Friday 27 July 2018

টেষ্টটিউব বেবী আৰু এজন ডাক্তৰৰ মৃত্যু

 

সেয়া ১৯৭৮ চনৰ ১৮ নৱেম্বৰ। পশ্চিমবঙ্গ মেডিকেল এচোচিয়েচনৰ অধীনত গঠিত এখন ‘বিশেষজ্ঞ সমিটি’ক দায়িত্ব দিয়া হ'ল ডাঃ সুভাষ মুখোপাধ্যায় নামৰ এক অভিযুক্তৰ (!)  ভাগ্য নির্ধাৰণৰ বাবে। তেওঁৰ বিৰুদ্ধে অভিযোগ দুটা হ'ল : তেওঁ কিয় দাবী কৰিছে যে ভাৰতবৰ্ষৰ প্ৰথম তথা বিশ্বৰ দ্বিতীয়টি টেষ্টটিউব সন্তান "দূর্গা"ৰ জন্মৰ আঁৰৰ স্থাপত্যবিদজন তেখেত নিজেই ? আৰু দ্বিতীয় অভিযোগটি হ'ল তেওঁ গবেষণাৰ তথ্য সমূহ বিশেষজ্ঞ সকলক জমা দিয়াৰ সলনি সংবাদ মাধ্যমত সদৰী কৰিলে কিয় ?



১৯৭৮ চনৰ ২৫ জুলাইৰ নিশা ১১বাজি ৪৫ মিনিটত ইংলেণ্ডৰ ওল্দহাম জেনেৰেল হস্পিতালত পৃথিবীৰ প্রথম টেষ্টটিউব বেবী লুইচ ব্রাউনৰ জন্ম হৈছিল। তাৰ থিক ৬৭ দিন পিছত কলিকতাৰ বিশেষজ্ঞ ডাক্তৰ সুভাষ মুখোপাধ্যায়ৰ তত্বাৱধানত ১৯৭৮ চনৰ ৩ অক্টোবৰৰ দিনা দূৰ্গা (কানুপ্ৰিয়া আগৰৱালা) নামৰ বিশ্বৰ দ্বিতীয় তথা ভাৰতৰ প্ৰথমটো টেষ্টটিউব বেবী জন্ম হৈছিল। এই খবৰটো সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ লগে লগে ৰক্ষণশীল চিন্তাধাৰাৰ লোকসকলে হৈ চৈ আৰম্ভ কৰি দিলে। তেওঁলোকে টেষ্টটিউবৰ সহায়ত জন্ম হোৱা সন্তানটিক লৈ নৈতিকতাৰ বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি তোলপাৰ লগালে। এয়া এক অপৰাধ……



১৯৭৮ চনৰ ১৮ নৱেম্বৰত ভাৰতৰ প্ৰথম টেষ্টটিউব বেবী "দূৰ্গা"ৰ বিষয়টো মীমাংসা কৰাৰ উদ্দেশ্যে বিশেষজ্ঞ সমিটিয়ে ডা° সুভাষ মুখোপাধ্যায়ক মাতি পঠিয়ালে। উল্ল্যেখযোগ্য যে সেই সময়ত গঠন কৰি দিয়া বিশেষজ্ঞ সমিটিখনৰ সদস্য সকলৰ মাজতো টেষ্টটিউব বেবী সম্বন্ধে বিশেষ একো জ্ঞান নাছিল। কাৰন এই "টেষ্টটিউব বেবী"ৰ ধাৰণাটোৱেই সম্পূৰ্ণ নতুন। বিশেষজ্ঞ সমিটিখনৰ সভাপতিজন আছিল এজন ৰেডিওফিজিচিষ্ট। আনহাতে সমিটিৰ সদস্যসকলৰ মাজত এজনকৈ গাইনোকলোজিষ্ট, ফিজিওলজিষ্ট আৰু নিউৰোফিজিওলজিষ্ট আছিল। সমিটিৰ সদস্যসকলে ডা° সুভাষ মুখোপাধ্যায়ক প্ৰশ্ন আৰম্ভ কৰিলে : 



