেক্ষণ কৰি টৰিচেলীয়ে ঘোষণা কৰিলে যে টেষ্টটিউবৰ তলৰ যি অংশলৈ পাৰা নামি আহিছে, তাত বায়ু বা আন কোনো পদাৰ্থই নাছিল, সেয়ে টেষ্টটিউবৰ উক্ত স্থানলৈ পাৰাখিনি নামি আহিব পাৰিছে। এই কথাটোৱে এৰিষ্ট'টলে আগবঢ়োৱা "প্রকৃতিৰ শূণ্যস্থান বিৰোধী" মতবাদটিক বিদায় দি প্ৰকৃতিত শূণ্যস্থান বা ভেকুৱামৰ অৱস্থিতি প্ৰমাণিত কৰে। টৰিচেলীয়ে আৱিষ্কাৰ কৰা এই শূণ্যস্থানক আমি টৰিচেলীৰ শূণ্যস্থান বা "Torricelli's vacuum" বুলি জানো। এই পৰীক্ষাৰ দ্বাৰা বিজ্ঞানীসকল নিশ্চিত হ'ল যে শূণ্যস্থান প্রকৃতিৰ এক স্বাভাবিক অৱস্থা। 

তাৰ কিছু বছৰ পিছত বিজ্ঞানীসকলৰ মাজত আন এটি ধাৰণাই গা কৰি উঠে। তেওঁলোকৰ মতে পোহৰে বিশ্বব্ৰহ্মাণ্ডত গতি কৰাৰ বাবে বিশ্বব্যাপী এটা মাধ্যম থকাটো বাঞ্চনীয়। ইয়াৰ আলমতেই "লুমিনিফেৰাচ ইথাৰ" নামৰ সমগ্ৰ বিশ্বতেই ব্যাপ্ত হৈ  থকা এক মাধ্যমৰ ধাৰণাই গা কৰি উঠে। এই ধাৰণা অনুসৰি মহাশূণ্য মানে হ'ল এক অদৃশ্য লুমিনিফেৰাচ ইথাৰৰ মাধ্যম !

এই ইথাৰ মাধ্যমৰ ধাৰণাটো সেই সময়ত ইমানেই প্রভাৱশালী আছিল যে মাইকেলচন আৰু মর্লিয়ে এটা পৰীক্ষাৰ জৰিয়তে ইথাৰৰ অনুপস্থিতিৰ প্রমাণ পোৱাৰ পিছতো তেওঁলোকে ধৰি লৈছিল যে পৰীক্ষাটো কৰোতে নিশ্চয় ক'ৰবাত ভুল হৈছে। পিছলৈ ১৯০৫ চনত পুনৰ আইনষ্টাইনে বিশেষ আপেক্ষিকতাবাদ তত্বৰ সহায়ত ইথাৰত ধাৰণাটো ভুল বুলি প্ৰমাণ কৰে। বিশেষ আপেক্ষিকতাবাদৰ আলমত আমি জানিব পাৰিলোঁ যে গতি কৰিবলৈ পোহৰক কোনো মাধ্যম নেলাগে, বৰং পোহৰে শূণ্যস্থানৰ মাজেৰেই বিদ্যুত চুম্বকীয় বিকিৰণ হিচাবে গতি কৰিব পাৰে। ফলস্বৰূপে ১৬৪৩ চনত টৰিচেলীয়ে আগবঢ়োৱা ধাৰণা অনুসৰি শূণ্যস্থানকেই প্রকৃতিৰ সাম্য অৱস্থা বুলি গ্ৰহন কৰা হয়। 

বিজ্ঞানৰ উত্থান-পতনৰ লগে লগে এই ধাৰণাটোৰ স্থায়ীত্বও থৰক বৰক হ'বলৈ আৰম্ভ হ'ল। হাইজেনবার্গৰ অনিশ্চয়তা তত্ব অনুসৰি কোনো এটি ক্ষুদ্র কণাৰ অৱস্থান সম্পর্কে আমি যিমান নিৰ্ভুল তথ্য পাম, থিক সেই সময়চোৱাত কণাটোৰ ভৰবেগ সিমানেই অনিশ্চিত হৈ পৰিব। একেদৰে কণাটিৰ ভৰবেগ যিমানেই নিশ্চিত হব, সেই মূহুৰ্তত কণাটোৰ অৱস্থান সিমানেই অনিশ্চিত হৈ পৰিব। এই তত্বটোত ভৰবেগ আৰু অৱস্থানৰ সলনি শক্তি আৰু সময়ক স্থাপন কৰিলে কি হ'ব বাৰু ?

