Friday 1 November 2019

ক্ৰায়'নিক্স : ভৱিষ্যতৰ বিজ্ঞান


        ধৰা হ'ল এজন মানুহৰ মৃত্যু হৈছে। এইমাত্ৰ চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছে। বিজ্ঞানৰ ভাষাত এই মৃত্যু "ক্লিনিকেল ডেথ"। এই মৃত্যুৰ কিছু সময় পিছতহে লোকজনৰ "জৈৱিক মৃত্যু" হয়। অৰ্থাৎ আমি এক দ্বি-স্তৰীয় প্ৰক্ৰিয়াৰে মৃত্যুক আকোঁৱালি ল'ব লগীয়া হয়। আজিৰ দিনত ক্লিনিকেল মৃত্যুৰ পিছত জৈৱিক মৃত্যু এক নিশ্চিত সত্য, কিন্তু হয়তো আৰু কেইবছৰমান পিছত ক্লিনিকেল মৃত্যু হোৱা এজন ব্যক্তিক পুনৰ জীৱিত কৰি তুলিব পৰা যাব।

             ক্ৰায়'নিক্স বা ক্ৰায়'জেনিক্স হ'ল এনে এবিধ প্ৰযুক্তি যাৰ সহায়ত ক্লিনিকেল ডেথ হোৱা এজন ব্যক্তিৰ মৃতদেহ এক বিশেষ ব্যৱস্থাৰ দ্বাৰা শীতলীকৃত পৰিবেশত ৰাখি মৃতদেহৰ লগতে দেহৰ অংগ-প্ৰতংগসমূহৰ সংৰক্ষণ কৰি ৰখা হয়। জীৱ বিজ্ঞানী সকলৰ মতে এনে পৰিবেশত ক্লিনিকেল ডেথ হোৱা ব্যক্তিৰ মৃতদেহ বহুদিনলৈ জৈৱিক মৃত্যু নোহোৱাকৈ সংৰক্ষিত কৰিব পাৰি। এই ব্যক্তিজনৰ যি ৰোগত মৃত্যু হৈছিল বা যি পৰিস্থিতিত মৃত্যু হৈছিল, সেই ৰোগ বা পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ হয়তো চিকিৎসকৰ হাতত সময় বৰ কম আছিল অথবা তেনে ৰোগ বা পৰিস্থিতি চম্ভালিব পৰাকৈ চিকিৎসা বিজ্ঞান উন্নত নাছিল। গতিকে সংৰক্ষিত এই মৃতদেহক ভৱিষ্যতৰ উন্নত চিকিৎসাৰ বাবে ৰাখি থব পৰা হ'ব। এই প্ৰযুক্তিৰ দ্বাৰা অকালমৃত্যুক সাৱটি লোৱা ব্যক্তি বা প্ৰতিভা সম্পন্ন ব্যক্তিৰ পুনৰ জীৱন সম্ভৱ হৈ উঠিব।