: আপুনি এই পৰীক্ষা নিৰীক্ষাবোৰ ক'ত কৰিছিল ?
:সাডাৰ্ণ এভিনিউৰ মোৰ ফ্লেটৰ অস্থায়ী পৰীক্ষাগাৰত।
: পৰীক্ষাৰ বাবে কি সঁজুলি ব্যৱহাৰ কৰিছিল ?
: সামান্য কিছু উপকৰণ আৰু এটা সৰু ফ্রিজ।
: আপুনি ভ্ৰূণবোৰ সংগ্ৰহ কৰি ক'ত ৰাখিছিল ?
: চীল কৰা কিছুমান এম্পোলৰ ভিতৰত।
: এম্পোলবোৰ কেনেদৰে চীল কৰা হৈছিল ?
: অতি সাধাৰণ ভাবে তাপ প্ৰয়োগ কৰি।
: এম্পোলৰ ভিতৰত ভ্ৰূণবোৰ জীয়াই থাকিল কিদৰে ?
: তাৰবাবে মই এম্পোলবোৰ ফ্ৰিজত ৰাখিছিলোঁ।



সমিটিৰ সদস্যসকলে এজনে আনজনৰ মুখলৈ চাবলৈ ধৰিলে। তেওঁলোকৰ যেন সুধিবলৈ আৰু একোৱেই বাকী নেথাকিল ! কলমটো হাতেৰে মোহাৰি মোহাৰি এজন সদস্যই ডা° সুভাষ মুখোপাধ্যায়ক ক'লে : তাৰমানে আপুনি ক'ব বিচাৰে যে কিছু সাধাৰণ উপকৰণ, এটা সৰু ফ্রিজ, আইনাৰ কেইটামান এম্পোল লৈ সাডাৰ্ণ এভিনিউত অৱস্থিত আপোনাৰ নিজস্ব ফ্লেটৰ অস্থায়ী পৰীক্ষাগাৰতেই এই জটিল কামটো সমাপন কৰি পেলালে ?



দৃঢ়তাৰে ডা° মুখোপাধ্যায়ে উত্তৰ দিলে : "হয়" !
অধিক প্ৰশ্নৰ অৱতাৰণা নকৰি সমিটিৰ সভাপতিয়ে ক'লে: থিক আছে ডা° মুখোপাধ্যায়, আপুনি যাব পাৰে।



বিশেষজ্ঞ সমিটিয়ে কি ৰায় দিব, সেয়া ডা° মুখোপাধ্যায়ে স্পষ্টকৈ বুজি পাইছিল। আৰু তেখেতৰ সন্দেহক সত্য প্ৰমাণিত কৰি সমিটিয়ে ৰায় দিলে : "Everything that Dr. Subhash Mukhopadhyay claims is bogus."



হতাশা আৰু দুখে চানি ধৰিছিল ডা° মুখোপাধ্যায়ক। যি সময়ত তেখেতে সন্মান পাব লাগিছিল, তেতিয়া তেওঁক তিৰস্কাৰ কৰা হৈছিল। তেখেতৰ বিৰুদ্ধে মানুহে মাত মাতিছিল। আচৰ্যকৰ হ'লেও এইটো সত্য যে যদিও বিশ্বৰ প্ৰথম টেষ্টটিউব বেবীৰ আঁৰৰ বিজ্ঞানীকেইজন Patrick Steptoe, Robert Edwards আৰু Jean Purdy,  বৰ্তমান চিকিৎসা বিজ্ঞানত তেওলোকে অৱলম্বন কৰা পদ্ধতিৰে টেষ্টটিউব বেবীৰ জন্ম দিয়া নহয়। বৰং ভাৰতীয় বিজ্ঞানী ডা°  সুভাষ মুখোপধ্যায়ে আৱিষ্কাৰ কৰা পদ্ধতিটোকহে সহজ, নিৰাপদ আৰু কম বাজেটৰ বাবে সমগ্ৰ পৃথিৱীতেই আকোঁৱালি লোৱা হৈছে। Patrick Steptoe, Robert Edwards আৰু Jean Purdy নামৰ বিজ্ঞানীসকলে প্ৰথম টেষ্টটিউব বেবী জন্ম দিয়াৰ বাবে দীৰ্ঘ সময়ৰ বাবে ডিম্বাণুৰ বিভাজন ও পৰিস্ফুটন তন্নতন্নকৈ পর্যবেক্ষণ কৰি পিছত লেপাৰোস্কোপি যন্ত্রৰ সহায়ত ডিম্বাণু সংগ্রহ কৰিছিল। সংগ্রহ কৰা এই ডিম্বাণুটি এখন বিশেষভাবে নিৰ্মিত থালিত লৈ শুক্রাণুৰ দ্বাৰা নিষিক্ত কৰোৱা হৈছিল। তাৰপিছত নিষিক্ত ডিম্বাণুটো পৰীক্ষানল বা টেষ্টটিউবত ৰাখি ভ্রূণলৈ পৰিবৰ্তিত কৰাই সেই ভ্ৰূণটো পুনৰ মাতৃৰ জৰায়ুত প্রতিস্থাপন কৰোৱা হৈছিল।



