Tuesday 17 July 2018

মংগল গ্ৰহলৈ একমুখী টিকট



মানুহৰ পদচিহ্ন মহাসাগৰৰ অতল গভীৰতাৰ পৰা আৰম্ভ কৰি সুউচ্চ এভাৰেষ্ট অথবা আমাজানৰ অটব্য অৰণ্যৰ পৰা আৰম্ভ কৰি মৰুভূমিত মৃত্যু উপত্যকা পৰ্যন্ত বিৰাজমান। পৃথিৱীৰ সীমনা পাৰ কৰি মানবতাৰ জয়গান জোনবাইৰ বুকুতো বাজিছে। তথাপি মানুহ থমকি ৰোৱা নাই। যদিও মানুহে মঙ্গল গ্ৰহলৈ মানৱবিহীন মহাকাশযান প্ৰেৰণ কৰিছে, মানুহৰ পদচিহ্ন কিন্তু এতিয়াও পৰা নাই সৌৰজগতৰ চতুৰ্থ তথা ৰঙচুৱা গ্ৰহ মংগলৰ বুকুত। এইবাৰ পিছে সেই মংগল গ্ৰহত কেৱল মানুহে ভৰি দিয়াই নহয়, মংগলৰ বুকুত স্থায়ীভাবে মানুহৰ বসতি স্থাপনৰ বাবে নেদাৰলেণ্ডৰ এটি অলাভজনক সংস্থাই উদ্যোগ হাতত লৈছে। এই প্রকল্পটিৰ নাম দিয়া হৈছে "মাৰ্চ ওৱান" (Mars One)। বৰ্তমান নিৰ্বাচিত কেইজনমান ব্যক্তিয়ে লাভ কৰিছে মংগল যাত্ৰাৰ একমুখী টিকট, যিসকল কেতিয়াও পৃথিৱীলৈ উভটি নাহে ! কিন্তু কিয় ? 

কিহৰ বাবে তেওঁলোক পুনৰ পৃথিৱীলৈ ঘূৰি নাহে ? দৰাচলতে মংগল গ্ৰহৰ পৰা পুনৰ পৃথিৱীলৈ ৰকেটৰ সহায়ত ঘূৰি আহিবলৈ মংগল গ্ৰহৰ পৃষ্ঠত কোনো উৎক্ষেপন কেন্দ্ৰ নাই। সেয়েহে মংগল গ্ৰহৰ পৰা বৰ্তমান সময়ত পুনৰাই পৃথিৱীলৈ ঘূৰি অহাৰ কোনো সম্ভাৱনা নাই। সেয়েহে মংগল অভিযাত্ৰী সকলৰ ওভটনি যাত্ৰা নাই। তেওঁলোক পৃথিৱীৰ পৰা চিৰদিনৰ বাবেই আঁতৰি যাবগৈ। 

মাৰ্চ ওৱান প্ৰকল্পৰ জৰিয়তে মংগল গ্ৰহলৈ পৰ্যায় ক্ৰমে উৰা মাৰিবলৈ নিৰ্বাচিত কৰা হৈছে ১০০ জন ব্যক্তি। ২০২৪ চনলৈ প্ৰাৰম্ভিক ভাবে ৪ গৰাকী ব্যক্তিক মংগল গ্ৰহলৈ পঠিওৱাৰ যো-জা চলাই থকা হৈছে। তেওঁলোকে মংগল গ্ৰহক মানুহৰ উপনিবেশ হিচাবে গঢ়ি তুলিবলৈ প্ৰাৰম্ভিক কামকাজবোৰ আৰম্ভ কৰিব। ২০২৪ চনৰ পিছৰ ২০২৬, ২০২৯, ২০৩০, ২০৩১, ২০৩২, ২০৩৩ আৰু ২০৩৪ চনত পৰ্যায় ক্ৰমে মংগল গ্ৰহৰ বুকুলৈ মানুহৰ আগমন ঘটিব, যিসকলে মৰুভূমি সদৃশ ৰঙচুৱা গ্ৰহ মংগলক মানুহৰ বাবে বাসোপযোগী কৰি তোলাত মূখ্য ভূমিকা গ্ৰহন কৰিব। 

মাৰ্চ ওৱান প্ৰকল্পত ৩ গৰাকী ভাৰতীয়ও আছে, যিসকলে মংগল গ্ৰহলৈ যোৱাৰ বাবে একমূখী টিকট পাইছে। তেওঁলোক হ'ল :

ক) তৰণজিৎ সিং ভাটিয়া। ৩১ বছৰীয়া তৰণজিৎ সিং এজন চেণ্ট্ৰেল ফ্লৰিডা বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰীধাৰী। তেওঁ বৰ্তমান মাৰ্চ ওৱান প্ৰকল্পৰ অধীনত প্ৰশিক্ষণ গ্ৰহন কৰি আছে।

খ) ৰিট্টিকা সিং। ৩২ বছৰীয়া ৰিট্টিকা পাঞ্জাৱ প্ৰদেশৰ জলন্ধৰৰ বাসিন্দা যদিও কৰ্মসূত্ৰে ডুবাইত থাকে।

গ) শ্ৰদ্ধা প্ৰসাদ। ২৩ বছৰীয়া শ্ৰদ্ধা প্ৰসাদ কেৰেলাৰ বাসিন্দা। সৰুৰে পৰা মহাকাশ বিজ্ঞানৰ প্ৰতি উৎসুক শ্ৰদ্ধাই বিজ্ঞান ভিত্তিক প্ৰবন্ধ পঢ়ি ভাল পোৱাৰ উপৰিও আজৰি পৰত বেডমিণ্টন খেলি ভাল পায়।

মাৰ্চ ওৱান প্ৰকল্প যদি সফল হয়, বিজ্ঞানী সকলৰ মতে ২০৪০ চনত মানুহে মংগল গ্ৰহত স্থায়ীভাবে বসবাস আৰম্ভ কৰিব। 


No comments:

Post a Comment