        কিন্তু কি এই ক্ৰায়'নিক্স? এই বিষয়ে জনাৰ বাবে আমি শীতনিদ্ৰাৰ বিষয়ে কিছু জানিব লাগিব। শীতনিদ্ৰা কিছুমান বিশেষ প্ৰাণীৰ এক আপাতকালীন নিস্ক্ৰিয় দশা। চিকাৰী জন্তুৰ আক্ৰমণৰ পৰা অথবা প্ৰতিকুল পৰিবেশৰ পৰা ৰক্ষা পাবলৈ তথা খাদ্যৰ নাটনিত শৰীৰৰ অৱক্ষয় নহ'বৰ বাবে কেতবোৰ প্ৰাণীয়ে শীতকালৰ দীঘলীয়া সময়চোৱা নিদ্ৰামগ্ন হৈ পাৰ কৰে। এই নিদ্ৰামগ্ন অৱস্থাত প্ৰাণীটোৰ দেহত বিপাক প্ৰক্ৰিয়া অতি দ্ৰুতভাৱে মন্থৰ হৈ পৰে। ফলস্বৰূপে প্ৰাণীটোৰ দেহৰ উত্তাপ অতিমাত্ৰা কমি যোৱাৰ লগতে হৃদস্পন্দনো লেহেমীয়া হয়। ৰুক্ষ জলবায়ু বিশিষ্ট অঞ্চল সমূহৰ বিভিন্ন প্ৰাণীবোৰৰ লগতে সাপ, মাছ, ভেকুলী, ভালুক আদি প্ৰাণীবোৰে প্ৰতিকূল পৰিবেশত বাচি থাকিবৰ বাবে তথা দৈহিক শক্তি সংৰক্ষণৰ বাবে শীতনিদ্ৰাত পৰে। অৱশ্যে এটা কথা কৈ থোৱা ভাল যে শীতনিদ্ৰা কেৱল যে শীতকালতহে সম্ভৱ, তেনে নহয়। প্ৰয়োজন সাপেক্ষে প্ৰাণীসমূহে বছৰৰ যিকোনো সময়তেই শীতনিদ্ৰাত ঢলি পৰিব পাৰে। যেতিয়াই পৰিবেশৰ প্ৰতিকুলতা আঁতৰি যায়, প্ৰাণীসমূহ শীতনিদ্ৰাৰ পৰা সাৰ পাই সক্ৰিয় হৈ পৰে। শীতনিদ্ৰা প্ৰাণীসমূহৰ অভিযোজনৰ এক অন্যতম উদাহৰণ।

          পিছে, মানুহৰ বাবে শীতনিদ্ৰা সম্ভৱ নে? শুনা যায়, আজিৰ পৰা প্ৰায় ডেৰশ বছৰ আগত ছোভিয়েট ৰাছিয়াত এবাৰ দুৰ্ভিক্ষই প্ৰবল ৰূপ লৈছিল। ৰাছিয়াৰ কৃষক সকলে সেই দুৰ্ভিক্ষৰ দিনবোৰত খাদ্যৰ নাটনিৰ সন্মুখীন নহ'বৰ বাবে প্ৰায় ছয়মাহ কাল অতি কম পৰিমানে ৰুটি আৰু "এল" নামৰ এবিধ বিশেষ খাদ্য খাই দিনটোৰ অধিকাংশ সময় নিদ্ৰামগ্ন হৈ পাৰ কৰিছিল। এনেদৰে ৰাছিয়ান কৃষকসকলে দেহৰ বিপাক ক্ৰিয়াৰ হাৰ মন্থৰ কৰি ৰাছিয়াৰ প্ৰচণ্ড শীত আৰু দুৰ্ভিক্ষৰ কঠিনতম সময় পাৰ কৰিছিল। ৰাছিয়ান কৃষকসকলৰ এই বিশেষ পৰম্পৰাক তেওঁলোকৰ থলুৱা ভাষাত "লোটসা" বুলি জনা যায়। যদিও "লোটসা"ক শীতনিদ্ৰা বুলি ক'ব পৰা নেযায়, ই শীতনিদ্ৰাৰ পৰিপুৰক এক বিশেষ ব্যৱস্থা যাৰ সহায়ত ৰাছিয়ৰ কৃষক সকলে দুৰ্যোগৰ দিনবোৰ সুকলমে পাৰ কৰিছিল।

        আধুনিক জীৱবিজ্ঞানৰ মতে মানুহৰ পক্ষে স্বাভাৱিক শীতনিদ্ৰা সম্ভৱ নহয়। কিন্তু ৰাছিয়াৰ কৃষক সকলৰ এই বহু চৰ্চিত "লোটসা" নামৰ প্ৰথাটোৱে বিজ্ঞানীসকলক নতুনকৈ ভাবিবলৈ অৱকাশ দিলে - মানুহক বাৰু কৃত্ৰিম ভাবে শীতনিদ্ৰাত ৰাখিব পৰা যাবনে? 

