Wednesday 18 July 2018

মংগল গ্ৰহত সপোনৰ ঘৰখন আৰু প্ৰধান অন্তৰায়


সৌৰজগতৰ পৃথিৱী নামৰ সুন্দৰ গ্ৰহটোৰ বাহিৰে কেবল বুধ, শুক্ৰ আৰু মংগল গ্ৰহতেই মাটি বা শিলাময় কঠিন আৱৰণ আছে। তাৰ বাহিৰে আন গ্ৰহকেইটা গেছীয় দানব, য'ত কোনো কঠিন আৱৰণ নাই। সেয়েহে বৃহস্পতি, শনি, ইউৰেনাচ বা নেপচুনত মানুহৰ বসতি এক অসম্ভৱ সপোন। যদিও বুধ আৰু শুক্ৰ গ্ৰহত কঠিন আৱৰণ আছে, সূৰ্যৰ নিকটৱৰ্তী এই দুয়োটা গ্ৰহৰ অতি উষ্ণ বাতাবৰণ মানুহৰ বসবাসৰ বাবে অনুপযুক্ত। যদিহে মানুহে অন্য গ্ৰহৰ বুকুত সপোনৰ ঘৰ এখন সাজিব খোজে, তেন্তে সৌৰজগতৰ চতুৰ্থ গ্ৰহ মংগলেই হ'ব একমাত্ৰ লক্ষ্যস্থান। কিয়নো পৃথিৱী আৰু মংগলৰ মাজত সাদৃশ্য আছে। মংগলৰ বুকুত আছে পাহাৰ-পর্বত, ৰঙচুৱা মাটিৰ আৱৰণ, বায়ুমণ্ডলৰ আস্তাৰণ, তদুপৰি শেহতীয়া তথ্য অনুসৰি মংগলৰ বুকুত আছে পানীৰ (বৰফ) অৱস্থিতি। মংগল গ্ৰহৰ আহ্নিক গতিও পৃথিৱীৰ দৰেই যাৰ বাবে মংগল গ্ৰহৰ দিন-ৰাতিবোৰ আমাৰ পৃথিৱীৰ সময়ৰ লগত একেই। এই সাদৃশ্যবোৰৰ বাবেই বিজ্ঞানী সকলৰ লগতে সৰ্বসাধাৰণ মানুহকো মংগল গ্ৰহই আকৰ্ষণ কৰি আহিছে। সঁচাকৈয়ে বাৰু এদিন মংগল গ্ৰহৰ বুকুত মানুহে সপোনৰ ঘৰখন সাজিব পাৰিব নে ?



মানুহৰ এই সপোনক বাস্তৱত ৰূপ দিয়াৰ বাবে বিজ্ঞানীসকল উঠি পৰি লাগিছে। পিছে তেওঁলোকৰ এই পথ মসৃণ নহয়। মংগল গ্ৰহ মানুহৰ বসতিৰ বাবে অনুকুল নহয়। মানুহৰ বাসোপযোগী কৰি তুলিবলৈ তেওঁলোকে মংগল গ্ৰহৰ বিভিন্ন অন্তৰায় সমূহ দূৰ কৰিব লাগিব।




প্রথমেই পৃথিবীৰ লগত মংগল গ্ৰহক তুলনা কৰিলে আমি গ্ৰহটোক এখন বিশাল মৰুভূমিৰ ৰূপতহে পাম য'ত নাই পানীৰ পর্যাপ্ত উৎস। মংগলৰ মেৰু অঞ্চলত কিছু পৰিমাণে বৰফ আছে। তদুপৰি মংগলৰ শুষ্ক মাটিৰ কিছু তলতো তৰল পানীৰ অৱস্থিতিও ধৰা পৰিছে যদিও, সেয়া জীৱৰ জীৱন ধাৰণৰ বাবে একেবাৰেই যথেষ্ট নহয়। 




আন এটা সমস্যা হ'ল মংগল গ্ৰহৰ তাপমাত্ৰা। আমাৰ বসবাসৰ বাবে প্ৰয়োজনীয় সঠিক আৰু সহনযোগ্য তাপমাত্রা মংগল গ্ৰহত নাই।  গৰমৰ দিনত মংগল পৃষ্ঠৰ সর্বোচ্চ তাপমাত্রা হ'ল ২০ ডিগ্রী চেণ্টিগ্ৰেড। পৃথিৱীৰ দৃষ্টিকোণৰ পৰা এই উষ্ণতা স্বাভাৱিক যদিও শীতকালৰ তাপমাত্ৰা --৫৫ ডিগ্রী চেণ্টিগ্ৰেড, যিটো মানুহৰ বা আন জীৱকুলৰ বাবে চৰম প্ৰতিকুল।  




