Saturday 14 July 2018

গ্রাফিন : কাৰ্বনৰ ধাতবীয় ৰূপভেদ


গ্ৰাফিন এক ধৰণৰ কার্বনৰ ৰূপভেদ, যিয়ে এটা অতি সূক্ষ্ম ষড়ভূজাকাৰ আকৃতিত বিৰাজ কৰে। এই ষড়ভূজৰ ক্ষেত্রফল যিমানেই ডাঙৰ নহওক কিয়, ইয়াৰ প্ৰস্থ কিন্তু এটি পৰমাণুৰ আকাৰৰ সমান। গ্ৰাফিনৰ পৰমাণুবোৰ এনেদৰে বিন্যস্ত হৈ থাকে যে, ই এটি দ্বিমাত্রিক, অতি পাতল মৌচাকৰ দৰে আকৃতি ধাৰণ কৰে।


২০০৪ চনৰ অক্টোবৰ মাহত গ্রাফিন আবিষ্কাৰৰ কথা ঘোষণা কৰা হৈছিল। এটি আবিষ্কাৰৰ বাবে আন্দ্রে গেইম আৰু কনষ্টানটিন নভোচেলভক যুটীয়া ভাবে ২০১০ চনত পদার্থবিজ্ঞানৰ নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হয়।



গ্রাফিন নামৰ পদার্থবিধ অতি পাতল। গ্ৰাফিনৰ এটি পাতল তৰপৰ ব্যাস ০.১ ৰ পৰা ০.৫ নেন'মিটাৰ মাত্ৰ। অৰ্থাৎ গ্ৰাফিন পৃথিৱীৰ সকলোতকৈ পাতল পদাৰ্থ। গ্ৰাফিন সমূহ আইনাৰ দৰে স্বচ্ছ। গ্ৰাফিনৰ আন এক বৈশিষ্ট হ'ল যে ই এবিধ অতি শক্তিশালী পদাৰ্থ আৰু কঠিনতাৰ ক্ষেত্ৰত ধাতুকৈও কঠিন কাৰ্বনৰ এটি ৰূপভেদ। পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে গ্ৰাফিন তীখা বা ষ্টীলতকৈ ১০০ গুণ দৃঢ় । তদুপৰি গ্ৰাফিন সকলোবোৰ মৌল বা যৌগৰ ভিতৰতেই ভাল বিদ্যুৎ আৰু তাপৰ পৰিবাহী। অতি কম ভৰ বিশিষ্ট গ্ৰফিন সমূহ "সুপাৰ ফ্লেক্সিব'ল" বা অতি নমনীয় ধাতু। সেয়ে গ্ৰাফিনক যিমানেই টানি দীঘল কৰাৰ চেষ্টা নকৰক কিয়, ই কেতিয়াও ছিঙি নেযায়। 



গ্ৰাফিন এবিধ দ্বি-মাত্ৰিক পদাৰ্থ। অৰ্থাৎ গ্ৰাফিনৰ দৈর্ঘ্য আৰু প্রস্থ আছে যদিও ইয়াৰ উচ্চতা নাই (উপেক্ষিত)। সেয়ে গ্ৰাফিনৰ আয়তন শূন্য বুলি ধৰা হয়। ফলত গ্ৰাফিনৰ আন এটা বিচিত্ৰতা হ'ল - ইয়াৰ ঘনত্বও নাই।



গ্রাফিনৰ আৱিষ্কাৰে ইতিমধ্যে বিজ্ঞান জগতত তুমুল আলোড়ন সৃষ্টি কৰিছে। গ্ৰাফিনৰ ব্যৱহাৰে আমাক বিভিন্ন ধৰণে সহায় কৰিব পাৰিব। ইতিমধ্যে কৃষিক্ষেত্র, শস্য সুৰক্ষা, কেঞ্চাৰ কোষ প্রতিহত কৰা, ৰোগীৰ দেহৰ বিভিন্ন স্থানলৈ ঔষধৰ পৰিবহন, বেটাৰীৰ আয়ুকাল বৃদ্ধি, ৰঙৰ স্থায়ীত্ব বৃদ্ধি, পানী পৰিশোধন, "সুপাৰকেপাচিটৰ" বা অতি-বিদ্যুতধাৰক তৈয়াৰ, পেকেজিং আৰু ওৱাটাৰপ্রুফিং, চোলাৰ চেল, এল.ই.ডি, স্মার্টফোন, কম্পিউটাৰ, ফ্লেক্সিবল ইলেক্ট্রনিক্স আদি নিৰ্মাণৰ ক্ষেত্ৰত গ্ৰাফিনৰ ভূমিকা অপৰিসীম বুলি বিবেচিত হৈছে। তদুপৰি গ্ৰাফিনক ধাতুৰ বিকল্প হিচাবে ব্যৱহাৰ কৰি মামৰ প্ৰতিৰোধী সামগ্ৰী তৈয়াৰ কৰিব পৰা যাব। 



গ্রাফিনৰ এক উল্ল্যেখনীয় বৈশিষ্ট হ'ল "ৰেডিও এক্টিভ ডিচপোজেল"। অৰ্থাৎ কোনো "ৰেডিও এক্টিভ" বা তেজস্ক্ৰিয় ধাতুক গ্রাফিনৰ তৰপ এটাৰে আৱৰি ৰাখি ধাতুটোৰ ঘাটক ৰেডিয়েচন বা বিকিৰণৰ পৰা বাচিব পৰা যাব। গ্রাফিনৰ ব্যবহাৰ কৰি মানুহৰ দেহত সংস্থাপন কৰিব পৰা নকল মাংসপেশী বা "আর্টিফিচিয়েল মাচ'ল" তৈয়াৰ কৰা সম্ভব হৈ উঠিব। মুঠতে গ্ৰাফিনৰ আৱিষ্কাৰ মানৱ সমাজলৈ এক বৰদান হিচাবে বিবেচিত হৈছে।

No comments:

Post a Comment