Saturday 21 July 2018

অ আ ক খ শিকা মোৰ শৈশৱৰ বিদ্যালয়খন



জীৱনটো যেন এক অবিৰত যাত্ৰা, এক সুবিশাল পঢ়াশালি৷ এনে এক পঢ়াশালি, যাৰ পাঠ্যক্ৰমৰ ৰূপৰেখা নিৰন্তৰ বৃদ্ধি হৈ থাকে৷ বিভিন্ন ক্ষণত আমি নতুন নতুন অভিজ্ঞতাৰ সন্মুখীন হওঁ৷ তাৰে কোনোবাটো হয়তোবা সুখৰ, কোনোবাটো দুখৰ৷ প্ৰত্যেক অভিজ্ঞতাই আমাক একো একোটা নতুন কথা শিকিবলৈ বাধ্য কৰে৷ এৰা, জীৱন এখন পঢ়াশালি। কেতিয়াবা এনে কিছুমান মূহুৰ্ত আহে যেতিয়া মগজুৰ কোনো অজ্ঞাত কোষত লুকাই থকা অতীতৰ সোনসেৰীয়া স্মৃতিবোৰ থেলি-হেচুকি উলিয়াই আনি ৰোমন্থন কৰাৰ প্ৰবল ইচ্ছা জাগে৷ অতীত সঁচাকৈয়ে যাদুকৰী। কাৰোবাৰ বাবে যদি অতীত এক যণ্ত্ৰণা আন কাৰোবাৰ বাবে আকৌ জটিলতাবিহীন দিনবোৰৰ এক মধুময় নষ্টালজিয়া।





সেয়া ১৯৭২ চনৰ কথা। প্ৰায় চাৰি বছৰ বয়সত দেউতাৰ আঙুলিত ধৰি পঢ়াশালিত নাম লিখিবলৈ গৈছিলোঁ। দেউতা তেতিয়া কৰ্মসূত্ৰে বৰপেটাৰ নিকটৱৰ্তী নগাওঁত। ওচৰৰে এখন প্ৰাথমিক বিদ্যালয়ত নাম ভৰ্তি কৰা হ'ল। বিদ্যালয় খন "নগাওঁ নিম্ন বুনিয়াদী বিদ্যালয়"। ১৮৯৩ চনতেই স্থাপিত এইখন বিদ্যালয়তেই শিক্ষাগ্ৰহন কৰিছিল অসমৰ কেইবাগৰাকী স্বনামধন্য ব্যক্তিয়ে। তেওঁলোকৰ ভিতৰত অসমৰ চতুৰ্থ মূখ্যমন্ত্ৰী তথা পাঞ্জাবৰ প্ৰাক্তন ৰাজ্যপাল ৺মহেন্দ্ৰ মোহন চৌধুৰী, প্ৰাক্তন মূখ্য ন্যায়ধীশ ৺ডম্বৰুধৰ পাঠক, প্ৰথিতযশা লোকগীত সম্ৰাট ৺ৰামেশ্বৰ পাঠক আদি প্ৰধান। বিদগ্ধ পণ্ডিত ড° বাণীকান্ত কাকতিদেৱৰ পৰশ পোৱা এইখন বিদ্যালয়ৰ ছাত্ৰ হিচাবে মই সদায়েই গৰ্ব অনুভৱ কৰো।



পঢ়াশালিত হেডচাৰ আছিল এজন স্থিতপ্ৰজ্ঞ পুৰুষ। হেডচাৰৰ ব্যক্তিত্ব আৰু পাণ্ডিত্বত সকলোৰেই শ্ৰদ্ধাত শিৰ নত হৈ ৰয়। তেখেতেৰ হাতৰ আখৰবোৰ যে ইমান সুন্দৰ আছিল ! চাৰে নিজেই আমাৰ শ্ৰুতলিপি আৰু হাতৰ আখৰৰ ক্লাচ লৈছিল। আমাৰ হাতৰ আখৰবোৰ ভাল কৰাবলৈ হেডচাৰে কিমান যে কষ্ট কৰিছিল। খনীন চাৰৰ অংক আৰু মৌখিকৰ শ্ৰেণীবোৰ, দ্বিজেন চাৰৰ বিজ্ঞানৰ শ্ৰেণীবোৰ, ডম্বৰু চাৰৰ ভূগোলৰ শ্ৰেণীবোৰ, শাস্ত্ৰী চাৰৰ শুৱলা কৈ পদ্যবোৰ বুজাই বুজাই কৰা সাহিত্যৰ শ্ৰেণীবোৰ কেনেদৰে পাহৰিম বাৰু !!

১৯৭৬ চনত এইখন বিদ্যালয়ৰ পৰাই চাৰসকলৰ অক্লান্ত পৰিশ্ৰমৰ ফলত অবিভক্ত কামৰূপ জিলাৰ প্ৰাথমিক বৃত্তি পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। ইতিমধ্যে মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰি ওচৰৰে "নগাওঁ শিক্ষা মন্দিৰ হাইস্কুল"ৰ পঞ্চম শ্ৰেণীত নাম ভৰ্তি কৰিছিলোঁ। এবছৰ সেই বিদ্যালয়ত পঢ়াৰ পিছত দেউতা (ডুবিয়া) গহপুৰলৈ বদলি হোৱাত জীৱনৰ প্ৰথম অ আ ক খ শিকা বিদ্যালয়খনৰ পৰা বহু আঁতৰলৈ গুছি যাবলগীয়া হ'ল। 

 

আজি সম্পূৰ্ণ ৪০ বছৰৰ পিছত মই পঢ়া প্ৰাথমিক বিদ্যালয়খনৰ চৌহদত সোমাই আবেগিক হৈ পৰিলোঁ। তাহানিতেই ঘূৰণীয়া হৈ গোটেই শ্ৰেণীটোৱেই নেওঁতা পঢ়া গছজোপাৰ তলত এখন্তেক ৰৈ ভাবিছো কিমান যে প্ৰজ্ঞাৰ সাক্ষী এই গছজোপা ! পানী খোৱা কুঁৱাটো নাই। পুতি পেলোৱা হৈছে। তাৰ সলনি চৰকাৰী পানী যোগান আচনিৰ দ্বাৰা পানীৰ ব্যৱস্থা কৰা হৈছে। মূল বিদ্যালয় গৃহটোৰ লগত নতুনকৈ আৰু অধিক শ্ৰেণীকোঠা সজোৱা হৈছে। বিদ্যালয়খনৰ সন্মুখত বেৰেৰে ৰক্ষণাবেক্ষণ দিয়া এখন সুন্দৰ ফুলনি। মোৰ এইখন বিদ্যালয়তেই শিক্ষা গ্ৰহন কৰি পৰবৰ্তী সময়ত অসম তথা ভাৰতবৰ্ষত বিভিন্ন ক্ষেত্ৰত নাম উজ্বলোৱা মহান ব্যক্তিসকলৰ নাম খোদিত কৰা স্মাৰকবোৰে নগাওঁ নিম্ন বুনিয়াদী বিদ্যালয়ৰ গৌৰবৰ স্বাক্ষৰ বহন কৰি আছে। মোৰ দুচকুত ক'ব নোৱাৰাকৈয়ে নিগৰি আহিছিল চকুলো। এই চকুলো শৈশৱৰ পখিলা খেদা দিনবোৰৰ স্মৃতিৰে সিক্ত, আনন্দ আৰু গৌৰৱৰ।






No comments:

Post a Comment