মংগল গ্ৰহৰ বায়ুমণ্ডল অত্যন্ত পাতল আৰু সেইবাবে মংগলৰ বায়ুুমণ্ডলীয় চাপ অতি কম। এনে কম বায়ুুমণ্ডলীয় চাপত মানুহৰ জীৱন যাপন প্ৰায় অসম্ভৱ। তদুপৰি মংগল গ্ৰহৰ বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণো অতি নগন্য, মাত্ৰ ০.১৪%, যিটো পৃথিবীৰ ২১% অক্সিজেনৰ তুলনাত অতিশয় নেতিবাচক।




মংগল গ্ৰহৰ আন এটা সমস্যা হৈছে গ্ৰহটোৰ দূৰ্বল চৌম্বক ক্ষেত্ৰ। পৃথিবীৰ কেন্দ্ৰত লো গলিত অৱস্থাত থাকি পৃথিৱীৰ বাবে এক শক্তিশালী চৌম্বকক্ষেত্ৰ তৈয়াৰ কৰিছে। এই চৌম্বকক্ষেত্ৰখনে সদায় পৃথিৱীক মহাজাগতিক বিকিৰণৰ পৰা বচাই ৰাখিছে। কিন্তু মংগল গ্ৰহৰ চৌম্বকক্ষেত্ৰ অতি দূৰ্বল। সেয়েহে গ্ৰহটোৰ বুকুত পতিত হোৱা ক্ষতিকাৰক মহাজাগতিক বিকিৰণে মানুহৰ জীৱন দূৰ্বিসহ  কৰি তুলিব।




এই প্ৰতিকুলতা সমূহ আঁতৰ কৰিব নোৱাৰালৈ মংগল গ্ৰহত মানুহৰ বসতি একেবাৰেই অসম্ভৱ। বিজ্ঞানীসকল কিন্তু অবিচলিত। তেওঁলোকে এই প্ৰতিকুলতা সমূহ দূৰ কৰি মংগল গ্ৰহক মানুহৰ বাসোপযোগী কৰি তুলিবলৈ বদ্ধ পৰিকৰ। তাৰবাবে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে। কিন্তু কেনেদৰে ?




মংগল গ্ৰহৰ বুকুত তাপমাত্ৰা বৃদ্ধি কৰিবলৈ বিজ্ঞানীসকলে মংগলৰ বায়ুমণ্ডলৰ কাৰ্বনডাই অক্সাইড ব্যৱহাৰ কৰি কৃত্ৰিম ভাবে "গ্ৰীন হাউচ ইফেক্ট" সৃষ্টি কৰাৰ প্ৰজেক্ট তৈয়াৰ কৰিছে। 




মংগল গ্ৰহৰ দূৰ্বল চৌম্বকক্ষেত্ৰৰ বাবে সৃষ্টি হ'ব পৰা ৰেডিয়েচনৰ সমস্যাৰ পৰা মুক্তি পাবলৈ প্ৰস্তাব দাঙি ধৰিছে যে মংগল গ্ৰহৰ পৰা নিৰ্দিষ্ট উচ্চতাত এক বিশেষ কক্ষপথত অতি শক্তিশালী বিদ্যুৎ চুম্বক স্থাপন কৰি মংগল গ্ৰহৰ দূৰ্বল চৌম্বকক্ষেত্ৰক শক্তিশালী কৰিব পৰা যাব। তেনে কৰিলে ৰেডিয়েচনৰ সমস্যাটোও নোহোৱা হ'ব।




মংগল গ্ৰহৰ অক্সিজেনৰ সমস্যাটোৰ সমাধান সূত্ৰ বিচাৰি বিভিন্ন পৰীক্ষা নিৰীক্ষা, গৱেষণা আদিবোৰ আৰম্ভ হৈছে। কাৰন ইতিমধ্যে নাছাই ২০২০ চনত মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ এক পৰীক্ষামূলক অভিযান আৰু পৰবৰ্তী পৰ্যায়ত অৰ্থাৎ ২০৩০ চনত মংগল গ্ৰহলৈ মানুহৰ প্ৰথমটো দল পঠিওৱাৰ পৰিকল্পনা তৈয়াৰ কৰি তুলিছে। তেনে ক্ষেত্ৰত মংগল গ্ৰহত অক্সিজেনৰ সমস্যাটো দূৰ কৰি মানুহৰ জীৱন সম্ভৱ কৰি তুলিবলৈ উপযুক্ত বৈজ্ঞানিক পদক্ষেপ ল'বই লাগিব। অলপতে নাছাৰ ভাৰপ্ৰাপ্ত প্ৰশাসক ৰবাৰ্ট লাইটফুটে এই সমস্যা দূৰীকৰণৰ ক্ষেত্ৰত শেহতীয়াকৈ নাছাই হাতত লোৱা ব্যৱস্থা সমূহৰ কথা সদৰী কৰে। তেখেতে জানিবলৈ দিয়ে যে ২০২০ চনত মংগল গ্ৰহলৈ মানুহ পঠিওৱাৰ যি পৰীক্ষামূলক অভিযান চলোৱা হ'ব, সেই অভিযানতেই মংগল গ্ৰহৰ পৃষ্ঠৰ বিভিন্ন উপাদান সমূহ ব্যৱহাৰ কৰি প্ৰয়োজনীয় অক্সিজেন উৎপাদন কৰাৰ এলানি পৰীক্ষা সম্পন্ন কৰা হ'ব। এই পৰীক্ষাবোৰৰ সফলতাৰ ওপৰতেই নিৰ্ভৰ কৰিব মানুহে মংগলত বসবাস কৰাৰ ভৱিষ্যত। অৱশ্যে নাছাৰ বিজ্ঞানীসকল আশাবাদী।