আনহাতে ডা°  সুভাষ মুখোপধ্যায়ে আৱিষ্কাৰ কৰা পদ্ধতিটোত লেপাৰোস্কোপি যন্ৰৰ সহায় নোলোৱাকৈয়ে ডিম্বাণু সংগ্রহ কৰাৰ ব্যৱস্থা কৰা হৈছিল। তাৰবাবে তেখেতে এক প্রকাৰৰ হৰম'নৰ সহায়ত স্ত্ৰীৰ ডিম্বাশয়ত ডিম্বাণুৰ সংখ্যা বৃদ্ধি ঘটাই সেই ডিম্বাণুবোৰৰ বিকাশ ডিম্বাশয়তেই হ'বলৈ দিছিল। পৰবৰ্তী সময়ত ডিম্বাশয়ৰ পৰা ডিম্বাণু সংগ্রহ কৰি শুক্ৰাণুৰ উপস্থিতিত ডিম্বাণুৰ নিষিক্তকৰণ কৰোৱা হৈছিল। এই পদ্ধতি অৱলম্বন কৰিলে গর্ভধাৰণৰ সম্ভাবনা যথেষ্ঠ বৃদ্ধি পায়। সেয়েহে সন্তানহীন দম্পতিৰ বাবে ডা° মুখোপধ্যায়ে আৱিষ্কাৰ কৰা পদ্ধতি অধিক বিজ্ঞানসন্মত।



কিন্তু ডা° মুখোপধ্যায়ৰ বাবে এয়া সন্মানৰ বিষয় নহৈ শাস্তিৰ কাৰনহে হৈ পৰিল। চৰকাৰৰ ৰোষত পৰা ডা° মুখোপধ্যায়ক কলিকতাৰ পৰা বদলি কৰি নিয়া হ'ল বাঁকুড়াৰ এখন হস্পিতাললৈ। উদ্দেশ্য এইটোৱেই - তেওঁ যেন পৰবর্তী কালত এই বিষয়ে অধিক গবেষণা চলাই নিব নোৱাৰে। হতাশত ভূগি ডা° মুখোপাধ্যায় হৃদৰোগত আক্রান্ত হ'ল। সেই সময়তেই তেওঁক জাপানৰ পৰা নিমন্ত্ৰণ জনোৱা হ'ল "টেষ্টটিউব বেবী" সম্বন্ধে এখন আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত বক্তৃতা প্ৰদান কৰাৰ বাবে। কিন্তু চৰকাৰে জাপানলৈ যোৱাৰ অনুমতি নিদিলে। চূড়ান্ত অপমান, উপহাস আৰু লাঞ্ছনা সহ্য কৰি এক অবৰ্ণনীয় জীৱন যাপন কৰিবলৈ ধৰিলে ডা° সুভাষ মুখোপাধ্যায়ে আৰু অৱশেষত ১৯৮২ চনৰ ১৯ জুন তাৰিখে এই প্রতিভাবান চিকিৎসা বিজ্ঞানীজনে নিজ বাসভবনত  আত্মহত্যা কৰে।

No comments:

Post a Comment