ধৰি লোৱা হ'ল, এক নিৰ্দিষ্ট সময়ত কোনো এক ক্ষুদ্র একক আয়তনত শূণ্যস্থানৰ শক্তি নিখুত ভাবে নিৰূপণ কৰা হ'ল। এতিয়া সময়ক যদি লেহেমীয়া কৰি দিয়া হয়, তেন্তে সেই শক্তিৰ পৰিমাণ আমি এইবাৰ নিখুত ভাবে নিৰূপণ কৰিব নোৱাৰিম। সময়ৰ ব্যৱধান আৰু শূণ্যস্থানৰ আয়তন যদি আৰু সূক্ষ্ম কৰি লোৱা হয় তেন্তে, হাইজেনবার্গেৰ তত্ব অনুসৰি উক্ত আয়তনত শক্তিৰ পৰিমাণ সম্পর্কে আমি ইমানেই অনিশ্চিত হৈ পৰিম যে, সেই স্থানত শূণ্যৰ পৰাই কণা অথবা যথেষ্ট শক্তি সৃষ্টি হ'ব পাৰে। অর্থাৎ, অতিশয় ক্ষুদ্র সময় আৰু সূক্ষ্মতম স্থানত শূণ্যৰ পৰাই কণা সৃষ্টি হোৱাৰ এটা গ্রহণযোগ্য সমাধান পোৱা যায়। 

বিজ্ঞানী ডিৰাকে তেখেতৰ সমীকৰণত বিশেষ আপেক্ষিকতাবাদ আৰু কোৱাণ্টাম তত্বৰ মিশ্রণ ঘটাই ইলেকট্রনৰ চৰিত্র ব্যাখ্যা কৰিবলৈ গৈ ইলেকট্রনৰ বিপৰীত ধর্মী এটা কণিকাৰ সন্ধান পায়। এই কণিকাৰ আৱিষ্কাৰে পৰবৰ্তী পৰ্যায়ত মেটাৰ আৰু এণ্টিমেটাৰৰ ধাৰণাটো জন্ম দিলে। এই ধাৰণাৰ বোকোচাত উঠিয়েই বিজ্ঞানীসকলে পিছলৈ ইলেকট্রনৰ প্রতিকণা পজিট্রন কণাৰ আৱিষ্কাৰ কৰে।

কোনো এটা কণিকা যাৰ ভৰ আৰু স্পীন অন্য এটি কণাৰ ভৰ আৰু স্পীনৰ সমান অথচ যাৰ বৈদ্যুতিক আধান , বেৰিয়ণ সংখ্যা, লেপ্টন সংখ্যা ইত্যাদিবোৰ উক্ত কণিকাৰ বিপৰীত, তেনে কণাক প্রতিকণা বোলা হয়। সম্পূর্ণ নিৰপেক্ষ কেইটিমান কণিকা যেনে ফ'টন, মেচন আদিৰ বাহিৰে প্রায় সকলো কণাৰেই একোটি প্রতিকণা আছে।

আধুনিক বিজ্ঞানৰ মতে "কোৱাণ্টাম ফ্লাকচুৱেচন"ৰ মাধ্যমত শূন্যস্থানত প্রতি মূহুৰ্ততেই কণা আৰু প্রতিকণাৰ সৃষ্টি আৰু বিনাশৰ মেলা বহে। যেতিয়া এটা ইলেকট্ৰণ তাৰ প্ৰতিকণা পজিট্রনৰ লগ লাগে, দুয়োটাই ধ্বংসপ্ৰাপ্ত বা "শূণ্য" হয় আৰু তাৰ বিনিময়ত শূণ্যৰ পৰাই উদ্ভব হয় শক্তি। ইয়াত ধনাত্মক পজিট্ৰন কণাটো ঋণাত্মক ইলেকট্ৰনৰ লগত লগ হৈ দুয়ো এক ''শূণ্য" হৈ পৰে। অৰ্থাৎ আমি আলোচনা কৰা “শূণ্য”টো আচলতে “শূণ্য” নহয়। সহজ ভাষাত +১ৰ লগত -১ যোগ কৰিলে যোগফল শূণ্য হয়। সেয়ে কোৱাণ্টাম বিজ্ঞানৰ শূণ্যটো +১-১=০ হে। আমি তাহানিতে পঢ়াশালিত শিকি অহা  ০+০=০ নহয়।

No comments:

Post a Comment