Friday 1 November 2019

পলাচীৰ যুদ্ধৰ "লাইভ টেলিকাষ্ট"


যদি কোনোবাই আপোনাক আহি কয়হি যে ২৬২ বছৰ আগৰ ১৭৫৭ চনতেই সংঘটিত হোৱা পলাচীৰ যুদ্ধখন তেওঁ নিজ চকুৰে দেখা পাইছে, আপুনি কি বিশ্বাস কৰিব? প্রকৃত পক্ষে সেয়া বৰ্তমান জীৱিত কোনো মানুহৰ বাবেই সম্ভব নহলেও "স্পেচিয়েল থিওৰি অফ ৰিলেটিভিটি''ৰ মতে এয়া সম্ভব। 

কোনো বস্তু অথবা ঘটনা এটা দেখা পোৱাৰ প্রথম চর্ত হ'ল দেখা পোৱাৰ ক্ষমতা অথবা দৃষ্টিশক্তি, আৰু দ্বিতীয়টো হ'ল সেই বস্তু অথবা ঘটনাটোৰ পৰা অহা প্রতিফলিত পোহৰ আপোনাৰ বা মোৰ চকুত ধৰা পৰা। কিন্তু সকলোতকৈ আমোদজনক বৈজ্ঞানিক সত্যটো হ'ল আপুনি দেখা পোৱা বস্তুটো বা ঘটনাটো কেতিয়াৰ বা কিমান পুৰণি, সেইটো নিৰ্ভৰ কৰিব বস্তুটো বা ঘটনাটো সংঘটিত ঠাইখনৰ দূৰত্ব আৰু পোহৰৰ গতিবেগৰ ওপৰত।

আজিৰ তাৰিখত ২৬২ বছৰ আগৰ পলাচীৰ যুদ্ধ বা অতীতৰ কোনো এটা বিশেষ ঘটনা চাবলৈ হ'লে আমি পোহৰতকৈ বেগী কোনো যানেৰে এনে এখন ঠাইলৈ যাব লাগিব, য'ত আমাৰ কাংক্ষিত অতীতৰ সেই ঘটনাটো এতিয়াও গৈ পোৱা নাই। এতিয়া সেই স্থানৰ পৰা পৃথিৱীলৈ দূৰবীণেৰে জুমি চালে আপুনিও দেখা পাব পলাাচীৰ যুদ্ধৰ বিলম্বিত "লাইভ টেলিকাষ্ট" ! কথাবোৰ বৰ আউল লগা যেন নহয়নে বাৰু? আন এক আমোদজনক সম্ভাৱনাৰ কথা চিন্তা কৰো আহক। 

ধৰা হওঁক পৃথিৱীৰ পৰা ০.৫ আলোকবৰ্ষ দূৰত্বত এখন প্ৰকাণ্ড দাপোন স্থাপন কৰা হ'ল। দাপোনখনে পৃথিৱীৰ পৰা প্ৰতিফলিত হোৱা সূৰ্যৰ ৰশ্মি পুনৰাই পৃথিৱীলৈ প্ৰতিফলিত কৰে। ফলস্বৰূপে পৃথিৱীৰ বুকুত বহিয়েই আমি টেলিস্কোপৰ মাধ্যমেৰে সেইখন দাপোনত এক বছৰ আগৰ অতীত দেখিবলৈ পাম ! আপুনি কিমান দুৰ অতীতলৈ উভটি যাব খোজে সেইমতে পৃথিৱীৰ পৰা দাপোনখনৰ দূৰত্ব হিচাব কৰি ল'লেই হ'ল। 

তথ্যখিনি আমোদজনক অথচ থিয়ৰিটিকেলি সত্য। বাস্তৱক্ষেত্ৰত কিন্তু এই কথাবোৰ সঁচাকৈ পাবলৈ হ'লে আমি কেইবাটাও সমস্যাৰ সমাধান সূত্ৰ পাব লাগিব। যেনে :--

১) পৃথিৱীৰ বায়ুমণ্ডলে পোহৰ বিচ্ছুৰিত কৰে। সেয়েহে দাপোনখনে প্ৰতিফলিত কৰা ৰশ্মিয়ে অতীতৰ মূহুৰ্তৰ প্ৰতিচ্ছবি আঁকিব পৰাৰ সম্ভাৱনা ক্ষীণ।

২) সূৰ্যৰ তীব্ৰ পোহৰৰ তুলনাত দাপোনখনে প্ৰতিফলিত কৰা পোহৰ ধূসৰ হোৱা বাবে কঠিনতা আহি পৰিব।

৩) অৰ্ধ আলোকবৰ্ষ দূৰৰ পৰা দাপোনে পৃথিৱীলৈ পোহৰ পঠিয়াব লাগিলে, দাপোনৰ আকাৰো পৃথিৱীৰ আকাৰতকৈ ডাঙৰ হ'ব লাগিব।

৪) দূৰবীন যন্ত্ৰটো সূক্ষ্মতম পোহৰৰ অৱস্থিতি ধৰা পেলোৱাৰ বাবে কাৰিকৰী দিশৰ পৰা অতি সংবেদনশীল হ'ব লাগিব।

৫) পোহৰৰ গতিতকৈ অধিক বেগত গতি কৰাটো অসম্ভৱ।

- এই অসুবিধা সমূহ আঁতৰ কৰিব পাৰিলে অৱশ্যেই আমি ২৬২ বছৰ আগৰ পলাচীৰ যুদ্ধৰ বিলম্বিত "লাইভ টেলিকাষ্ট" পুনৰ দেখা পাম।

No comments:

Post a Comment