Sunday 12 August 2018

গাখীৰৰ পৰা সৃষ্টি কৰা প্ৰদূষণহীন জৈৱ-প্লাষ্টিক


প্ৰাকৃতিক পৰিবেশ, জৈৱ-বৈচিত্ৰ্য আৰু সামগ্ৰিকভাবে আমাৰ জীৱন প্লাষ্টিক প্ৰদূষণৰ কবলত ভাৰাক্ৰান্ত। প্লাষ্টিকৰ বিভিন্ন ধৰণৰ সুবিধা থকাৰ পাছতো বৰ্তমান প্লাষ্টিক প্ৰদূষণে সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰিছে। উল্লেখ্য যে ভাৰতবৰ্ষত প্ৰতি ঘণ্টাত প্ৰায় ১ লাখ প্লাষ্টিকৰ বটল ক্ৰয় কৰা হয় কেবল মিনাৰেলযুক্ত পানীৰ বাবে। একেদৰে প্ৰতি দিনে আমাৰ দেশত বজাৰ সমাৰ কৰাৰ বাবে প্ৰায় ৫০ লাখ প্লাষ্টিকৰ বেগ ব্যৱহাৰ হয়। ব্যৱহাৰৰ পিছত এই প্লাষ্টিকৰ বটল অথবা বেগবোৰ বাটে ঘাটে পৰিতক্ত সামগ্ৰী হিচাবে পৰি ৰয়। আমি ব্যৱহাৰ কৰা এই সমুহ প্লাষ্টিকৰ ৫০ শতাংশ প্লাষ্টিকহে পুনৰ ব্যৱহাৰযোগ্য। ইয়াৰ উপৰিও সমূদ্ৰত বছৰি প্ৰায় ১ কোটি টন প্লাষ্টিক আৱৰ্জনা হিচাপে জমা হয়, যাৰ ফলত সমুদ্ৰ পৃষ্ঠৰ লগতে সাগৰৰ জীৱকুলো বিস্তৰভাবে ক্ষতিগ্ৰস্ত হৈছে।

প্লাষ্টিক প্ৰদূষণে মানব সভ্যতাক ক্ৰমে অন্ধকাৰ ভৱিষ্যতৰ দিশে কঢ়িয়াই নিব লাগিছে। বিশ্বৰ বহনক্ষম বিকাশৰ ধাৰণাটোক সফল কৰি তুলিবৰ বাবে তথা পৃথিৱী নামৰ গ্ৰহটো আৰু ইয়াৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰাৰ স্বাৰ্থত বৰ্তমান সময়চোৱাত প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰা, প্লাষ্টিকৰ বিকল্পৰ সন্ধান কৰা আৰু প্ৰাকৃতিক ভাবে বিযোজিত হোৱা জৈৱ-প্লাষ্টিক সৃষ্টি কৰাটো অতি প্ৰয়োজনীয় বিষয় হিচাবে পৰিগণিত হৈছে।

তেনে এক উদ্দেশ্য আগত ৰাখিয়েই বিশ্বৰ বিভিন্ন স্থানৰ বিজ্ঞানী সকলে পৰিবেশৰ অনুকুল জৈৱ-প্লাষ্টিক তৈয়াৰ কৰাৰ বাবে গৱেষণা অব্যাহত ৰাখিছে। কুৰি শতিকাৰ প্ৰথমাৰ্ধৰ পৰাই বিজ্ঞানী সকলে গাখীৰৰ পৰা প্লাষ্টিক উদ্ভাৱন কৰাৰ পথ বাচি উলিয়াইছিল। বৰ্তমান বিজ্ঞানী সকলে গাখীৰত থকা প্ৰটিন "কেচিন"ৰ পৰা এবিধ প্লাষ্টিক তৈয়াৰ কৰি উলিয়াইছে। "লেপ্টিক্স" নামেৰে নামাকৰণ কৰা এই জৈৱ-প্লাষ্টিকবিধ পৰিবেশৰ অনুকুল আৰু আচৰিত হ'লেও সত্য যে ইয়াক খাদ্য হিচাবেও গ্ৰহণ কৰিব পাৰি।

লেপ্টিক্স নামৰ জৈৱ-প্লাষ্টিক বিধ তৈয়াৰ কৰিবলৈ বিজ্ঞানী সকলে নিৰ্দিষ্ট পৰিমানৰ গাখীৰ উতলাই তাত কিছু পৰিমানৰ এছিটিক এচিদ মিহলাই গাখীৰৰ পৰা দুগ্ধ প্ৰটিন কেচিনক পৃথক কৰি লৈছিল। এই কেচিন নামৰ প্ৰটিনবিধ কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু নাইট্ৰজেন পৰমাণুৰে গঠিত একোটা জৈৱ অনু। বিজ্ঞানী সকলে পৰীক্ষাগাৰত এই কেচিন অনুবোৰ বহুযোজীকৰণ বিক্ৰিয়াৰে দীঘল শৃংখলযুক্ত জটিল গঠনৰ একোটা বহুযোজী বা পলিমাৰলৈ ৰূপান্তৰ কৰিছিল। গাখীৰত থকা প্ৰটিন কেচিনৰ পৰা তৈয়াৰ কৰা লেপ্টিক্স, গালালিথ আৰু এৰিনইড আদি জৈৱ প্লাষ্টিকবোৰ ইতিমধ্যে পাশ্চাত্য দেশবোৰত চাৰ্টৰ বুটাম, মণি, ফণি, দাঁত ঘঁহা ব্ৰাছ, পুতলা, খাদ্য সংৰক্ষণ কৰা পাত্ৰ, চকলেট মেৰিয়াই ৰখা আৱৰণ আদি তৈয়াৰ কৰাত ব্যৱহৃত হৈছে। এনে ধৰণৰ জৈৱ-প্লাষ্টিকৰ আৱিষ্কাৰে আমালৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। হয়তো অচিৰেই আমি প্লাষ্টিক নামৰ দানৱটোৰ আক্ৰমণৰ পৰা হাত সৰাৰ পথ বিচাৰি পাম।

No comments:

Post a Comment