নাছাৰ বিজ্ঞানী ৰবাৰ্ট লাইটফুটে প্ৰকাশ কৰা মতে মংগল গ্ৰহৰ বুকুত অপৰ্যাপ্ত পৰিমানে অক্সিজেন প্ৰস্তুত কৰাৰ বাবে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াত জড়িত ৰসায়নিক বিক্ৰিয়াটো কৃত্ৰিম ভাবে মংগল গ্ৰহৰ বুকুত চলাই নিয়াৰ পৰীক্ষা কৰি থকা হৈছে। মংগল গ্ৰহৰ বায়ুমণ্ডলৰ ৯৫ শতাংশ কাৰ্বন ডাইঅক্সাইডৰ পৰা কৃত্ৰিম সালোক সংশ্লেষণ পদ্ধতিৰে যথেষ্ঠ পৰিমানে অক্সিজেন উৎপাদন কৰাৰ সম্ভাৱনা ইতিমধ্যে প্ৰতিপন্ন হৈছে। ২০২০ চনৰ মংগল অভিযানত এই পৰীক্ষা লানি গ্ৰহটোৰ বুকুত সম্পাদন কৰা হ'ব।




ৰবাৰ্ট লাইটফুটে অক্সিজেন উৎপন্ন কৰাৰ আন কেইটিমান পৰীক্ষাৰ বিষয়েও অৱগত কৰে। তেওঁ জনোৱা মতে বৰ্তমান নাছাৰ বিজ্ঞানীসকলে শক্তিশালী লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি কাৰ্বন ডাইঅক্সাইডৰ পৰা কাৰ্বন পৰমাণুটো আঁতৰাই অক্সিজেন আহৰণ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই পৰীক্ষাটোও তেওঁলোকে ২০২০ চনৰ মংগল অভিযানত সম্পন্ন কৰি মংগলৰ বায়ুমণ্ডলত অক্সিজেন সৃষ্টি কৰাৰ লক্ষ্য স্থিৰ কৰিছে। একেদৰে "ফুৱেল চেল" বা ইন্ধন কোষ ব্যৱহাৰ কৰিও কাৰ্বন ডাই অক্সাইডৰ পৰা বিদ্যুৎ বিশ্লেষণ কৰি অক্সিজেন উৎপন্ন কৰাৰ পৰিকল্পনা যুগুত কৰি তুলিছে। এই পৰীক্ষাবোৰ নিয়াৰিকৈ চলাই নিবৰ বাবে নাছাই ২০২০ চনৰ মংগল অভিযানত MOXIE (The Mars Oxygen In-Situ Resource Utilization Experiment) নামৰ এটি ব্যয় বহুল প্ৰকল্প তৈয়াৰ কৰিছে আৰু এই প্ৰকল্পটোৰ কাম কাজবোৰ সঠিকভাবে চলাই নিবলৈ বহুকেইজন অৰ্হতা সম্পন্ন বৈজ্ঞানিকক দায়ীত্ব প্ৰদান কৰিছে।

2 comments:

  1. This comment has been removed by the author.

    ReplyDelete
  2. মনৰ মাজত বিভিন্ন প্ৰশ্নই দোলা দি আছিল। আজি সেইবোৰৰ উত্তৰ পালোঁ। মনটো এতিয়া সচাঁকৈয়ে ভাল লাগিছে ছাৰ।
    মঙ্গললৈ মানুহ পঠোৱাৰ অন্তৰায়বোৰ জানি আশাহত হৈছিলোঁ। কিন্তু বিজ্ঞানীসকলৰ বুদ্ধি বোৰ জানি মনটো ফৰকাল হৈ গ'ল।

    ইউটিউৱত মহাকাশ বিষয়ক ভিডিও প্ৰায়ে চাওঁ। ইংৰাজী ভালকৈ বুজি নাপাওঁ, কিছুমান টাৰ্ম বুজি নাপাওঁ ফলত কথাবোৰ ভালকৈ বুজি নাপাওঁ। ইফালে বিজ্ঞান বিষয়ক লিখনি/ ভিডিও মোৰ প্ৰথম পছন্দ। গতিকে আপোনাৰ শৰণাপন্ন হোৱাৰ বাদে উপায় নাথাকে।
    বহুত উপকৃত হলো ছাৰ। মনৰ খোৰাকো পালোঁ। ইমান সুন্দৰ লিখনিটি উপহাৰ দিয়াৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।

    ReplyDelete