Monday 17 September 2018

গতিশীল বস্তুৰ ভৰ বৃদ্ধি হয় কিয় ?



আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ অনুসৰি আমি জানিব পাৰিছো যে পদাৰ্থ এটাৰ বেগ বৃদ্ধি হোৱাৰ লগে লগে পদাৰ্থটোৰ ভৰো বৃদ্ধি হয়। গাণিতিক তথা পৰীক্ষামূলক ভাবেও এই কথাটো প্রমাণিত হৈছে। পদার্থ বিজ্ঞানৰ তথ্য অনুযায়ী পদাৰ্থৰ ভৰ ধ্রুৱ। কিন্তু আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদ অনুযায়ী ভৰ ধ্রুব নহয়, বৰং ভৰ পৰিবর্তিত হয় আৰু কোনো বস্তুৰ ভৰ, বস্তুটোৰ বেগ বৃদ্ধিৰ লগে লগে বাঢ়িব ধৰে। অৱশ্যে চকুত পৰাকৈ ভৰ বৃদ্ধি হ'বলৈ বস্তুটোৱে অতি বেছি (প্ৰায় পোহৰৰ বেগৰ ওচৰা ওচৰি) বেগত গতি কৰিব লাগিব। পদাৰ্থ বিজ্ঞানৰ মতে বস্তুৰ ভৰ অতি সংকুচিত শক্তি মাথোন। শক্তিৰ ৰূপত সঞ্চিত হৈ থকা ভৰক জড় ভৰ বা "inertial mass" বোলা হয়। আপেক্ষিকতাবাদৰ মতে জড় ভৰ আৰু মহাকৰ্ষণীয় ভৰ একেই।  

যেতিয়া আমি নিউটনৰ বলবিদ্যা পঢ়ো, তেতিয়া পদাৰ্থৰ ভৰ এটা ধ্রুৱক। কিন্তু "থিওৰী অফ ৰিলেটিভিটি" পঢ়াৰ সময়ত পদাৰ্থৰ ভৰক আপেক্ষিক অৰ্থাৎ পদাৰ্থৰ গতি সাপেক্ষে পৰিবর্তিত ৰূপত পাও। কিন্তু এই বৈসাদৃশ্যৰ মাজৰ ৰহস্যটা কি বাৰু ? ইয়াৰ একমাত্ৰ উত্তৰ হৈছে আইনষ্টাইনৰ বিখ্যাত সূত্ৰ  E=mc²

আমি জানো যে কোনো এটা বস্তু মাটিৰ পৰা ওপৰলৈ উঠালে বস্তুটোৰ ভিতৰত বিভৱ বা স্থিতি শক্তি জমা হয়। তেনেদৰে কোনো বস্তুক বল প্রয়োগ কৰি গতিশীল কৰিলে বস্তুটোৰ মাজত গতিশক্তি সঞ্চিত হয়। এইখিনিতেই প্ৰশ্ন উদয় হ'ব  বস্তুৰ ভিতৰত শক্তি কিদৰে সঞ্চিত হয় !

আমি  জানো যে E=mc² মানে শক্তি আৰু ভৰ - দুয়ো দুয়োৰে পৰিপুৰক। যেতিয়া কোনো পদাৰ্থ এটাৰ ওপৰত বল প্ৰয়োগ কৰি পদাৰ্থটোক গতি প্ৰদান কৰা হয়, তেতিয়া পদাৰ্থটোৰ ওপৰত কাৰ্য কৰা হয়। কাৰ্যটো সম্পাদন কৰোতে যি পৰিমানৰ শক্তি প্ৰয়োগ কৰা হৈছিল, সেই শক্তি পদাৰ্থটোত গতিশক্তি হিচাবে সঞ্চিত হয়। আপুনি আচৰিত হ'লেও আপেক্ষিকতাবাদৰ মতে এই সঞ্চিত গতিশক্তিয়ে পদাৰ্থটোৰ ভৰ বৃদ্ধি কৰে। ইয়াক গাণিতিক ভাবে KE = mc² - m˳c² হিচাবে প্ৰকাশ কৰা হয়। সেয়ে অতি দ্ৰুত হাৰত গতি কৰা পদাৰ্থৰ জড় ভৰ বৃদ্ধি হয়।

No comments:

Post a Comment