      বিজ্ঞানীসকলৰ মতে শীতনিদ্ৰা প্ৰাণীসমূহৰ এক অভিযোজন আৰু তেওঁলোকে প্ৰাণীৰ দেহত আজিলৈ এনে কোনো জিন চিনাক্ত কৰিব পৰা নাই যাৰ দ্বাৰা শীতনিদ্ৰা নিয়ন্ত্ৰিত হয়। সেয়ে জিনীয় অভিযন্ত্ৰণ পদ্ধতি ব্যৱহাৰ কৰিও মানুহৰ দেহত শীতনিদ্ৰা আনিব নোৱাৰি। কিন্তু বিজ্ঞানী সকলো নাচোৰবান্দা। তেওঁলোকে লক্ষ্য কৰিলে যে "থেৰাপিউটিক হাইপোথাৰমিয়া" নামৰ এক কৃত্ৰিম পদ্ধতিৰে মানুহৰ দেহৰ তাপমাত্ৰা ৩২ ডিগ্ৰী ফাৰেনহাইট পৰ্যন্ত কমাই আনিলে মানুহৰ হৃদপিণ্ড, স্নায়ুতন্ত্ৰ আৰু মস্তিষ্কৰ কাৰ্যক্ষমতা যথেষ্ঠ হাৰত কমি যায় আৰু ইয়াৰ ফলত মানুহজনৰ দেহত বিপাক ক্ৰিয়াও স্তিমিত হৈ পৰে। এক কথাত ই প্ৰায় শীতনিদ্ৰাৰ সমপৰ্যায়ৰ এক পৰিঘটনা। বিজ্ঞানীসকলে লগে লগে মানুহৰ কৃত্ৰিম শীতনিদ্ৰাৰ ওপৰত তেওঁলোকৰ গৱেষণা আৰম্ভ কৰি দিলে। এই গৱেষণাৰ ফলস্বৰূপে গঢ় লৈ উঠিছে এক নতুন ধাৰণা, যাৰ নাম - ক্ৰায়'নিক্স বা ক্ৰায়'জেনিক্স।

            মানুহৰ দেহটো যদি কৃত্ৰিম উপায়েৰে অতিমাত্ৰা শীতল কৰি পেলোৱা হয়, তেন্তে তেওঁৰ দেহৰ কোষত থকা পানীবোৰ ঘণীভূত হৈ বৰফৰ স্ফটিক সৃষ্টি কৰে আৰু এই বৰফৰ স্ফটিকবোৰে কোষবোৰৰ ক্ষতিসাধন কৰে। কিন্তু ক্ৰায়'জেনিক্সৰ নীতি অনুসৰি মানুহৰ দেহৰ তৰল পদাৰ্থসমূহ যদি কোনো "এণ্টিফ্ৰিজিং এজেন্ট"ৰ দ্বাৰা প্ৰতিস্থাপিত কৰা হয়, তেন্তে অতি শীতল পৰিবেশতো মানুহজনৰ কোষত বৰফৰ স্ফটিক গঠন নহয় আৰু সেয়ে কোনো ক্ষতি নোহোৱাকৈয়ে কোষবোৰ অক্ষত আৰু জীৱিত হিচাবে ৰৈ যায়। ইতিমধ্যে এই পদ্ধতি ব্যৱহাৰ কৰি বিজ্ঞানীসকলে পৰীক্ষাগাৰত মানুহৰ কোষ সংৰক্ষণ কৰিবলৈ সক্ষম হৈছে। বিজ্ঞানীসকলে আশা কৰিছে যে অদূৰ ভৱিষ্যতে তেওঁলোকে সম্পূৰ্ণ মানুহজনকেই "জীৱিত" অৱস্থাত সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব। 

   ক্ৰায়'জেনিক্স প্ৰক্ৰিয়াৰে পৰীক্ষাগাৰত সংৰক্ষিত কৰি ৰখা মানুহৰ জীৱিত কোষবোৰৰ ওপৰত বিশদ অধ্যয়ন কৰি বিজ্ঞানীসকলে চিকিৎসা বিজ্ঞানত ক্ৰায়'জেনিক্সৰ সাম্ভাব্য প্ৰয়োগ সম্পৰ্কে গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে। বিভিন্ন সময়ত ৰোগীৰ দেহত অংগ সংস্থাপন কৰিব লগীয়া হয়। যকৃত, বৃক্ক, চকু,  হৃদপিণ্ড আদি সংস্থাপনৰ ক্ষেত্ৰত সততে দেখা দিয়া সমস্যাটো হ'ল অংগ দান কৰা লোকৰ অভাৱ। সন্তোষৰ কথা এই যে ক্ৰায়'জেনিক্সে এনে সমস্যাৰ ওৰ পেলাব পাৰিব কিয়নো যাৱতীয় প্ৰক্ৰিয়াসমূহ সম্পন্ন কৰাৰ পিছত "ক্লিনিকেল ডেথ" হোৱা লোকৰ এই অংগ সমূহ অতি সুৰক্ষিত ভাৱে ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিব পৰা যাব। 

         মানুহৰ দেহত বিভিন্ন বেক্টেৰীয়া বা আন অনুজীৱবোৰে সংক্ৰমণ সৃষ্টি কৰি মানুহক ৰুগীয়া কৰে। অধিক পৰিমাণৰ সংক্ৰমণ অথবা দীৰ্ঘদিনীয়া সংক্ৰমণে ৰোগৰ জটিলতা বৃদ্ধি কৰাৰ লগতে অন্যান্য ৰোগ যেনে কেঞ্চাৰ, ডায়েবেটিচ, হতাশা, ডিমেনচিয়া, আথ্ৰাইটিছ আদি ৰোগৰ কাৰক হিচাবে থিয় দিয়ে। বৰ্তমান চিকিৎসা বিজ্ঞানত এনে সংক্ৰমণৰ পৰা বাচিবলৈ এণ্টিবায়টিক ব্যৱহাৰ কৰা হয় যদিও মানুহৰ দেহত এই এণ্টিবায়টিকবোৰৰ যথেষ্ঠ পাৰ্শ্বক্ৰিয়া আছে। তদুপৰি এণ্টিবায়টিক ব্যৱহাৰৰ আন এক সমস্যা হ'ল "ৰেজিস্টেন্স"। একেৰাহে এণ্টিবায়টিক ব্যৱহাৰ কৰি থাকিলে বেক্টেৰীয়াবোৰে এণ্টিবায়টিকৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ সক্ষম হয়। এনে ক্ষেত্ৰত ক্ৰায়োজেনিক্সে সুদুৰ প্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। সংক্ৰমণ হোৱা অংগ বা কলাক ক্ৰায়নিক্স প্ৰয়োগ কৰি -১৫০ ডিগ্ৰী ছেণ্টিগ্ৰেডলৈ পৰ্যায়ক্ৰমে ধীৰ গতিৰে শীতলীকৰণ কৰি আনিলে সেই কলা বা অংগ সংক্ৰমণ মুক্ত হৈ পৰে। অদুৰ ভৱিষ্যতত ৰোগীয়া মানুহৰ বাবে এয়া এক আশীৰ্বাদ।

    ক্ৰায়নিক্সে খাদ্য সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। মহাকাশ জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত ইতিমধ্যে এই বিষয়ে ব্যাপক চিন্তা চৰ্চা আৰম্ভ হৈছে। কৃত্ৰিম শীতনিদ্ৰাৰ কোলাত ৰাখি ভৱিষ্যতে মহাকাশচাৰী সকলক দূৰ দূৰণিৰ গ্ৰহ গ্ৰহান্তৰলৈ পঠিওৱা সম্ভৱ হৈ পৰিব। ক্ৰায়'নিক্সে সহজ কৰি তুলিব মানুহৰ বাবে বিশ্বব্ৰহ্মাণ্ড ভ্ৰমণ। ক্ৰায়'নিক্সে সম্ভৱ কৰি তোলা শীতনিদ্ৰাৰ কোলাত ঢলি পৰিয়েই হয়তো ভৱিষ্যতৰ মহাকাশচাৰী সকলে ঢাপলি মেলিব আমাৰ সৌৰজগত খনৰ পৰা আন এখন সৌৰজগতলৈ।

No comments:

Post a Comment